Assam Board Exam

চিঠি| Class 12 Assamese Chapter 7 Complete Solution

চিঠি| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 7 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


চিঠি| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 7

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -7

চিঠি

শীলভদ্র

১।ক) অতি চমু প্রশ্ন:

১। চিঠিগল্পটো শীলভদ্রৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘চিঠি’ গল্পটো শীলভদ্রৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলন খনৰ পৰা লোৱা হৈছে।


২। শীলভদ্রই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰ: শীলভদ্রই  ‘মধুপুৰ বহুদূৰ ‘ গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?

উত্তৰ: ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল।


৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰ: প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক দিছিল প্রশান্ত শৰ্মাৰ ভতিজাকে।


৫। ভূদেৱ চৌধুৰী টিংখউলৈ কিয় গৈছিল?

উত্তৰ: পৰিবাৰৰ পৰা অহা চিঠি ল’বৰ বাবে ভূদেৱ চৌধুৰী’ টিংখঙলৈ গৈছিল।


(খ) চমুপ্রশ্নঃ

১।চিঠিগল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?

উত্তৰ: গল্পটোৰ মতে ভূদেৱ চৌধুৰীলৈ চিঠি আহিব লগীয়া অসংখ্য বন্ধু বান্ধৱ বা আত্মীয় কুটুম্ব নাই। তথাপিও তেওঁৰ পৰিবাৰ গাঁৱৰ ঘৰত থকা সময়ছোৱাত পত্নীৰ পৰা অহা চিঠিৰ বাবে অপেক্ষা কৰা আৰু শেষৰফালে বন্ধুয়েক প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা গল্পটোত উল্লেখ আছে।


২।শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰ: সাহিত্যকৰ্মৰ স্বীকৃতি হিচাপে শীলভদ্রই কেইবাটাও বঁটা লাভ কৰে। তাৰ ভিতৰৰ উল্লেখযোগ্য দুটা বঁটা হৈছে- ‘মধুপুৰ বহুদূৰ ‘গল্প সংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা।


৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰঃ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত মানুহে সাধাৰণতে কিছু নিঃসঙ্গ অনুভৱ কৰে। কর্মব্যস্ততা শেষ হোৱাৰ পিছত মানুহ খুবেই উদাসীন, অকলশৰীয়া অনুভৱ কৰে। সেই সময়ত মানুহজনক আনন্দ দান কৰে অতীতৰ স্মৃতি ৰোমন্থনে আৰু সেই মূহুর্তত মনেমিলা বন্ধুৰ সান্নিধ্য অনুভৱ হয়। ভূদেৱ চৌধুৰীৰো তেনেই অনুভৱ হৈছিল। একালৰ অন্তৰঙ্গ বন্ধু প্রশান্তলৈ মনত পৰি, তাৰ খা-খৱৰ ল’বলৈ, এখন চিঠি লিখিছিল।


/ কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান?

উত্তৰ: কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে।

এগৰাকী বিশ্ববিখ্যাত, নোবেল বঁটা প্রাপক সাহিত্যিকৰ কলমেৰে নিগৰা প্রতিটো শব্দই মূল্যবান। তেনে বিশ্ববিখ্যাত সাহিত্যিক গৰাকীয়ে কাৰোবাৰ চিঠিৰ প্রত্যোত্তৰত লিখা এষাৰি বাক্য নিশ্চয় মূল্যবান হ’ব। চিঠিৰ শব্দবোৰতে সেই মহান ব্যক্তি গৰাকীৰ সান্নিধ্য লাভ কৰা যেন গৌৰৱবোধ হয়। সেয়ে তেখেতৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’ব লগীয়া সম্পত্তি বুলি কোৱা হৈছে।


৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গল?

উত্তৰ: চিঠি হৈছে যোগাযোগৰ এক মাধ্যম। আগৰ দিনত নিজৰ আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱ আদিৰ খা-খবৰ লোৱা আৰু নিজৰ অনুভূতি প্রকাশৰ উৎকৃষ্ট মাধ্যম আছিল চিঠি। কিন্তু বর্তমান সময়ত ম’বাইল ফোন, ইন্টাৰনেট আদিয়ে চিঠিৰ ঠাই অধিকাৰ কৰি ল’লে। এই আধুনিক যোগাযোগৰ মাধ্যম সমূহৰ দ্বাৰা নিমিষতে পৃথিৱীৰ যি কোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱ হৈ উঠিল। গতিকে এক দীঘলীয়া সময়ৰ প্রয়োজন হোৱা চিঠিৰ প্রাসঙ্গিকতা বর্তমান সময়ত কমি গ’ল।


(গ) দীঘল প্রশ্ন:

১। শীলভদ্রৰ সাহিত্যকৃতিৰ চমু পৰিচয় দিয়া।

উত্তৰ : শীলভদ্র এগৰাকী সুনিপুণ চুটিগল্প লেখক। সাহিত্য ৰচনাৰ বাবে ৰেৱতীমোহন দত্ত চৌধুৰীয়ে শীলভদ্র ছদ্মনাম গ্রহণ কৰে।

শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। তেখেতৰ প্রথম উপন্যাস সংকলন’ মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায় ১৯৭১ চনত। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ  হিচাপেহে অধিক খ্যাতি অর্জন কৰে। তেখেতৰ প্রথম গল্প সংকলন ‘বাস্তৱ’ প্রকাশ পাইছিল ১৯৭৫ চনত। ইয়াৰ পাছত তেখেতৰ কুৰিখনৰো অধিক গল্প সংকলন প্রকাশ পায়। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে ‘কোনো ক্ষোভ নাই’, ‘সমুদ্রতীৰ, ‘তৰুৱা কদম, ‘উত্তৰণ’, ‘দায়িত্ব আৰু অন্যান্য গল্প, ‘আকৌ মধুপুৰ, ‘মধুপুৰ বহুদূৰ’, ‘তর্পণ, ‘চিঠি আৰু অন্যান্য পল্প, ‘আপোন মানুহ, ‘জীৱনৰ ৰং’ ইত্যাদি। শীলভদ্রই ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’ নামৰ দুখন গ্রন্থ অনুবাদো কৰিছিল।

সৰল ভাষা আৰু মেদহীন বর্ণনাই তেখেতৰ চুটিগল্প সমূহক সুখপাঠ্য কৰি তোলে। একোটা সৰু ঘটনাকে বিষয়বস্তু হিচাপে লৈ তেখেতে গল্প সৃষ্টি কৰে যদিও তাৰ মাজতে অসাধাৰণত্ব প্রকাশ পায়। এইজন সুনিপুণ গল্পকাৰে নিজৰ সাহিত্যিক প্রতিভাৰ বাবে ভালেমান বঁটা পাবলৈ সক্ষম হয়।


/ ‘চিঠিচুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰ: ‘চিঠি’ চুটিগল্পটি প্রখ্যাত গল্পকাৰ শীলভদ্ৰৰ এক অনুপম সৃষ্টি। আপোনজনৰ পৰা একোখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকা আবেগ মধুৰ অনুভূতিবোৰ গল্পকাৰে অতি সুন্দৰকৈ ফুটাই বুলিছে। গল্পটোৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ চাকৰি বা কর্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্রদান কৰে। বন্ধুৰপৰা যদি আন্তৰিকতা আৰু আগ্রহপূর্ণ সঁহাৰি লাভ কৰা যায়, তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্রশান্ত শৰ্মালৈ এখন চিঠি লিখি ভূদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰিছে।

প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি ভূদেৱ চৌধুৰী প্রত্যেক দিনেই অধীৰ হৈছে। কিন্তু শেষত খবৰ পালে প্রশান্ত শর্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ ল’বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে প্রশান্ত শর্মাই তেওঁৰ চিঠিখন পাইছিল আৰু চিঠিখনে ঘৰখনত এটা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। আনকি প্রশান্ত শর্মাই চিঠিৰ উত্তৰ লিখি পঠাবলৈ এটা লেফাফাও আনিছিল। কিন্তু তেওঁৰ চিঠি লিখা আৰু নহ’ল। এই কথাখিনি গম পাই ভূদেৱ চৌধুৰী শোকাতুৰ হৈ পৰিছে। তেওঁ অলস মুহূৰ্তত অপৰিকল্পিত ভাবে লিখা চিঠিখন প্রশান্ত শর্মাৰ বাবে ইমান মূল্যবান আছিল বুলি জানিব পাৰি ভূদেৱ চৌধুৰী আবেগিক হৈ পৰিছে।

‘চিঠি’ গল্পটিৰ কাহিনীভাগ সংক্ষেপে ইমানেই।


৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল?

উত্তৰ: বহুদিনৰ পাছত এজন প্রিয় বন্ধুৰ সান্নিধ্য পালে যিদৰে মানুহৰ মন আনন্দত আত্মহাৰা হয়, একেদৰে ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ মনত আনন্দৰ জোৱাৰ তুলিছিল। তেওঁ উভতি গৈছিল অতীতলৈ। বাল্যকালত দুয়ো একেলগে কি কৰিছিল, ক’লৈ গৈছিল সেই আটাইবোৰ স্মৃতি ৰোমন্থন কৰি অতিশয় আনন্দিত হৈছিল। তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ লগতে ঘৰলৈ অহা আন মানুহকো চিঠিখন দেখুৱাই বন্ধুৱেকৰ বিষয়ে আদ্যোপান্ত বিৱৰণ দিছিল। প্রশান্ত শৰ্মাৰ পৰিবাৰো চিঠিখন পাই অত্যন্ত সুখী হৈছিল। সেই কেইদিন প্রশান্ত শৰ্মাৰ ঘৰত কেৱল চিঠিখন আৰু বন্ধু ভূদেৱ চৌধুৰীৰ কথা। কিমান যে সুখী হৈছিল তেওঁলোক। চিঠিৰ উত্তৰ লিখিবৰ বাবে প্রশান্ত শর্মাই ভতিজাকৰ হতুৱাই এটি লেফাফাও অনাইছিল। মুঠতে চিঠিখনক কেন্দ্ৰ কৰি ঘৰখনত এটি আনন্দসুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল।


/ আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্রকাশ পাইছে বুজাই লিখা

উত্তৰ: শীলভদ্ৰৰ ‘চিঠি’ শীর্ষক চুটিগল্পটোত আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতা খিনি তিনিটা চৰিত্ৰৰ যোগেদি অতি সুন্দৰকৈ প্রকাশ পাইছে।

ভূদেৱ চৌধুৰীয়ে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ অপেক্ষা কৰিছে। টিংখঙৰ পৰা বাগানৰ ডাক অনা বনোৱা আহি পাওঁতে প্রায় তিনিমান বাজে। কিন্তু ভূদেৱ চৌধুৰীয়ে পত্নীৰ চিঠি আহিব লগীয়া দিন কেইটাত তিনি বজালৈ ধৈর্য ধৰি থাকিব নোৱাৰে। চাৰিমাইল দূৰত্বৰ টিংখঙলৈ তেওঁ চাইকেলখন লৈ ওলাই যায়। পত্নীৰ চিঠিৰ বাবে থকা ব্যাকুল প্রতীক্ষাক গল্পকাৰে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে।

আনহাতে বাল্য বন্ধু প্রশান্ত শর্মালৈ চিঠিখন দিয়াৰ পাছত প্রশান্ত শৰ্মাৰ পৰা আহিবলগীয়া চিঠিৰ বাবে ভূদেৱ চৌধুৰী অধীৰ অপেক্ষাত থাকে। এক মান বজাত তেওঁলোকৰ ফালে পিয়নজন আহে। সেই সময়খিনি তেওঁৰ বাবে বৰ দীঘলীয়া হয়। তেওঁ ঘড়ী চাই থাকে আৰু এক বাজিবৰ হ’লে বাহিৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে।

 ইফালে প্রশান্ত শর্মাইও পুৰণা বন্ধু ভূদেৱ চৌধুৰীৰ চিঠিখন আকস্মিক ভাবে পাই আনন্দত আত্মহাৰা হোৱা মধুৰ পৰিবেশটো গল্পকাৰে অতি সুন্দৰকৈ ফুটাই তুলিছে।


৫।চিঠিগল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰ: প্রখ্যাত গল্পকাৰ শীলভদ্ৰৰ ‘চিঠি ‘গল্পটোৰ নামটোৰ লগত বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্রীয় ভাব দুয়োটা কথা জড়িত হৈ আছে। গল্পটোৰ বিষয়বস্তু চিঠিক লৈয়ে গঢ় লৈ উঠিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ ভাবে অপেক্ষা কৰাৰ কথাও কোৱা হৈছে। আনহাতে এখন চিঠিয়েই হৈ পৰিছে গল্পটোৰ কেন্দ্রীয় বিষয়। ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্র কৰি দুখন-ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকে কৈছে। মাজতে বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰলৈ বিভিন্নজনৰ পৰা অহা আৰু ৰবীন্দ্রনাথ ঠাকুৰে প্রত্যোত্তৰত লিখা চিঠিবোৰৰ গুৰুত্বৰ কথা কোৱা হৈছে।

এনেদৰে বিশ্লেষণ কৰিলে দেখা যায়, গল্পটিৰ নামকৰণ সার্থক হৈছে।


H.S. পৰীক্ষাত অহা প্রশ্নসমূহ:

১। শীলভদ্ৰৰ প্রকৃত নামটো কি? (HS. ’17)

উত্তৰ: শীলভদ্রৰ প্রকৃত নামটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী।


/ বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুলভাবে প্রতীক্ষা কৰিছিল? (H-S’19)

উত্তৰ: বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে তেওঁৰ পত্নীৰ চিঠিৰ বাবে ব্যাকুলভাবে প্রতীক্ষা কৰিছিল।


৩। শীলভদ্রৰ অসম গল্প সংকলনটোৰ নাম কি? (H-S’20)

উত্তৰ: শীলভদ্ৰৰ প্রথম গল্প সংকলনটোৰ নাম ‘বাস্তৱ’।


৪।চিঠিগল্পটো শীলভদ্রৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? (H-3’22)

উত্তৰ: ‘চিঠি’ গল্পটো শীলভদ্রৰ ‘চিঠি আৰু অন্যান্য গল্প’ নামৰ সংকলনৰ পৰা লোৱা হৈছে।


৫। ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল?(HS’23)

উত্তৰ: ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি বন্ধুয়েক প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ আহিল।


৬। চুটিগল্পৰ দুটা বৈশিষ্ট্য লিখা। (H.S’19)

উত্তৰ: চুটি গল্পৰ দুটা বৈশিষ্ট্য হৈছে-

ক) আৰম্ভণি আকস্মিক আৰু

খ) সামৰণি নাটকীয়।


৭। শীলভদ্রই কোনখন উপন্যাসৰ বাবে, কোন চনতঅসম প্রকাশন পৰিষদ বঁটালাভ কৰিছিল? (HS’19)

উত্তৰ: শীলভদ্রই ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম প্রকাশন পৰিষদ বঁটা’ লাভ কৰিছিল।


Mastering Class 12 Assamese Chapter 7 চিঠি is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 AssameseChapter 7 চিঠি Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment