Assam Board Exam

Class 12 Education Chapter 3 Part E | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part E)

Class 12 Education Chapter 3 Part E | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part E)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 3 (E) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part E)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 3(E) in Assamese Medium

তৃতীয় অধ্যায়

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (PART E)

1. মহিলা সবলীকৰণ বুলিলে কি বুজা? (HS 2012, 2018)

উত্তৰ: সবলীকৰণ হৈছে এনে এক প্রক্রিয়া,  যি প্ৰক্ৰিয়াৰ এজন ব্যক্তিৰ বিভিন্ন ক্ষেত্রত নিজস্ব ভাৱে সিদ্ধান্ত গ্রহণৰ যোগ্যতা অর্জনৰ বাবে প্ৰয়োজনীয়  আত্মবিশ্বাস আৰু  আত্মনির্ভৰশীলতাৰ সৃষ্টি কৰে।  মহিলা সবলীকৰণ বুলিলে আমি কব পাৰো যে সমাজত মহিলাসকলৰ নিজস্ব যোগ্যতা প্রতিষ্ঠাৰ বাবে  মহিলাসকলৰ সামর্থ্য বৃদ্ধিৰ বাবে লোৱা বিভিন্ন ব্যৱস্থা। ই হৈছে এনে এক প্রক্রিয়া যি প্রক্রিয়াই মহিলাসকলক অধিক স্বাধীনতা পোৱাত নিজৰ জীৱনৰ কাৰ্যৱলী নিয়ন্ত্রণৰ বাবে অধিক সুযোগ পোৱাত আৰু সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত গ্রহণত সহায় কৰে।

            UNESCO Gender Empowerment Index ৰ মতে ” এজন ব্যক্তিয়ে তেতিয়া ক্ষমতাশালী হয় যেতিয়া তেওঁ সামাজিক আৰু ৰাজনৈতিকভাবে নিজৰ লগতে আনকো সিদ্ধান্ত নিজে ল’ব পৰাকৈ সক্ষম হয়।”

2. মহিলা সবলীকৰণৰ বাবে লব পৰা শিক্ষা ব্যৱস্থা সম্পৰ্কে লিখা।

উত্তৰ: মহিলা সবলীকৰণ হৈছে এনে এক শিক্ষা ব্যৱস্থা যিয়ে মহিলা সকলক সকলো দিশৰ পৰাই সবল আৰু সামৰ্থবান কৰি তোলে। মহিলা সবলীকৰণ বাবে শিক্ষাই এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সেয়ে মহিলা সবলীকৰণ বাবে বিদ্যালয় সমূহে কিছুমান বিশেষ  ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল-

  1. প্রত্যেকগৰাকী ছোৱালীয়েই যাতে বিনামুলীয়া আৰু বাধ্যতামুলক প্রাথমিক শিক্ষা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব।
  2. মহিলাসকলৰ মাজত নিৰক্ষৰতাৰ হাৰ আতৰোৱাৰ বাবে চেষ্টা কৰিব লাগিব।
  3. ছাত্ৰীসকলৰ আগ্রহ, অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
  4. লিংগবিষয় অধ্যয়ন এটা বাধ্যতামূলক বিষয় হিচাপে প্রাক্‌স্নাতক পৰ্য্যায়ৰ পৰা অন্তৰ্ভুক্ত কৰিব লাগিব।
  5. মহিলাসকলক তেওঁলোকৰ জ্ঞাত পছন্দৰ ক্ষেত্রসমূহ যেনে শিক্ষা, স্বাস্থ্য নিয়োগ সম্পর্কে জানিবলৈ যোগ্যবান কৰি তুলিব লাগিব।
  6. মহিলাসকলৰ বাবে প্ৰস্তুত কৰা অধিকাৰ আৰু আইন সম্পর্কীয় সাধাৰণ জ্ঞান ছাত্র- ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব।
  7. পাঠ্যক্ৰমত মূল্যবোধৰ শিক্ষা অন্তর্ভুক্ত কৰিব লাগিব। এই বিষয়ৰ অন্তভুক্তি কৰণে আত্মবিশ্বাস গঢ়ি উঠাত সহায় কৰে।

3. মহিলা সবলীকৰণৰ মূল লক্ষ্য বা উদ্দেশ্য সমূহ আলোচনা কৰা।

উত্তৰ: মহিলা সবলীকৰণ হৈছে এনে এক প্রক্রিয়া যিয়ে মহিলাসকলক সকলো দিশৰ পৰাই স্বাৱলম্বী কৰাৰ লগতে তেওঁলোকক নিজস্বভাৱে সিদ্ধান্ত গ্রহণ কৰিবলৈ সক্ষম কৰি তোলে। মহিলা সবলীকৰণৰ মূল লক্ষসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল-

(i) মহিলা সবলীকৰণৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাসকলক প্ৰতিভা বিকাশৰ সুযোগ প্রদান কৰা

(ⅱ) মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ অনুযায়ী সুযোগ-সুবিধা গ্ৰহণৰ বাবে সক্ষম কৰি তোলাটো মহিলা সবলীকৰণৰ আন এটা প্রধান উদ্দেশ্য।

(iii) ইয়াৰ আন এটা প্রধান লক্ষ্য হৈছে মহিলা সকলক দেশৰ উন্নয়নমূলক কাৰ্যৱলীত অংশগহনৰ যোগেদি অৰিহণা যোগাবলৈ সক্ষম কৰি তোলা।

(iv) মহিলা সবলীকৰণৰ আন এটা প্রধান লক্ষ্য হৈছে সামগ্রিক ভাৱে উন্নত সামাজিক পৰিৱেশ সৃষ্টি কৰা আৰু পৰিয়ালৰ বিভিন্ন বিষয়ত সিদ্ধান্ত গ্রহণ, নীতি নিৰ্দ্ধাৰণ ইত্যাদিক ক্ষেত্রত অংশগ্রহণ কৰিবলৈ নাৰীক সক্ষম কৰি তোলা।

(v) নাৰীৰ প্রতি সমাজৰ সকলো লোকৰ দৃষ্টি ভংগী সলনি কৰাটো হৈছে আন এটা প্রধান লক্ষ্য।

4. মহিলা সবলীকৰণৰ গুৰুত্ব আৰু প্ৰয়োজনীতা সম্পর্কে আলোচনা কৰা।

উত্তৰ: এখন পূর্ণাংগ সমাজ গঢ়ি তোলাত পুৰুষ আৰু নাৰী উভয়ৰে অৱদান উল্লেখনীয়। কিন্তু সামগ্রিকভাৱে পুৰুষৰ তুলনাত নাৰীৰ স্থান অৰ্থনৈতিক ক্ষেত্ৰতেই হওঁক বা সামাজিক ক্ষেত্ৰতেই হওঁক সকলো ক্ষেত্ৰতেই নিম্ন স্তৰত। গতিকে ৰাষ্ট্রৰ সমৃদ্ধিত বৰঙনি আগবঢ়াবৰ বাবে মহিলাসকলক সক্ষম কৰি তুলিবলৈ সমাজৰ পৰা লিংগ ভিত্তিক বৈষম্য আঁতৰ কৰি নাৰীসকলক শিক্ষাৰ পূর্ণ সুবিধা দিয়া উচিত। সেয়ে নাৰীক পুৰুষৰ সৈতে সমাজৰ সকলো ক্ষেত্ৰতে আগবঢ়াই নিবৰ বাবে মহিলা সবলীকৰণৰ গুৰুত্ব আৰু প্রয়োজনীয়তা আহি পৰে।

(i) প্রথমতে, মহিলা সবলীকৰণৰ যোগেদি মহিলাসকলক নিজৰ অধিকাৰ আৰু কর্তব্যৰ বিষয়ে সজাগ কৰি তুলিব পাৰি। লগতে, সমাজৰ ৰীতি নীতিবোৰৰ পৰিৱৰ্তন সাধন কৰি সকলোৰে মনত মহিলাৰ প্রতি এক ইতিবাচক দৃষ্টি ভংগী গঠন কৰিব পাৰি।

(ii) দ্বিতীয়তে, মহিলাসকলৰ মাজত অনেক প্রতিভা সুপ্ত অৱস্থাত থাকে। পৰিৱেশৰ প্রতিকূলতাৰ বাবে এই প্রতিভাসমূহৰ বিকাশ, বাধাগ্রস্ত হয় আৰু এই ক্ষেত্রত মহিলা সবলীকৰণে প্রতিভাসমূহৰ বিকাশত সহায় কৰে।

(iii) তৃতীয়তে, ভাৰতীয় সংবিধানে সকলো নাগৰিককে সমতা আৰু ন্যায় বিচৰাৰ অধিকাৰ প্রদান কৰিছে। মহিলা সবলীকৰণে শোষিত আৰু অবহেলিত মহিলাসকলক নিজৰ অধিকাৰ সমূহৰ প্রতি সচেতন কৰি তোলে।

(iv) চতুৰ্থতে, মহিলা সবলীকৰণে মহিলাসকলক বিভিন্ন উৎপাদন মূলক কাম-কাজত অংশ গ্রহনৰ যোগ্যতা প্রদান কৰে । এনে উন্নয়নমূলক কার্যৱলীত অংশ গ্রহনেৰে তেওঁলোকৰ ব্যক্তিগত জীবনৰ লগতে সামাজিক জীৱনৰো বিকাশ সাধন হয়।

ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰো যে এখন সমাজ, এখন দেশ সম্পূর্ণৰূপে প্রগতিৰ দিশত আগবাঢ়িবলৈ হলে মহিলা সবলীকৰণৰ গুৰুত্ব আৰু প্রয়োজনীয়তা অপৰিসীম।

5. ভাৰতীয় শিক্ষা ব্যৱস্থাত মহিলাৰ স্থিতি সম্পর্কে লিখা।

উত্তৰ: ভাৰতত পুৰণি কালৰ পৰাই বৈদিক সমাজত নাৰীৰ স্থান উচ্চ আছিল। কিন্তু, বৌদ্ধ যুগৰ আৰম্ভণি পৰা নাৰী শিক্ষাৰ ক্রমান্বয়ে অৱনতি ঘটে। সেই দৰেই মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ আৰু অধিক অৱনতি ঘটে। এই যুগত নাৰী পর্দাৰ আঁৰত থাকিব লগা হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্রাৰম্ভিক কালছোৱাত নাৰী শিক্ষা সম্পূর্ণ ৰূপে অবহেলিত হয়। কিন্তু পৰবর্তী অৱস্থাত খ্রীষ্টান মিছনেৰী সকলে গুৰি ধৰা আৰু বিভিন্ন সমাজ সংস্কাৰক সকলে আগবঢ়াই নিয়া ব্যক্তিগত প্রচেষ্টাৰ দ্বাৰাই স্ত্রী শিক্ষাই অগ্রগতি লাভ কৰিছিল।

            ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানে স্বাধীনতা আৰু শিক্ষাৰ ক্ষেত্রত সমতাৰ অধিকাৰ প্ৰদান কৰিছে। শিক্ষা আৰু নিয়োগৰ লগতে সামাজিক, আর্থিক আৰু ৰাজনৈতিক সা-সুবিধা  পোৱাৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ অধিকাৰ  সমান বুলি  সংবিধানত উল্লেখ আছে।

            কিন্তু সমাজত নাৰীৰ বাবে সংবিধানিক ব্যৱস্থাই যথেষ্ট নহয়। নাৰীৰ  ন্যায় প্ৰাপ্তিৰ বাবে প্ৰয়োজন ধনাত্মক মনোভাবৰহে। স্বাধীনতাৰ পিছৰ পৰাই শিক্ষাৰ প্রচাৰৰ যোগেদি সমাজত মহিলা সকলৰ  স্নান উচ্চ কৰিবৰ বাবে বিভিন্ন কমিটি আৰু কমিছন নিয়োগ কৰা হৈছিল।1958-59 চনত  ৰাষ্ট্রীয় স্ত্রী শিক্ষা কমিটি, 1974 চনৰ মহিলাৰ স্থিতি সম্পর্কীয় কমিটি আৰু 1988 চনৰ নাৰীৰ বাবে প্রস্তুত কৰা আঁচনিত মহিলাৰ স্থিতি আৰু শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়। 1986 চনৰ ভাৰতৰ নতুন শিক্ষানীতি আৰু 1992 চনৰ পৰিবৰ্ধিত  শিক্ষা আঁচনিয়ে মহিলা সবলীকৰণক জাতীয় উন্নয়নৰ প্রধান কার্যসূচী স্বৰূপে নিৰূপণ কৰে।

            ভাৰতবৰ্ষত মহিলাৰ সাক্ষৰতাৰ হাৰ যিহেতু পুৰুষৰ তুলনাত কম হয় সেয়ে মহিলাৰ সাক্ষৰতাৰ হাৰ বঢ়াবৰ বাবে চৰকাৰে লোৱা পদক্ষেপবোৰ হ’ল-

  1. ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ যোগেদি মহিলাসকলক কাৰ্য্যকৰী সাক্ষৰতাৰ শিক্ষা প্রদান।
  2. প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে ব্যৱস্থা গ্রহণ।
  3. অগতানুগতিক শিক্ষাৰ দ্বাৰা মহিলা সকলক ব্যাপকভাবে জড়িতকৰণ।


Class 12 Education All Question Answer

Class 12 Education Chapter 3(E) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part E)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 3(E) in Assamese Medium

HS 2nd Year Education Chapter 3(E) in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment