Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium
প্রথম অধ্যায়
স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু
অসমৰ মাধ্যমিক শিক্ষা
16) কোঠাৰী আয়োগে আগবঢ়োরা শিক্ষা ব্যৱস্থাৰ আৰু মানদণ্ড সম্পর্কে লিখা।
উত্তৰ: কোঠাৰী আয়োগৰ মতে শিক্ষা ব্যৱস্থাৰ মানদণ্ড চাৰিটা দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই দিশকেইটা হৈছে-
- শিক্ষা গাঁঠনিৰ ভিন ভিন পৰ্য্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ।
- ভিন ভিন পর্যায়ে সামৰি লোৱা সময় সীমা।
- শিক্ষক, পাঠ্যক্রম, শিক্ষা পদ্ধতি, পৰীক্ষণ ব্যৱস্থা, স্কুলঘৰ আৰু শিক্ষণ সজুলি আদিৰ প্ৰয়োগ কৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা।
- উপলব্ধ শিক্ষাৰ সা-সুবিধাবোৰৰ প্রয়োগকৰণ।
কোঠাৰী আয়োগে আগবঢ়োৱা শিক্ষাৰ গাঁথনি সম্পৰ্কে তলত আলোচনা কৰা হল –
- প্রাক-প্রাথমিক পর্যায় 1 বছৰৰ পৰা 3 বছৰলৈ।
- প্রাথমিক পর্যায় 7-8 বছৰলৈ। ইয়াক দুটা উপপর্যায় স্বৰূপে ভাগ কৰি নিম্ন-প্রাথমিক 4-5বছৰৰ আৰু উচ্চ প্রাথমিক 3 বছৰৰ কৰিব লাগে।
- নিম্ন-মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 3 বা 2 বছৰৰ আৰু বৃত্তিয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ বাবে হব লাগে।
- উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হব লাগে।
- উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী 3 বছৰ বা অধিক হব লাগে।
17. ‘কর্ম অভিজ্ঞতা’ বুলিলে কি বুজা
উত্তৰ: কর্ম অভিজ্ঞতা হৈছে এনে এক কাৰ্য যি কার্য গৃহ, বিদ্যালয়, ফাৰ্ম, কর্মশালা, ফেক্টৰী, অথবা আন কোনো উৎপাদনমূলক পৰিস্থিতিৰ লগত জড়িত হৈ থাকে। কোঠাৰী আয়োগে কর্ম অভিজ্ঞতাৰ ওপৰত অতিকৈ গুৰুত্ব আৰোপ কৰা দেখা গৈছিল। কর্ম অভিজ্ঞতাৰ প্রবর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখিতাৰ দুর্বলতাসমূহ গুচাব পাৰে। ই হৈছে শিক্ষা আৰু কর্মৰ মাজত সমন্বয় সাধনকাৰী, বিজ্ঞানভিত্তিক কাৰিকৰী কার্যৰ লগত জড়িত এক ব্যবস্থা।
18. ‘অপাৰেচন ব্লেকবোর্ড’ কি? (HS 2012, 2014)
উত্তৰ: অপাৰেচন ব্লেকবোর্ড হ’ল ৰাষ্ট্রীয় শিক্ষানীতি 1986 আগবঢ়োৱা এক আঁচনি যত প্রাথমিক বিদ্যালয় সমূহক প্রয়োজনীয় সকলো সা-সুবিধা প্রদান কৰা হ’ব। প্রাথমিক বিদ্যালয়ৰ প্রয়োজন সমূহ যেনে: সকলো সময়ৰ উপযোগীকৈ দুটা ডাঙৰ কোঠা, ব্লেকবর্ড, মানচিত্র আৰু আন আন সঁজুলিসমূহৰ যোগান ধৰিব লাগে। ইয়াৰ উপৰিও প্রত্যেক খন বিদ্যালয়তে দুজন শিক্ষক নিয়োগ কৰিব লাগিব তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্চনীয়। পাৰিলে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্রত্যেক শ্রেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। ইয়াকে অপারেচন ব্লেকবর্ড বুলি কোৱা হয়।
19) ৰাষ্ট্রীয় শিক্ষানীতি 1986 ৰ মূল দিশসমূহ বা বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। (HS 2017,2012)
উত্তৰ: ৰাষ্ট্ৰ এখনৰ কল্যাণ আৰু বিকাশৰ মূলমন্ত্র হৈছে শিক্ষা। শিক্ষাৰ সু- প্রয়োগ হলেহে ৰাষ্ট্ৰৰ কল্যাণ সম্ভৱ হৈ উঠে। মানৱ সম্পদৰ উন্নতি সাধন কৰাই হল শিক্ষাৰ মূল উদ্দেশ্য। শিক্ষাই মানুহক শক্তি আৰু দৃঢ়তাৰ যোগান ধৰে। শিক্ষাৰ এই সকলোবোৰ প্রয়োজন পূৰণ কৰিবলৈ সকলোবোৰ ওপৰত গুৰুত্ব দি 1986 ৰ মে মাহত এখন ৰাষ্ট্ৰীয় শিক্ষা নীতি গৃহীত কৰা হয়। ইয়াকেই ৰাষ্ট্রীয় শিক্ষানীতি 1986 বুলি জনা যায়। এই শিক্ষানীতিয়ে তলত আলোচনা দিশসমূহৰ প্রতি অধিক গুৰুত্ব আৰোপ কৰিছিল-
ক) ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি – এই শিক্ষা নীতিয়ে মূলত ৰাষ্ট্ৰীয় পদ্ধতি শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অর্থ হ’ল জাতি, বর্ণ, নির্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। এই শিক্ষানীতিত এক সৰ্বভাৰতীয় দৃষ্টিভংগী অন্তর্নিহিত হৈ আছে আৰু ইয়াক দেশত এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্রতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টা চলোৱা হৈছে। এই শিক্ষা পদ্ধতিত কিছুমান দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই দিশবোৰ হল ভাৰতীয় সংস্কৃতিৰ ধাৰা, গণতন্ত্ৰৰ ধাৰা, ধৰ্মনিৰপেক্ষতাবাদ, সমভাৱাপন্নতা, স্ত্রী পুৰুষৰ সমতা, পৰিবেশৰ সংৰক্ষণ, সামাজিক বাধা দূৰীকৰণ, সৰু পৰিয়ালৰ আদর্শ গ্রহণ, বিজ্ঞানসন্মত দৃষ্টিভংগী আহৰণ আদি।
খ) সমতাৰ বাবে শিক্ষা: নতুন শিক্ষানীতিয়ে বিভিন্নতা দূৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। যিসকল লোক শিক্ষাৰ সুবিধাসমূহৰ পৰা বঞ্চিত তেওঁলোকক সমপর্যায়ৰ শিক্ষা দিয়াৰ ক্ষেত্রত বিশেষ প্রয়োজনীয় দিশবোৰ হাতত লোৱাৰ কথা এই শিক্ষানীতিয়ে উল্লেখ কৰিছে। এই নীতিয়ে বিশেষকৈ মহিলাক সমতাৰ বাবে শিক্ষা, অনুসূচিত জাতি-জনজাতিৰ শিক্ষা আৰু শিক্ষাৰ ক্ষেত্রত পিছপৰি থকা সম্প্ৰদায় আৰু অঞ্চলসমূহৰ ওপৰত যাতে সম্প্রদায় গুৰুত্ব প্রদান কৰিছিল যাতে শ্রেণীসমূহ সমাজৰ আন শ্রেণী সমুহৰ লগত সমানে আগবাঢ়ি যাব পাৰে।
গ) আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা: ৰাষ্ট্রীয় শিক্ষানীতিয়ে কণ-কণ শিশুসকলৰ যতন আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। শিশুসকলে যাতে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত বিকশিত হব পাৰে তাৰ বাবে সুষম খাদ্য, স্বাস্থ্য, সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিব লাগে। এই কার্যসূচী সম্পূর্ণৰূপে শিশুকেন্দ্রিক হ’ব।
(ঘ) অগতানুগতিক শিক্ষা – ৰাষ্ট্রীয় শিক্ষানীতিয়ে অগতানুগতিক শিক্ষাৰ কার্যসূচীৰ মাধ্যমেৰে বিদ্যালয় নোহোৱা স্থানসমূহৰ শিশু, কর্মৰত লৰা- ছোৱালী, যি বিলাকে সম্পূর্ণ দিনটো বিদ্যালয়ত কটাব নোৱাৰে, যি সকলে অধাতে বিদ্যালয় এৰিব লগা হয় তেওঁলোকৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে অগতানুগতিক শিক্ষাৰ কেন্দ্র স্থাপন কৰিব লগতে অধুনিক প্রযুক্তিবিদ্যাৰ অহিলাসমূহ প্রয়োগ কৰা হব আৰু স্থানীয় সমাজৰ পৰা উচ্চ বুদ্ধিসম্পন্ন পুৰুষ-মহিলাক নিয়োগ কৰি তেওঁলোকৰ বাবে উপযুক্ত প্রশিক্ষণৰ ব্যবস্থা কৰা হব।
(চ) মুল্যবোধ শিক্ষা : – সমাজত ক্রমশঃ মানবীয় মূল্যবোধৰ স্খলন হোৱা দেখা যায় জনমানসত অস্থাহীনতাৰ মনোভাৱ গঢ়ি উঠা দেখা গৈছে। সেয়ে ছাত্র- ছাত্রীসকলক মূল্যবোধৰ শিক্ষা দিয়াটো অতিকৈ প্রয়োজনীয়। উপযুক্তভাৱে এখন পাঠ্যক্রম প্রস্তুত কৰি শিক্ষার্থীসকলৰ মাজত সামাজিক মূল্যবোধসমূহৰ বিকাশ সাধন কৰিব লাগে। এনেধৰণৰ মূল্যবোধৰ শিক্ষাই সমাজৰ পৰা হিংসা, কুসংস্কাৰ, অন্ধবিশ্বাস আদি নির্মূল কৰাত সহায় কৰাৰ লগতে শিক্ষার্থীসকলৰ ব্যক্তিত্ব, সততা, সৎ সাহস, আত্মবিশ্বাস, সহনশীলতা, দয়া আদিবোৰৰ বিকাশ সাধন কৰিব পাবে। এইবোৰৰ বিকাশ সাধন হলেহে শিক্ষার্থীসকল এখন সুস্থ সমাজৰ প্ৰকৃত নাগৰিকৰূপে গঢ় লৈ উঠিব।
এইখিনিয়েই আছিল নতুন ৰাষ্ট্রীয় শিক্ষানীতি 1986 য়ে শিক্ষাৰ ক্ষেত্রত আগবঢ়োরা প্রধান দিশসমূহ।
20. অসম মাধ্যমিক শিক্ষা আইন 1961 ৰ মূল দফা বা প্রস্তাৱনাসমূহ লিখা।
উত্তৰ: অসম মাধ্যমিক শিক্ষা আইন 1961 ৰ মূল দফা বা প্রস্তাৱনাসমূহ হল –
- এই আইন সমগ্র অসমতে বলবৎ হ’ব।
- অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্রণ কৰিব নোৱাৰিব।
- চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে ‘মাধ্যমিক শিক্ষা বোর্ড’ নামেৰে এখন বোর্ড স্থাপন কৰিব।
- এই বোৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ কমিটিৰ সদস্য হব।
21. অসম মাধ্যমিক শিক্ষা ক্ষমতা আৰু কাৰ্য্যসমূহ লিখা।
উত্তৰ: অসম মাধ্যমিক শিক্ষা ক্ষমতা আৰু কাৰ্য্যসমূহ হল –
- বোর্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্রম প্রস্তুত কৰিব।
- সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব।
- পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।
- কৃতকার্য হোৱা পৰীক্ষাৰ্থীক প্রমাণ পত্র প্রদান কৰিব।
- নামভৰ্তি তথা পৰীক্ষা বিষয়ক নীতি-নিয়ম স্থিৰ কৰিব আৰু মাচুল আদিৰ পৰিমাণ নিৰ্ধাৰণ কৰি স্কুলৰ পৰা লব।
- জলপানী আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ বোর্ডে কৰিব।
- পাঠ্যপুথি আৰু আনুসঙ্গিক পুথি নির্বাচন আৰু প্ৰস্তুত কৰা তথা প্ৰকাশৰ দায়িত্ব লব।
22. অসমত মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ কি কি আলোচনা কৰা।
উত্তৰ: অসমত মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ হল-
- আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অর্থাৎ কিছুমান এলেকাত প্রয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্রয়োজনীয় বিদ্যালয়ৰ অভাৱ।
- অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পকীহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভুগোল আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়ক অৱহেলা কৰা হৈছে।
- মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্রহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে।
- অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱ দেখা যায়। পর্যাপ্ত পৰিমাণৰ প্রশিক্ষণ প্রাপ্ত শিক্ষকসকল বিদ্যালয় পৰিৱেশত সা-সুবিধাৰ অভাৱত গতানুগতিকভাৱে শিক্ষাদান কৰিব লগা হোৱা বাবে শিক্ষাৰ গুণগত মানৰ কেনো উন্নতি হোৱা নাই।
- উপযুক্ত অর্হতাসম্পন্ন শিক্ষকৰ কৰ্ম নিযুক্তি নোহোৱাটো আমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ সমস্যা।
23. নবোদয় বিদ্যালয়ৰ 2 টা উদ্দেশ্য লিখা। (HS 2013)
উত্তৰ: নবোদয় বিদ্যালয়ৰ 2 টা উদ্দেশ্য হল
- এই বিদ্যালয় সমূহৰ মাধ্যমেৰে, নিম্ন স্তৰক মেধাৱী লৰা-ছোৱালীবোৰক উন্নত স্তৰত শিক্ষা প্রদান কৰা।
- এই বিদ্যালয় সমূহৰ দ্বাৰা সমাজৰ দুখীয়া শ্রেণীৰ মেধাৱী ছাত্র-ছাত্রী সকলক আবাসিক আৰু বিনামূলীয়া শিক্ষা প্ৰদান কৰা।
23. শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা যায়? (HS 2014, 2015)
উত্তৰ : শিক্ষাৰ বৃত্তিমুখীকৰণৰ অৰ্থ হ’ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা। শিক্ষা ব্যৱস্থাক উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্রবণতাক অধিক শক্তিশালী কৰা উচিত। ইয়াৰ বাবে শিক্ষাৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ পৰ্যায়ত কাৰিকৰী আৰু বিজ্ঞান ভিত্তিক শিক্ষাৰ ওপৰত জোৰ দিব লাগিব। কোঠাৰী আয়োগে সেয়ে বৃত্তিমুখী শিক্ষাৰ ওপৰত অধিক গুরুত্ব প্রদান কৰিছিল।
24. ছাত্র সকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। (HS 2016)
উত্তৰ: ছাত্র সকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামর্শ দুটা হ’ল:
ক) অনুশাসনৰ প্রশিক্ষণ।
খ) নেতৃত্বৰ প্রশিক্ষণ।
25. ” জাতীয় শিক্ষা ব্যৱস্থা” বুলিলে কি বুজা? (HS 2016)
উত্তৰ: কোঠাৰী আয়োগৰ মতে জাতীয় বিকাশৰ দিশত সফলতা অৰ্জন কৰিবৰ বাবে দেশৰ সমস্যা সমাধানৰ ক্ষমতা অকল শিক্ষাতহে নিহিত হৈ থাকে। শিক্ষাক দেশৰ সামাজিক পৰিবৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা স্বৰূপে গণ্য কৰিব পাৰি। শিক্ষাই দেশৰ বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে। সেইবাবে জাতীয় শিক্ষা ব্যৱস্থা ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সুসংগঠিত কৰি তোলাৰ ওপৰত আয়োগে গুৰুত্ব প্ৰদান কৰে।
26. কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁঠনিটো লিখা। (HS 2016)
উত্তৰ: কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁঠনিটো হ’ল-
ক) 5 বছৰীয়া মাধ্যমিক শিক্ষা।
খ) 3 বছৰীয়া নিম্ন মাধ্যমিক শিক্ষা।
গ) 2 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা।
Class 12 Education All Question Answer–
Class 12 Education Chapter 1| স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 1 in Assamese Medium
HS 2nd Year Education Chapter 1 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam