Assam Board Exam

আঘোণৰ কুঁৱলী| Class 12 Assamese Chapter 6 Complete Solution

আঘোণৰ কুঁৱলী| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 6. Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.

📚 Chapter 6: আঘোণৰ কুঁৱলী

Book: অসমীয়া সাহিত্য
Class: 12
Medium: Assamese
Board: AHSEC (Assam Higher Secondary Education Council)
Chapter Type: গদ্যাংশ (Prose)


📖 Chapter Overview

আঘোণৰ কুঁৱলী” is a powerful literary piece that portrays the subtle emotions and complexities of rural life during the month of Aghon (আঘোণ). The story revolves around themes of nature, poverty, dreams, and human resilience. It beautifully reflects the socio-economic conditions of Assamese rural society and the characters’ deep connection with the land and seasons.


আঘোণৰ কুঁৱলী| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 6

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -6

আঘোণৰ কুঁৱলী

কেশৱ মহন্ত

ক) অতি চমু প্রশ্নঃ

১/ কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? (H.S 2017, 2012)

উত্তৰ: কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ নামৰ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি নাম লিখা।

উত্তৰ: কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম ‘মোৰ যে কিমান হেঁপাহ।


৩/ ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰ: ‘পছোৱা’ আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল।


৪। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল?

উত্তৰ: কেশৱ মহন্তই ‘জয়ন্তী’আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।


৫/ ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন?

উত্তৰ: ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ হৈছে কবিৰ প্রেমিকা।


খ) চমু প্রশ্নঃ

১। ‘জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে।

ক) সাম্যবাদী ভাবধাৰাৰ প্ৰকাশ, আৰু

খ) কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকন।


২/ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰ; অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হৈছে ‘জয়ন্তী, পছোৱা’ আৰু ‘ৰামধেনু’।


৩/ কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: কেশৱ মহন্তৰ দুখন কবিতা পুথিৰনাম হৈছে- ‘আমাৰ পৃথিৱী ‘আৰু ‘বুকুত এজাক ধুমুহা।


৪।  ‘আঘোণৰ পথাৰত কাম আৰু কাম।‘ কবিয়ে আঘোণৰ পথাৰত থকা কি কাম’ৰ বিষয়ে ইংগিত দিছে?

উত্তৰ: কবিয়ে ইংগিত দিয়া আঘোণৰ পথাৰত থকা কামবোৰ হৈছে ধান দোৱা, ডাঙৰি বন্ধা, ডাঙৰি কঢ়িওৱা ইত্যাদি।


৫/ ‘উৰুলি’ আৰু ‘ ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰ: ‘উৰুলি’ হৈছে যি কোনো শুভ কার্যত তিৰোতাসকলে মুখৰ জিভা লৰাই কৰা ধ্বনি বিশেষ। আৰু ‘ৰাগি’ শব্দৰ অর্থ হৈছে নিচা বা মাদকতা।


গ) দীঘল প্রশ্নঃ

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰ: আঘোণ মানেই সোণোৱালী ধাননিত জাক্‌ জাক্‌ দাৱনিৰ খিল্‌, খিল্‌, হাঁহি, কেচ্ কেচ্ কাচিৰ শব্দ। আঘোণ মানেই ডাঠ শুকুলা কুঁৱলীৰ আঁচলত সুৰুজৰ লুকা-ভাকু খেল। প্রকতিৰ এক বিনন্দীয়া ৰূপ। কিন্তু আঘোণৰ কুঁৱলীয়ে কবিক বাৰুকৈয়ে আমনি কৰিছে। প্রেমিক কবিয়ে প্রেমিকাৰ সন্ধানত যাওঁতে কুঁৱলীয়ে বাট ভেটি ধৰিছে। কুঁৱলীৰ বাবে কবিয়ে একো মনিব পৰা নাই। কবিৰ প্রেমিকা সেউতীৱেও আঘোণৰ পথাৰৰ কোনোবা ঠাইত ধান দাই আছে। কুঁৱলী নথকা হ’লে কবিয়ে প্রেমিকাক দূৰৰ পৰাই চাব পাৰিলেহেঁতেন। ডাঙৰি বান্ধিবলৈ যোৱাৰ চলেৰে সেউতীক লগ কৰিলেহেঁতেন। কিন্তু কুঁৱলীয়ে লুকুৱাই পেলালে পথাৰখন, লুকুৱাই পেলালে দাৱনীজাক, লগতে সেউতীকো। কবিৰ মনৰ আশা মনতে মাৰ গ’ল।

এনেদৰে আঘোণৰ কুঁৱলীয়ে কবিৰ মনৰ ইচ্ছা পূৰণ কৰাত বাধা দি আমনি কৰিছে।


২) আঘোণৰ পথাৰৰ মন পৰশা চিত্র ‘আঘোণৰ কুঁৱলীত ‘কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰ: ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত গাঁৱলীয়া কৃষিজীবী লোকৰ সহজ সৰল আৰু মন পৰশা চিত্র কবিয়ে সুন্দৰকৈ উপস্থাপন কৰিছে।

সোণ বৰণীয়া পকা ধানৰ পথাৰ খনত দাৱনীহঁতৰ কাচিৰ কেচ্ কেচ্ শব্দ, হাঁহিৰ খিলখিলনি, ধানৰ মুঠি বন্ধা, ডাঙৰি বন্ধা আদি দৃশ্যবোৰ যেন কবিৰ শব্দ গাঁথনিত জীৱন্ত হৈ উঠিছে। ধান দোৱাত ব্যস্ত আঘোণৰ দাৱনীহঁতৰ দৃশ্যটো কবিয়ে ফুটাই তুলিছে এনেদৰে

“কেচ্ কেচ্ চিক্‌মিক্‌ খৰ কাচিবোৰ,

 দেখিলোঁহেঁতেন বা খোপা বন্ধা মূৰবোৰ

ওপৰলে’ তুলিবৰে সময় নোপোৱা।”

ধান পকাৰ লগে লগে গাঁৱৰ জীয়ৰী বোৱাৰীয়ে হাত চিক্‌চিকিয়া কাচি লৈ, কাপোৰেৰে মূৰ ঢাকি ব্যস্ত হৈ পৰে ধান দোৱাত। দানীয়ে বান্ধি যোৱা ধানৰ মুঠি বোৰেৰে ডেকা হ’তে ডাঙৰি বান্ধি ঘৰলৈ নিয়ে। তাৰ মাজতে কোনোবা ডেকা-গাভৰুৰ মাজত প্রেমৰ উন্মেষ ঘটে। কুঁৱলীৰ মাজতো আঘোণৰ পথাৰত ব্যস্ত মানুহবোৰৰ মন ফৰকাল হৈ পৰে। কবিয়ে ব্যক্ত কৰিছে এনেদৰে

 “আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।”

মুঠতে ক’ব পাৰি আঘোণৰ পথাৰৰ মন পৰশা চিত্র কবিয়ে কবিতাটোত অতি সুন্দৰকৈ প্রকাশ কৰিছে।


৩। ‘আঘোণৰ কুঁৱলী ‘শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্র কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰ গাঁৱলীয়া চহা লোকসকল যিদৰে সহজ-সৰল, তেওঁলোকৰ মাজত সৃষ্টি হোৱা প্রেমো চলনাবিহীন, সৰল আৰু পবিত্ৰ। “আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটোত সোতৰ বছৰীয়া গাভৰু সেউতীৰ স’তে কবিৰ নিভাঁজ প্রেম সুন্দৰকৈ বর্ণিত হৈছে।

আঘোণ মাহত সোণোৱালী পকা ধানে পথাৰৰ সৌন্দৰ্য এনেই বঢ়াই তোলে। তাতে আকৌ লিহিৰি আঙুলিৰ মুঠিত কাচিখন লৈ মূৰত খোপা বন্ধা গাভৰুজাক যেতিয়া ধান দাবলৈ পথাৰত নামে, সিহঁতৰ উপস্থিতি আৰু লঘু পৰিহাসময় হাঁহি থিকিন্দালিয়ে পথাৰ খনক আৰু বেছি মোহনীয় কৰি তোলে। আঘোণৰ পথাৰৰ দাৱনী জাকৰ মাজত কবিৰ প্রেমিকা সেউতীও আছে নেকি চাবলৈ প্রেমিক কবিৰ মন উদ্বাউল হৈ পৰিছে। কিন্তু কুঁৱলীৰ পৰা তেওঁ একো দেখা নাই। কুঁৱলী নথকাহ’লে তেওঁ দেখা পালেহেঁতেন মৰমৰ প্রেমিকাক।কুঁৱলীয়ে ঢাকি ধৰাত কবিয়ে একোকে মনিব পৰা নাই। দেখা নাই সেউতীকো। ডাঙৰি বন্ধাৰ চলেৰে কাষ চাপি তামোলৰ পিকেৰে ৰঙা ওঁঠযুৰিৰ ফাঁকেৰে ডালিমগুটীয়া দাঁত উলিয়াই সোতৰ বছৰীয়া গাভৰু সেউতীৰ হাঁহিটো চাবলৈকো কুঁৱলীৰ বাধা। আকাশেদি উৰি যোৱা বন-হাঁহজাকৰ দৰেই কবিৰ মন প্ৰাণো সেউতীৰ কাষলৈ উৰি যাব খোজে। কিন্তু তাতো কুঁৱলীৰ বাধা আহি পৰিছে। কবিয়ে মন বান্ধিব নোৱাৰি বৌদেৱকৰ সহায়ত সেউতীৰ মনৰ বতৰা পাবৰ চেষ্টা কৰিছিল। কিন্তু কুঁৱলীয়ে পথাৰ আৰু দাৱনীজাকক ঢকাৰ নিচিনাকৈ লাজ, ভয়, সংকোচৰ সামাজিক বাধাই সেউতীৰ বতৰাও কবিৰ পৰা লুকুৱাই পেলালে। ফলত কবিৰ মনত বিষাদৰ ভৰি পৰিছে।


৪/ ‘আঘোণৰ কুঁৱলী’ত কৰি অন্তৰৰ বিষাদ বোধ কিদৰে প্রকাশ পাইছে বুজাই লিখা।

উত্তৰ: প্রেম স্বর্গীয় অনুভূতি। প্রেমিক-প্রেমিকাৰ চাৰি চকুৰ মিলনতে ই শ্বাশ্বত ৰূপ পায়। দুটি মন ব্যাকুল হৈ পৰে এই মিলনৰ বাবে। ‘আঘোণৰ কুঁৱলী’ কবিতাত প্রেমিক কবিয়ে পথাৰৰ দাৱনী জাকৰ মাজত তেওঁৰ প্রেমিকা সেউতীক দেখা কৰিবলৈ তীব্র হেঁপাহত ওলাই গৈছিল। কিন্তু কুঁৱলীয়ে কেউপিনে ঢাকি ধৰাত তেওঁ একোকে দেখা নাপালে। কুঁৱলীয়ে ঢাকি ধৰাৰ বাবে কবিয়ে প্রেমিকা সেউতীক লগ ধৰিব নোৱাৰিলে। অশেষ যত্ন কৰিও কবিয়ে মনৰ গোপন কথাখিনি সেউতীৰ আগত ব্যক্ত কৰিব নোৱাৰিলে। জীৱন লগৰী কৰিম বুলি সেউতীক লৈ কবিয়ে যি সপোন ৰচনা কৰিছিল সেয়া পূৰ্ণ নহ’ল।মনৰ আকুলতা মনতে মাৰ গল।যাৰ ফলত কবিৰ অন্তৰ দুখ আৰু বেদনাৰে ভৰি পৰিছে।  


(৫) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

(ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে

 মুঠি মুঠি ডাঙৰি ডাঙৰি,

কাম আছে

আঘোণৰ পথাৰত আৰু কাম। (H.S 2015,2013)

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা বিৰচিত ‘আঘোণৰকুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

আঘোণ মাহত পথাৰৰপৰা পকা ধান দাই শেষ কৰা, ঘৰলৈ কঢ়িওৱা ইত্যাদি বহুত কাম থাকে আৰু গাঁৱৰ কৃষিজীৱী লোকসকল সেই কামত ব্যস্ত হৈ পৰে। তাৰ প্ৰসংগতে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

গাৱলীয়া কৃষিজীৱী লোকসকলে শাওনত কপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি আঘোণত চপাবৰ হয়। আঘোণত পকা ধানেৰে পথাৰ সোণোৱালী হৈ পৰে। সেই পকা ধান কৃষকৰ বাবে সোণগুটিৰ দৰে। গতিকে সময় মতে পকাধান দাই চপাই আনিব নোৱাৰিলে, পথাৰতে জহি-খহি যায়। সেয়ে ধান পকাৰ লগে লগে আটাইয়ে ধান চপোৱাত ব্যস্ত হয়। কাচিৰে কাটি কাটি মুঠি বন্ধা, মুঠিবোৰ একেলগ কৰি জোখমতে ডাঙৰি বন্ধা, পুনৰ ডাঙৰি ঘৰলৈ কঢ়িওৱা ইত্যাদি অনেক কাম থাকে। কাৰো ৰ’বলৈ আহৰি নাথাকে। দাৱনীহতেও তল মূৰ ওপৰ নকৰাকৈ সোনকালে ধান দাই শেষ কৰাৰ চেষ্টা কৰে। কবিতা ফাঁকিৰ যোগেদি কবিয়ে এনে ব্যস্ততাৰ কথাকে বুজাব বিচাৰিছে।


(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

 ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা বিৰচিত ‘আঘোণৰকুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

আঘোণৰ পথাৰৰ পৰা সোণগুটি স্বৰূপ পকা ধান বা লখিমী চপোৱাত কৃষিজীৱী লোক ব্যস্ত হৈ পৰে। কষ্টকৰ হ’লেও এই কামবোৰৰ মাজতো আছে সুকীয়া মাদকতা, আছে অনাবিল আনন্দ। তাকে কবিতাফাঁকিত ব্যক্ত কৰিছে।

কৃষিজীৱী মানুহৰ বাবে আঘোণৰ পথাৰখন উৎসৱ থলিৰ দৰে। সোণ-বৰণীয়া ধাননিয়ে সৃষ্টি কৰে এক মনোমোহা, আকর্ষণীয় পৰিৱেশ, জাক-জাক দাৱনীৰ কাচিৰ কেচ্ কেচ্ শব্দ, দাৱনীহঁতৰ মাজত কথাৰ বিনিময়, খিল্‌খিলীয়া হাঁহি, আদিৰ মাজত হেৰাই পৰে মনৰ বিষণ্ণতা। তাৰ মাজতে কোনোবা ডেকাৰ লগত কোনোবা গাভৰুৰ প্রেমৰ উন্মেষ ঘটে। আঘোণৰ মনোমোহা দৃশ্যই প্রেমিক-প্রেমিকাকো আকর্ষিত কৰে। আঘোণৰ পথাৰখনে গাঁৱৰ ডেকা-গাভৰ, প্রেমিক-প্রেমিকাক লগ ধৰাৰ সুবিধা দিয়ে। ছেগ বুজি ইজনে-সিজনে মনৰ কথা বিনিময় কৰে। তেনে সুবিধাতে কোনোবা কাৰোবাৰ জীৱন সংগী হৈ পৰে। এনেবোৰ কাৰণতে কবিয়ে আঘোণৰ আকাশত ৰাগি আছেবুলি উল্লেখ কৰিছে।


গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে

 আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল……

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা বিৰচিত ‘আঘোণৰকুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

আঘোণৰ পথাৰতে নিজৰ প্রেমিকাক লগ ধৰিবলৈ যোৱা কবিয়ে কুঁৱলীৰ বাবে একোকে নেদেখি বিষাদপূর্ণ মনেৰে উভতিব লগা হোৱাৰ প্রসংগতে কবিতাংশ লিখিছে।

কবিৰ প্রেমিকা সেউতী। আঘোণৰ পথাৰত আন দাৱনীহঁতৰ মাজতে সেউতীয়েও ধান দাই আছে বুলি অনুমান কৰি কবি ওলাই গৈছিল সেউতীক লগ ধৰাৰ মানসেৰে। কিন্তু ঘন কুঁৱলীয়ে পথাৰখন ঢাকি ধৰাত কবিয়ে একো মনিব নোৱাৰিলে। দেখা নাপালে পথাৰখন, দাৱনীজাক আৰু সেউতীকো। কুঁবুলীয়ে ঢাকি নেপেলোৱাহেঁতেন কবিয়ে দূৰৰ পৰাই সেউতীক দেখিলে হেঁতেন। ডাঙৰি -বন্ধাৰ লগ বিচৰাৰ ছলেৰে সেউতীৰ ওচৰলৈ গ’লহেঁতেন। কিন্তু কবিৰ ইচ্ছা পুৰণ নহ’ল। কুঁৱলীয়ে তেওঁক বাট ভেটি দিলে। অপূর্ণ আশাৰে, বিষন্ন মনেৰে তেওঁ উভতিব লগা হ’ল।


প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

১। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি

চাবওতো পাৰিলোঁ হেতেন

এইজাক দাৱনীৰ মাজতে আছিল নেকি

সেউতীও মোৰ?

 আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে নমনি। (H.S 2017)

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা বিৰচিত ‘আঘোণৰকুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

কুঁৱলী নথকাহ’লে কবিয়ে আঘোণৰ পথাৰখন দেখিলে হেঁতেন আৰু দাৱনী জাকৰ মাজত কবিৰ প্ৰেমিকা সেউতীও আছে নেকি দূৰৰ পৰাই চাব পাৰিলেহেঁতেন। তাকে কবিতাংশত ব্যক্ত কৰিছে।

প্রেমিক মনে নিজৰ প্ৰেয়সীক এপলক চাবলৈ বা লগ ধৰিবলৈ বৰ উৎকণ্ঠিত হৈ থাকে। আঘোণৰ কুঁৱলী’ কবিতাটোত প্রেমিক কবিয়ে প্রেয়সীক লগ ধৰাৰ মানসেৰে ওলাই গৈছিল। কিজানিবা পথাৰত ধান-দাই থকা দাৱনীজাকৰ মাজতে সেউতীও আছে। কিন্তু ডাঠ শুকুলা কুঁৱলীয়ে কেউপিনে ঢাকি ধৰাত কবিৰ ইচ্ছা পূৰণ নহ’ল। দাৱনীজাক বাদেই, কুঁৱলীৰ বাবে তেওঁ পথাৰখনকে দেখা নাপালে। কুঁৱলী নথকাহ’লে তেওঁ দূৰৰ পৰাই সেউতীক চাব পাৰিলেহেঁতেন।


২)  আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা,

মন-হাঁহ খেদি বন শেষ হল

আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল’লে। (H.S 2022)

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা বিৰচিত ‘আঘোণৰকুঁৱলী’ শীর্ষক কবিতাটোৰ পৰা তুলি অনা হৈছে।

যি প্রেম নিভাঁজ, অকৃত্রিম আৰু প্রকৃত ভালপোৱাৰ এনাজৰীৰে বন্ধা, তেনে প্রেমক যে একোৱে বাধা দি বিচ্ছিন্ন কৰিব নোৱাৰে, তাকে কবিতাশাৰীত প্রকাশ পাইছে।

প্রকৃত প্রেমত থাকে সঁচা মৰম, সঁচা ভালপোৱা। বিভিন্ন বাধা-বিধিনী স্বত্বেও তেনে প্রেমে পূর্ণতা পায়। ইজনে সিজনৰ ছবি মনৰ একোণত প্রতিষ্ঠা কৰি লয়, যাক কোনেও মচি পেলাব নোৱাৰে। প্রেয়সী সেউতীক বিচাৰি ওলাই যোৱা কবিক কুঁৱলীয়ে বাধা দিলে। কুঁৱলীয়ে বাটটোহে ঢাকিব পাৰিলে, কিন্তু কবিৰ মনৰ পৰা সেউতীৰ ছবি আঁতৰাব নোৱাৰিলে।তেওঁৰ মনে পুনৰ সেউতীকে বিচাৰিব।


৩/ আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? (HS-14)

উত্তৰ: আঘোণৰ কুঁৱলীয়ে বাট ভোটছে।


৪।’ৰ’দ জিকিমিকি’ কাব্যগ্ৰন্থৰ ৰচক কোন? (H.S.19)

উত্তৰ: ‘ৰদ জিকিমিকি’ কাব্যগ্ৰন্থৰ ৰচক কেশৱ মহন্ত।


৫। ‘মোক তোল আঘোণ’ বাক্যাংশই কি অর্থ বুজাইছে? (H.S-23)

উত্তৰ: ‘মোক তোল আঘোণ’ বাক্যাংশই পকা ধানেৰে পৰিপূর্ণ হোৱা আঘোণক বুজাইছে।


৬। আঘোণৰ আকাশত কিহৰ ৰাগি আছে? (HS-12)

উত্তৰ: আঘোণৰ আকাশত উৰুলিৰ ৰাগি আছে। অর্থাৎ আঘোণৰ পথাৰখন হৈছে গাঁৱৰ ডেকা-গাভৰু বা প্রেমিক-প্রেমিকাই লগ পাব পৰা এখন উৎকৃষ্ট ঠাই। ধান দোৱাৰ ছলেৰে প্রেমিকাই আৰু ডাঙৰি বন্ধাৰ ছলেৰে প্রেমিকে মনৰ ভাব বিনিময় কৰাৰ সুযোগ পায় আৰু এনে সুযোগতে গঢ়ি উঠে অকৃত্রিম প্রেম আৰু আত্মীয়তাৰ এনাজৰী। সেয়ে কবিয়ে আঘোণৰ আকাশত উৰুলিৰ ৰাগি আছে বুলি কৈছে।


৭।কেশৱ মহন্তই শিশুৰ বাবে ৰচনা কৰা পুথি দুখনৰ নাম লিখা। (HS-14)

উত্তৰ: ‘ওমলা ঘৰ’ আৰু ‘মা আমি শদিয়ালৈ যামেই’


৮। ‘জয়ন্তী’ আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল? (H.S-13,15,16)

উত্তৰ: জয়ন্তী’ আলোচনীখন কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত হৈছিল।


৯। ‘ডাঙৰি’ আৰু ‘তৰা-জৰী’ শব্দ দুটাৰ অৰ্থ লিখা। (H.S-1৪)

উত্তৰ: ‘ডাঙৰি’ হৈছে ধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা, আৰু তৰা-জৰী’ হৈছে তৰা গছৰ জৰী, যিকোনো বস্তু বান্ধিবলৈ ব্যৱহাৰ কৰা হয়।


১০। আঘোণৰ কুঁৱলী নথকাহ’লে কবিয়ে পথাৰত কেনে ধৰণৰ দৃশ্য দেখিলেহেঁতেন বুজাই লিখা। (H.S- 19)

উত্তৰ: আঘোণৰ কুঁৱলী নথকাহ’লে  কবিয়ে দেখিলেহেঁতেন সোণবৰণীয়া পথাৰখন, মূৰত খোপা বন্ধা দাৱনীৰ জাক, সিহঁতৰ লিহিৰি আঙুলিয়ে বন্ধা ধানৰ মুঠি বোৰ; লগতে দেখিলেহেঁতেন চিকমিক্ খৰ কাচিবোৰ। তাৰ মাজতে কবিয়ে দেখিলেহেঁতেন নিজৰ প্রেমিকা সেউতীক। কিন্তু কুঁৱলীৰ বাবে তেওঁ একো দেখা নাপালে।


১১/ ‘আঘোণৰ কুঁৱলী’ কবিতাটিত কবিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যফাঁকিটো কি আছিল? (HS-20)

উত্তৰ: আঘোণৰ কুঁৱলী’ কবিতাটিত করিয়ে সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো এনেধৰণৰ-

” বৌদেউ,

আপুনি যে কৈছিলে সেউতীৰ কথা।

 মোৰ কথা সেউতীক কৈছিলে জানো?”


১২/ অর্থ লিখা: ‘মোক তোল আঘোণ’, ‘তেউ হালধীয়া’, (HS-’22)

উত্তৰ: ‘মোক তোল আঘোণ’ বাক্যংশই পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে। ‘তেউ-হালধীয়া’ শব্দৰ অৰ্থ হৈছে পাতল হালধীয়া।


১৩/ কুৰি শতিকাৰ চল্লিছৰ দশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম লিখা। (H.S – 22)

উত্তৰ কুৰি শতিকাৰ চল্লিছৰদশকত বিশেষ ভূমিকা পালন কৰা তিনিখন আলোচনীৰ নাম- ‘জয়ন্তী’, ‘পছোৱা’ আৰু ‘ৰামধেনু’।


Mastering Class 12 Assamese Chapter 6 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


📝 Chapter Summary (সাৰাংশ)

এই পাঠখনত আঘোণ মাহৰ পটভূমিত এজন গাঁওলীয়া লোকৰ জীৱনৰ সংবেদনশীল বৰ্ণনা দিয়া হৈছে। কৃষকজীৱনৰ দুখ, আশা আৰু প্ৰকৃতিপ্ৰেমেৰে গাঁথনি দিয়া এই গল্পখন পাঠকৰ হৃদয় স্পৰ্শ কৰে। লেখকে জনতাৰ জীৱনত আহা কষ্ট, জীৱনসংগ্ৰাম আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ যোগে এক সাহিত্যিক অভিজ্ঞতা দিছে।

Class 12 Assamese Chapter 6 Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top