Class 12 Education Chapter 3 Part B | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part B)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part B)
Class 12 Education Chapter 3 (B) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part B)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 3(B) in Assamese Medium
তৃতীয় অধ্যায়
শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (PART B)
1. জনসংখ্যা শিক্ষা বুলিলে কি বুজা ? ইয়াৰ সংজ্ঞা দিয়া ।
উত্তৰ: বর্তমান দেখা গৈছে যে দেশত জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে। এই বৰ্দ্ধিত হাৰৰ জনসংখ্যাই বর্তমান আমাৰ দেশখনৰ অন্ন, বস্ত্র আৰু বাসস্থানৰ ক্ষেত্রত ভয়াবহ সমস্যাৰ সৃষ্টি কৰি আহিছে। এই ভয়াবহ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ অর্থাৎ, জনসংখ্যা বিস্ফোৰণৰ ফলত হোৱা সমস্যাসমূহ অধ্যয়ন কৰি সেইবোৰৰ উপায় সম্পর্কে জানিবলৈ আৰু তাৰ পৰা উদ্ধাৰ পাবলৈ যি শিক্ষা প্রদান কৰা হয় তাকেই জনসংখ্যা শিক্ষা বুলি কোৱা হয়।
গোপাল ৰাওৰ মতে, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে শিক্ষার্থীসকলে অবগত হ’ব পাৰে আৰু সিদ্ধান্ত গ্রহণ কৰিব পাৰে।”
বার্বচনে কয় যে, “জনসংখ্যা শিক্ষা হ’ল এনে এক শিক্ষা যাৰ দ্বাৰা জনসংখ্যা পৰিয়াল আৰু যৌন জীৱন সম্পর্কে জ্ঞান আৰু মনোভংগীৰ অধ্যয়ন কৰিব পৰা যায়।”
2. জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য সমূহ লিখা।
উত্তৰ: জনসংখ্যা শিক্ষাৰ বৈশিষ্ট্য সমূহ হৈছে –
i) জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত।
ii) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়।
iii) এই শিক্ষাক পৰিৱেশ শিক্ষাৰ অংশ বিশেষ ৰূপেও বিবেচনা কৰিব পাৰি।
iv) এই শিক্ষাৰ পৰিসৰ যৌন শিক্ষাৰ পৰিসৰতকৈ যথেষ্ঠ বহল।
v) এই শিক্ষাই জন সজাগতা বৃদ্ধিব ক্ষেত্রত সহায় কৰে।
3. জনসংখ্যা শিক্ষাৰ প্ৰয়োজন সমূহ লিখা।
উত্তৰ: i) জনসংখ্যা শিক্ষাই জনসাধৰণৰ মাজত প্ৰচলিত। অন্ধ বিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষা অতি প্রয়োজন।
ii) জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ মাজত যে প্রভেদ আছে, সেই বিষয়ে জনসাধাৰণক অৱগত কৰাবলৈ এই শিক্ষাৰ প্রয়োজন।
iii) জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পর্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক অৱগত কৰাব পাৰি।
iv) সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান, সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি।
v) সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী।
4. জনসংখ্যা শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰা।
উত্তৰ: জনসংখ্যা শিক্ষাই জনসংখ্যা বৃদ্ধিৰ কু প্ৰভাৱ সম্পর্কে অৱগত কৰাৰ লগতে জনসংখ্যা নিয়ন্ত্রণৰ বাবে ছাত্র ছাত্রী সকলৰ মাজত সচেতনতাৰ মনোভাৱ জাগ্রত কৰি তোলে। এই শিক্ষাৰ বহুতো উদ্দেশ্য আছে। ইয়াৰে কিছুমান উদ্দেশ্য তলত চমুকৈ আলোচনা কৰা হ’ল-
(i) জনসংখ্যা শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে জনসংখ্যা আৰু আর্থ-সামাজিক বিকাশৰ মাজত থকা সম্পর্কৰ কথা বুজা।
(ii) দ্বিতীয়টো প্রধান উদ্দেশ্য হৈছে জনসংখ্যাৰ বিস্ফোৰণে পৰিৱেশৰ ওপৰত পেলোৱা কু-প্রভাৱ সম্পর্কে সজাগতা বৃদ্ধি কৰা।
(iii) এই শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য হৈছে যে প্রত্যেক ব্যক্তিৰ জীৱন- যাপনৰ মানদণ্ড উন্নত কৰাত অথবা নিম্নগামী কৰাৰ ক্ষেত্রত অৰিহণা যোগায় সেই সম্পর্কে ছাত্র-ছাত্রীক জানিবলৈ দিয়া ।
(ⅳ) জনসংখ্যা শিক্ষাৰ আন এটা প্রধান উদ্দেশ্য হৈছে শিশুৰ জন্ম সম্পর্কে মানুহৰ মাজত প্রচলিত অন্ধবিশ্বাস সমূন আঁতৰ কৰা
(v) অধিক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে মাতৃ আৰু শিশু উভয়ৰে কেনে ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় সেই সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা।
5. জনসংখ্যা শিক্ষাৰ প্রয়োজনতা বা গুৰুত্ব সম্পর্কে আলোচনা কৰা?
উত্তৰ: বর্তমান বিশ্বত জনসংখ্যা বৃদ্ধিৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতবর্ষৰ দৰে উন্নয়নশীল দেশবোৰত এই সমস্যাবোৰে আৰু অধিক প্রভাৱ পেলায় । বৰ্দ্ধিত জনসংখ্যাৰ বাবেই দেশৰ উন্নয়নমূলক আঁচনিসমূহে বিশেষ সফলতা লাভ কৰিব পৰা নাই। জনসংখ্যা বিস্ফোৰণৰ ফলত উদ্ভৱ হোৱা সমস্যা আৰু জন বিস্ফোৰণ নিয়ন্ত্রণ কৰাৰ উপায় বা কৌশল উদ্ভাৱন আদিৰ বিষয়ে জনসংখ্যা শিক্ষাই অধ্যয়ন কৰে। সেয়ে জনসংখ্যা শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা অধিক।
জনসংখ্যা শিক্ষাৰ গুৰুত্ব আৰু প্রয়োজনতা সম্পৰ্কে তলত আলোচনা কৰা হল –
(i) জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত থকা অন্ধবিশ্বাস সমূহ আঁতৰ কৰাত সহায় কৰে আৰু ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্রত এই শিক্ষাৰ প্রয়োজনীয়তা অধিক ।
(ii) জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু সমাধান সম্পর্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্র-ছাত্রীকে অৱগত কৰাব পাৰি।
(iii) জনসংখ্যা শিক্ষাৰ দ্বাৰা শিক্ষার্থীক উৎপাদনক্ষম কৰি তোলাৰ উপৰিও সমাজৰ স্থিতি সম্পর্কে সজাগ কৰি তোলা হয়। গতিকে কব পাৰি যে মানৱ সম্পদ বিকাশৰ ক্ষেত্রতো জনসংখ্যা শিক্ষাৰ অতি প্রয়োজন।
(iv) সৰু পৰিয়ালত যে সদায় সুখ-শান্তি বিৰাজমান আৰু সৰু পৰিয়ালে যে প্রত্যেক ব্যক্তিৰ উন্নত জীৱন যাপনত সহায় কৰে তাক অৱগত কৰিবলৈ জনসংখ্যা শিক্ষাৰ প্রয়োজন আছে।
ওপৰোক্ত আলোচনাৰ পৰা কব পাৰি যে এখন উন্নত দেশ আৰু সুস্থ সমাজ গঢ়ি তুলিবৰ বাবে জনসংখ্যা শিক্ষাৰ প্রয়োজনীয়তা অপৰিসীম।
6. জনসংখ্যা শিক্ষা শিক্ষানুষ্ঠানত কেনেদৰে প্রদান কৰা হয়?
উত্তৰ: বর্তমান বিশ্বত জনসংখ্যা বৃদ্ধিৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰতবর্ষৰ দৰে উন্নয়নশীল দেশবোৰত এই সমস্যা আৰু অধিক গুৰুত্বপূর্ণ। কিয়নো, বর্দ্ধিত জনসংখ্যাৰ বাবে দেশৰ উন্নসনমূলক আঁচনিসমূহে বিশেষ সফলতা লাভ কৰিব পৰা নাই। জনসংখ্যা বিস্ফোৰণৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ নিয়ন্ত্রণ কৰিবলৈ হ’লে আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্রমত জনসংখ্যা শিক্ষাৰ ধাৰণাটো সন্নিৱিষ্ট কৰিব লাগে। গতিকে একেবাৰে নিম্ন পর্যায়ৰ পৰা উচ্চ স্তৰৰ শিক্ষালৈকে জনসংখ্যা শিক্ষা প্রদান কৰিবলৈ হ’লে শিক্ষানুষ্ঠানে তলত দিয়া উপায়সমূহ উচ্চ অৱলম্বন কৰিব লাগে।
ⅰ) বক্তৃতা প্রদান, আলোচনা চক্র, কর্মশালা, ৰচনা প্রতিযোগিতা, নাটক আদি ব্যৱস্থা কৰি জনসংখ্যা শিক্ষা প্রদান কৰিব লাগে।
ii) সৰু পৰিয়ালয় গুৰুত্ব, জনসংখ্যাৰ লগত মাতৃ বা শিশুৰ স্বাস্থ্যৰ ওপৰত পৰা প্রভাৱ, জনসংখ্যা বৃদ্ধি আৰু পৰিয়ালৰ আৰ্থিক দিশ, বিদ্যালয়ত ছাত্র ছাত্রীৰ বৰ্দ্ধিত হেঁচা ইত্যাদি জনসংখ্যা সম্পর্কীয় বিভিন্ন দিশৰ ব্যৱহাৰিক জ্ঞান প্ৰদানৰ ওপৰত গুৰুত্ব দিব লাগে।
iii) মাধ্যমিক স্তৰত জনসংখ্যা বৃদ্ধিৰ ইতিহাস আৰু আন আন দেশৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰাৰ লগত ছাত্র-ছাত্রীক তুলনামূলক জ্ঞান প্রদান কৰিব লাগে।
Iv) উচ্চ শিক্ষাৰ ক্ষেত্রত জনসংখ্যা শিক্ষাৰ বিভিন্ন দিশৰ গবেষণা কার্যত ছাত্র ছাত্রীসকলক উৎসাহিত কৰিব লাগে।
Class 12 Education All Question Answer–
Class 12 Education Chapter 3(B) | শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ (Part B)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 3(B) in Assamese Medium
HS 2nd Year Education Chapter 3(B) in Assamese Medium
For More details check our Youtube Channel Assam Board Exam