Assam Board Exam

উভতি নহাৰ কবিতা| Class 12 Assamese Chapter 7 Complete Solution

উভতি নহাৰ কবিতা | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 7 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.


উভতি নহাৰ কবিতা | Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 7

উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ

Chapter -7

উভতি নহাৰ কবিতা


) অতি চমু প্রশ্নঃ

১) উভতি নহাৰ কবিতাপাঠটি, পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ: উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ “দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে।


) কোনখন  পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰ: নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।

উত্তৰ: ৰোমাণ্টিক আৰু আধুনিক কবিতাৰ মাজৰ এটি পার্থক্য হৈছে – ৰোমাণ্টিক কবিয়ে পুনৰ জনমত বিশ্বাস কৰে, কিন্তু আধুনিক কবিয়ে ভাবে যে এই পৃথিৱীৰ পৰা মানুহ এবাৰ গুচি গ’লে পুনৰ উভতি আহিব নোৱাৰে।


) “উভতি নহাৰ কবিতাকোন শ্রেণীৰ কবিতা?

উত্তৰ: ‘উভতি নহাৰ কবিতা’ শীর্ষক কবিতাটো এটি আধুনিক কবিতা।


/’তামীঘৰাশব্দটিৰ অর্থ লিখা।

উত্তৰ: ‘তামীঘৰা’ শব্দটিৰ অৰ্থ তম্বু, বা কাপোৰৰ ঘৰ।


) চমু প্রশ্ন:

১) নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হৈছে-

ক) হে অৰণ্য হে মহানগৰ,

খ) এটি দুটি এঘাৰটি তৰা, আৰু

গ) ৰাৱণ


২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰ: নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হৈছে-

ক) কপিলীপৰীয়া সাধু, আৰু

খ) ককাদেউতাৰ হাড়।


৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা।

উত্তৰ: নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থৰ নাম হৈছে

ক) আখৰৰ জখলা, আৰু

খ) শিয়ালী পালেগৈ ৰতনপুৰ।


/ কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি? ‘জীয়াই থকাৰ ধেমালিটোকবিয়ে কেইবাৰ খেলিছে?

উত্তৰ: কবিৰ বাবে জীয়াই থকাৰ মন্ত্র হৈছে যন্ত্রণা।

জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে।


৫। কবিৰ মতে পৃথিৱীলৈ নতুন মানুহআহিলে কি পৰিৱৰ্তন হ’ব?

উত্তৰ: কবিৰ মতে এই পৃথিৱীলৈ’নতুন মানুহ’ আহিলে, সেই দিন হ’ব নতুন দিন। তেওঁলোকৰ কাম-কাজত নতুন চিন্তা, নতুন ধ্যান-ধাৰণাৰ প্রকাশ ঘটিব। তাত কবিৰ একো চিন’ নাথাকিব।


() দীঘল প্রশ্ন:

১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰ: কবিয়ে পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, কিয়নো এই পৃথিৱীৰ পৰা এবাৰ গুচি যোৱা মানুহ পুনৰ কেতিয়াও উভতি অহা নাই। কবিয়েও ভাবিছে যে এই পৃথিৱীৰ পৰা তেওঁ এবাৰ গুচি গলে পুনৰ উভতি আহিব নোৱাৰে।

জন্ম-মৃত্যু এক চিৰন্তন সত্য। এই ধাৰা আদিৰে পৰা অব্যাহত আছে। দেহৰ ভিতৰত জীৱটো সোমাই থকালৈকে মানুহ জীৱিত আৰু জীৱটো ওলাই গ’লেই মৃত। মৃত্যুৰ পিছত জীৱৰ কি হয়, ক’লৈ যায়, সি সকলোৰে বাবে দুর্বোধ্য। এইটো জীৱনতে মানুহে পোৱা-নোপোৱা, সুখ-দুখ, তৃপ্তি-যন্ত্রণা আদি সকলো ভোগ কৰে। মৃত্যুৰ পিছত পুনৰ একেটা জীৱন পোৱাটো দুৰূহ। আধুনিক কবিসকলে পুনৰ জনমত বিশ্বাস নকৰে। তেওঁলোকে ভাবে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। সেয়ে কবি নৱকান্ত বৰুৱাই এই পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে।


২)উভতি নহাৰ কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰ: অসমীয়া সাহিত্যৰ আধুনিক যুগৰ কবি নৱকান্ত বৰুৱাৰ ‘উভতি নহাৰ কবিতা’ এটি সুন্দৰ বাস্তৱ ধর্মী কবিতা। পৃথিৱীৰ পৰা গুচি যোৱাৰ পাছত কবি পুনৰ উভতি নাহে। কেৱল কবিয়েই নহয়, কোনো লোকেই এবাৰ গুচি যোৱাৰ পাছত উভতি নাহে। পৃথিৱীলৈ আমি কবিয়ে পৃথিৱীখনক অশেষ ভাল পাইছে, অথচ তেওঁ পুনৰ আহিব নোৱাৰে। যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র; জীয়াই থকাটো অর্থাৎ জীৱনটো এটা ধেমালিহে মাত্র। কবি উভতি যোৱাৰ পাছত যি সকল এই পৃথিৱীলৈ আহিব, তেওঁলোক হ’ব নতুন মানুহ, তেওঁলোকৰ ‘কাম-কাজত থাকিব নতুন চিন্তা, আৰু প্রকাশ ঘটিব নতুন ধ্যান-ধাৰণাৰ। তাত কবিৰ একো চিন নাথাকিব, জীৱনৰ বকুল ফুল পাহ কবিয়ে এবাৰেই বুটলিছে। পিছত এইপাহ বুটলিবলৈ কোনোবা নতুন মানুহ আহিব। এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ দুখত কবিয়ে অকলে হাঁহে। পৃথিৱীখন কবিয়ে অতিকৈ ভাল পায়, তথাপিও তেওঁ উভতি আহিব নোৱাৰে, উভতি নাহে। এয়ে হৈছে ‘উভতি নহাৰ কবিতা’ৰ মূল ভাব।


৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।

উত্তৰ: কবি নৱকান্ত বৰুৱাই ‘উভতি নহাৰ কবিতা’ শীর্ষক কবিতাটিত নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি এটি বাস্তৱ সত্য দাঙি ধৰিছে।

ইয়াত ‘নতুন দিনত’ কাব্যংশই পৃথিৱীলৈ অহা নতুন প্ৰজন্মৰ কথা বুজাইছে। এই পৃথিৱীলৈ চামে চামে মানুহ আহিছে আৰু গৈছে। এবাৰ গুচি যোৱা সকল উভতি নাহে আৰু আহিব নোৱাৰে, পৰিৱৰ্তনশীল সময়ৰ লগে লগে পৰিবৰ্তন হয় মানুহৰ কাম-কাজ আৰু চিন্তা-ধাৰণাৰ। কবি গুচি যোৱাৰ পাছত যি চাম মানুহ পৃথিৱীলৈ আহিব, সেই চাম হ’ব নতুন মানুহ, সেই দিন হ’ব নতুন দিন, আৰু তেওঁলোকৰ কাম-কাজ, চিন্তা-ভাৱনাত নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। সেই নতুনত্বৰ বুকুত কবিৰ একো চিন নাথাকিব। কবি হৈ পৰিব অতীতৰ বুকুত হেৰাই যোৱা এটি স্মৃতি মাথো। সেয়ে কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি ভাবিছে।


৪/ ‘উভতি নহাৰ কবিতাত পৃথিৱীৰ প্রতি কবিৰ ভালপোৱা কেনেদৰে প্রকাশ পাইছে, বুজাই লিখা।

উত্তৰ: কবি নৱকান্ত বৰুৱাই ‘উভতি নহাৰ কবিতাত পৃথিৱীখনক ভালপোৱাৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে। কবিতাটোৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁ পৃথিৱীক ভালপোৱাৰ ভাৱ স্পষ্ট। পৃথিৱীখনেই মানুহৰ আশ্রয় থল। পৃথিৱীৰ বুকুতে মানুহৰ জন্ম হয়, পৃথিৱী খনেই মানুহৰ কৰ্মস্থল আৰু মৃত্যুৰ পাছত পৃথিৱীতে বিলীন হয়। গতিকে পৃথিৱীখন মানুহৰ অতিকৈ আপোন আৰু নিজাপী ঘৰ। পৃথিৱীখনেই মানুহৰ অস্তিত্বৰ একমাত্ৰ ভৰসা।গতিকে সকলোৱে পৃথিৱীক ভালপোৱাটো স্বাভাৱিক।কবিয়েও পৃথিৱীক ভাল পায়। তেওঁ পৃথিৱীক ভালপোৱাৰ ভাব এনেদৰে ব্যক্ত কৰিছে –

“মই জানো মই নাহো

 মই জানো কোনো নাহে

 মাথোন এই পৃথিৱীখনক ভালপাই গ’লো

 এই কথাটোকে কিমান বাৰ যে ক’লো “

কবিতাটিৰ শেষৰফালে কবিয়ে পুনৰ পৃথিৱীক ভালপোৱাৰ কথা দোহাৰিছে এনেদৰে

 “মই নাহো মই নাহো

পৃথিৱী, তোমাক ভাল পাই গ’লো”

গতিকে ক’ব পাৰি যে উভতি নহাৰ কবিতাত কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা অতি স্পষ্টকৈ ব্যক্ত কৰিছে।


৫/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

ক) যন্ত্রণা মোৰ জীয়াৰ মন্ত্র

সেই মন্ত্রকে গালো

জীয়াই থকাৰ ধেমালিটো মই

এবাৰেই খেলি গ’লো।”

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা’ৰ পৰা অনা হৈছে।

এই জীৱনত পোৱা দুখ-যন্ত্রণাবোৰে কবিক জীৱন জীয়াৰ শিক্ষা প্রদান কৰিছে আৰু জীৱনটো যে তেওঁ এবাৰেই লাভ কৰিছে, তাকে কবিতাফাঁকিত ব্যক্ত কৰা হৈছে।

জন্ম-মৃত্যু এক চিৰন্তন সত্য। এবাৰ গুচি যোৱা মানুহে পুনৰ সেই জনম নধৰে বা ধৰিব নোৱাৰে। জীয়াই থকা দিনবোৰত মানুহে নানা দুখ-যন্ত্রণা আৰু তিতা-মিঠা অভিজ্ঞতা লাভ কৰে। কবিও তাৰ ব্যতিক্রম নহয়। কবিয়ে জীৱনত লাভ কৰা দুখ যন্ত্রণা বোৰৰ পৰাই জীৱন-যুদ্ধ চলাই যাবলৈ শিক্ষা লাভ কৰিছে। জীৱনটো এটা ধেমালিহে বুলি তেওঁ অভিহিত কৰিছে, আৰু এই ধেমালি তেওঁ এবাৰেই খেলিছে। কিয়নো দুনাই এই ধেমালি খেলিবলৈ তেওঁ আৰু এই পৃথিৱীলৈ নাহে, অর্থাৎ এই জীৱন পুনৰ ঘূৰাই নাপায়।


খ) কোনোবা আহিব মোৰ দৰে কোনো দিনা?

মোৰ সুৰতে বাজিব নতুন বীণা?

ওহো সেয়া হ’ব নতুন মানুহ

সেই দিনো হ’ব নতুন দিন

মোৰ তাত একো নাথাকে চিন।

উত্তৰ: উক্ত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা’ৰ পৰা অনা হৈছে।

চিৰ প্রবাহমান সময়ৰ সোঁতত সলনি হয় জীৱনৰ গতিধাৰা, সলনি হয় মানুহৰ কাম-কাজ, ধ্যান-ধাৰণাৰ। অতীত হৈ পৰে মাথো এক সুপ্ত স্মৃতি। এই প্রসঙ্গতে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে।

মৃত্যুৰ পাছত মানুহ পুনৰ পৃথিৱীলৈ নাহে বা আহিব নোৱাৰে। কবিও গুচি যোৱাৰ পিছত উভতি নাহে। কবিৰ ঠাই পুৰাবলৈ আহিব আন কোনোবা মানুহ। সেই মানুহ হ’ব নতুন মানুহ, সেই দিন হ’ব নতুন দিন। তেওঁলোকৰ কাম-কাজ, ধ্যান-ধাৰণাত ঘটিব নতুন চিন্তাৰ উন্মেষ, য’ত কবিৰ একো চিন নাথাকিব। কবি হৈ পৰিব হেৰাই যোৱা এটা অতীত। নতুন মানুহৰ চিন্তা-ভাৱনা, কাম-কাজ কবিৰ লগত নিমিলিব। পৰিৱৰ্তনশীল সময়ৰ সোঁতত হেৰাই যায় এচামৰ পিছত আন এচাম, এয়াই বাস্তৱ সত্য। কোনো তাৰ ব্যতিক্রম হ’ব নোৱাৰে।


Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা

H.S. পৰীক্ষাত অহা প্রশ্নসমূহৰ উত্তৰ:

ক) নৱকান্ত বৰুৱাৰ কাব্য চর্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়? (H.S 19)

উত্তৰ: নৱকান্ত বৰুৱাৰ কাব্য চর্চাত ‘ৰামধেনু ‘আলোচনীৰ অৱদান স্মৰণীয়।


২/ কবি জীয়াই থকাৰ মন্ত্র কি? (H.S 15, 16)

উত্তৰ: কবি জীয়াই থকাৰ মন্ত্ৰ হৈছে- জীৱনত লাভ কৰা দুখ- যন্ত্রণা।


৩/ নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস কথাষাৰ শুদ্ধনে (H.S 15,20)

উত্তৰ: নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস কথাষাৰ শুদ্ধ নহয় ।নৱকান্ত বৰুৱাৰ এখন কাব্য গ্রন্থ।


৪/ ‘ৰাৱণ ‘কাব্যগ্ৰন্থৰ ৰচক কোন? (HS ’23)

উত্তৰ: ৰাৱণ কাব্যগ্ৰন্থৰ ৰচক নৱকান্ত বৰুৱা।


৫/ নৱকান্ত বৰুৱাই কোন চনত আৰু ক’ত জন্মগ্রহণ কৰিছিল?(HS-14,19)

উত্তৰ: নৱকান্ত বৰুৱাই ১৯২৬ চনত, গুৱাহাটীত জন্মগ্রহণ কৰিছিল।


৬/ ৰামধেনু যুগৰ কেইগৰাকীমান উল্লেখযোগ্য কবিৰ নাম লিখা।

উত্তৰ: ৰামধেনু যুগৰ কেইগৰাকীমান উল্লেখযোগ্য কবিৰ নাম হৈছে হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত মহেন্দ্ৰ বৰা, অজিৎ বৰুৱা, আৰু বীৰেন বৰকটকী।


৭।মই নাহোঁ মই নাহে।

পৃথিৱী, তোমাক ভাল পাই গ’লো

তথাপিও মই নাহোঁ

প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা। (HS-20)

উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তর্গত কবি নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত ‘উভতি নহাৰ কবিতা’ৰ পৰা লোৱা হৈছে।

পৃথিৱীখনক ভাল পালেও এবাৰ গুচি যোৱাৰ পাছত যে পুনৰ আহিব নোৱাৰে তাৰ প্রসঙ্গতে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।

মানুহ মৰণশীল। পৃথিৱীলৈ অহা প্রত্যেকজন লোকেই পৃথিৱী এৰি গুচি যাব লগীয়া হয়। এই জীৱনৰ মেলা সামৰি সকলোৱেই এদিন মৃত্যুক সাৱটি লয়। এবাৰ গুচি যোৱাৰ পাছত কোনো ঘূৰি আহিব নোৱাৰে। কবিও সৃষ্টিৰ এই নিয়মৰ বাহিৰ নহয়। পৃথিৱীক মতেই ভাল পালেও, তেওঁ জানে যে সৰগৰ পৃথিৱীখন এৰি এদিন গুচি যাব লাগিব আৰু দুনাই আহিব নোৱাৰে। কবিতাফাঁকিত তেওঁ দুখ মিশ্রিত, বাস্তৱ সত্য ব্যক্ত কৰিছে।


Mastering Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.


Class 12 Assamese Chapter 7 উভতি নহাৰ কবিতা Complete Question Answer

For More details check our Youtube Channel Assam Board Exam

Class 12 Education | Class 12 Political Science | Class 12 Assamese |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top