অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 8 Prepare for HS Final with our expert resources and key question answers. HS 2nd Year Assamese Complete Chapter Question Answer.
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা| Get a detailed summary, notes, and solutions for Class 12 Assamese Chapter 8
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
উচ্চতৰ মাধ্যমিক দ্বিতীয় বার্ষিকৰ পাঠ্যপুথি সাহিত্য সৌৰভ
Chapter -8
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা
ক) অতি চমু প্রশ্নঃ
১) জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নাটক ‘জয়মতী কুঁৱৰী।
২/ জ্যোতিপ্রসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?
উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।
৩। ‘চিত্ৰবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল?
উত্তৰ: চিত্রবন ষ্টুডিঅ’ জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰিছিল।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰ: লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম ‘নিমিলা অংক।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰ: লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হৈছে- ‘এৰা বাটৰ সুৰ।
খ) চমু প্রশ্নঃ
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হৈছে-‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী।
২। এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা-এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰ: উক্ত কথাছবিকেইখনৰ পৰিচালকৰ নাম হৈছে-
এৰাবাটৰ সুৰ – ড° ভূপেন হাজৰিকা।
ডা: বেজবৰুৱা – ব্রজেন বৰুৱা
গঙা চিলনীৰ পাখি- পদুম বৰুৱা
৩। ভৱেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰ: ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হৈছে- ‘সন্ধ্যাৰাগ’, ‘অনির্বাণ,’ আৰু ‘অগ্নিস্নান’।
৪। জয়মতী, চিৰাজ, সতী বেউলা- এই কথাছবিকেইখনৰ সংগীত পৰিচালককেইজনৰ নাম লিখা।
উত্তৰ: উক্ত কথাছবিকেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম হৈছে।
জয়মতী- জ্যোতিপ্রসাদ আগৰৱালা
চিৰাজ- বিষ্ণুপ্রসাদ ৰাভা
সতী বেউলা – ভূপেন হাজৰিকা
৫/ অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?
উত্তৰ: অসমীয়া চিনেমা শিল্পৰ বিকাশত অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপবোৰ হৈছে-
১) প্রযোজক সকলক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে,
২। জ্যোতিচিত্রবন ছ’ছাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নির্মাণ কৰে,
৩।’ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামেৰে চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় স্থাপন,
৪। ছবি প্রযোজনাত সহায় কৰিবলৈ ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’ গঠন, আৰু
৫। চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভ স্থাপন।
গ) দীঘল প্রশ্নঃ
১) অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালা আছিল অসমীয়া চলচ্চিত্র শিল্পৰ জন্মদাতা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত ‘জয়মতী’ চিনেমা নির্মাণ কৰি তেখেতে অসমীয়া চলচ্চিত্র শিল্পৰ শুভাৰম্ভণি ঘটায়। অসমত চলচ্চিত্র শিল্পৰ প্রয়োজনীয়তা উপলব্ধি কৰি তেখেতে সুদূৰ জাৰ্মানীলৈ গৈ চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল। জার্মানীৰ পৰা ঘূৰি আহি তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ -বাগিচাত ‘চিত্রবন’ নাম দি এটি ষ্টুডিঅ’ সাজি লৈ তাতে জয়মতীৰ দৃশ্যগ্রহণ কৰিছিল। অৱশেষত ১৯৩৫ চনৰ ১০ মার্চ তাৰিখে জয়মতী ছবিয়ে মুক্তি লাভ কৰে। ব্যৱসায়িক দিশত ছবিখনে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহল যদিও ছবিখনৰ প্রতি ৰাইজৰ সহাৰি আৰু আগ্রহ যথেষ্ট আছিল।
১৯৩৯ চনত জ্যোতিপ্রসাদ আগৰৱালাই নিজৰ কাহিনীৰে ‘ইন্দ্ৰমালতী’ নামৰ দ্বিতীয়খন ছবি প্রযোজনা আৰু পৰিচালনা কৰি উলিয়াই। এই ছবিখন তেখেতে কলকাতাৰ অৰোৰা ষ্টুডিঅ’ত নিৰ্মাণ কৰিছিল। দুয়োখন ছবিৰে কাহিনী আছিল পৃথক। জয়মতীত আছিল অতীত গৌৰৱ আৰু ইন্দমালতীত স্বাধীনতা আন্দোলনৰ ছবি।
এনেদৰে জ্যোতিপ্রসাদ আগৰৱালাই বিভিন্ন ঘাট-প্রতিঘাট, ছবি-নির্মাণ আৰু পৰিৱেশনাৰ বাবে প্রয়োজনীয় সা-সুবিধাৰ অভাৱকো একাষৰীয়া কৰি দুখনকৈ ছবি নির্মাণ কৰি উলিয়াই অসমীয়া চলচ্চিত্র শিল্পলৈ নতুন যুগৰ সূচনা কৰে।
২/ অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰ: অসমীয়া চলচ্চিত্র শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান অতি গুৰুত্বপূর্ণ। অসমীয়া চলচ্চিত্ৰক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰোৱা প্রথমজন অসমীয়া আছিল ড° ভূপেন হাজৰিকা। তেখেতে ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে লাভ কৰা পুৰস্কাৰ আছিল ৰাষ্ট্ৰীয় পর্যায়ত অসমীয়া চলচ্চিত্রই লাভ কৰা প্ৰথমটো পুৰস্কাৰ।
ড° ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্র জগতলৈ ভালেকেইখন ছবি উপহাৰ দিয়ে। তেখেতৰ ১৯৫৬ চনত মুক্তিলাভ কৰা ‘এৰা বাটৰ সুৰ’ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত প্ৰথমখন অসমীয়া ছবি। ১৯৬৫ চনত তেখেতে এটি খাচি লোককথাৰ ভেটিত নির্মাণ কৰিছিল ‘প্রতিধ্বনি’ ছবি। পৰৱৰ্তী কালত ৰাজশ্রী প্ৰডাকচনৰ প্রয়োজনাত নির্মাণ কৰিছিল ‘চিকমিক বিজুলী’ কথাছবি। চিকমিক বিজুলীয়েই হ ‘ল প্রতিষ্ঠিত চলচ্চিত্র প্রযোজনা সংস্থা এটাই প্রযোজনা কৰা প্ৰথম অসমীয়া ছবি।
অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকা সদায় সচেতন আছিল। সেই উদ্দেশ্যেৰেই তেওঁ’প্রতিধ্বনি’ ছবিখন খাচি ভাষালৈ ‘ডাব’ কৰি বাণিজ্যিকভাবে মুক্তি দিছিল। হিন্দী ছবি ‘তকদীৰ’ (ভাগ্য) তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পৰৱৰ্তী কালত সেই ছবিখনৰ প্রয়োজকৰ লগত যৌথ প্রযোজনাত নির্মাণ কৰিছিল ‘চিকমিক বিজুলী এনেদৰে দেখা যায়, অসমীয়া চলচ্চিত্র শিল্পলৈ ড° ভূপেন হাজৰিকাৰ অৱদান অপৰিসীম।
৩/ ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰ: ড° ভবেন্দ্র নাম শইকীয়া আৰু জাহ্নু বৰুৱা দুয়োগৰাকী ব্যক্তিয়েই অসমীয়া চিনেমা জগতলৈ বিশিষ্ট অৱদান আগবঢ়াইছে।অসমীয়া ছবিৰ বাস্তৱবাদী ধাৰাটোৰ উত্তৰণত ড° ভবেন্দ্র নাথ শইকীয়াৰ ১৯৭৭ চনত মুক্তি লাভ কৰা ‘সন্ধ্যাৰাগ’ ছবিখনে যথেষ্ট আশাৰ সঞ্চাৰ কৰে। তেখেতে একাদিক্রমে ‘অনির্বাণ’, ‘অগ্নিস্নান, ‘কোলাহল’, ‘সাৰথি,’ ‘আৱর্তন’, ‘ইতিহাস’ আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা ‘পৰিচালনা কৰে। তেখেতে ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা লাভ কৰিছিল।জাহ্নু বৰুৱাই ‘অপৰূপা’ ছবিৰে তেখেতৰ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নির্মাণ কৰে। তেখেতৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ ‘বনানী’ ‘তৰা, আদি ছবিয়ে দেশৰ বাহিৰে ভিতৰে জনপ্রিয়তা লাভ কৰিছে। ‘ সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে জাহ্নু বৰুৱাই ‘শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।
৪) অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰ: ‘বিনোদন’ শব্দৰ অৰ্থ হৈছে আমোদ বা সন্তোষ। ১৯৬৫ চনৰ পৰা মাত্ৰা আৰম্ভ কৰা অসমীয়া চিনেমাৰ অধিকাংশই আছিল বাস্তৱধর্মী। বিনোদন ধর্মী ছবিৰ ধাৰা আৰম্ভ হয় ১৯৬৯ চনত ব্রজেন বৰুৱা পৰিচালিত ডাঃ বেজবৰুৱা ছবিৰ পৰা। ডাঃ বেজবৰুৱা আছিল আবেগমিশ্রিত থ্ৰীলাৰ আৰু দর্শকৰ এখন উপভোগ্য ছবি। ডাঃ বেজবৰুৱাৰ পিছত বহুপৰিচালকে ভালেকেইখন বিনোদনধর্মী ছবি উপহাৰ দিয়ে। সেইবোৰৰ ভিতৰত ‘মুকুতা, ‘যোগ-বিয়োগ,’ ‘উপগ্রহ, ‘ভাইটি, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ আদি উল্লেখযোগ্য।
চলচ্চিত্র ভাষাৰ দিশৰ পৰা এই ছবিবোৰ বৰ উচ্চ মানদণ্ডৰ নাছিল যদিও ছবিসমূহৰ কাহিনী আছিল আবেগপূর্ণ আৰু নাটকীয় উপাদানেৰে ভৰা। ছবিবোৰে দশকৰ ৰুচিবোধৰ প্রতি সন্মান আৰু সহাৰি দিবলৈ সক্ষম হৈছিল।
৫/ অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰ: অসমীয়া চলচ্চিত্রই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালেমান বঁটা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে। ৰাষ্ট্রীয় চলচ্চিত্র বঁটা প্রাপ্তি আৰু আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ‘ ইণ্ডিয়ান পেনোৰামাত হোৱা প্ৰদৰ্শনৰ বাবে অসমীয়া ছবি এতিয়া অসমতে সীমাবদ্ধ হৈ থকা নাই।
ৰাষ্ট্রীয় পর্যায়ত পোন প্রথম বাৰৰ বাবে ১৯৫৫ চনত ফণী শর্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰিছিল। ইয়াৰ পিছত ১৯৫৮ চনত নিপ বৰুৱা পৰিচালিত ‘ ৰঙাপুলিচ’ ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাৰ ৰূপৰ পদক লাভ কৰে। অসমীয়া চলচ্চিত্ৰৰ এই ধাৰা অব্যাহত থাকে। ড° ভূপেন হাজৰিকাই ‘চামেলি মেমচাৱ’ ছবিৰ শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। ড° ভবেন্দ্র নাথ শইকীয়াই অগ্নিস্নান ‘ ছবিৰ বাবে শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা আৰু জাহ্নু বৰুৱাই ‘সাগৰলৈ বহুদূৰ’ ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। বহুকেইখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় বঁটাৰে সন্মান লাভ কৰিছে। শেহতীয়াকৈ ২০১৮ চনত ৰীমা দাসৰ ‘village Rockstars’ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাৰ স্বর্ণ কমল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। একে বছৰতে আমেৰিকাৰ ল্চ, এঞ্জেলছত অনুষ্ঠিত ‘লভ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল’ত “শৈশৱতে ধেমালিতে ছবিখনে কেইবাটাও পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। কিন্তু আন্তৰাষ্ট্ৰীয় প্রেক্ষাপটত অসমীয়া চিনেমাই বিভিন্ন কাৰণত এতিয়ালৈকে সবল খোজ দিব পৰা নাই বা আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।
H.S. পৰীক্ষাত অহা প্রশ্নসমূহ:
১) প্রথম অসমীয়া বোলছবি ‘ জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল? (H-S ’17)
উত্তৰ: প্রথম অসমীয়া বোলছবি ‘জয়মতী’ মুক্তি লাভ কৰিছিল ১৯৩৫ চনৰ ২০ মার্চ তাৰিখে।
২) ‘চিত্রবন’ ষ্টুডিঅ’ কোনে নির্মাণ কৰিছিল? (H-S’18)
উত্তৰ: ‘চিত্রবন’ ষ্টুডিঅ’ জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
৩। অসমীয়া চিনেমাৰ জনক কোন? (H-S.’19)
উত্তৰ: অসমীয়া চিনেমাৰ জনক জ্যোতিপ্রসাদ আগৰৱালা।
৪। ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নির্মাণ কৰিছিল? (H-S’20)
উত্তৰ: ভূপেন হাজৰিকাই ‘প্রতিধ্বনি’ ছবিখন খাচি জনগোষ্ঠীৰ লোককথাৰ ভেটিত নির্মাণ কৰিছিল।
৫/ ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্রসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা। (HS’22)
উত্তৰ: ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্রসাদ আগৰৱালাৰ কথাছবি খনৰ নাম- ‘ইন্দ্রমালতী।
৬। ব্রজেন বৰুৱা পৰিচালিত আবেগ মিশ্রিত থ্রিলাৰধৰ্মী প্রথম অসমীয়া ছবিখনৰ নাম লিখা। (H-S’22)
উত্তৰ: ব্রজেন বৰুৱা পৰিচালিত আবেগ মিশ্রিত থ্রিলাৰধর্মী প্রথম অসমীয়া ছবিখনৰ নাম- ডাঃ বেজবৰুৱা
৭/ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্র অংকিত চলচ্চিত্ৰখনৰ নাম লিখা। (H.S.’23)
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্র খনৰ নাম-নিমিলা অংক।
৮/ ‘থ্রিলাৰ’ শব্দৰ অৰ্থ লিখা। (HS.’23)
উত্তৰ: ‘থ্রিলাৰ’ শব্দৰ অর্থ উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনী যুক্ত কথাছবি।
৯। এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা- এৰাবাটৰ সুৰ আৰু ডাঃ বেজবৰুরা। (HS ’17)
উত্তৰ: এৰাবাটৰ সুৰ আৰু ডা’ বেজবৰুৱা কথাছবি দুখনৰ পৰিচালক আছিল ক্রমে – ড° ভূপেন হাজৰিকা আৰু ব্রজেন বৰুৱা।
১০) জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰ: জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম জয়মতী আৰু ইন্দ্ৰমালতী।
১১/ কাৰ্বি ভাষাৰ প্ৰথম ছবি খনৰ নাম কি? পৰিচালক গৰাকীৰ নাম লিখা (Hs’20)
উত্তৰ: কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম ‘জিৰ চং’। ছবিখনৰ পৰিচালক গৰাকীৰ নাম আছিল প্রফুল্ল শইকীয়া।
১২। ‘মুকুতা’ আৰু ‘জাং’ ফাই জোনাক ‘ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। (HS:20)
উত্তৰঃ ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ এই ছবিদুখনৰ পৰিচালক দুগৰাকীৰ নাম ক্রমে ব্রজেন বৰুৱা আৰু সঞ্জীৱ সভাপণ্ডিত।
১৩/ এৰাবাটৰ সুৰ’ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম লিখা। (H.S.’22)
উত্তৰ: ‘এৰাবাটৰ সুৰ’ ছবিখনত কণ্ঠদান কৰা ভাৰতৰ দুগৰাকী সংগীত প্রতিভাধৰৰ নাম হৈছে লতা মংগেছকাৰ আৰু হেমন্ত মুখার্জী।
১৪। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা।
“— অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খোজ দিব পৰা নাই।”
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত উৎপল দত্তই লিখা ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা’ শীর্ষক পাঠটোৰ পৰা অনা হৈছে।
অসমীয়া চলচ্চিত্রই যে বর্তমানলৈকে আন্ত: ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই তাৰ প্রসঙ্গতে বাক্যশাৰীৰ অৱতাৰণা কৰিছে।
১৯৩৫ চনত ‘জয়মতী ‘ ছবিৰে আৰম্ভ হোৱা অসমীয়া চলচ্চিত্র শিল্পই সামগ্রিকভাবে আঠটা দশক অতিক্রম কৰিছে। এই আঠোটা দশকত ভালেমান ছবি নির্মাণ হৈছে। কিছুমান ছবি ব্যবসায়িক দিশত সফল হৈছে আৰু কিছুমান সফল’ হ’ব পৰা নাই। ৰাষ্ট্ৰীয় প্রেক্ষাপটত অসমীয়া ছবিয়ে এতিয়ালৈকে ভালেমান বঁটা পাবলৈ সক্ষম হৈছে আৰু এটুকুৰা ঠাই অধিকাৰ কৰিছে। কিন্তু আন্তর্জাতিক প্রেক্ষাপটত অসমীয়া ছবি নিচেই চালুকীয়া হৈ আছে। আন্তর্জাতিক চলচ্চিত্র বজাৰখনত অসমীয়া ছবিয়ে সবল খোজ দিব পৰা নাই। ইয়াৰ মূল কাৰণ হৈছে-কাৰিকৰী দিশত অসমীয়া ছবিৰ মানদণ্ড অতি নিম্ন আৰু বিষয়বস্তুৰ বৌদ্ধিক আৰু দার্শনিক সমলৰ অভাৱ। ছবি নির্মাতাসকলে এই দিশবোৰত গুৰুত্ব আৰোপ কৰিলে, নিশ্চয় আন্তর্জাতিক প্রেক্ষাপটত অসমীয়া ছবিয়ে সবল খোজ পেলাবলৈ সক্ষম হব।
Mastering Class 12 Assamese Chapter 8 অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা is crucial for scoring well in your HS Final Exam. Use our detailed summary, notes, and solutions to clarify your doubts and strengthen your preparation.
Class 12 Assamese Chapter 8 অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Complete Question Answer
For More details check our Youtube Channel Assam Board Exam
🔗 Related Study Resources
Class 12 Education | Class 12 Political Science | Class 12 Assamese |
📲 Stay Connected
Get the latest updates and chapter releases via: