Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium
স্মৃতি আৰু বিস্মৃতি (ক)
Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 5(A) in Assamese Medium
পঞ্চম অধ্যায়
স্মৃতি আৰু বিস্মৃতি (ক)
1. স্মৃতি কি? ইয়াৰ সংজ্ঞা দিয়া। (HS 2016)
উত্তৰ: স্মৃতি হৈছে এনে এক প্রক্রিয়া যাৰ সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণ পুনঃ স্মৰণ কৰিবলৈ আমি সমর্থ হওঁ। আমি যি বিষয় বা বস্তু প্রত্যক্ষ কৰো অর্থাৎ অভিজ্ঞতা লাভ কৰো তাৰ একোটা চাপ আমাৰ মনত ৰৈ যায়। কিন্তু চেতন মনে আমাৰ সকলোবোৰ অভিজ্ঞতাৰ সাঁচ ধৰি ৰাখিব নোৱাৰে গতিকে চেতন মনৰ পৰা অভিজ্ঞতাৰ সাঁচবোৰ অবচেতন মনত ঠাই লয়। প্রয়োজন বোধে সেই বোৰক আমাৰ চেতন মনলৈ আনিব পাৰি আৰু মনৰ এই অবচেতন স্তৰৰ পৰা পূর্ব অভিজ্ঞতাক স্থানান্তৰিত কৰা কার্যই হল স্মৰণ কাৰ্য।
জেমচ এচ ৰ’চৰ মতে “স্মৃতি হৈছে পূর্ব অভিজ্ঞতাৰ প্ৰৱণতাৰ দ্বাৰা নিৰ্দ্ধাৰিত এক নতুন অভিজ্ঞতা। এই দুয়োবিধৰ মাজৰ সম্বন্ধ স্পষ্টভাৱে অনুমেয়।”
ৰাইবাৰ্ণ মতে “অভিজ্ঞতা সঞ্চয়ণৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পাৰা যি ক্ষমতা তাকেই স্মৃতি বুলি কোৱা হয়।”
2. স্মৃতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: স্মৃতি হৈছে এক মানসিক কাৰ্য যাৰ জৰিয়তে আমি পুৰণি অভিজ্ঞতা চেতন মনলৈ পুনৰ উদ্ধাৰ কৰিব পাৰো। স্মৃতিৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত কৰা হয় । ইয়াৰে কিছুমান বৈশিষ্ট্য তলত আলোচনা কৰা হ’ল-
ক) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়োজন :- আমাৰ সকলোৰে শৰীৰত পাঁচবিধ ইন্দ্রিয় আছে। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্বকৰণ অতিশয় প্রয়োজনীয়। ইন্দ্রিয় গ্রাহ্য অভিজ্ঞতাৰ অবিহনে স্মৃতি প্রক্রিয়া অসম্ভৱ।
খ) সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা :- প্রত্যেক ব্যক্তিৰেই মনৰ সংৰক্ষণৰ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। এই শক্তি প্রয়োগৰ দ্বাৰাই স্মৃতি লাভৰ বাবে বিভিন্ন অভিজ্ঞতাৰ চাপ মনত সংৰক্ষিত কৰি ৰখা হয়।
গ) পুনঃস্মৰণৰ প্ৰয়োজন :- স্মৃতিৰ মন কৰিবলগীয়া বৈশিষ্ট্য এয়ে যে ইয়াক লাভৰ বাবে পুনঃস্মৰণৰ বিশেষ প্রয়োজন। এইখিনিতে এইটোও উল্লেখনীয় যে পুনঃস্মৰণ সঠিক হোৱা বাঞ্চনীয়।
ঘ) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা:- মানসিক স্বাস্থ্য অসুস্থ আৰু দুৰ্বল হ’লে ব্যক্তিয়ে যুক্তিসংগতভাবে শিক্ষণ বা অভিজ্জ্বতা লাভ কৰিবলৈ অপাৰগ হয়। ফলস্বৰূপে স্মৃতি লাভৰ ক্ষেত্ৰটো বিপবৰ্যয় ঘটিব পাৰে। গতিকে শুদ্ধ পুনঃস্মৰণৰ বাবে সুস্থ মানসিক স্বাস্থ্যৰ বিশেষ প্রয়োজন।
ঙ) পুনৰাবৃত্তিৰ প্ৰয়োজন:- যিকোনো শিক্ষণ বা অভিজ্ঞতাৰ সংৰক্ষণৰ বাবে পুনৰাবৃত্তি নিতান্তই প্রয়োজন। পুনৰাবৃত্তিয়ে স্মৃতি লাভতো সহায় কৰে। যিকোনো শিক্ষণ বা অভিজ্ঞতালাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ’লে পাহৰণিৰ প্ৰভাৱ বেছি হয়।
3. স্মৃতিৰ প্ৰকাৰসমূহ আলোচনা কৰা। (HS 2017)
উত্তৰ: স্মৃতি প্ৰক্ৰিয়াৰ বিভিন্ন বৈশিষ্ট্য আৰু স্বৰূপৰ ওপৰত নিৰ্ভৰ কৰি মনোবিদসকলে ইয়াক কেবাটাও ভাগত ভাগ কৰিছে। স্মৃতি মুখ্য ভাগ সমূহ তলত আলোচনা কৰা হল-
ক) প্রতিৰূপ স্মৃতি – প্রতিৰূপ স্মৃতি সম্পূর্ণভাবে মনত সঞ্চিত প্ৰতিৰূপৰ ওপৰত নিৰ্ভৰশীল। এইবিধ স্মৃতি লাভৰ বাবে অতীত অভিজ্ঞতা বা শিক্ষণৰ প্ৰতিৰূপসমূহ মনত সঞ্চিত হোৱাৰ নিতান্তই প্রয়োজন। এইবিধ স্মৃতি লাভৰ বাবে এজন ব্যক্তিৰ বিভিন্ন মানসিক গুণ যেনে-উচ্চখাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্রতিৰূপ সংৰক্ষণ আৰু পুনঃস্মৰণৰ ক্ষমতা আদিৰ দৰকাৰ।
খ) অভ্যাস স্মৃতি – অভ্যাস স্মৃতি যিকোনো ক্ৰিয়াৰ যান্ত্রিকভাবে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বোলা হয়। এই স্মৃতি লাভৰ ক্ষেত্ৰত মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত বেছি গুৰুত্ব প্রদান নকৰি দৈহিকভাৱে অঙ্গসঞ্চালনৰ পুনৰাবৃত্তিৰ ওপৰত অধিক মনোযোগ দিয়া হয়। সেয়েহে ইয়াক একধৰণৰ দৈহিক স্মৃতি চাপ বুলিব পাৰি। উদাহৰণস্বৰূপে তবলাবাদক এজনে তবলা বজাবৰ বেলিকা এনে স্মৃতি প্রয়োগ কৰে বুলি ক’ব পাৰি।
গ) দীর্ঘকালীন স্মৃতি – দীর্ঘকালীন স্মৃতি ক্ষেত্ৰত শিক্ষণ বা অভিজ্ঞতা আহৰণ আৰু স্মৃতি লাভৰ মাজত সময়ৰ ব্যৱধান অধিক। উদাহৰণস্বৰূপে এজন বয়স্ক লোকে যেতিয়া ল’ৰালিকালৰ কোনো ঘটনা মনত পেলায়, সেয়া দীর্ঘকালীন স্মৃতি। বহুদিনৰ বিৰতিৰ পাছত স্মৃতি লাভ কৰিব পৰাতো সকলোৰে বাবে সহজ নহয়, কেৱল যিসকলৰ সংৰক্ষণ ক্ষমতা সবল, মনৰ আগ্রহ-অনুভূতিও তীব্র তেনে লোকেহে দীর্ঘকালীন স্মৃতি সহজে লাভ কৰিব পাৰে।
ঘ) তৎকালীন স্মৃতি – তৎকালীন স্মৃতিৰ ক্ষেত্ৰত শিক্ষণ অভিজ্ঞতা আহৰণ আৰু স্মৃতি লাভৰ মাজৰ সময়ৰ ব্যৱধান তেনেই কম। গতিকে কিবা এটা কথা শিকা বা অভিজ্ঞতা লাভৰ পাছত তৎক্ষণাতেই যেতিয়া স্মৃতিৰ প্রয়োগ কৰিবলগীয়া হয়, তেনে স্মৃতিক তৎকালীন স্মৃতি বোলা হয়। উদাহৰণস্বৰূপে এখন কাকতৰ সাংবাদিকে কোনো এখন সভাত উপস্থিত থাকি যেতিয়া কাৰ্যাৱলীৰ বিষয়ে লিখি থাকে তেতিয়া তৎকালীন স্মৃতিৰ প্ৰয়োগ কৰা হয়।
ঙ) যুক্তিপূর্ণ স্মৃতি বা যৌক্তিক স্মৃতি :- এইবিধ এক উন্নত ধৰণৰ স্মৃতি। কাৰণ ই যান্ত্ৰিক পুনৰাবৃত্তিৰ দ্বাৰা গঠিত নহয়। অন্ধ পুনৰাবৃত্তিৰ বিপৰীতে ইয়াত নিজৰ বৌদ্ধিক ক্ষমতা, যুক্তি-তর্ক বিশ্লেষণ ক্ষমতা আদি প্রয়োগেৰে শিক্ষণ বা অভিজ্ঞতাৰ চাপ সংৰক্ষণ কৰি স্মৃতি লাভৰ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে শিক্ষার্থীসকলে সাধাৰণতে গণিতৰ সমস্যা সমাধান কৰোতে, কম্পিউটাৰ শিকোতে বা বিজ্ঞানাগাৰত নানাধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্রয়োগ কৰে।
চ) মুখস্থ স্মৃতি – মুখস্থ স্মৃতি কেৱল মৌখিকভাৱে পুনৰাবৃত্তি কৰি কোনো শিক্ষণ বা অভিজ্ঞতাৰ চাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। ই অলপ নিম্নমানৰ স্মৃতি। কাৰণ ইয়াত ব্যক্তিৰ বৌদ্ধিক ক্ষমতা, বিশ্লেষণাত্মক গুণ আদিৰ প্রয়োগ নহয়। কেৱল মৌখিক পুনৰাবৃত্তিৰ ওপৰত ই নির্ভৰশীল।
ছ) সংবেদনাত্মক স্মৃতি :- আমাৰ প্ৰত্যেকৰে দেহত পাঁচটা ইন্দ্ৰিয় আছে আৰু প্রতিবিধ ইন্দ্ৰিয়ৰ নিজস্ব বিশেষ বিশেষ কার্যক্ষমতা আছে। এই ইন্দ্ৰিয়সমূহৰ যোগেৰে আমি পৰিৱেশৰ পৰা নানাধৰণৰ জ্ঞান-অভিজ্ঞতা লাভ কৰিবলৈ সমর্থ হওঁ। যেতিয়া শৰীৰৰ চকু, কাণ, নাক, জিভা আৰু চাল- এই পঞ্চইন্দ্ৰিয়সমূহ প্রয়োগেৰে যি স্মৃতি লাভ হয় সেয়ে সংবেদনাত্মক স্মৃতি। শিশুসকলৰ ক্ষেত্ৰত এই স্মৃতি সঘনাই ব্যৱহৃত হোৱা দেখা যায়।
জ) অনুষংগমূলক স্মৃতি – অতীতত ঘটা কোনো এক ঘটনাৰ আলম বা সহায় লৈহে আন এক ঘটনাৰ স্মৃতি লাভ কৰা যি কার্য তাকে কোৱা হয় অনুসঙ্গমূলক স্মৃতি। এইক্ষেত্রত কেইটামান কাৰকে অনুসঙ্গত সহায় কৰে-যেনে-দুটা ঘটনাৰ মাজত থকা সাদৃশ্য, বৈসাদৃশ্য আৰু সান্নিধ্য। উদাহৰণস্বৰূপে- পুতেকৰ চেহেৰাই সাদৃশ্যৰ বাবে পিতৃলৈ মনত পেলায়, বৈসাদৃশ্যৰ বাবে ক’লা ৰঙে বগা ৰঙলৈ আৰু সত্ৰীয়া নাচে শ্রীমন্ত শঙ্কৰদেৱলৈ মনত পেলায় দুয়োটা বিষয়ৰ মাজত থকা সান্নিধ্যৰ বাবে।
4. ভাল স্মৃতিৰ লক্ষণ সমূহ লিখা। (HS 2014, 2016, 2018)
উত্তৰ: ব্যক্তিৰ স্মৃতি ব্যক্তিভেদে ভিন ভিন ধৰণৰ হোৱা দেখা যায়। সকলোৰে বাবে আর্জিত জ্ঞান-অভিজ্ঞতা সমপর্যায়ত সংৰক্ষণ কৰাটো সম্ভৱপৰ নহয়। কিয়নো সকলোৰে সংৰক্ষণ ক্ষমতা ভাল স্মৃতিৰ ক্ষেত্রত বেলেগ বেলেগ ধৰণৰ হয়। বা ভাল সংৰক্ষণ ক্ষমতাৰ কিছুমান গুণ বা বৈশিষ্ট্য থাকে। তলত ভাল স্মৃতিৰ কেইটামান লক্ষণ আলোচনা কৰা হল-
(ক) দ্রুত আৰু সহজভাৱে শিক্ষাগ্রহণৰ ক্ষমতা – ভাল স্মৃতিৰ এটা বৈশিষ্ট্য বা গুণ হৈছে অতি ক্ষীপ্ৰ আৰু সাৱলীলভাৱে যিকোনো শিক্ষা বা অভিজ্ঞতা আহৰণৰ ক্ষমতা। যি ব্যক্তিৰ স্মৃতিশক্তি ভাল তেওঁ অতি কম পৰিশ্ৰমেৰে শিক্ষা বা অভিজ্ঞতা লাভ কৰিবলৈ সমর্থ হয়। আনহাতে যিসকল লোকৰ স্মৃতিশক্তি দুর্বল তেওঁলোকক শিক্ষণ বা অভিজ্ঞতা লাভৰ হকে সময় আৰু অধিক পৰিশ্ৰমৰ প্রয়োজন হয়।
খ) দীর্ঘ সংৰক্ষণ: স্মৃতি লাভৰ বাবে অভিজ্ঞতাৰ সংৰক্ষণৰ বিশেষ প্রয়োজন। ভাল স্মৃতিসম্পন্ন লোকে শিক্ষণ অভিজ্ঞতাৰ প্ৰতিৰূপ মনত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। গতিকে কেৱল দ্রুত শিক্ষণেই ভাল স্মৃতিৰ লক্ষণ নহয়। শিক্ষণ অভিজ্ঞতাসমূহ দীর্ঘসময়ৰ বাবে মনত সঞ্চিত কৰি ৰাখিব পৰাতো ভাল স্মৃতিৰ বাবে অতিশয় প্রয়োজনীয়।
(গ) শুদ্ধ আৰু দ্রুত পুনৰভিব্যক্তিকৰণ:- স্মৃতি লাভৰ ক্ষেত্ৰত মনত সঞ্চিত অতীত শিক্ষণ, অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰভিব্যক্তিকৰণ নিতান্তই প্রয়োজন। ভাল স্মৃতিৰ গৰাকীসকলে অতীত অভিজ্ঞতা সহজে নেপাহৰে আৰু প্ৰয়োজন অনুসৰি শুদ্ধ আৰু খৰতকীয়াকৈ পুনৰ ব্যক্ত কৰিব পাৰে।
ঘ) প্রয়োগ ক্ষমতাযুক্ত :- ইয়াৰ অৰ্থ হ’ল স্মৃতি প্রয়োগৰ ক্ষমতা। ভাল স্মৃতিৰ এই লক্ষণ থকা প্রয়োজন। ভাল স্মৃতিৰ গৰাকী এজনে প্রয়োজন অনুসৰি যিকোনো বিষয়বস্তু পুনঃস্মৰণ কৰিব পাৰিব লাগে। স্মৃতি যদি প্রয়োজনমতে কামত খটুৱাব নোৱাৰি তেতিয়া সি মূল্যহীন হৈ পৰে। গতিকে ভাল স্মৃতিৰ এইটোও এটা লক্ষণ যৈ প্রয়োজন অনুসৰি ইয়াক কামত খটুৱাব পাৰি।
5. স্মৃতিৰ কিদৰে উন্নতি সাধিব পাৰি ব্যাখ্যা কৰা।
উত্তৰ: স্মৃতিৰ উন্নতি সাধন কৰাটো সম্ভৱ নহয়। স্মৃতি লাভৰ বাবে তলত দিয়া দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে –
(i) আগ্রহ আৰু মনোযোগ: কোনো বিষয় শিকাৰ প্ৰতি আমাৰ মনৰ প্ৰৱল আগ্রহ থাকিলে সেই বিষয় শিকাত মনোযোগ দিওঁ। মনোযোগেৰে শিকা কথা আমাৰ বহু দিনলৈ মনত থাকে।
(ii) অভিপ্রায়: কোনো বিষয় শিকাৰ উদ্দেশ্যসমূহ যদি স্পষ্ট হয় আৰু মনত অভিপ্রায়ৰ সৃষ্টি হয়। তেতিয়া বিষয়টোৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ জাগ্রত হয়। এনে অৱস্থাত ইয়াৰ শিকন মনত স্থায়ী হয়।
(iii) মানসিক সুস্বাস্থ্য: স্মৃতিক ভালদৰে প্রয়োগ কৰিবৰ বাবে সুস্থ মন এটাৰো প্রয়োজন। ৰোগমুক্ত, সুস্থ মন এটাইহে ভালদৰে প্ৰতিৰূপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পাৰে।
(iv) পৰিবেশৰ পৰিস্থিতি: পৰিবেশৰ পৰিস্থিতিয়ে স্মৃতিৰ ওপৰত অনুকূল আৰু প্ৰতিকূল প্রভাৱ পেলায়। শান্ত নিৰিবিলি আৰু বিঘিনিমুক্ত পৰিবেশত স্বাভাৱিক ৰূপত স্মৰণ কাৰ্য্য সংঘটিত হয়।
(v) পৰিচিত পৰিবেশ: স্মৃতিৰ প্ৰয়োগৰ বাবে ব্যক্তিৰ পৰিচিত পৰিবেশ এটাৰ প্ৰয়োজন। আচহুৱা পৰিবেশত আমাৰ স্মৃতি বাধাগ্রস্ত হয়।
6. স্মৰণৰ সহজ পদ্ধতিসমূহ আলোচনা কৰা। (HS 2015)
Or
স্মৃতিৰ কেনেদৰে উৎকর্ষ সাধন কৰিব পাৰি?
উত্তৰ: স্মৰণৰ সহজ পদ্ধতি বুলিলে এনে কিছুমান অনুকূল পদ্ধতিক বুজা যায় যিবিলাক অনুসৰণ কৰি শিক্ষণীয় বিষয় সহজে আয়ত্ব কৰাৰ লগতে স্মৃতি দীর্ঘস্থায়ী হৈ উঠে। সুস্থ আৰু দীর্ঘস্থায়ী স্মৃতিত সহায় কৰা কিছুমান পদ্ধতিৰ বিষয়ে তলত আলোচনা কৰা হ’ল-
(i) অনুশীলন – কোনো বিষয় বাৰে বাৰে অনুশীলন কৰিলে আমাৰ মনত ৰখাৰ সুবিধা হয়। সেই বাবে কোনো বিষয় মনত দীর্ঘদিনৰ বাবে সংৰক্ষণ কৰিব খোজিলে তাক মাজে মাজে অনুশীলন কৰা উচিত। এই অনুশীলনে শিক্ষালব্ধ জ্ঞানক স্থায়ীত্ব প্রদান কৰে।
(ii) অনুসংগ পদ্ধতি – শিক্ষণীয় বিষয়বস্তু সমূহ অনুসংগৰ যোগেদি লগত পৰস্পৰৰ সংযুক্ত কৰিব পাৰিলে মনত ৰখাত সহায় হয়। দুটা বিষয়ৰ মাজৰ যোগাযোগ বা সম্পর্কই স্মৰণ কাৰ্যত বিশেষ ভূমিকা পালন কৰে।
(iii) সবিৰাম পদ্ধতি- কোনো বিষয়বস্তু বিৰতিযুক্ত ভাৱে শিকাকে সবিৰাম পদ্ধতি বুলি কোৱা হয়। বিৰতিহীনভাবে অনুশীলন কৰিলে আমাৰ মনত ক্লান্তিৰ সৃষ্টি হয়। ফলত শিক্ষণ ব্যাহত হয়। কিন্তু মাজে মাজে যদি বিৰতি দিয়া হয় তেতিয়া শিক্ষণৰ ফল অধিক দৃঢ় হয় আৰু ই স্মৰণ কাৰ্যও সহজ কৰি তোলে।
(iv) সক্রিয় শিক্ষণ পদ্ধতি – যেতিয়া কোনো বিষয়বস্তু শিকিবৰ বাবে সক্রিয়ভাৱে মানসিক ইচ্ছাক প্রয়োগ কৰে তাকে সক্রিয় শিক্ষণ পদ্ধতি বুলি কোৱা হয়। কোনো বস্তু সম্পৰ্কে বা বিষয় সম্পর্কে জনাৰ প্রেৰণা বা ইচ্ছা থাকিলে স্বাভাৱিকতেই মনোযোগৰ সৃষ্টি হয় আৰু বিষয়বস্তু মনত ৰাখিবৰ বাবে মনোযোগৰ অতি প্রয়োজন। গতিকে দেখা যায় যে সক্রিয়তাই মনৰ স্মৰণত বিশেষভাবে সহায় কৰে।
ওপৰৰ আলোচনাৰ পৰা আমি কব পাৰো যে স্মৃতিৰ উৎকর্ষ সাধন কৰিবৰ বাবে মনোযোগ, আগ্রহ আৰু অনুশীলনৰ প্রয়োজন হয়। লগতে স্মৃতিৰ উন্নতিত মানসিক সক্রিয়তা আৰু দেহ- মানসিক- বহু পৰিমাণে নির্ভৰ কৰে।
Class 12 Education All Question Answer–
Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 5(A) in Assamese Medium
HS 2nd Year Education Chapter 5(A) in Assamese Medium
For More details check our Youtube Channel Assam Board Exam