Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
শিক্ষণ
Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 4 in Assamese Medium
দ্বিতীয় অধ্যায়
শিক্ষণ
11. অন্তদর্শন শিক্ষণ পদ্ধতিটো উদাহৰণ সৈতে আলোচনা কৰা।
উত্তৰ: অন্তদর্শন শিক্ষণ পদ্ধতি সামগ্রীকতাবাদ তত্বৰ ওপৰত প্ৰতিষ্ঠিত। ৱাৰ্থিমাৰ, কহলাৰ আৰু কাক্কা নামৰ তিনিজন জার্মান মনোবিজ্ঞানী এই তত্বৰ প্ৰৱৰ্ত্তক আছিল। শিক্ষণৰ অন্তদর্শন শিক্ষণ পদ্ধতি ‘গেষ্টাল্ট’ তত্ত্বৰ লগত জড়িত। গেষ্টাল্ট এটা জার্মান শব্দ যাৰ অর্থ হৈছে ‘সমগ্র বা সম্পূর্ণ আকাৰ।’
সামগ্রীকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পর্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তদৰ্শন ক্ষমতাৰ লগত জড়িত হৈ থাকে । সামগ্রীকতাবাদী মনোবিজ্ঞানী সকলৰ মতে শিক্ষা সামগ্রীকভাবে সংঘটিত হয়।
কহলাৰে অন্তদৰ্শন শিক্ষণৰ বাবে চিম্পাঞ্জীৰ সৈতে কেইবাটাও পৰীক্ষা চলাইছিল। এটা পৰীক্ষাত তেওঁ ‘চুলটান’ নামৰ আটাইতকৈ বুধিয়ক চিম্পাঞ্জী এটাক এটা পিঞ্জৰাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। কিছুমান কল পিঞ্জৰাটোৰ বাহিৰত ৰখা হৈছিল। পিঞ্জৰাটোৰ ভিতৰত দুডাল সৰু লাঠী ৰখা হৈছিল। যেতিয়া চিম্পাঞ্জীটোৱে কলবোৰ দেখা পাইছিল, তেতিয়া সি কলবোৰ খাবলৈ ইচ্ছা কৰিছিল। প্ৰথম অৱস্থাত তাৰ খালী হাত দুখন বাহিৰলৈ মেলি দি কলখিনি পাবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্রত সি প্রচেষ্টা আৰু ভুল পদ্ধতি অনুসৰণ কৰিছিল। কিন্তু সি এই পদ্ধতিত কৃতকাৰ্যতা লাভ কৰিব পৰা নাছিল। কিছুসময় পিছত সি চাৰিওফালে চাইছিল আৰু দুডাল সৰু লাঠী পিঞ্জৰাটোৰ ভিতৰত দেখা পাইছিল। দুখন হাতত সি দুডাল লাঠী লৈ কলখিনি পাবলৈ চেষ্টা কৰিছিল। কিন্তু সি দেখিছিল যে দুহাতত থকা লাঠী দুডালেৰে কলকিনি ঢুকি পোৱা নাযায়। সি কোনো চেষ্টা নকৰাকৈ কিছু সময় এনেয়ে কটালে। কিছুসময়ৰ পিছত হঠাৎ এটা চিন্তা তাৰ মনলৈ আহিছিল যে দুডাল লাঠীৰে এডালৰ এটা মূৰ আনডালৰ লগত জোৰা দিব পাৰি। সি ভবামতে কামটো কৰিছিল, অৰ্থাৎ লাঠী দুডাল জোৰা লগাই দীঘল কৰি হাতেৰে ধৰি বাহিৰলৈ উয়িাই দিছিল। তেতিয়া কলখিনি ঢুকি পাইছিল। এইদৰে চুলটানে অন্তদৰ্শনৰ যোগেদি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছিল। পিছদিনাখন চুলটানক একে পৰিৱেশত ৰখা হৈছিল। এইবাৰো সি একে সমস্যাৰ সমাধান সহজে কৰিবলৈ সক্ষম হৈছিল।
12. অনুবন্ধনৰ শিক্ষণৰ বৈশিষ্ট্যসমূহ সমূহ লিখা।
উত্তৰ: অনুবন্ধন শিক্ষণৰ প্ৰধান বৈশিষ্ট্যবোৰ হ’ল
- শিক্ষণ হৈছে স্বাভাৱিক প্রতিক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজৰ সংযোগ সাধনৰ ফলস্বৰূপ।
- ই এক যান্ত্রিক প্রক্রিয়া।
- এই শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন।
- অনুবন্ধন শিক্ষণৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নহয়। ই ইন্দ্রিয় সম্বন্ধীয় (organic)।
13. অনুবন্ধনৰ শিক্ষণ শিক্ষাগত তাৎপর্য আলোচনা কৰা।
উত্তৰ: অনুবন্ধন শিক্ষাগত তাৎপৰ্যৰ বিষয়ে তলত দিয়া ধৰণে আমি ক’ব পাৰো-
- শাস্তি আৰু পুৰস্কাৰ অনুবন্ধনৰ লগত নিবিড়ভাবে জড়িত। পুৰস্কাৰে বন্ধন শক্তিশালী আৰু শাক্তিয়ে দুর্বল কৰে। পুৰস্কাৰে কোনো কাম ভালদৰে কৰিবলৈ শিক্ষার্থীক উৎসাহিত কৰে।
- এই পদ্ধতিৰ জৰিয়তে পৰিষ্কাৰ- পৰিচ্ছন্ন, নিয়মানুবর্তিতা, অনুশাসন আদিৰ দৰে ভাল অভ্যাসবোৰ ল’ৰা-ছোৱালীয়ে গঠন কৰিব পাৰে।
- পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ’লেও এই পদ্ধতি উপযোগী।এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি।
- জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰে।
- অনুবন্ধনৰ জৰিয়তে ভাষাৰ বিকাশ সাধন কৰিব পাৰি।
14) অনুবন্ধনৰ দ্বাৰা শিক্ষা কেনেদৰে সম্ভব হয় উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰ: শিক্ষাৰ কৌশল হিচাপে অনুবন্ধন প্রক্রিয়াৰ আৱিষ্কাৰ কৰিছিল ৰাছিয়াৰ বৈজ্ঞানিক আইভান পেভলভে। পেলভৰ মতে অনুবন্ধন শিক্ষা হৈছে কৃত্রিম উদ্দীপক আৰু প্রাকৃতিক প্রতিক্রিয়াৰ মাজৰ সংযোগ সাধনৰ ফল। অনুবন্ধনৰ অর্থই হৈছে প্রকৃতিক উদ্দীপক আৰু প্ৰাকৃতিক প্রতিক্রিয়াৰ সংশোধন কৰা। পেভলভে অনুবন্ধনৰ দ্বাৰাও যে শিক্ষণ সম্ভৱ হব পাৰে সেই কথাটো প্রমাণ কৰিছিল এটা কুকুৰৰ লগত কৰা পৰীক্ষাৰ দ্বাৰা তলত পৰীক্ষাটোৰ এটা চমু আলোচনা আগবঢ়োরা হ’ল।
পেভলভে এটা ভোকাতুৰ কুকুৰৰ সৈতে পৰীক্ষা চলাইছিল। প্রথম পৰ্যায়ত কুকুৰটোক মাংস (খাদ্য) দেখুওৱা হৈছিল। যেতিয়া কুকুৰৰ আগত মাংস দেখুওৱা হেছিল, তেতিয়া কুকুৰটোৰ মুখৰ পৰা লালটি ওলোৱা আৰম্ভ কৰিছিল। দ্বিতীয় পর্যায়ত এটা ঘণ্টা (Bell) বজোৱা হৈছিল। তাৰ স্বাভাৱিক প্রতিক্রিয়াস্বৰূপে কুকুৰটোৱে কাণ থিয় কৰি শুনিছিল, তৃতীয় পৰ্যায়ত তেওঁ কুকুৰটোক মাংস দিছিল আৰু লগতে ঘণ্টা বজাইছিল। এইক্ষেত্রত লালটি ওলোৱা প্রতিক্রিয়া দেখিবলৈ পোৱা গৈছিল। একে অৱস্থাত তেওঁ এই কার্য কেইবাদিনো কৰিছিল আৰু ফলাফল একে আছিল। শেষ পৰ্যায়ত মাত্র ঘণ্টা বজোৱা হৈছিল কিন্তু মাংস দিয়া নাছিল যদিও কুকুৰটোৰ আগত মাংস দিয়া নাছিল, তথাপি কুকুৰটোৰ মুখৰ পৰা লালটি ওলাবলৈ আৰম্ভ কৰিছিল। এইদৰে পেভলভে আৱিষ্কাৰ কৰিছিল যে ঘণ্টাৰ শব্দৰ (কৃত্ৰিম উদ্দীপক) প্রতিক্রিয়াস্বৰূপে কুকুৰটোৰ মুখৰ পৰা লালটি ওলাইছিল। আন ভাষাত ক’বলৈ হ’লে ঘণ্টাৰ শব্দত কুকুৰটোৱে লালটি উলিয়াবলৈ শিকিছিল। এনে প্রতিক্রিয়া হৈছে অস্বাভাৱিক তথা কৃত্ৰিম আৰু নতুন প্রতিক্রিয়া, যাক অনুবন্ধিত বা শিক্ষালব্ধ প্রতিক্রিয়া বুলি ক’ব পাৰি। সেয়েহে শিক্ষণ অনুবন্ধিত প্রতিক্ৰিয়াৰ ফল।
অনুবন্ধন শিক্ষণৰ পৰীক্ষামূলক কার্যপ্রণালীৰ সাংকেতিক ৰূপত তলত উপস্থাপন কৰা হ’ল-
S1 (মাংস) – R1 (লালটি)
S2 (ঘণ্টাৰ শব্দ) – R2 (শব্দৰ প্ৰতি প্ৰতিক্রিয়া)
S2+ S1 (ঘণ্টা + খাদ্য) – R1 (লালটি)
কেইবাবাৰো পুনৰাবৃত্তি কৰা হয়।
S2 (ঘণ্টা) – R1 (লালটি ওলোৱা, অনুবন্ধিত প্ৰতিক্রিয়া)
15. শিক্ষণৰ নীতি কেইটা উল্লেখ কৰা।
উত্তৰ: ই এল্ থর্ণডাইক শিক্ষণৰ ওপৰত বহুতো পৰীক্ষা চলাইছিল। পৰীক্ষাবোৰৰ পৰা তেওঁ শিক্ষণৰ কিছুমান সাধাৰণ বৈশিষ্ট্য দেখিবলৈ পাইছিল, যিবোৰ মানুহ তথা জন্তু উভয়ৰ ক্ষেত্রতে প্রযোজ্য। তেওঁ শিক্ষণৰ তিনিটা প্রধান নীতিৰ কথা উল্লেখ কৰিছিল। সেইবোৰ হ’ল-
- প্রস্তুতি নীতি
- ফলাফলৰ নীতি
- অনুশীলনৰ নীতি
16. ফলাফলৰ নীতি কি? ইয়াৰ শৈক্ষিক তাৎপর্য লিখা।
উত্তৰ: ফলাফলৰ নীতি অনুযায়ী শিক্ষণ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰে। যদি কোনো কাৰ্যৰ ফলাফল সন্তোষজনক হয়, শিক্ষার্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত হৈ পৰে। যদি ফলাফল অসন্তোষজনক হয়, শিক্ষার্থীয়ে তাক পুনৰ কৰিবলৈ বেছি উৎসাহিত নহয়। আন ভাষাত ক’বলৈ হ’লে অসন্তোষ জনক ফলাফলে বাৰম্বাৰ ক্ৰিয়া কৰিবলৈ নিৰুৎসাহিত কৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে যেতিয়া এজন ছাত্রই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে, তেতিয়া সি বেছিকৈ কৰিবলৈ উৎসাহিত হ’ব। যদি সি বাৰে বাৰে ব্যৰ্থ হয়, বেছিকৈ কৰিবলৈ উৎসাহিত নহ’ব। সেইবাবে এই নীতিক সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি বুলিও কোৱা হয়।এই নীতিয়ে এয়ে বুজায় যে যি বিষয়ে আনন্দ দিয়ে তাক সহজে শিকিব পাৰি আৰু যি বিষয়ে কষ্ট দিয়ে তাক সহজে শিকিব নোৱাৰি। এই নীতিক পুৰস্কাৰ আৰু শাস্তি সম্পর্কীয় নীতি বুলিও কাৱা হয়।
শ্রেণীকোঠাত ফলাফল নীতিৰ প্ৰয়োগ সম্পর্কে তলত আলোচনা কৰা হ’ল শিক্ষাৰ ক্ষেত্রত ফলাফল নীতিৰ তাৎপর্য অতি উল্লেখনীয়। শিক্ষন প্রচেষ্টাৰ ফলাফলৰ সন্তুষ্টিয়ে পৰবর্তী প্ৰচেষ্টাৰ বাবে শক্তিশালী ইন্ধন যোগায়। ফলত আৰু অধিক সফলতাৰ বাবে শিক্ষণ প্রচেষ্টা অব্যাহত থাকে। ফলাফলৰ নীতিৰ ওপৰত ভিত্তি কৰি কব পৰা যায় যে সার্থক শিক্ষাদানৰ বাবে শিক্ষা পৰিৱেশ সুখদায়ক আৰু আনন্দদায়ক কৰি তুলিব লাগে। শিক্ষকে শ্রেণী পৰিৱেশ আনন্দ দায়ক কৰাৰ লগতে ছাত্র-ছাত্রীক আগ্রহ বৃদ্ধিৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগে। আনন্দ বা তৃপ্তিয়ে শিক্ষার্থীষ মনত শিক্ষাৰ প্রতি ধনাত্মক মনোভাৱৰ সৃষ্টি কৰে। সেইবাবে শ্রেণী শিক্ষন এনেদৰে নিয়ন্ত্রণ কৰিব লাগে যাতে পাঠ্যবস্তু আৰু ফলাফল দুয়োটা শিক্ষার্থীৰ বাবে সন্তুহ জনক হয়। এই নীতিৰ মতে শিক্ষাৰ ক্ষেত্রত ‘পুৰস্কাৰ আৰু শাস্তি’ৰ ব্যৱস্থা থাকিব লাগে। শিকিবলগীয়া বিষয় সঠিকভাবে শিকিলে শিক্ষার্থীক পুৰস্কাৰ প্রদান কৰিব লাগে অর্থাৎ শিক্ষণ কার্যক শিক্ষকসকলে প্রশংসা, স্বীকৃতি আদিৰে উৎসাহিত কৰিব লাগে আৰু ঠিক তেনেদৰে শিক্ষার্থীৰ অবাঞ্চিত আচৰণ সংশোধনৰ বাবে প্রয়োজন সাপেক্ষে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।
17. অনুশীলনৰ নীতি কি? শ্ৰেণী পৰিৱেশত এই নীতিৰ প্ৰয়োগ সম্পৰ্কে লিখা।
উত্তৰ: থণডাইকৰ মতে শিক্ষণক স্থায়ী ৰূপ প্রদান কৰিবৰ বাবে অনুশীলন এক অতি গুৰুত্বপূর্ণ চর্ত। অনুশীলনৰ সহায়ত উদ্দীপক আৰু প্রতিক্রিয়াৰ মাজৰ বন্ধন দৃঢ় হব আৰু অনুশীলনৰ অভাৱত এই বন্ধন দুর্বল হব। এই অনুশীলনৰ নীতিক দুটা ভাগত ভগাব পাৰি । এই নীতি দুটা হল ব্যৱহাৰ নীতি আৰু অব্যৱহাৰ । ব্যবহাৰৰ নীতি অনুসৰি এবাৰ সংযোগ স্থাপনৰ পিছত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ বন্ধন গাঢ় কৰিবলৈ হ’লে সেই সাংযোগ স্থাপন ক্রিয়াৰ পুনৰা বৃত্তি বা অনুশীলনৰ প্রয়োজন। আনহাতে, অব্যৱহাৰৰ নীতি অনুযায়ী উদ্দীপক আৰু প্রতিক্রিয়াৰ মাজত সংযোগ স্থাপন ক্রিয়াৰ পুনৰাবৃত্তিৰ অভাৱত শিথিল হৈ পৰে। থণডাইকে এই নীতি ব্যাখ্যা কৰি কৈছিল যে কোনো- পৰিবর্তনশীল উদ্দীপক আৰু প্রতিক্রিয়াৰ বন্ধন স্থাপনৰ পিছত যদি বহুদিন চর্চা নহয় তেতিয়া এই বন্ধন নাইকিয়া হৈ যায়।
শিক্ষকে অনুশীলনৰ নীতি শ্ৰেণী পৰিৱেশত প্রয়োগ কৰিব পাৰে। যদি প্রয়োজন হয়, এজন শিক্ষকে এটা পাঠ বাৰে বাৰে শিক্ষাৰ্থীক শিকাব লাগে, যাতে শিক্ষার্থীয়ে স্পষ্টকৈ পাঠটো বুজিব পাৰে। শিক্ষার্থীক তেওঁলোকে আহৰণ কৰা বিভিন্ন বিষয় জ্ঞান সজীৱ কৰি ৰাখিবলৈ সুবিধা দিব লাগে। পুনৰাবৃত্তিৰ জৰিয়তে শিকাৰুৰ কৌশল, কর্মদক্ষতা আৰু হস্তনিপুণতা বৃদ্ধি হয়। শিক্ষাৰ্থীৰ অবাঞ্চিত আচৰণ আৰু কাৰ্যৰ পুনৰাবৃত্তি বন্ধ কৰি তাক নাইকিয়া কৰিব পাৰি। শিক্ষকে পুনৰাবৃত্তি বা অনুশীলনৰ জৰিয়তে শিক্ষাৰ্থীক সদায় ভাল অভ্যাস গঠন কৰিবলৈ উপদেশ দিয়া উচিত। কাৰণ সু- অভ্যাসে সুচৰিত্ৰ গঠন কৰে আৰু সু-চৰিত্ৰই এজন ভাল মানুহৰ সৃষ্টি কৰে।
18. প্ৰস্তুতিৰ নীতি কি? শ্ৰেণী পৰিৱেশত এই নীতিৰ প্ৰয়োগ আলোচনা কৰা।
উত্তৰ: থৰ্নডাইকৰ প্ৰস্তুতি নীতিত নিৰ্ধাৰিত উদ্দীপকৰ লগত তাৰ উপযোগী প্ৰতিক্ৰিয়াৰ সার্থক সংযোগ সাধনৰ বাবে যে শিক্ষার্থীৰ প্রস্তুতিৰ প্রয়োজন এই কথাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। এই নীতিয়ে শিক্ষানৰ ক্ষেত্রত প্রস্তুতিৰ ওপৰত গুৰুত্ব দিয়ে ।যেতিয়া এজন শিক্ষার্থীয়ে কোনো বিষয় শিকিবৰ বাবে এই প্রস্তুত হয় তেতিয়া অতি সোনকালে শিক্ষণ আয়ও কৰিব পাৰে। এই শিক্ষণত ছাত্র- ছাত্ৰী য়ে আনন্দ লাভ কৰে। কিন্তু যেতিয়া ছাত্র- ছাত্রীয়ে বিষয়বস্তু শিকাৰ বাবে প্রস্তুত নহয় তেতিয়া তেওঁ লোকে বিষয়টো ভালদৰে শিকিব নোৱাৰে। থণডাইকৰ মতে শিক্ষনৰ বাবে শিক্ষার্থীৰ দৈহিক আৰু মানসিক প্রস্তুতিৰ প্রয়োজন হয়।
শিক্ষকে শিক্ষার্থীৰ আগত এটি পাঠ শিকাবলৈ যাওঁতে শিক্ষার্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা ভালদৰে জনা উচিত। যদি শিক্ষার্থীয়ে পাঠটো শিকাৰ বাবে প্রস্তুত হয়, তেতিয়া পাঠটো আৰম্ভ কৰিব লাগে। প্রয়োজন হ’লে শিক্ষকে এইক্ষেত্রত শিক্ষাৰ্থীৰ মনত অভিপ্ৰায়ৰ সৃষ্টি কৰিব লাগে। কিয়নো যদি পাঠ্যক্ৰম সিহঁতৰ বাবে উপযোগী নহয়, তেন্তে মনত অসন্তুষ্ট ভাৱৰ সৃষ্টি হ’ব পাৰে। ফলত শিক্ষণ প্রস্তুতিত বাধা আহিব পাৰে। মুঠতে প্রস্তুতি নহ’লে কোনো শিক্ষণ ফলৱতী হ’ব নোৱাৰে। শিক্ষক আৰু শিক্ষার্থী উভয়ে শিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব।
Class 12 Education All Question Answer– Click Here
Class 12 Education Chapter 4| শিক্ষণ – সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 4 in Assamese Medium
HS 2nd Year Education Chapter 4 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam