Assam Board Exam

Class 12 Education Chapter 3 Part D | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part D)

Class 12 Education Chapter 3 Part D | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part D)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 3 (D) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part D)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 3(D) in Assamese Medium

তৃতীয় অধ্যায়

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (PART D)

1. মূল্যবোধ কি?

উত্তৰ: মূল্যবোধ শব্দটোৱে কোনো ব্যক্তি বা সমাজে গ্ৰহণ কৰা আদর্শক বুজায়। বিভিন্ন ক্ষেত্রত আমাৰ আচৰণক প্রভাৱিত কৰা সত্যতা, সাধুতা, ন্যায়, ত্যাগ, দেশপ্রেম, সহযোগিতা সমতা ইত্যাদি প্রত্যেকেই একো একোটা মূল্যবোধ । সমাজৰ সুস্থিৰতা এই মূল্যবোধ সমূহৰ ওপৰত যথেষ্ট নির্ভৰ কৰে। এই মূল্যবোধ সমূহে সামাজিক নিয়ন্ত্রণতো সহায় কৰে। আমাৰ ধর্ম, বিশ্বাস, নৈতিক মনোভাব, জীবন দর্শন, ৰাজনৈতিক আদি সকলো বোৰেই এখন সমাজৰ প্রচলিত মূল্যবোধৰ অংশ।

Allport ৰ মতে মূল্যবোধ হৈছে, “এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য্যসম্পাদন কৰে।”

2. মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা?

উত্তৰ: মূল্যবোধৰ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্য্যসূচী অন্তর্ভুক্তি কৰণৰ কথা সুচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহনা যোগায়। ই এজন ব্যক্তিৰ সবাত্মক বিকাশত অর্থাৎ শাৰীৰিক, মানসিক, নৈতিক সৌন্দর্যবোধক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে।

3. মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্য সমূহ লিখা।

উত্তৰ: মূল্যবোধৰ শিক্ষাৰ বৈশিষ্ট্য সমূহ হৈছে –

  1. মূল্যবোধৰ শিক্ষাত পৰিধি যথেষ্ট বহল।
  2. মূল্যবোধৰ শিক্ষাই ব্যক্তিয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা অভ্যাস আদিকে সুচায়।
  3. মূল্যবোধৰ শিক্ষাই প্রত্যেক ব্যক্তিৰ “ভাল” হোৱাটো বিচাৰে। সমাজৰ লক্ষ্যত উপনীত হবলৈ হলে ই সহায়কাৰী।
  4. পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।

4. মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰ: মূল্যবোধ অৱক্ষয় বর্তমান সমাজৰ এক জ্বলন্ত সমস্যা। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্রত আমি যথেষ্ট আগবাঢ়ি গলেও সমাজৰ এক বুজন অংশ লোকৰ দৈনন্দিন জীৱনৰ আচৰণ আৰু কাৰ্যৱলীত প্রয়োজনীয় মূল্যবোধৰ অভাৱ হোৱা দেখা যায়। এই মূল্যবোধৰ অৱক্ষয় ৰোধ কৰি এখন সুস্থ, সবল সমাজ গঢ় দিবৰ বাবে মূল্যবোধ শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা আহি পৰিছে। এই মূল্যবোধৰ শিক্ষাই প্রচলিত মূল্যবোধ সমূহৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে ব্যক্তিত্ব আভ্যন্তৰীণ গুণসমূহ বিকশায় তোলাটো সহায় কৰে।

মূল্যবোধ শিক্ষাৰ প্রয়োজন আৰু গুৰুত্ব সম্পর্কে তলত আলোচনা কৰা হ’ল-

  1. ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
  2. ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰগঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে।
  3. শিশুক পৰিবেশৰ লগত খাপ খোৱাত সহায় কৰে।
  4. সামাজিক দক্ষতা বৃদ্ধিত ই সহায়কাৰী।
  5. জাতীয় সংহতি বিকাশত এই শিক্ষাই সহায় কৰে।
  6. ই সাংস্কৃতিক মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত সহায় কাৰী।
  7. অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী।

5. মূল্যবোধ শিক্ষা বিদ্যালয়ত কেনেদৰে প্রদান কৰিব পাৰি?

উত্তৰ: মূল্যবোধ অৱক্ষয় বর্তমান সমাজত এক প্রতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে। বর্তমানৰ সমাজখন আন আন সকলো দিশতে আগবাঢ়ি গলেও সমাজৰ এক বৃহৎ সংখ্যক লোকৰ মাজত মূল্যবোধৰ অভাৱ দেখা পোৱা যায়। সেয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্রত বিদ্যালয়ৰ এক বিশেষ ভূমিকা থাকে । ছাত্র-ছাত্রীসকলক মূল্যবোধ শিক্ষা প্রদান কৰাৰ ক্ষেত্ৰত তলত দিয়া কাৰ্যসূচী সমূহ গ্রহণ কৰিব লাগে

(i) বিদ্যালয় আৰম্ভ হোৱাৰ আগতে প্রতিদিনে সমবেত প্ৰাৰ্থনা সভাৰ ব্যৱস্থা কৰিব লাগে আৰু সম্ভৱ হলে মূল্যবোধৰ লগত জড়িত বিভিন্ন দিশৰ ওপৰত বক্তৃতাৰ ব্যৱস্থা কৰিব লাগে।

(ii) দেশ বা জাতিৰ প্রতি ছাত্র- ছাত্রীৰ মনত এক আস্থাৰ মনোভাৱ গঠন কৰিবৰ বাবে বিদ্যালয়ত জাতীয় উৎসৱ বা-জাতীয় দিৱস আদি পালন লাগে।

(iii) সুস্থ দেহ সুস্থ মনৰ আধাৰ । সেইবাবে বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ বাবে দেহে চর্চা আৰু খেলা-ধুলাৰ ব্যৱস্থা কৰিব লাগে।

(iv) বিভিন্ন সামাজিক মূল্যবোধসমূহ গঢ় দি তুলিবৰ বাবে বিদ্যালয়ত ছাত্র ছাত্রীসকলক দলগত কাম-কাজত উৎসাহিত কৰিব লাগে।

(v) পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে।



Class 12 Education All Question Answer

Class 12 Education Chapter 3(D) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part D)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 3(D) in Assamese Medium

HS 2nd Year Education Chapter 3(D) in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment