Class 12 Education Chapter 5(B) | মনোযোগ আৰু আগ্রহ (খ)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
মনোযোগ আৰু আগ্রহ (খ)
Class 12 Education Chapter 5(B) | মনোযোগ আৰু আগ্রহ (খ)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 5(B) in Assamese Medium
পঞ্চম অধ্যায়
মনোযোগ আৰু আগ্রহ (খ)
1. মনোযোগ কি? মনোযোগৰ বৈশিষ্ট্য সমূহ লিখা।
উত্তৰ: সাধাৰণভাৱে মনোযোগ শব্দৰ অর্থ হ’ল মনক একান্তভাবে যুক্ত কৰা এক প্রক্রিয়া। অর্থাৎ, কোনো বস্তু বা ধাৰণাৰ লগত মনক এককভাবে সংযুক্ত কৰা অথবা কোনো বস্তু বা ধাৰণা সম্পর্কে একান্ত ভাৱে সচেতন হোৱাকে মনোযোগ বুলি কোৱা হয়। জীবনৰ শিক্ষা, অভিজ্ঞতা লাভ কৰিবলৈ মনোযোগ প্রদানৰ বিশেষ প্ৰয়োজন। প্রকৃতার্থত মনোযোগ প্রদানৰ অবিহনে কোনো শিক্ষণ বা অভিজ্ঞতা আয়ত্ত অবিহনে কোনো শিক্ষণ কৰিব নোৱাৰি।
ৰাইবাৰ্ণৰ মতে ” মনোযোগ ব্যক্তিত্বৰ এনে কাৰ্য য’ত অনুভূতি, ইচ্ছাৰ লগতে বোধশক্তি নামৰ মৌলিক ক্রিয়াও নিহিত থাকে।”
জেমছ ৰচৰ মতে “মনোযোগ এক প্ৰক্ৰিয়া যাৰ জৰিয়তে এক চিন্তনীয় বিষয় মনত স্পষ্ট কৰি তোলা হয়।”
মনোযোগৰ বৈশিষ্ট্য সমূহ হৈছে –
ক) মনোযোগ মনৰ শক্তি নহয়, ই এক মানসিক ক্রিয়াহে।
খ) মনোযোগৰ ক্ষেত্ৰত সচেতন মনক পৰিৱেশৰ কোনো বিষয় বা বস্তুৰ ওপৰত আৰোপিত কৰা হয়।
গ) আমাৰ পঞ্চেন্দ্রিয়ক প্ৰভাৱিত কৰা সকলো বিষয় প্রতি মনোযোগ প্রদান কৰা নহয়, মনোযোগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ কৰা হয়।
ঘ) নির্বাচনধর্মিতা মনোযোগৰ এক বিশেষ বৈশিষ্ট্য। মনোযোগ প্রদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নিৰ্বাচন কৰি লয়।
ঙ) মনোযোগ গতিশীল। এটা বস্তু বা বিষয়ৰ ওপৰত মনোযোগ বেছি সময় ধৰি ৰাখিব নোৱাৰি। ই এটা বিষয় পৰা আন এটা বিষয়লৈ অতি ক্ষীপ্র গতিকে সঞ্চাৰিত হোৱা দেখা যায়।
2. মনোযোগৰ চৰ্ত্ত বা কাৰণ সমূহ লিখা। (HS 2017)
উত্তৰ: মনোযোগক মনৰ নিৰ্বাচনধর্মী কার্য বুলি কোৱা হয়। বাহ্য জগতৰ অনেক উদ্দীপকে আমাৰ মনত প্রভাৱ পেলায় যদিও, সেই বিষয় বিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী উদ্দীপক বাচি লৈ তাৰ প্রতিহে মনোযোগ দিয়া হয়।
মানুহৰ মনোযোগ বিশেষকৈ দুটা দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণ বা দিশ দুটা হৈছে-
(ক) বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু
(খ) আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ।
(ক) বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ – মনোযোগ অধিকভাৱে বাহ্যজগতৰ বিষয়বস্তুৱে নিৰ্ধাৰণ কৰে। উদ্দীপকৰ কেতবোৰ বৈশিষ্ট্যপূৰ্ণ অৱস্থাই বাহ্যিকভাবে ব্যক্তি মন আকৰ্ষণ কৰে। এই ক্ষেত্ৰত যিবিলাক বাহিৰা নিৰ্দ্ধাৰকৰ দ্বাৰা মনোযোগ আকর্ষিত হয়, তাকেই মনোযোগৰ বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ বোলা হয়। মনোযোগ নিৰ্ভৰ কৰা এনে বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ সমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হল।
(a) আকাৰ বা আকৃতি: উদ্দীপকৰ আকৃতি মনোযোগৰ এক উল্লেখযোগ্য কাৰণ, সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আমাৰ মন সহজেই আকর্ষিত হয়। সেই কাৰণে ই ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পোষ্টাৰ আদি ঠায়ে ঠায়ে আঁৰি দিয়া হয়।
(b) তীব্রতা: শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজেই আকর্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতি আমাৰ মনোযোগ আকর্ষিত হয়। শিক্ষকৰ সুমধুৰ মাতে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকর্ষিত কৰে।
(c) নতুনত্ব: বিষয়বস্তুৰ নতুনত্বই আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰে। সেয়েহে কোনো অভিনব বস্তুৰ প্ৰতি আমাৰ মনত সহজে আকৰ্ষিত হয়। এনে কাৰণতে শিশুৰ বাবে নতুন পুতলা, ছাত্ৰৰ বাবে নতুন কিতাপ সদায়ে আকর্ষণীয় হয়।
(d) গতিশীলতা: স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মন আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক। সেইবাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখন আমাৰ অধিক মনোযোগৰ বিষয় হৈ উঠে।
(e) উজ্জ্বলতা: উজ্জ্বল বস্তুৰ প্রতি স্বাভাৱিকতেই মন আকর্ষিত হোৱা দেখা যায়। সেইবাবে সৰু ল’ৰা-ছোৱালীৰ কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয়।
(খ) বস্তুনিষ্ঠ বা আভ্যন্তৰীণ কাৰণ- মনোযোগৰ ব্যক্তিসাপেক্ষ বা আভ্যন্তৰীণ কাৰণবিলাকে ব্যক্তিমনৰ সহজাত প্রবৃত্তি, অনুভূতি, আগ্রহ, শিক্ষা আদি মানসিক অৱস্থাৰ ওপৰত প্রতিষ্ঠিত। এইবিলাকক আভ্যন্তৰীণ বোলা হয়। এনে আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণসমূহৰ বিষয়ে তলত আলোচনা কৰা হল-
(a) আগ্রহ: বিষয়ৰ প্ৰতি আগ্ৰহে মনোযোগ সৃষ্টি কৰে। আগ্ৰহৰ অভাৱত মনোযোগ দিব পৰা নাযায়। সেইবাবেই মেকডুগেলে আগ্রহক মনোযোগৰ এক অন্তর্নিহিত অৱস্থা ৰূপে বর্ণনা কৰিছে। গতিকে আগ্রহ মনোযোগৰ প্ৰধান চর্ত বিশেষ।
(b) সহজাত প্রবৃত্তি: জীৱই জন্মসূত্রে লাভ কৰা অন্তর্নিহিত জৈৱিক প্ৰৱণতা হৈছে সহজাত প্রবৃত্তি। এনে প্রবৃত্তিৰ তাড়ণাত আমি বিভিন্ন বস্তু, কাৰ্য্য বা ঘটনাৰ প্ৰতি মনোযোগ অনুভৱ কৰো। সন্তানৰ প্ৰতি মাতৃৰ অনুৰাগ এনে প্রবৃত্তিৰ দ্বাৰা পৰিচালিত হয়।
(c) কামনা বা বাসনা: কামনা বাসনাৰ দ্বাৰাও মনোযোগ প্রক্রিয়া প্রভাৱান্বিত হয়।
(d) অভ্যাস: কোনো বিষয় বা কামত অভ্যাস গঠিত হ’লেও পিছত সিয়েই মনোযোগৰ কাৰণ হোৱা দেখা যায়।
(e) পূর্ব অভিজ্ঞতা: পূর্ব অভিজ্ঞতাৰ স্মৃতি চাপেও মনোযোগ দৃঢ় কৰে।
3. মনোযোগৰ প্ৰকাৰ সমূহ আলোচনা কৰা।
উত্তৰ: মনোযোগৰ স্বৰূপ আৰু বৈশিষ্ট্যৰ ভিত্তিত ইয়াক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে। সেই কেইটা হৈছে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ আৰু অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ।
ক) ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ- ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বুলিলে সেই মনোযোগক বুজা যায় যি মানুহৰ মনৰ পৰা ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনো বস্তু বা বিষয়লৈ যায়। যেতিয়া এজন ব্যক্তিয়ে দৈহিক আৰু মানসিকভাৱে মনোযোগ প্ৰদানৰ বাবে প্রস্তুত হয় আৰু নিজ ইচ্ছাৰে মনোযোগ প্ৰদান কৰে তাক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয়। ব্যক্তিৰ মনৰ তীব্ৰ আগ্ৰহৰ বা ইচ্ছাৰ ফলশ্রুতি হিচাপে এইবিধ মনোযোগৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে যিসকল শিক্ষার্থীৰ অধ্যয়নৰ প্রতি স্পৃহা আছে, জীৱনত প্রতিষ্ঠিত হোৱাৰ আকাংক্ষা আছে তেওঁলোকৰ বাধা-বিঘিনি থাকিলেও অধ্যয়নত মনোযোগ দিব।
ঐচ্ছিক মনোযোগক মনোবিদসকলে দুটা ভাগত ভাগ কৰিছে ইয়াৰে এবিধ স্পষ্ট বা নিশ্চিত আৰু আনবিধ অনুমিত।
স্পষ্ট বা নিশ্চিত ঐচ্ছিক মনোযোগ এনে এবিধ মনোযোগ য’ত ব্যক্তিয়ে পৰিৱেশৰ প্ৰয়োজনীয়তা বা প্ৰভাৱৰ ফলত কোনো এবিধ বস্তু বা বিষয়ৰ প্ৰতি স্পষ্ট অথবা নিশ্চিতভাৱে ইচ্ছাকৃত মনোযোগ প্রদান কৰে। গতিকে ক’ব পাৰি যে এইবিধ ঐচ্ছিক মনোযোগ পৰিৱেশৰ কোনো কাৰকৰ প্ৰভাৱৰ ফলত নিশ্চিতভাৱে প্ৰদান কৰা হয়। উদাৰণস্বৰূপে পৰীক্ষাৰ সময়ত দিয়া মনোযোগ।
অনুমিত ঐচ্ছিক মনোযোগ স্পষ্ট বা নিশ্চিত মনোযোগৰ সম্পূৰ্ণ বিপৰীতধর্মী মনোযোগ। এইবিধ মনোযোগ পৰিৱেশৰ বাহ্যিক কাৰকৰ দ্বাৰ সৃষ্টি নহয়। ই এজন ব্যক্তিৰ অন্তৰৰ পৰা উদ্ভৱ হোৱা মনোযোগ। যেতিয়া কোনো এক বিষয় বা বস্তুৰ প্রতি এজন ব্যক্তিৰ মন, মানসিক ভাৱ-অনুভূতি আদি জড়িত হৈ থাকে, তেতিয়া সেই বিষয়ৰ প্ৰতি যি গভীৰ মনোযোগৰ সৃষ্টি হয় সেয়েই অনুমিত ঐচ্ছিক মনোযোগ।
(খ) অনৈচ্ছিক বা অনিচ্ছাকৃত মনোযোগ- অনৈচ্ছিক মনোযোগ ঘাইকৈ উদ্দীপকৰ তীব্ৰতা আৰু আকর্ষণীয় ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। ই ব্যক্তিমনৰ নিজস্ব ইচ্ছা- পর পাৰি। অনিচ্ছা বা ভাৱ-অনুভূতিৰ ওপৰত নিৰ্ভৰশীল নহয়। পৰিৱেশৰ কোনো বিষয় বা বস্তু যদি অতিশয় আকর্ষণীয় অথবা প্রভাৱশালী হয়, সি সহজেই ব্যক্তিক উদ্দীপিত কৰে আৰু ফলস্বৰূপে ইচ্ছাহীন অৱস্থাতো মনোযোগ প্রদানৰ বাবে বাধ্য হয়। উদাহৰণস্বৰূপে ৰাস্তাৰ গাড়ীৰ তাৱ হৰ্ণ, উজ্জল পোহৰ আদিলৈ অনিচ্ছাকৃভাবে হ’লেও স্বতঃস্ফূর্তভাৱে মনোযোগ দিয়া হয়।
অনৈচ্ছিক মনোযোগক মনোবিদসকলে দুটা ভাগত ভাগ কৰিছে – আৰোপিত আৰু স্বতঃস্ফূর্ত |
আৰোপিত অনৈচ্ছিক মনোযোগ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মনোযোগ প্ৰদান নকৰে, বৰঞ্চ পৰিৱেশৰ কোনো শক্তি শালী বিষয় বা বস্তুৰ বাবে মনোযোগ দিবলৈ বাধ্য হয়। উদাৰণস্বৰূপে ডাঙৰ শব্দ, গাড়ী হৰণ আদি।
স্বতঃস্ফূর্ত অনৈচ্ছিক মনোযোগত কোনো আগ্রহৰ বিষয়বস্তুৰ প্ৰতি ব্যক্তিয়ে আপোনা-আপুনি বা স্বতঃস্ফূর্তভাবে মনোযোগ প্ৰদান কৰে। উদাহৰণস্বৰূপে এজন ক্রিকেটপ্রেমীৰ খেল প্রতি থকা মনোযোগ।
4. ভাৱাত্মক আৰু সংবেদনাত্মক মনোযোগ বুলিলে কি বুজা? (HS 2017)
উত্তৰ: মনোযোগ যেতিয়া এজন ব্যক্তিৰ নিজস্ব ভাৱ- অনুভূতিৰ ওপৰত নিৰ্ভৰশীল হয়, সেই মনোযোগক ভাৱাত্মক মনোযোগ বোলা হয়। এই মনোযোগ ইন্দ্ৰিয় উদ্দীপনাৰ জৰিয়তে সৃষ্টি নহয় আৰু ইয়াক বাহিৰৰ শক্তিশালী উদ্দিপকেও প্ৰভাৱ পেলাব নোৱাৰে।
পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে কোনো উদ্দীপকৰ ওপৰত মনোযোগ প্ৰদান কৰা হয় তাকে সংবেদনাত্মক মনোযোগ বোলে। গতিকে ইন্দ্ৰিয়ৰ সহায়েৰে সংবেদনাত্মক মনোযোগ সৃষ্টি হয়। এইবিধ মনোযোগ ঘাইকৈ তিনিবিধ কাৰক বা অৱস্থাৰ ওপৰত নিৰ্ভব কৰে-উদ্দীপকৰ আকর্ষণীয় ক্ষমতা, পঞ্চেন্দ্রিয়ব কার্যকুশলতা আৰু মস্তিষ্কৰ প্রতিক্রিয়াশীল শক্তি।
5. বিশ্লষণাত্মক আৰু সংশ্লেষণাত্মক মনোযোগ বুলিলে কি বুজা? (HS 2018)
উত্তৰ: কোনো বিষয়বস্তুৰ সকলো দিশ বিচাৰ কৰি যেতিয়া মনোযোগ নিবদ্ধ কৰা হয়, তাক বিশ্লেষণাত্মক মনোযোগ বোলে। উদাহৰণস্বৰূপে কাপোৰ এযোৰ ক্ৰয় কৰাৰ সময়ত দাম, কাপোৰৰ গুণাগুণ, ৰঙৰ সংমিশ্রণ আদি সকলো দিশলৈ মনোযোগ প্রদান কৰাতো বিশ্লেষণাত্মক মনোযোগ।
যেতিয়া বিষয়বস্তুটোক এক গোট বা একক হিচাপে ধৰি লৈ মনোযোগ প্ৰদান কৰা হয় তাক সংশ্লেষণাত্মক মনোযোগ বোলে। উদাহৰণস্বৰূপে এখন ছবি নিৰীক্ষণ কৰোঁতে যেতিয়া পৃথক পৃথক হিচাপে পর্যবেক্ষণ নকৰি যেতিয়া একক হিচাপে ছবিখনৰ প্রতি মনোযোগ দিয়া হয়।
6. আগ্ৰহৰ বৈশিষ্ট্য সমূহ লিখা। (HS 2018)
উত্তৰ: আগ্ৰহৰ বৈশিষ্ট্যসমূহ হৈছে
(ক) আগ্রহ মনৰ এক অন্তর্নিহিত অৱস্থা যি মনোযোগ প্রদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায়।
(খ) আগ্রহ ব্যক্তিৰ নানাধৰণৰ অনুভূতি জড়িত অভিজ্ঞতাৰ পৰা উদ্ভৱ হ’ব পাৰে।
(গ) আগ্রহক মনোযোগৰ প্ৰধান কাৰক বুলি বিবেচনা কৰা হয়।
7. আগ্রহ কি? (HS 2018)
উত্তৰ: আগ্রহ হৈছে মনোযোগৰ সবাতোতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূর্ণ আভ্যন্তৰীণ কাৰক অর্থাৎ আগ্রহে আমাক মনোযোগ প্রদানৰ বাবে উৎসাহিত কৰে। ‘আগ্রহ’ শব্দৰ ইংৰাজী প্রতিশব্দ ‘Interest’ । যাৰ অর্থ হৈছে ‘It matters আৰু It concerns , অর্থাৎ কিবা ক্ষেত্রত গুৰুত্ব থকা আৰু কোনো বিষয়ৰ লগত সম্বন্ধ স্থাপন কৰা আদি। আগ্রহে কোনো বিশেষ কাম বা বিষয়ৰ প্রতি আকৃষ্ট কৰে।
ক্ৰ’ আৰু ক্ৰ’ মতে আগ্রহ হ’ল এনে এক প্রেৰণাদায়ক বা অভিৰোচন সৃষ্টিকাৰী শক্তি যি আমাক কোনো ব্যক্তি, বস্তু অথবা কাৰ্যৰ প্রতি মনোনিবেশ কৰিবলৈ বাধ্য কৰি তোলে।
Class 12 Education All Question Answer–
Class 12 Education Chapter 5| মনোযোগ আৰু আগ্রহ (খ)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 5 in Assamese Medium
HS 2nd Year Education Chapter 5 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam