Assam Board Exam

হস্তিবিদ্যার্ণৱ পুথি| Class 12 Assamese Chapter 6 Complete Solution

হস্তিবিদ্যার্ণৱ পুথি| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 6 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


হস্তিবিদ্যার্ণৱ পুথি| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 6

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -6

হস্তিবিদ্যার্ণৱ পুথি

ড° সূৰ্যকুমাৰ ভূঞা


আৰ্হি প্রশ্নঃ

১) ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি  ক’পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ: ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যোগেন্দ্রনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


২) ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্রকাশ পাইছিল?

উত্তৰ: ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ১৯৫৩ চনত শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্রকাশ পাইছিল।


৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰ: কটন কলেজৰ প্রথমগৰাকী অসমীয়া অধ্যাপকৰ নাম ড° সূর্যকুমাৰ ভূঞা।


৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰ: সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম – Anglo-Assamese Relations 1771-1826.


৫। ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ: ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথি খন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।


(খ) চমু প্রশ্ন:

১। ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথি খন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰ: ‘হস্তিবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথি খন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।


২। পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হৈছে- ‘হস্তিবিদ্যার্ণৱ ‘ আৰু শঙ্খচূড় বধ।


৩। হস্তিবিদ্যার্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিখনৰ চিত্ৰবোৰ অংকন কৰিছিল- দিলবৰ আৰু দোষায় নামৰ দুজন চিত্রকৰে।


৪। হস্তিবিদ্যার্ণৱ পুথিত কোন কেইজন লোকৰ চিত্র অংকিত হৈছে?

উত্তৰ: হস্তিবিদ্যার্ণৱ পুথিত চিত্র অংকিত হোৱা লোককেইজন হৈছে- গ্রন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ।


৫। হস্তিগ্রন্থ বুলিলে কি বুজা?

উত্তৰ: যি গ্রন্থত হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ আদি টনা কাম কৰা আৰু হাতী ব্যাধিৰ প্ৰতিকাৰ আদি বিষয়সমূহৰ বিতং বিৱৰণ থাকে, তেনে গ্রন্থকে হস্তিগ্রন্থ বোলা হয়।


(গ) দীঘল প্রশ্ন:

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা

উত্তৰ: মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ‘ব্যৱহাৰিক সাহিত্য’ বোলা হয়। এই বিধ সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। এই পুথিবোৰৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম।

  দুখন অসমীয়া ব্যৱহাৰিক সাহিত্যপুথিৰ নাম হৈছে হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ” আৰু “ঘোঁৰা নিদান”।


২/ ° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰ: অসমৰ প্রখ্যাত সাহিত্যিক সকলৰ ভিতৰত  ড° সূর্যকুমাৰ ভূঞা অন্যতম। তীক্ষ্ণ মেধাৰ অধিকাৰী  ড°ভূঞাই জীৱনৰ আগছোৱাত কবি হিচাপে আত্মপ্রকাশ কৰিছিল। তেখেতে লিখা কবিতাসমূহ ‘নির্মালি” নামৰ পুথিখনত থুপ খাই আছে। অৱশ্যে তেখেতে পিছৰছোৱা সময়ত ইতিহাসবিদ হিচাপেহে খ্যাতি অর্জন কৰে। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্রায় ডেৰকুৰিখনৰো অধিক গ্রন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যক চহকী কৰি গৈছে। তেখেতৰ ৰচনাৰাজিক এনেধৰণে ভগাব পাৰি-

১। কবিতাপুথি – নির্মালি,

২। চুটিগল্পৰ পুথি -পঞ্চমী,

৩। প্রবন্ধ সংকলন -‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’

৪। জীৱনীমূলক গ্রন্থ – গোপাল কৃষ্ণ গোখলে,আনন্দৰাম বৰুৱা,অসম জীয়ৰী, জোনাকী আৰু চানেকী।

৫। ঐতিহাসিক তথ্যপূর্ণ পুথি:- কোঁৱৰ বিদ্রোহ, বুৰঞ্জীৰ বাণী; ৰমণী গাভৰু; মীৰজুমলাৰ অসম আক্রমণ; আৰু লাচিত বৰফুকন।

এইবোৰৰ উপৰিও তেখেতে ইংৰাজী ভাষাত ভালেকেইখন গ্রন্থ লিখিছিল আৰু কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।


৩। হস্তিবিদ্যার্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিৰ অন্তর্গত প্রধান বিষয়বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবদ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নির্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলবন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্ৰ। উক্ত বিষয়বস্তুবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিত সচিত্র বিৱৰণ দিয়া হৈছে।


৪/ ‘মংগলদায়ক হাতীৰ লক্ষণ সম্পর্কে হস্তিবিদ্যার্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰ: মংগলদায়ক হাতীৰ লক্ষণ সম্পর্কে হস্তিবিদ্যার্ণৱ পুথিত এনেদৰে বিৱৰণ দিছে- মংগলদায়ক হাতী শ্যাম বৰণৰ, সুন্দৰ, ডাঙৰ শৰীৰ, দুই দাঁত দীঘল, ৰঙীয়াল মনৰ আগলৈ চাপি যোৱা, কালশিলি বর্ণ, মুখৰ ফালে জোঙা, নখ সামান্য কলা, বলবান।এনে হাতী পালে ৰজাৰ বহুত ধন সম্পদ লাভ হয়। এনে হাতীক উত্তম আহাৰ দি সহজে বশ কৰিব পাৰি।


৫/ হস্তিবিদ্যার্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ: অসমীয়া হাতেলিখা সচিত্র পুথিৰ ভিতৰত হস্তিবিদ্যার্ণৱ পুথিখনেই শ্রেষ্ঠ। এই পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল। অসমীয়া গজশাস্ত্র বিশাৰদ সুকুমাৰ বৰকাথে যাৱতীয় সংস্কৃত গ্রন্থ কিছুমানৰ বাহিৰেও অসমত প্রচলিত সকলো পুথি আৰু দাঁতিকাষৰীয়া জাতিৰ মাজত প্রচলিত হাতীৰ ব্যাধিৰ নানান প্ৰতিকাৰৰ কথা আৰু দেশ-বিদেশৰ সকলো হস্তিজ্ঞান পুথিখনত একত্রীকৰণ কৰিছে।

গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃ গুণযুক্ত। প্রশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। পুথিখনৰ সূচনা অতি মনোৰম। এই পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ আগবঢ়োৱাৰ লগতে, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীদাঁতৰ মূল্য আদি বিষয়সমূহ অতি সুন্দৰকৈ বর্ণিত হৈছে। পুথিখনত বিশেষ বৈশিষ্ট্যপূর্ণ ছবি অংকিত হৈছে।

মুঠতে পুথিখনৰ বিষয়বস্তু, ভাষাশৈলী, বিবিধ চিত্রৰ সমাবেশ, ইত্যাদি সকলোপিনৰ পৰা হস্তিবিদ্যার্ণৱ পুথিখনি অসমীয়া ব্যৱহাৰিক সাহিত্যৰ এক অমূল্য সম্পদ।


১। হস্তিবিদ্যার্ণৱ পুথিখনৰ ভাষা পদ্য নে গদ্য? (HS’23)

উত্তৰ: হস্তিবিদ্যার্ণৱ পুথিখনৰ ভাষা গদ্য।


২।’বৃহৎ সংহিতা’ আৰু’ যশস্তিলক’ গ্রন্থ দুখনৰ ৰচক কোন? (HS°19)

উত্তৰ: ‘বৃহৎ সংহিতা’ৰ ৰচক বৰাহমিহিৰ আৰু ‘যশস্তিলক’ৰ ৰচক সোমদেৱ।


৩।’ হস্তিবিদ্যার্ণৱ’ পুথিখনৰ বিচিত্র চিত্রকলাৰ বিষয়ে প্রশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখা। (HS 23)

উত্তৰ: ‘হস্তিবিদ্যার্ণৱ’ পুথিখনৰ বিচিত্র চিত্রকলাৰ বিষয়ে প্রশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম হৈছে মহাত্মা গান্ধী আৰু পণ্ডিত জৱাহৰলাল নেহৰু।


৪/ ‘অসম হাতী প্রধান দেশ হস্তিবিদ্যার্ণৱ পুথি শীর্ষক প্রৱন্ধটোৰ লেখকে কি প্রসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা। (HS17)

উত্তৰ: অসমৰ পৰ্বতে-কন্দৰে অসংখ্য হাতী আছিল আৰু এতিয়াও বহু পৰিমাণে আছে। আগৰ দিনত প্রতি সম্ভ্রান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল। বর্তমান একোখন গাড়ীয়ে যিদৰে ধনী মানুহ এঘৰৰ মর্যাদা ৰক্ষা কৰে বুলি ভবা হয়; আগৰ দিনত হাতীয়ে সেই ঠাই দখল কৰিছিল। তাৰোপৰি দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্রয়োজন আছিল। যুদ্ধক্ষেত্রতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। প্রাচীন নৃপতি সকলে হাতীকে অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল। হাতী বিষয়ক অনেক পুথি প্রাচীন অসমত প্রচলিত আছিল।

মুঠতে অসমত পর্যাপ্ত সংখ্যক হাতী থকা, আৰু হাতীক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা আদি কাৰণতে ‘হস্তিবিদ্যার্ণৱ পুথি শীর্ষক  প্ৰৱন্ধটোৰ লেখকে ‘অসম হাতী প্রধান দেশ’বুলি অৱতাৰণা কৰিছিল।


৫। ‘হস্তিবিদ্যার্ণৱ’ পুথিত কোনগৰাকী বৰকুঁৱৰীৰ ছবি পোৱা যায়? (HS’19)

 উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিত বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি পোৱা যায়।


৬/ কোনো দেশৰ প্রাচীন নৃপতিসকলক কিয় গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল? (HS’20)

উত্তৰ: অসমত হাতীৰ প্ৰাচুৰ্ষৰ কাৰণেই কামৰূপৰ প্রাচীন নৃপতিসকলে হাতীকে অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে  বিভূষিত কৰা হৈছিল।


Mastering Class 12 Assamese Chapter 6 is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.

Class 12 Assamese Chapter 6 Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment