Assam Board Exam

Class 12 Education Chapter 3 Part C | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part C)

Class 12 Education Chapter 3 Part C | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part C)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 3 (C) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part C)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 3(C) in Assamese Medium

তৃতীয় অধ্যায়

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (PART C)

1. শাৰীৰিক শিক্ষা কাক বোলে ? ইয়াৰ সংজ্ঞা দিয়া।

উত্তৰ: শাৰীৰিক শিক্ষাৰ মূল ভিত্তি হ’ল-সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হব পাৰে। ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অর্থাৎ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিক কাৰ্য সম্পাদনাৰ মাজেৰে শিশুসকলক এক শিক্ষা প্রদান কৰা হয় আৰু শিক্ষাৰ এই ব্যৱস্থাকে শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয়। মানসিক কাৰ্যসমূহ সুস্থভাৱে সম্পন্ন কৰিবৰ বাবে দৈহিক সুস্থতাৰ প্রয়োজন হয়। গতিকে বিদ্যালয়ৰ গতানুগতিক শিক্ষাৰ লগে লগে শৰীৰ শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিলেহে শিক্ষা প্রক্রিয়াক সঠিক পথত পৰিচালিত কৰিব পৰা যায়। শাৰীৰিক শিক্ষাই দৈহিক উপযুক্ততাৰ লগতে মানসিক সজাগতা, দলীয় উদ্যম, নেতৃত্বদান আদি গুণসমূহৰ বিকাশতো সহায় কৰে।

            ব্ৰাউনেলৰ মতে “শাৰীৰিক শিক্ষা হ’ল শকত মাংসপেশীৰ ক্ৰিয়া কলাপৰ যোগেদি গোট খোৱা অভিজ্ঞতাৰ খুপ, যিয়ে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশ সাধন কৰে।“

            ৰচোৰ মতে “শাৰীৰিক শিক্ষা, শৰীৰৰ এক সুস্থ সংগঠন যিয়ে মানুহৰ মনক সৰলতা আৰু নিশ্চয়তা প্রদান কৰে।”

২. শাৰীৰিক শিক্ষাৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰ: শাৰীৰিক শিক্ষাৰ হৈছে এনে এক প্ৰকাৰৰ শিক্ষা, যিয়ে ব্যক্তিত্ব সামগ্রিক বিকাশত সহায় কৰে। শাৰীৰিক শিক্ষাই ব্যক্তিত্ব দৈহিক বিকাশ সাধনৰ লগতে মানসিক সক্রিয়তা বৃদ্ধিতো অৰিহণা যোগায়।

শাৰীৰিক শিক্ষাৰ মূল উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(i) এই শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে ব্যক্তিৰ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰা।

(ii) শাৰীৰিক শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য হৈছে ব্যক্তিৰ সুস্বাস্থ্য বজাই ৰখাত সহাস কৰা।

(iii) ছাত্র- ছাত্রীসকলৰ মাজত খেলা ধূলা, ব্যায়াম, যোগাসন আদি সু অভ্যাস সমূহ গঠন কৰা।

(iv) শিক্ষার্থীসকলক দৈহিকভাৱে অধিক কার্যক্ষম উদ্যমী কৰি তোলা।

(v) শাৰীৰিক শিক্ষাৰ আন এটা প্ৰধান উদ্দেশ্য হল ছাত্ৰ ছাত্ৰীসকলৰ আত্ম সংযম,  সাহস, সহিঞ্চুতা আদি চাৰিত্রিক দিশসমূহৰ বিকাশত সহায় কৰা।

(vi) ছাত্ৰ ছাত্ৰী সকলৰ মাজত নেতৃত্ব গ্রহণ কৰা অথবা নেতৃত্ব প্রদান ক্ষমতাৰ বিকাশ সাধন কৰা।

3.  শাৰীৰিক শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰ: শাৰীৰিক শিক্ষাক দেশৰ শিক্ষা ব্যৱস্থাৰ এক গুৰুত্বপূর্ণ অংশ হিচাপে বিবেচনা কৰা হয়। দৈহিক সুস্থতা দেশ এখনৰ উন্নতিৰ প্রয়োজনীয় চর্ত। এই শিক্ষাই এজন ব্যক্তিৰ শাৰীৰিক দক্ষতা বৃদ্ধি কৰাৰ উপৰিও মানসিক সজাগতা আৰু তৎপৰতা বৃদ্ধিত সহাস কৰে। শাৰীৰিক শিক্ষাক মানুহ গঢ়াৰ শিক্ষা বুলি কোৱা হয়।

শাৰীৰিক শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তাসমূহ তলত আলোচনা কৰা হ’ল-

(i) শাৰীৰিক শিক্ষাই শিক্ষার্থীৰ দৈহিক সামর্থ্যৰ বিকাশ সাধন কৰাৰ লগতে অংগ প্রতুংগ সুস্থ সঞ্চালনৰ ক্ষেত্ৰতো সহায় কৰে।

(ii) দলগত মনোভাৱ গঢ়ি তুলিবৰ বাবেও শাৰীৰিক শিক্ষাৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। দলগতভাৱে বিভিন্ন কার্স সূচীত ছাত্র-ছাত্রীসকলক অংশগ্রহণ কৰালে তেওঁলোকৰ মাজত দলগত মনোভার গঢ়ি উঠে।

(iii) শিক্ষার্থীসকলৰ মাজত নেতৃত্ববোধ জাগ্রত কৰাৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষাৰ ভূমিকা গুৰুত্বপূর্ণ। এই শিক্ষাই শিক্ষার্থীৰ মানসিক সক্রিয়তা বৃদ্ধিত সহায় কৰাৰ লগতে তেওঁলোকৰ মাজত শৃংখলাৰ মনোভাৱৰো সৃষ্টি কৰে।

(iv) শাৰীৰিক শিক্ষাই ছাত্র-ছাত্রীসকলক আবেগিক ভাৱে পৰিপক্ক কৰি তোলাৰ ক্ষেত্ৰতো সহায় কৰে।

(v) অৱসৰ সময় কটাবৰ বাবেও শাৰিৰিক শিক্ষাৰ যথেষ্ট প্রয়োজন আছে।

(vi) সর্বশেষত জীৱনৰ বিফলতাকো শিক্ষার্থীয়ে যাতে সহজভাৱে লব পাৰে সেই বিষয়তো শাৰীৰিক শিক্ষাই বিশেষ প্রশিক্ষণ দিয়ে।

            ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰো যে শাৰীৰিক শিক্ষাই ছাত্র-ছাত্রীৰ সম্পূর্ণ ব্যক্তিত্বৰ বিকাশ সাধনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু মানুহৰ জীৱনৰ প্রতিটো ক্ষেত্ৰতে শাৰীৰিক শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা অপৰিসীম।

4.  বিদ্যালয়ত শাৰীৰিক শিক্ষা প্রদানৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিব লাগে লিখা।

উত্তৰ: ছাত্র-ছাত্রীৰ শৰীৰ, মন আৰু আত্মাৰ বিকাশৰ শিক্ষানুষ্ঠানত খেলা ধুলা আৰু ব্যায়মৰ মাধ্যমেৰে শাৰীৰিক শিক্ষা অন্তর্ভুক্ত কৰাটো অত্যন্ত জৰুৰী। ব্যায়ামৰ  ফলত দেহৰ বিকাশ হয়, দৈহিক অংগ প্রত্যংগৰ সক্রিয়তা আৰু তৎপৰতা বৃদ্ধি পায় লগতে স্বাস্থ্যৰো উন্নতি হয়। খেলা- ধুলাই শিক্ষার্থীৰ দৈহিক আৰু মানসিক বিকাশত সহায় কৰাৰ লগতে এক আনন্দ দায়ক পৰিৱেশ গঢ়ি তোলে।

            বিদ্যালয়ত শাৰীৰিক শিক্ষাক সাধাৰণ শিক্ষাৰ এটা অংগ হিচাপে কার্যকৰী কৰি তুলিবৰ বাবে তলত দিয়া নীতিসমূহ অনুসৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগে।

(i) শাৰীৰিক শিক্ষাৰ পাঠ্যসূচী নিৰ্দ্ধাৰণৰ সময় আৰু উদ্দেশ্য সুনিৰ্দ্ধাৰিত হব লাগে।

(ii) পাঠ্যসূচী নিৰ্দ্ধাৰণৰ সময়ত শিক্ষার্থী সকলৰ আগ্রহ আৰু ক্ষমতাৰ কথা চিন্তা কৰিব লাগে।

(iii) শাৰীৰিক শিক্ষাৰ পাঠ্যসূচী নিৰ্দ্ধাৰণ কৰোতে ল’ৰা-ছোৱালীৰ দৈহিক পার্থক্যৰ কথা চিন্তা কৰিব লাগে ।

(ⅳ) শাৰীৰিক শিক্ষাৰ পাঠ পৰিচালনাৰ বাবে  উপযুক্ত প্রশিক্ষণ প্রাপ্ত শিক্ষকক নিযুক্ত কৰিব লাগে।



Class 12 Education All Question Answer

Class 12 Education Chapter 3(C) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part C)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 3(C) in Assamese Medium

HS 2nd Year Education Chapter 3(C) in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment