Assam Board Exam

Class 12 Education Chapter 3 Part A | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part A)

Class 12 Education Chapter 3 Part A | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part A)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 3 (A) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part A)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 3(A) in Assamese Medium

তৃতীয় অধ্যায়

শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (PART A)

1.  পৰিৱেশ বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা দিয়া।

উত্তৰ: পৰিৱেশ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে “Environment”। এই Environment’ শব্দটো ফৰাচী ভাষাৰ ‘Environer’ শব্দৰ পৰা আহিছে। যাৰ অৰ্থ হল- আমাৰ চাৰিওফাল বা আমাৰ পাৰিপার্শ্বিকতা। পৰিৱেশ বুলিলে আমি আমাৰ চাৰিওফালে থকা জৈৱিক আৰু অজৈৱিক উপাদানেৰে আগুৰি থকা পৰিস্থিতিক বুজো অর্থাৎ কোনো জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালে থকা অৱস্থাসমূহ যেনে: সামাজিক অৱস্থা, অর্থনৈতিক অৱস্থা জৈৱিক অৱস্থা আদি সমূহকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয়।

Douglass আৰু Holland ৰ মতে “সকলোবোৰ বাহ্যিক শক্তি, প্ৰভাৱ আৰু পৰিস্থিতি আদি যি সজীৱ প্ৰাণীৰ প্ৰকৃতি, আচৰণ তথা বিকাশ আৰু পৈণতা প্ৰাপ্তিৰ ওপৰত প্ৰভাৱ পেলায় তাকে সামগ্রিক ৰূপত পৰিবেশ স্বৰূপে বৰ্ণনা কৰা হয়।”

2.  পৰিৱেশ শিক্ষা বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা দিয়া।

উত্তৰ: পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ ‘জৰিয়তে’, পৰিৱেশৰ ‘বিষয়ে’ আৰু পৰিৱেশৰ ‘কাৰণে’ দিয়া শিক্ষা। এই শিক্ষা হৈছে এনে এক শিক্ষাগত প্রক্রিয়া, যাৰ জৰিয়তে মানুহৰ সৈতে প্রাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পর্কে অধ্যয়ন  কৰা হয়। পৰিৱেশ শিক্ষাই পৰিৱেশ ৰক্ষণাবেক্ষণ লক্ষ্য সমূহক বাস্তৱায়িত কৰাত সহায় কৰে। এই শিক্ষা হৈছে পৰিৱেশ সম্বন্ধীয় সমস্যাৱলী চিনাক্ত  আৰু সমাধান কৰাৰ কৌশল আহৰণ কৰা এক প্রকাৰৰ শিক্ষা।

            আৰ. এ.শৰ্মাৰ মতে “বৈষয়িক আৰু সাংস্কৃতিক পৰিবেশৰ সজাগতা আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ লগত ইয়াৰ সম্পর্ক সম্বন্ধে পৰিবেশ শিক্ষাই বুজ লয়।”

3)  পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰা। (HS 2015, 2018)

উত্তৰ: পৰিৱেশ শিক্ষা হৈছে এক অতি গুৰুত্বপূর্ণ শিক্ষাৰ প্রকাৰ যিয়ে  মানুহৰ মাজত পৰিৱেশৰ প্রতি সজাগতা বৃদ্ধি কৰাৰ লগতে পৰিৱেশ ৰক্ষণাবেক্ষণৰ লক্ষ্য সমূহকো বাস্তৱায়িত কৰাত সহায় কৰে।

পৰিৱেশ শিক্ষাৰ বহুতো উদ্দেশ্য আছে । তাৰে কিছুমান তলত আলোচনা কৰা হ’ল-

(i) পৰিৱেশ শিক্ষাই পৰিৱেশত অন্তর্নিহিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনাত সহায় কৰে।

(ii) এই শিক্ষাই পৰিৱেশৰ সংৰক্ষণ আৰু  বিকাশ বাবে প্রয়োজনীয় মূল্য বোধৰ আহৰণত সহায় কৰে।

(iii) পৰিৱেশ শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য হৈছে ছাত্র- ছাত্রী সকলক পৰিৱেশৰ বিভিন্ন সমস্যা সমূহৰ বিষয়ে বুজোৱাত আৰু প্রতিক্রিয়া প্রকাশ কৰাৰ ক্ষেত্রত সহায় কৰাৰ লগতে সেই সমস্যাসমূহৰ পৰা কেনেদৰে  পৰিত্ৰান পাব পাৰি তাৰ উপায় সম্পর্কেও অবগত কৰায়।

(iv) পৰিৱেশক ৰক্ষণাবেক্ষণ দিয়া আৰু ছাত্র- ছাত্ৰীৰ মনত পৰিৱেশৰ প্রতি এক ধনাত্মক মনোভাৱ বৃদ্ধি কৰাটোও হৈছে পৰিৱেশ শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য।

(v) পৰিৱেশত উপলব্ধ বিভিন্ন ধৰণৰ প্রাকৃতিক সম্পদকে ধৰি আন আন সম্পদসমূহক উপযুক্ত ভাৱে বর্তমান প্রজন্মই ব্যৱহাৰ কৰি ভবিষ্যৎ প্রজন্মৰ বাবে কেনেদৰে সংৰক্ষণ কৰিব পাৰি সেই সম্পর্কে জ্ঞান প্রদান কৰাটোও হৈছে পৰিৱেশ শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য।

4. পৰিবেশ শিক্ষাৰ নীতি সমূহ লিখা

উত্তৰ: পৰিবেশ শিক্ষাৰ নীতি সমূহ হৈছে –

  1. পৰিৱেশ শিক্ষাই অভিজ্ঞতা আহৰণৰ ক্ষেত্রত সৰলৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে, সৰু ল’ৰা-ছোৱালীয়ে চৰাই এটালৈ লক্ষ্য কৰিছে- চৰাইটোৱে আহাৰ খোৱা আৰু উৰি যোৱা লক্ষ্য কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক চৰাইৰ খাদ্যভাগ আৰু উৰণৰ অভ্যাসৰ প্ৰতি সজাগ কৰি তুলিবলৈ সক্ষম হ’ল।
  2. পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ নিশ্চয়তালৈ লৈ গতি কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে এটা শিশুৱে অতি সহজে বিভিন্ন ৰংৰ মাজত থকা বৈষম্যৰ বিষয়ে ক’ব নোৱাৰে। কিন্তু বয়সৰ লগে লগে ই বিভিন্ন ৰংৰ বিষয়ে ভালদৰে ক’ব পৰা হয়।
  3. পৰিৱেশ শিক্ষাই শিশুকমূৰ্তৰ পৰা বিমূতলৈ যোৱাত সহায় কৰে। পৰিবেশত থকা বিভিন্ন সম্পদসমূহ দেখি বা শুনি শিশুবে নিজস্ব মন্তব্য আগবঢ়াব পাৰে।
  4. পৰিৱেশ শিক্ষাৰ ব্যৱস্থা কৰোতে পৰিবেশৰ সকলো দিশ বিবেচনা কৰা প্রয়োজন। অর্থাৎ বিভিন্ন ধৰণৰ পৰিৱেশ যেনে  প্রাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ সামাজিক পৰিৱেশ অর্থনৈতিক পৰিৱেশ সম্পর্কে সামগ্রিক ধাৰণা গঠন কৰাটো প্ৰয়োজন।

5. পৰিৱেশ শিক্ষাৰ পৰিসৰ সম্পর্কে আলোচনা কৰা। (HS 2017)

উত্তৰ: পৰিৱেশ শিক্ষাই যিবোৰ বিষয়বস্তুৰ সম্পর্কে  আলোচনা বা অধ্যয়ণ কৰে তাকে পৰিৱেশ শিক্ষাৰ পৰিসৰ বুলি কোৱা হয়। পৰিৱেশ শিক্ষাৰ পৰিসৰ ইমানেই বহল যে প্ৰকৃতিৰ সকলো বিভাগকে ই সাঙুৰি লয়। পৰিৱেশ শিক্ষাৰ পৰিসৰে সাঙুৰি লোৱা  কিছুমান মূল দিশ তলত আলোচনা কৰা হল

(i) পৰিৱেশৰ প্ৰতি সুস্থ মনোভাৱ আৰু মূল্যবোধ – পৰিৱেশৰ উপযুক্ত ব্যবহাৰ আৰু ইয়াক ৰক্ষণাবেক্ষণ দিয়াটো বর্তমান প্ৰতিজন ব্যক্তিৰেই এক প্রধান কর্তব্য। এই ক্ষেত্রত পৰিৱেশ শিক্ষাই মানুহক পৰিৱেশৰ লগত জড়িত দিশবোৰৰ প্রতি সচেতন কৰাৰ লগতে প্ৰণালীবদ্ধ জ্ঞান প্রদান কৰে।

(ii) প্ৰদূষণৰ সমস্যা: পৰিৱেশ শিক্ষাই মানুহৰ জীৱন প্রক্রিয়াত প্রদূষণৰ প্ৰভাৱ সম্পর্কে বিশ্লেষণ কৰে। পৰিৱেশ প্ৰদূষণৰ স্বৰূপ অধ্যয়ন, বিশ্লেষণ আৰু ইয়াৰ প্রতিকাৰৰ বাবে উপায় উদ্ভাৱন কৰা আদি দিশবোৰ পৰিৱেশ শিক্ষাৰ অন্তর্ভুক্ত।

(iii) জনসংখ্যাৰ বিস্ফোৰণ- জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱেশৰ সমস্যাসমূহৰ মাজত এক ঘনিষ্ঠ আৰু প্রত্যক্ষ যোগাযোগ আছে । জনসংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। গতিকে পৰিৱেশ শিক্ষাই জনসংখ্যা বৃদ্ধিৰ বাস্তুৱ সমস্যা সমূহৰ বিষয়েও আলোচনা কৰে।

(iv) পৰিৱেশ সংক্রান্ত আইন – পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ  প্রদূষণ সমূহৰ নিয়ন্ত্রণৰ বাবে বর্তমান অনেক আইন বলবৎ কৰা হৈছে। এই আইনসমূহৰ প্রতি জনসাধাৰণক  সচেতন কৰি তোলাৰ লগতে আইনসমূহ সফলভাৱে কার্যকৰীকৰণৰ  ব্যৱস্থা সম্পর্কেও পৰিৱেশ শিক্ষাত অধ্যয়ন কৰা হয়।

6. পৰিৱেশ শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা। (HS 2012, 2013)

উত্তৰ: বর্তমান সমমত দেখা গৈছে যে পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিছে আৰু পৰিৱেশ বিনষ্ট হৈছে। পৰিৱেশ বিনষ্ট হোৱাত মানুহেই প্রত্যক্ষভাৱে আৰু পৰোক্ষভাৱে জড়িত হৈ থাকে। মানুহ আৰু পৰিৱেশৰ মাজত যে এক  গভীৰ সামাজিক তথা বৈষয়িক সম্পৰ্ক সদা বিৰাজমান সেই সম্পর্কে অৱগত কৰাবলৈ পৰিৱেশ শিক্ষাৰ অতি প্রয়োজন। পৰিৱেশ শিক্ষাৰ প্রধান উদ্দেশ্যই হৈছে জনগনৰ মাজত সজাগতা সৃষ্টি কৰি পৰিৱেশ মূলক বিষম সমূহৰ সম্পর্কে বুজাই তোলা যাতে প্রকৃতি আৰু প্ৰাকৃতিক উৎসসমূহক ভালদৰে ৰাখি তাৰ উচিত ব্যবহাৰ কৰিব পাৰি। পৰিৱেশ শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনীয়তা সম্পর্কে এক চমু আলোচনা তলত আলোচনা কৰা হল –

  1. পৰিৱেশ শিক্ষাই চাৰিওফালৰ বিভিন্ন উপাদান আৰু তাৰ প্রয়োজনীয়তা সম্পর্কে জনাত সহায় কৰে।
  2. এই শিক্ষাই আমাৰ পৰিৱেশৰ বিভিন্ন সমস্যা সমূহ চিনাক্ত কৰি তাৰ কাৰণসমূহ নিৰ্দ্ধাৰণ কৰাৰ লগতে সেই সমস্যা সমূহ সমাধান কৰিবলৈ দিহা-পৰামর্শ আগবঢ়ায়।
  3. এই শিক্ষাই পৰিৱেশৰ প্রতি মানুহৰ মাজত সুস্থ আৰু ধনাত্মক মনোভাৱ গঠন কৰাৰ লগতে পৰিৱেশৰ  প্রতি মানুহৰ দায়িত্ব আৰু কর্তব্যসমূহ জনাত সহায় কৰে।
  4. পৰিৱেশ সংৰক্ষণৰ বাবে প্রস্তুত কৰা আইনসমূহৰ গুৰুত্ব সম্পর্কে পৰিৱেশ শিক্ষাই মানুহক সজাগ কৰি তোলে।

গতিকে ওপৰোক্ত আলোচনাৰ পৰা আমি কব পাৰো যে পৰিৱেশক সুস্থভাৱে বর্তাই ৰাখিবলৈ আৰু সংৰক্ষণ কৰিবলৈ পৰিৱেশ শিক্ষাৰ অত্যাধিক গুৰুত্ব আৰু প্ৰয়োজনীয়তা আহি পৰে।

7.  পৰিৱেশ শিক্ষা শিক্ষানুষ্ঠানত কেনেদৰে প্ৰদান কৰিব পাৰি ? (HS 2016)

উত্তৰ: পৰিৱেশ সংৰক্ষণ কৰি ৰাখিবৰ বাবে আৰু পৰিৱেশৰ সমস্যাসমূহ ৰোধ কৰিবৰ বাবে ছাত্র-ছাত্রীসকলক সৰুৰে পৰা বিদ্যালয়ত পৰিৱেশ শিক্ষা প্রদান কৰিব লাগে। শিক্ষানুষ্ঠানত পৰিৱেশ শিক্ষা প্রদানৰ কিছুমান উপায় তলত আলোচনা কৰা হ’ল-

(i) বিদ্যালয়ত পৰিৱেশ শিক্ষাক পাঠ্যক্রমৰ এটা বাধ্যতামূলক বিষয় হিচাপে সন্নিবিষ্ট কৰিব লাগে।

(ⅱ) প্ৰাথমিক আৰু মাধ্যমিক স্তৰত স্বাস্থ্য, বিজ্ঞান, পৰিপুষ্টি প্রদূষণ আদিৰ বিষয়ে প্রাথমিক ধাৰণা প্রদান কৰিব লাগে।

(iii)  বিদ্যালয়ত পৰিৱেশ সম্পর্কে সজাগতা সৃষ্টিৰ বাবে বক্তৃতা প্ৰতিযোগিতা ৰচনা লিখা, কবিতা আবৃত্তি, নাট্যভিনয় আদিৰ ব্যৱস্থা কৰিব লাগে।

(iv) বিদ্যালয়ত প্ৰাতঃ সভা অনুষ্ঠিত হোৱাৰ আগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাৰ্যসূচী, বৃক্ষৰোপণ কার্যৱলী আদিৰ ব্যৱস্থা কৰাৰ লগতে পৰিৱেশৰ ওপৰত শিক্ষামূলক ভ্রমন আদিৰো ব্যৱস্থা কৰিব লাগে।



Class 12 Education All Question Answer

Class 12 Education Chapter 3(A) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part A)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 3(A) in Assamese Medium

HS 2nd Year Education Chapter 3(A) in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment