Assam Board Exam

Class 12 Education Chapter 2 | অগতানুগতিক শিক্ষা (Page 1)

Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium

দ্বিতীয় অধ্যায়

অগতানুগতিক শিক্ষা

1. কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? (HS 2012)

উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়। IGNOU 1985 চনত স্থাপন কৰা হৈছিল।

2.  ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? (HS 2014, 2017)

উত্তৰ: আন্নামালাই বা অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয়। 1982 চনত অন্ধ্রপ্রদেশত এই মুক্ত বিশ্ববিদ্যালয়খন স্থাপন হৈছিল।

3.  KKHSOU সম্পূর্ণ ৰূপটো কি? (HS 2015)

উত্তৰ: Krishna Kanta Handique State Open University. 2007 চনত গুৱাহাটীত KKHSOU প্রতিষ্ঠা কৰা হৈছিল।

4.  “দূৰ শিক্ষা” শব্দটো প্রথমে কোনে  ব্যৱহাৰ কৰিছিল।

উত্তৰ: কিগানে।

5.  পৃথিৱীৰ ভিতৰতে বৃহৎ মুক্ত বিশ্ববিদ্যালয় নাম কি?

উত্তৰ: চীনৰ “টেলিভিচন মুক্ত বিশ্ববিদ্যালয়” হৈছে পৃথিৱীৰ বৃহৎ মুক্ত বিশ্ববিদ্যালয় I

IGNOU দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালয়।

6.  কোন চনত দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষাৰ আৰম্ভণি কৰিছিল? (HS 2013)

উত্তৰঃ 1962 চনত।

7. অসমৰ প্রথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি লিখা। (HS 2016)

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।

8.  IGNOU ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ: Indira Gandhi National Open University।

9.  SLM ৰ অর্থ কি?

উত্তৰ: Self learning Meterial।

10.  কোনে দূৰশিক্ষাক টেলিগ্রাফিক শিক্ষা বুলি কৈছিল?

উত্তৰ: ম’ৰে (Moore)

11.  মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক’ত হৈছিল?

উত্তৰঃ ইংলেণ্ডত।

12.  অগতানুগতিক শিক্ষা বুলিলে কি বুজা? (HS 2013, 2014, 2016)

উত্তৰ: জে.পি নায়কৰ মতে, “অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিত ভাৱে প্রচলন কৰা এক শিক্ষা ব্যবস্থা।”

            শিক্ষা হৈছে এক জীৱন ব্যাপি চলা প্ৰক্ৰিয়া  শিক্ষাৰ কোনো শেষ নাই। শিক্ষাক এক জীবনব্যাপি প্রক্রিয়া হিচাপে বর্তাই ৰাখিবলৈ বর্তমান পৃথিৱীৰ সকলো দেশতে আনুষ্ঠানিক শিক্ষাৰ বিকল্প শিক্ষাৰ ব্যৱস্থা কৰা হৈছে যাক অগতানুগতিক শিক্ষা বোলে। বর্তমান সমাজত বিভিন্ন ধৰণৰ সমস্যাই গা-কৰি উঠা দেখা যায়। এই সমস্যা সমূহ যেনে জন সংখ্যাৰ বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ আৰু আশা- আকাংখাৰ বিস্ফোৰণ, ফলত ইয়াৰ প্রত্যক্ষ প্রভাৱ শিক্ষাত পৰিলক্ষিত হোৱা দেখা যায়। জনসংখ্যাৰ অত্যাধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা সুবিধাসমূহ বৃদ্ধি কৰাৰ সত্ত্বেও এক বৃহৎ সংখ্যক লোক আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। সেই দৰেই বিজ্ঞান আৰু প্রযুক্তিৰ বৃদ্ধিৰ লগে লগে জ্ঞানৰ নতুন নতুন ক্ষেত্ৰৰো সৃষ্টি হৈছে আৰু জ্ঞান লাভৰ স্পৃহাও বৃদ্ধি পাইছে। সেয়ে বর্তমান পৰিবর্তিত সমাজ ব্যবস্থাত খাপ খাই চলিবৰ বাবে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অগতানুগতিক শিক্ষা হৈছে এনে এক শিক্ষা ব্যবস্থা যি আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি- নিয়মৰ পৰা মুক্ত। এই শিক্ষা- আনুষ্ঠানিক শিক্ষাৰ বাহিৰৰ এক সু-সংগঠিত পৰিকল্পিত শিক্ষা ব্যবস্থা আৰু ই স্বতঃস্ফূর্ত, নমনীয় আৰু মিতব্যয়ী। এই শিক্ষাৰ সকলোকে সমানে শিক্ষাৰ সুবিধা প্রদান কৰে। অগতানুগতিক শিক্ষাত ভর্তি হ’বৰ বাবে কোনো নিৰ্ধাৰিত বয়স নাথাকে সমাজত শিক্ষাৰ পৰা বঞ্চিত কর্মৰত লোক,সকলো শ্রেণীৰ মানুহে এই শিক্ষা  লাভ কৰিব পাৰে।

13. আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ: বর্তমান পৰিবর্তিত সমাজৰ প্রয়োজনসমূহ পূৰণ কৰিবৰ বাবে আনুষ্ঠানিক শিক্ষাই যথার্থ নহয়। সেয়ে বর্তমান পৃথিৱীৰ সকলো দেশতে আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। যাক অগতানুগতিক শিক্ষা বুলি কোৱা হয়।

তলত এই দুই প্রকাৰৰ শিক্ষাৰ মাজৰ পাৰ্থক্য দিয়া হল –

  1. আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা আছে। আনহাতেদি অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া।
  2. আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত। আনহাতেদি অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল।
  3. আনুষ্ঠানিক শিক্ষা সাধাৰণধর্মী। অগতানুগতিক শিক্ষা মূলতঃ চাহিদা ভিত্তিক।
  4. আনুষ্ঠানিক শিক্ষাৰ নীতি-নিয়মবোৰ অনমনীয়, আনহাতেদি অগতানুগতিক শিক্ষাত নীতি নিয়মবোৰ তুলনামূলকভাৱে নমনীয়।
  5. আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ চাৰি বেৰৰ মাজত সীমাবদ্ধ,  অগতানুগতিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়।

14.  অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ উল্লেখ কৰা।

উত্তৰ: অগতানুগতিক শিক্ষা হৈছে এনে এক শিক্ষা যি আনুষ্ঠানিক শিক্ষাৰ বাহিৰত প্রদান কৰা হয় আৰু এই  শিক্ষা আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মৰ পৰা মূক্ত। অগতানুগতিক শিক্ষা আধুনিক, গণতান্ত্রিক নীতিৰ ওপৰত  প্রতিষ্ঠিত। এই শিক্ষাই সকলোকে সমানে শিক্ষাৰ সুবিধা প্রদান কৰে। এই শিক্ষাৰ মুখ্য লক্ষ্যসমূহ তলত আলোচনা কৰা হ’ল-

  1. স্কুললৈ নোযোৱাকৈ থকা ল’ৰা-ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সার্বজনীন ৰূপ আগবঢ়োৱা।
  2. সমগ্র দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক সমস্যা সমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্রহী কৰা।
  3. স্থানীয় আৰু প্রয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকল নিজ নিজ বৃত্তি সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা।
  4. জাতীয় আদর্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ় দিবৰ বাবে বাঞ্চিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা।
  5. দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মৰ্ভিৰশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্বকৰণত সহায় কৰা।
  6. জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা।

15.  অগতানুগতিক শিক্ষাৰ বৈশিষ্টবোৰ উল্লেখ কৰা।

উত্তৰ: অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ পূৰক হিচাপে গঢ় লৈ উঠিছে কিয়নো বর্তমান সামাজিক জীৱনৰ জটিলতা বাঢ়ি যোৱাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ সকলো প্রকাৰৰ আশা- আকাংক্ষাসমূহ পৰিতৃপ্ত কৰাত ব্যর্থ হৈ পৰিছে। সেয়ে অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। এই শিক্ষাৰ মূল বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হল-

অগতানুগতিক শিক্ষা বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আৱদ্ধ নহয়। শিক্ষার্থীয়ে নিজস্ব সুবিধা অনুযায়ী বিদ্যালয়ৰ বাহিৰতো এই শিক্ষা গ্রহণ কৰিব পাৰে।

‘শিক্ষা এক জীৱনব্যাপী প্রক্রিয়া’- এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই গঢ় লৈ উঠিছে। গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষার্থীৰ জীৱন ব্যাপ্ত।

‘সকলোকৰ বাবে শিক্ষা’ এই গণতান্ত্রিক আদৰ্শ ৰক্ষাৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত লোকসকল এই শিক্ষাৰ দ্বাৰা লাভবান হ’ব পাৰে।

এই শিক্ষা ব্যৱস্থা সময়, স্থান, ব্যক্তি, উপস্থিতি, পাঠ্যক্রম, মূল্যায়ন ইত্যাদি সকলো দিশৰ পৰাই এক নমনীয় শিক্ষা ব্যৱস্থা।

অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা।

শিক্ষাত তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী  বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্রাধান্য দিয়া হয়।

এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা।

অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষাকেন্দ্ৰিক নহয়। অর্থাৎ ইয়াত পৰীক্ষা আৱশ্যিক নহয়।

এই শিক্ষা স্বতঃস্ফূর্ত। শিক্ষার্থীসকলে নিজস্ব প্রয়োজন সাপেক্ষে এই শিক্ষা গ্রহণৰ বাবে আগ্রহী হয়।



Class 12 Education All Question Answer

Class 12 Education Chapter 2| অগতানুগতিক শিক্ষা – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 2 in Assamese Medium

HS 2nd Year Education Chapter 2 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment