Assam Board Exam

Class 12 Education Chapter 1 | স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা (Page 1)

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium

প্রথম অধ্যায়

স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু

অসমৰ মাধ্যমিক শিক্ষা

1. মাধ্যমিক শিক্ষা কাক বোলে ?

উত্তৰ : মাধ্যমিক শিক্ষা হ’ল প্রাথমিক শিক্ষা আৰু উচ্চশিক্ষাৰ মাজৰ চাবিকাঠ। বয়ঃসন্ধিকালৰ বাবে যি শিক্ষা ব্যৱস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে। মাধ্যমিক শিক্ষাই কিশোৰ কিশোৰীসকলক ভবিষ্যত জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে।

2. মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰ: মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনত গঠন কৰা হৈছিল।

3. মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল।

উত্তৰঃ ড° লক্ষ্মণস্বামী মুডালিয়াৰ।

4. কোঠাৰী আয়োগ কেতিয়া গঠন হয়  আৰু ইয়াৰ অধ্যক্ষ কোন আছিল?

উত্তৰ: কোঠাৰী আয়োগ 1964-66 চনত গঠন কৰা হয়। আৰু ইয়াৰ অধ্যক্ষ আছিল ডি. এছ. কোঠাৰী।

5. মাধ্যমিক শিক্ষা আয়োগৰ লক্ষ্য কি আছিল?

উত্তৰ: মাধ্যমিক শিক্ষা আয়োগে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন, নেতৃত্বৰ প্রশিক্ষন, গনতান্ত্রিক নাগৰিকত্বৰ ধাৰনা, চৰিত্ৰ গঠনৰ শিক্ষা আৰু বৃত্তিমূলক দক্ষতাৰ শিক্ষাক লক্ষ্য হিচাপে স্থিৰ কৰিছিল।

6. কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য কি আছিল ?

উত্তৰ: কোঠাৰী আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য হ’ল জাতীয় শিক্ষাৰ বিকাশ সাধন কৰা।

7.  ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে?

উত্তৰ: 1947 চনৰ 15 আগষ্ট।

8. মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি?

উত্তৰঃ মুডালিয়াৰ আয়োগ।

9.  কোন আয়োগ 10+2+3 শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল?

উত্তৰঃ কোঠাৰী আয়োগে।

10.  1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ  ডি.এচ কোঠাৰী।

11.  মাধ্যমিক শিক্ষাৰ আসোঁৱাহ সমূহ উল্লেখ কৰা। (HS 2013, 2016, 2018)

উত্তৰ: মাধ্যমিক শিক্ষাৰ আসোঁৱাহ সমূহ তলত উল্লেখ কৰা হল

  1. আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা ব্যৱস্থা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্রিক, একমুখী আৰু পৰিবৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যবস্থা।
  2. এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসমর্থ হৈছে। ছাত্ৰ-ছাত্ৰীৰ অত্যাৱশ্যকীয় গুণ, যেনে- অনুশাসন, সহযোগিতা আৰু নেতৃত্ব দিব পৰা গুণাৱলীৰ বিকাশ উপযুক্ততাৰে সাধন কৰিব পৰা নাই।
  3. গতানুগতিক শিক্ষা পদ্ধতিয়ে ছাত্র-ছাত্রীৰ মাজত স্বাধীনতা আৰু আত্ম-প্রত্যয়ৰ অনুভূতি জগাই তোলাত ব্যর্থ হৈছে। এনে শিক্ষণ পদ্ধতি মুঠেই বিজ্ঞান সম্মত নহয়। পাঠ্যক্ৰমৰ বিষয় গধুৰ হোৱা বাবে আৰু মুখস্থ কার্যক আগস্থান দিয়া বাবে ছাত্ৰৰ কল্পনা- শক্তি ধ্বংস কৰিছে।
  4. মাধ্যমিক শিক্ষাত  পৰীক্ষা ব্যৱস্থা ত্রুটিপূর্ণ। এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছে।
  5. মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক একেবাৰে আওকাণ কৰা হৈছে।
  6. মাধ্যমিক স্কুলৰ শিক্ষক নির্বাচন পদ্ধতি ত্রুটিপূর্ণ।

12.  মাধ্যমিক শিক্ষা আয়োগ গঠনৰ কাৰণবোৰ কি কি?

উত্তৰঃ মাধ্যমিক শিক্ষা আয়োগ গঠনৰ  কাৰণবোৰ হল :-

  1. ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বৰ্তমান অৱস্থাৰ সৰ্ব দিশৰ অনুসন্ধান কৰা আৰু সেই সম্বন্ধে প্ৰতিবেদন দাখিল কৰা।
  2. মাধ্যমিক শিক্ষাৰ লক্ষ্য, সংগঠন আৰু অধ্যয়নৰ উপাদান সম্বন্ধে।
  3. প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত ইয়াৰ সম্বন্ধ সম্পৰ্কে।
  4. বিভিন্ন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয়ৰ মাজত থকা সম্বন্ধ সম্পৰ্কে।
  5. অন্যান্য প্ৰসংগিক সমস্যা সম্বন্ধে।

13.  মধ্যিমিক শিক্ষা আয়োগ (1952-53) চনত নিৰূপন কৰি দিয়া মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰে চমুকৈ লিখা। (HS 2017)

উত্তৰ: দেশে স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থাটোৰ উন্নতিৰ বাবে চিন্তা-চৰ্চা কৰিছিল। সেয়ে শিক্ষা ব্যৱস্থাটোত থকা আঁসোৱাহ সমূহ দূৰ কৰাৰ অভিপ্রায়েৰে ভাৰত চৰকাৰে 1952 চনৰ 23 ছেপ্তেম্বৰ তাৰিখে ড° লক্ষ্মণস্বামী নেতৃত্বত এখন মাধ্যমিক শিক্ষা আয়োগ গঠন কৰে। তেখেতৰ নাম অনুসৰিয়েই মধ্যিমিক শিক্ষা আয়োগক ‘মুডালিয়াৰ আয়োগ’ বুলিও জনা যায়।

মাধ্যমিক শিক্ষা আয়োগে মূলতঃ শিক্ষাৰ চাৰিটা লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।সেই চাৰিটা লক্ষ্যৰ বিষয়ে আলোচনা কৰা হ’ল-

ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ- মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে ভাৰতবর্ষ যিহেতু এখন গণতান্ত্রিক দেশ সেয়ে শিক্ষাৰ লক্ষ্য এনে হোৱা উচিত যিয়ে গণতান্ত্রিক ভাৰতবর্ষৰ প্রয়োজনীয়তা পূৰণ কৰিব পাৰে। গণতন্ত্রৰ সফলতাৰ বাবে নাগৰিক সকলক বহু গুণৰ দৰকাৰ হয়। এই গুণসমূহ হৈছে- সুস্থ চিন্তা-ধাৰা, সুস্থ সামাজিক সমাযোজন, সামাজিক ন্যায়, বাকপটুতা আৰু লিখনিৰ স্পষ্টতা, সহনশীলতা, প্রকৃত দেশপ্রেম ইত্যাদি। এই গুণসমূহ যাতে শিক্ষাৰ জৰিয়তে ছাত্র-ছাত্রীৰ মাজত বিকশিত হৈ উঠে তাৰ বাবে মাধ্যমিক শিক্ষা আয়োগে গুৰুত্ব আৰোপ কৰিব।

খ) বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ- মাধ্যমিক শিক্ষাৰ দ্বিতীয় প্রধান লক্ষ্যটো হৈছে ছাত্র-ছাত্রীৰ  মাজত বৃত্তিগত পাৰদর্শিতা বৃদ্ধি কৰা। শিক্ষাই ছাত্র-ছাত্রীসকলক হাতৰ কাম, উৎপাদন মূলক কামৰ প্রতি আগ্রহী কৰি তুলিব লাগে যাতে তেওঁলোক স্ব-ক্ৰিয়াৰ প্রতি সচেতন বৃদ্ধি  হয় আৰু তেওঁলোকৰ কর্ম তৎপৰতা বৃদ্ধি পায়। লগতে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষাত এটা বৃত্তি বাধ্যতামূলকভাৱে শিকাব লাগে যাতে ছাত্র-ছাত্রীসকলে ভবিষ্যতে জীৱিকা অর্জনৰ বাট বিচাৰি পায়।

গ) ব্যক্তিত্বৰ বিকাশ: মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা এটা গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশে এজন ব্যক্তিক সমাজত সফলতাৰে জীয়াই থাকিবলৈ সক্ষম কৰি তোলে। সেয়ে শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক, মানসিক, অনূভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰাত গুৰুত্ব দিব লাগে।

ঘ) নেতৃত্বৰ শিক্ষা – মুডালীয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শ অনুসৰি ছাত্ৰ ছাত্ৰী সকলক নেতৃত্বৰ শিক্ষা প্ৰদান কৰিব লাগে। কিয়নো গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়োজনীয়। সাহিত্য, কলা, বানিজ্য, কাৰিকৰী, উদ্যোগ- সকলোতে উচ্চতম নেতৃত্বৰ প্ৰয়োজন। সেয়ে মাধ্যমিক শিক্ষাই নেতৃত্ব শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি মুডালীয়াৰ আয়োগে পৰামৰ্শ দিছে।

14.  মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আঁসোৱাহসমূহ কি কি?

উত্তৰ: মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আঁসোৱাহসমূহ হৈছে-

  1. মাধ্যমিক শিক্ষা প্ৰথম আঁসোৱাহটো হৈছে এই শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্রিক, একমুখী আৰু পৰিবৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা।
  2. এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসমর্থ হৈছে।
  3. এই শিক্ষা ব্যৱস্থাই ইংৰাজী মাধ্যমৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে। সেইবাবে ছাত্ৰ ছাত্ৰী সকল বহুতো সমস্যা সন্মুখীন হব লগা হৈছে।
  4. শ্ৰেণীকোঠা সমূহত ছাত্ৰ ছাত্ৰী সংখ্যা প্ৰয়োজনতকৈ অধিক হোৱাৰ বাবে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী মাজত পাৰস্পৰিক নিবিড় সমন্ধ ৰক্ষা কৰাত কঠিন হৈ পৰিছে।
  5. মাধ্যমিক শিক্ষাত  থকা পৰীক্ষা ব্যৱস্থাটো ত্রুটিপূর্ণ। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপন কৰাত বিফল হৈছে।
  6. মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক একেবাৰে আওকাণ কৰা হৈছে।

15.  কোঠাৰী আয়োগৰ মতে শিক্ষাৰ লক্ষ্য কি কি হোৱা উচিত আলোচনা কৰা।

উত্তৰ: ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সকলোখিনি দিশ সামৰি লৈ পৰামৰ্শ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯৬৪ চনৰ ১৪ জুলাইত এখন শিক্ষা আয়োগ গঠন কৰে। সেই আয়োগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সভাপতি ডি.এচ. কোঠাৰীক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ নাম অনুসৰিয়েই এই আয়োগ খনক কোঠাৰী আয়োগ বুলি অভিহিত কৰা হয়।

কোঠাৰী আয়োগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্যবোৰৰ বিষয়ে তলত আলোচনা কৰা হল-

ক) শিক্ষা আৰু উৎপাদনমুখিতা – কোঠাৰি আয়োগে উল্লেখ কৰিছে যে যেতিয়া আমাৰ শিক্ষা ব্যৱস্থাটো উৎপাদনমুখিতাৰ লগত জড়িত হৈ পৰিব তেতিয়া আমাৰ জাতীয় আয় বৃদ্ধি পাব। সেয়ে ছাত্ৰ ছাত্ৰীসকলক উৎপাদনশীল কৰিবলৈ হলে শিক্ষা ব্যৱস্থাটোৱে কিছুমান দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। এই দিশ সমূহ হৈছে  – প্ৰথমে বিজ্ঞান ভিত্তিক শিক্ষাক এই শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ কৰিব লাগে দ্বিতীয়তে কৰ্ম অভিজ্ঞতাৰ সৈতে ছাত্ৰ ছাত্ৰী সকলক পৰিচয় কৰাই দিব লাগে আৰু শেষত বৃত্তিমুখী কৰণ আৰু কাৰী কৰি শিক্ষাৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব দিব লাগে।

খ) সামাজিক আৰু জাতীয় সংহতি –  শিক্ষাৰ জৰিয়তে যাতে সামাজিক আৰু জাতীয় সংহতি বৰ্তি থাকে তাৰ বাবে শিক্ষা ব্যৱস্থাটোৱে বিভিন্ন ধৰণৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগে। কোঠাৰি আয়োগৰ মতে  যদি আমি নৱপ্রজন্মক সঠিকভাবে শিক্ষিত কৰো তেতিয়া এখন সবল আৰু একতাপূর্ণ দেশ গঢ় লৈ উঠিব। সামাজিক আৰু জাতীয় সংহতিৰ বাবে শিক্ষা ব্যৱস্থাটোৱে এই দিশসমূহৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। যেনে: সাধাৰণ বিদ্যালয় স্থাপন, সামাজিক আৰু জাতীয় সেৱা, জাতীয় সচেতনতাৰ বিকাশ, ভাষানীতি গঢ় লৈ তোলা আন্তজাৰ্তিক বুজা-পৰাৰ  বাবে শিক্ষা ইত্যাদি।

গ) শিক্ষা আৰু আধুনিকীকৰণ – কোঠাৰী আয়োগে আগবঢ়োৱা শিক্ষাৰ লক্ষ্যসমূহৰ ভিতৰত শিক্ষাৰ জৰীয়তে আধুনিকীকৰণ আন এটা প্রধান লক্ষ্য ।  বর্তমানৰ সমাজখন হৈছে দ্রুতশীল আৰু বিজ্ঞানভিত্তিক যান্ত্রিকতাৰ ওপৰত নিৰ্ভৰশীল । সেয়ে শিক্ষা ব্যৱস্থাটো এনেকুৱা হ’ব লাগে যাতে  দ্রুত সামাজিক পৰিবর্তনৰ লগে লগে ছাত্র-ছাত্রী সকলো সমানে খোজ মিলাই আগবাঢ়ি যাব পাৰে। শিক্ষাই ছাত্র-ছাত্রীসকলক জীৱনৰ সকলো দিশৰ পৰাই আধুনিক কৰি তুলিব লাগে।

ঘ) সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ –  কোঠাৰী আয়োগে আগবঢ়োবা শিক্ষাৰ লক্ষ্যসমূহৰ ভিতৰত এটা গুৰুত্বপূর্ণ লক্ষ্য হৈছে শিক্ষাৰ  জৰিয়তে সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ । সেয়ে ছাত্র ছাত্রী সকলক বিদ্যালয়ত সহ পাঠ্যক্রম কার্যাৱলীত নিয়োজিত কৰিব লাগে, সামাজিক সেৱাত অংশগ্রহণ কৰিবলৈ সুবিধা প্রদান কৰিব লাগে আৰু বিদ্যালয়সমূহত ধাৰ্মিক উৎসৱসমূহ পালন কৰাৰ ব্যৱস্থা কৰিব লাগে। এই সমূহৰ জৰিয়তে ছাত্র-ছাত্রীসকলৰ মাজত একতা, সততা, ‘সমাজৰ প্রতি দায়িত্ববোধ আদি গুণ সমূহ বিকশিত হব।

কোঠাৰী আয়োগে ওপৰোক্ত শিক্ষাৰ চাৰিটা লক্ষ্যৰ জৰিয়তে শিক্ষা ব্যৱস্থাটোৰ বিকাশৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ অৰিহণা আগবঢ়াইছিল।



Class 12 Education All Question Answer

Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium

HS 2nd Year Education Chapter 1 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment