Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
শিক্ষণ
Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 4 in Assamese Medium
দ্বিতীয় অধ্যায়
শিক্ষণ
1. শিক্ষণ বুলিলে কি বুজা? শিক্ষণৰ সংজ্ঞা দিয়া।
উত্তৰ: শিক্ষণ এক প্ৰক্ৰিয়া যাৰ সহায়ত আমি কোনো কামত কৌশল বা দক্ষতা আয়ত্ব কৰিব পাৰো। ই মানৱ জীৱনত শৈশৱ কালৰ পৰাই আৰম্ভ হয় । শিক্ষণৰ যোগেদি পৰিৱৰ্তনশীল সমাজৰ লগত সমযোজন কৰিব পাৰো। শিক্ষণ এক জীৱনব্যাপী চলা প্রক্রিয়া। শিক্ষণ আমি অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি লাভ কৰিব পাৰোঁ।
গেইটৰ মতে “শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কার্য ।”
কলভিনৰ মতে “অভিজ্ঞতাৰ জৰিয়তে জীৱনৰ প্ৰতিক্রিয়া সমূহৰ ৰূপান্তৰেই হ’ল শিক্ষণ।”
ক্ৰো আৰু ক্রো ৰ মতে “ব্যক্তিৰ অভ্যাস, জ্ঞান আৰু মনোভাৱ আদি আয়ত্বকৰণেই শিক্ষা।”
2. শিক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল –
- নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়।।
- উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপনেই হ’ল শিক্ষণ।
- পৰিৱেশৰ লগত ব্যক্তিৰ সমযোজন কাৰ্যই হ’ল শিক্ষণ।
- শিক্ষণ উদ্দেশ্য প্রণোদিত। লক্ষ্য অবিহনে শিক্ষণ ফলপ্রসূ নহয়। আমাৰ ইচ্ছা বা প্রয়োজন পূৰাবলৈ আমি শিকিবলগীয়া হয়।
- শিক্ষণ মানেই কোনো সমস্যাৰ সমাধান। আমি যেতিয়া কোনো কাম শিকিবলগীয়া হয়, তেতিয়া কিছুমান সমস্যা আমাৰ আগত উদয় হয়। কামটো কৰাৰ পিছত সমস্যাৰ সমাধান হয়।
- শিক্ষণ এক সার্বজনীন প্রক্রিয়া।
- দেহ-মানসিক পৰিপক্কতাই শিক্ষণত দৰকাৰী ভূমিকা পালন কৰে। অধিক পৰিপক্কতাৰ ফলত শিক্ষণ ক্ষমতা অধিক হয়। অর্থাৎ বয়স বৃদ্ধিৰ লগে লগে শিকাৰ ক্ষমতাও বাঢ়ি যায়।
- অভ্যাসে শিক্ষণক স্থায়ী ৰূপ দিয়ে। পুনৰাবৃত্তি নোহোৱাকৈ কোনো শিক্ষণ স্থায়ী হ’ব নোৱাৰে।
3. শিক্ষণক প্ৰভাৱিত কৰা চৰ্ত্তসমূহ আলোচনা কৰা।
উত্তৰ: শিক্ষণ অভিজ্ঞতা ইমানেই ব্যাপক যে এই প্ৰক্ৰিয়া অনেক উপাদানৰ দ্বাৰা প্ৰভাৱিত হয়। তলত শিক্ষনক প্ৰভাৱিত কৰা কিছুমান কাৰকৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
- দৈহিক উপযুক্ততাঃ দেহৰ অংগ-প্রত্যংগৰ স্বাভাৱিকতা, স্নায়বিক সক্রিয়তা, গ্রহনেন্দ্ৰিয়বোৰৰ গ্রহণ ক্ষমতা, মস্তিষ্কৰ ক্ৰিয়া ক্ষমতা, দেহ-যন্ত্ৰৰ ৰোগমুক্ততা আদি অৱস্থাই শিক্ষণ কাৰ্যক প্ৰভাৱিত কৰে।
- ক্লান্তি আৰু অৱসাদমুক্ততা: দৈহিকভাৱে সুস্থ হোৱাৰ লগতে শিকনৰ আন এক চৰ্ত হৈছে ক্লান্তিহীনতা বা অৱসাদ মুক্ততা। শিক্ষনৰ বাবে দৈহিক আৰু মানসিক সতেজতাৰ প্ৰয়োজন।
- অনুশীলন: অনুশীলনে শিক্ষনক স্থায়ীৰূপ প্রদান কৰে। সেইবাবে অনুশীলন শিক্ষনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চর্ত।
- বয়স আৰু লিংগ: বয়স আৰু লিংগৰ দ্বাৰাইও শিক্ষন প্রক্রিয়া প্রভাবিত হয়। সেয়েহে বয়স্ক লোকৰ শিক্ষন ক্ষমতা আৰু শিশুৰ শিক্ষণ ক্ষমতাৰ মাজত পার্থক্য দেখা যায়। সেইদৰেই অনেক ক্ষেত্রত ল’ৰা আৰু ছোৱালীৰ শিক্ষনৰ ক্ষেত্ৰতো পার্থক্য দেখা যায়।
- আগ্ৰহ আৰু অভিৰোচন: শিক্ষনৰ ক্ষেত্ৰত ব্যক্তিৰ আগ্ৰহ আৰু অভিৰোচনে শিক্ষনৰ বাবে উপযুক্ত মানসিক প্ৰস্তুতিৰ সৃষ্টি কৰে। এই প্রস্তুতিয়ে শিক্ষনক সফল কৰাত সহায় কৰে।
4. পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা সম্পৰ্ক লিখা।
উত্তৰ: পৰিপক্কতা আৰু শিক্ষণৰ মাজত এক অবিচ্ছেদ্য সম্পর্ক আছে। পৰিপক্কতা হৈছে বিকাশৰ স্বাভাৱিক ৰূপত সংঘটিত হোৱা দেহৰ এক অন্তবর্তী প্রক্রিয়া।
পৰিপক্কতাই বয়সৰ লগে লগে ব্যক্তিক শিক্ষা আহৰণৰ ক্ষেত্ৰত হোৱা পৰিবর্তনক সূচায় আৰু ই দৈহিক বিকাশৰ ওপৰত নির্ভৰশীল। আনহাতেদি শিক্ষণ হৈছে ব্যক্তিয়ে পৰিৱেশৰ পৰা জ্ঞান আহৰণ কৰিব পৰা এক প্ৰক্রিয়া। এই প্রক্রিয়া হৈছে ব্যক্তিৰ নিজস্ব ক্রিয়া-প্রক্রিয়া অথবা প্রচেষ্টাৰ ফল।
পৰিপক্কতা আৰু শিক্ষণৰ সম্বন্ধ অতি গভীৰ। শিক্ষণ আৰু পৰিপক্বতা যদিও সম্পূর্ণৰূপে পৃথক প্রক্রিয়া যদিও এই দুই প্রক্রিয়া পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। শিক্ষণৰ বাবে পৰিপক্কতা এক গুৰুত্বপূর্ণ চর্ত। উদাহৰণস্বৰূপে , এটা শিশুৰ বিকাশৰ এক নির্দিষ্ট বয়সতহে ভাষা-জ্ঞান আয়ত্ত কৰিব পাৰে। একেবাৰে কোমল বয়সীয়া শিশু এটাই ভাষা শিকিব নোৱাৰে আৰু বয়স প্রাপ্ত হলেও শিশুটিয়ে স্বাভাৱিক ৰূপত ভাষা-জ্ঞান আহৰণ কৰিব নোৱাৰে । ইয়াৰ বাবে উপযুক্ত শিক্ষণ প্ৰযোজন। অর্থাৎ এই দুয়োটা প্ৰক্ৰিয়াৰ যুটীয়া প্ৰভাৱৰ ফলতহে আচৰণৰ পৰিৱৰ্তন সম্ভৱ হয়। শিশুৰ উপযুক্ত পৰিপক্কতা লাভ নোহোৱা অৱস্থাত শিক্ষা বলপূর্বক ভাবে প্ৰদান কৰিলে শিশুৰ বিকাশৰ বাবে ই প্রতিকূল হৈ উঠিব। সেয়েহে কব পাৰি যে, এই দুয়োটা দিশৰ সুস্থ সমন্বয়তহে শিক্ষণৰ সুফল লাভ কৰিব পৰা যায়।
5. শিক্ষা আৰু পৰিপক্বতাৰ মাজত থকা সাদৃশ্য আৰু পার্থক্য লিখা।
উত্তৰ: পার্থক্য-
- শিক্ষণ এক জীৱন ব্যাপি চলা প্রক্রিয়া। কিন্তু, পৰিপক্বতা জীৱনব্যাপি চলা- প্রক্রিয়া নহয়।
- শিক্ষণৰ বাবে আত্মসক্রিয়তাৰ প্রয়োজন। কিন্তু পৰিপক্বতাৰ বাবে কোনো সক্রিয়তাৰ প্রয়োজন নাই।
- শিক্ষণ এক বাহ্যিক প্ৰক্রিয়া। আনহাতে, পৰিপক্কতা হৈছে এক আভ্যন্তৰীণ প্রক্রিয়া।
- শিক্ষণ প্রক্রিয়া সদায় উদ্দেশ্যভিত্তিক। কিন্তু, পৰিপক্কতা উদ্দেশ্যভিত্তিক নহয়।
- শিক্ষণৰ বাবে অনুশীলনৰ প্রয়োজন। কিন্তু পৰিপক্কতাত কোনো অনুশীলনৰ প্রয়োজন নাথাকে।
সাদৃশ্য-
- শিক্ষণ আৰু পৰিপক্কতা উভয়ে ব্যক্তিৰ ওপৰত নির্ভৰশীল।
- শিক্ষণ আৰু পৰিপক্কতা উভয়ে সার্বজনীন প্রক্রিয়া।
- শিক্ষণ আৰু পৰিপক্কতা দুয়োটা প্রক্রিয়াই ব্যক্তিৰ বিকাশত সহায় কৰে।
- দুয়োটা প্ৰক্রিয়াৰ মাজেৰে আচৰণৰ পৰিবর্তন সাধন হয়।
6. প্রচেষ্টা আৰু ভুল শিক্ষণৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: প্রচেষ্টা আৰু ভুল শিক্ষণৰ কিছুমান বৈশিষ্ট্য তলত দিয়া হ’ল-
- প্রচেষ্টা আৰু ভুল শিক্ষণ এক ক্রমাগত প্রক্রিয়া।
- এই পদ্ধতিৰ মূল হৈছে পুনৰাবৃত্তি।
- প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হোৱা দেখা যায়। পৰৱৰ্তী প্রচেষ্টাত সেইবোৰ নিম্নগামী হয়।
- এই পদ্ধতিত শুদ্ধ প্রচেষ্টাৰ উদ্দেশ্যে ভুল প্রচেষ্টা ত্যাগ কৰা হয়।
- ইয়াক অন্ধ যান্ত্রিক শিক্ষণ পদ্ধতি বোলা হয়।
- মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে।
7. প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰে কেনেকৈ শিক্ষণ সম্ভৱ হয় উদাহৰণেৰে সৈতে বুজাই লিখা।
উত্তৰ: প্রচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি এডৱার্ড লী থর্ণডাইক আগবঢ়াইছিল। এডৱার্ড লী থর্ণডাইক এই শিক্ষণ পদ্ধতি প্রতিষ্ঠিত সংযোগবাদতত্বৰ ওপৰত প্ৰতিষ্ঠিত । তেওঁ মতে শিক্ষণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ৰ মাজৰ সংযোগ সাধনৰ ফল। চমুকৈ ইয়াক ‘S-R’ চুক্তিতত্ব বোলে। থর্ণডাইকৰ মতে পৰিৱেশে উদ্দীপক প্ৰদান কৰে আৰু ব্যক্তিয়ে সেই উদ্দীপকৰ প্ৰতি সংবেদনৰ জৰিয়তে নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰে। । উদ্দীপক আৰু প্রতিক্ৰিয়াৰ মাজৰ এই চুক্তি বা সংযোগ ক্ৰিয়াৰ পুনৰাবৃত্তিৰ দ্বাৰা শক্তিশালী কৰিব পাৰি। এই পদ্ধতি অনুসৰি শিক্ষণ হৈছে প্রচেষ্টা আৰু ভুল মাধ্যমেৰে সাৰ্থক প্ৰতি ক্ৰিয়াৰ নিবাৰ্চন আৰু স্থায়ীকৰণ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে ভূল নাইকিয়া কৰে আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাত সহায় কৰে। অভ্যাসৰ বলত আমি নতুন বিষয় সহজে আয়ত্ব কৰিব পাৰো আৰু ভূল ক্ৰমান্বয়ে কমি আহি শিক্ষণ সংঘটিত হয়।
থর্ণডাইকে এটি মেকুৰীৰ সৈতে প্রচেষ্টা আৰু ভুল শিক্ষণৰ পৰীক্ষা সম্পন্ন কৰিছিল। তেওঁ এটা ভোকাতুৰ মেকুৰীক এটা পিঞ্জৰা বা কৌতুক বাকচৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। বাহিৰত এথাল ভজা মাছ পিঞ্জৰাটোৰ সন্মুখৰ কিছু দূৰত ৰখা হৈছিল। পিঞ্জৰাটোৰ দুৱাৰখন ভিতৰৰ পৰা এডাল ৰচী টানিলে খুলিব পাৰি। ভোকাতুৰ মেকুৰীটোৱে খাদ্যবস্তু পোৱাৰ বাবে মূৰটো পিঞ্জৰাৰ মাৰিৰ মাজত সুমুৱাই হাতোৰাৰে আঁচুৰি আৰু নভৱা-নিচিন্তাকৈ নানা ধৰণৰ অৱস্থানৰ পৰিৱৰ্তন কৰি অন্ধ প্রচেষ্টা অৱলম্বন কৰিছিল। প্ৰচেষ্টা চলাই থাকোতে ৰচীডাল হঠাৎ টান খাই দুৱাৰখন খোলা গৈছিল। মেকুৰীটো বাহিৰলৈ ওলাই আহিছিল আৰু খাদ্যবস্তু (ভজামাছ) খাইছিল। পুনৰ একে পৰিস্থিতিত মেকুৰীটো ৰখা হৈছিল আৰু কিছুসময় উদ্দেশ্যহীন তথা বিশৃংখল প্ৰচেষ্টাৰ পিছত বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল আৰু খাদ্যবস্তু খাইছিল। এইবাৰ মেকুৰীটোৰ প্ৰচেষ্টাৰ সংখ্যা কমি গৈছিল (আগৰ তুলনাত) আৰু কম ব্যর্থতাতে খাদ্যবস্তু পাবলৈ সক্ষম হৈছিল। এইদৰে মেকুৰীটোক একে অবস্থাত ৰখা হৈছিল আৰু কিছুসময় চেষ্টাৰ পিছত ওলাই আহিবলৈ সক্ষম হৈছিল। প্রচেষ্টাৰ ফলত ক্রমান্বয়ে তাৰ ভুলৰ সংখ্যা কমি আহিছিল আৰু সময়ৰ পৰিমাণো হ্রাস পাইছিল। অবশেষত দেখা গৈছিল যে মেকুৰীটোৱে অকণো সময় নষ্ট আৰু ভুল নকৰাকৈ পিঞ্জৰাটোৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। ইয়াকে প্রচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ বোলা হয়।
8. থর্ণডাইকৰ প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা বা শ্রেণীকোঠাত ইয়াক প্রয়োগ কেনেকৈ হ’ব?
উত্তৰ: প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক সাধাৰণ আৰু সৰ lল শিক্ষণ পদ্ধতি হ’লেও ইয়াৰ শৈক্ষিক তাৎপর্য বিশেষ ভাবে উল্লেখনীয়। এই শিক্ষা পদ্ধতিয়ে শিক্ষাৰ্থীক নিজস্ব ভাৱে বিভিন্ন প্রচেষ্টাৰ দ্বাৰা বিভিন্ন বিষয়ত যোগ্যতা অর্জন কৰিবলৈ সক্ষম কৰে।
- প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিয়ে ছাত্র-ছাত্রীক বিভিন্ন সমস্যা সমাধান কাৰ্যৰ প্রতি আগ্রহ আদি দিশত অৰিহণা যোগায়।
- এই পদ্ধতিৰ যোগেদি শিক্ষার্থীৰ আর্জিত জ্ঞান- অভিজ্ঞতাক স্থায়ী ৰূপ প্রদান কৰা হয়। কিয়নো এই পদ্ধতি মূলতঃ পুনৰাবৃত্তিৰ ওপৰত প্রতিষ্ঠিত।
- বৌদ্ধিকভাৱে নিম্নমান বিশিষ্ট্য শিক্ষার্থীৰ বাবে এই পদ্ধতি অধিক ফলপ্রসূ হয়।
- প্রচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ যোগেদি শিক্ষার্থীৰ বেয়া অভ্যাস ত্যাগ আৰু ভাল অভ্যাস গঠনত সহায় কৰা হয়।
- শিক্ষার্থীক আচৰণ সম্পাদনৰ পূর্ণ স্বাধীনতা প্রদান কৰাৰ ফলত শিক্ষণ পৰিৱেশ শিক্ষার্থীৰ আনন্দদায়ক আৰু অর্থপূর্ণ হৈ উঠে।
মুঠতে ওপৰৰ আলোচনাৰ পৰা কব পাৰি যে থর্ণাডাইকৰ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ ক্ষেত্রত এক অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে আৰু এই শিক্ষা পদ্ধতিৰ যোগেদি নানা ধৰণৰ শৈক্ষিক সমস্যাৰ সমাধান কৰিব পাৰি।
9. অন্তদর্শন শিক্ষণৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰ: অন্তদৰ্শনৰ শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল –
- শিক্ষণ হঠাৎ সংঘটিত হয়।
- ই অংশতকৈ সামগ্রীক বা সামগ্রীকতাৰ ওপৰত গুৰুত্ব দিয়ে।
- যেতিয়া অংশবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক জনা যায়, সামগ্রীকভাৱ মনত উদয় হয়।
- ই প্রচেষ্টা আৰু ভুল শিক্ষণৰ অন্ধ যান্ত্রিক প্ৰক্ৰিয়া পৰিহাৰ কৰে।
- ই পর্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে।
- অর্ন্তদর্শন বৌদ্ধিক ঔৰৰ লগত জড়িত। সাধাৰণতে মানুহকে ধৰি উচ্চ শ্ৰেণী জীৱৰ অর্ন্তদর্শন নিম্ন শ্রেণী জীৱতকৈ বেছি।
- এই পদ্ধতি জনসাধাৰণৰ বাবে সহায়কাৰী নহয়।
10. অন্তদর্শন শিক্ষণৰ শৈক্ষিত তাৎপর্য আলোচনা কৰা।
উত্তৰ: অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ বিশেষ তাৎপর্য তলত দিয়া ধৰণৰ –
- কোনো বিষয়ৰ অংশ বা খণ্ডবোৰ জনাৰ আগতে শিক্ষার্থীয়ে প্রথমে সম্পূর্ণ প্রক্রিয়াটো আয়ত্ব কৰা উচিত। আনহতে শিক্ষকে সমগ্র বা সম্পূর্ণ বিষয়টো প্রথমে শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰিব লাগে আৰু তাৰপিছত ইয়াৰ অংশ বা খণ্ডবোৰ ব্যাখ্যা কৰিবৰ বাবে অগ্ৰসৰ হ’ব লাগে। ই শিক্ষাৰ এটি মূল নীতি (maxim of teaching ) অর্থাৎ ‘সমগ্ৰৰ পৰা অংশ বা খণ্ডলৈ অগ্ৰসৰ হোৱা (proceed from whole to the part) নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
- ই সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ বাবে সহায়কাৰী। নিজস্বভাৱে উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ ই উৎসাহ যোগায়।
- ই মানুহক আত্মনিৰ্ভৰশীল কৰে আৰু নিজৰ কাৰ্যত পৰিচালকৰূপে গঢ়ি তোলে।
- এই পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্রতিভাবোৰ বিকাশ কৰিব পাৰি।
- ই প্রতিভাসম্পন্ন (gifted) ল’ৰা-ছোৱালীৰ বাবে সহায়কাৰী। কাৰণ অন্তদৰ্শন শিক্ষণত উচ্চ বুদ্ধিৰ প্ৰয়োজন।
- কঠিন বিষয় এটি বুজিবলৈ হ’লে এই পদ্ধতি বেছি উপযোগী বুলি প্রমাণিত হৈছে।
Class 12 Education All Question Answer–
Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 4 in Assamese Medium
HS 2nd Year Education Chapter 4 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam