Assam Board Exam

Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক) (Page 2)

Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 5(A) in Assamese Medium

পঞ্চম অধ্যায়

স্মৃতি আৰু বিস্মৃতি (ক)

7. বিস্মৃতি কাক কয়? বিস্মৃতিৰ বৈশিষ্ট্যসমূহ লিখা। (HS 2015, 2016)

উত্তৰ: বিস্মৃতিক স্মৃতিৰ এক বিপৰীতধর্মী ক্রিয়া বুলি গণ্য কৰা হয়। স্মৃতিৰ অৰ্থ অতীতত লাভ কৰা জ্ঞান, অভিজ্ঞতা সচেতন মনত পুনঃস্মৰণ কৰা কাৰ্য।এই অতীত অভিজ্ঞতা পুনঃস্মৰণত যেতিয়া বাধাৰ সৃষ্টি হয় বা পুনঃস্মৰণত অসাম্যই হয় তেতিয়া সেই মানসিক কাৰ্যই হৈছে পাহৰণি বা বিস্মৃতি। বিস্মৃতিক স্মৃতিৰ এক কাৰক বুলি গণ্য কৰা হয়। বিস্মৃতিয়ে পুৰণি পুৰণি, অপ্রয়োজনীয় প্ৰতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মন নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমর্থ হয়।

বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হৈছে-

(i) বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা অসম্ভৱ। মনত সঞ্চিত প্ৰতিৰূপসমূহৰ পুনঃস্মৰণৰ অসামৰ্থতাই হৈছে বিস্মৃতি।

(ii) বিস্মৃতি অনাৱশ্যক নহয়। কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে।

(iii) বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়।

(iv) শিক্ষণক বহুসময়ত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলি কোৱা হয়। কাৰণ ই মনৰ পৰা অপ্রয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপ সংৰক্ষণত সহায় কৰে।

(v) বিস্মৃতিৰ এটি মনকৰিবলগীয়া বৈশিষ্ট্য এয়ে যে শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামান সময়ৰ ভিতৰত ইয়াৰ প্রকোপ বেছি থাকে আৰু সময় পাৰ হোৱাৰ লগে লগে কমি আহে।

8.  বিস্মৃতিৰ শাৰীৰিক কাৰণ সমূহ লিখা। (HS 2012, 2016)

উত্তৰ: বিস্মৃতিৰ শাৰীৰিক কাৰণ সমূহ হৈছে –

(ক) বৃদ্ধাবস্থা :- বয়স্ক লোকৰ ক্ষেত্ৰত পাহৰণি বেছিকৈ পৰিলক্ষিত হয়। বয়স বঢ়াৰ ফলত মানুহৰ শাৰীৰিক, মানসিক কার্যক্ষমতা কমি আহে। শৰীৰৰ অঙ্গ-প্রত্যঙ্গ ঘাইকৈ মগজুৰ ক্ৰিক্রয়া শক্তিৰ হ্রাস পোৱা বাবে স্মৰণ শক্তি কমিবলৈ ধৰে। সেয়েহে বৃদ্ধাৱস্থা পাহৰণিৰ এক ঘাই শাৰীৰিক কাৰণ বুলি ক’ব পাৰি।

(খ) মগজুৰ আঘাট – আমাৰ মগজুৰ কেইবাটাও অঞ্চল আছে। যেনে গুৰুমস্তিষ্ক, লঘু মস্তিষ্ক, মধ্য মস্তিষ্ক, নিম্ন মস্তিষ্ক, থেলামাচ আদি। ইয়াৰ ভিতৰত স্মৃতি পৰিচালনা হয় ঘাইকৈ গুৰু মস্তিষ্কৰ দ্বাৰা। সেয়েহে কোনো দুর্ঘটনাবশতঃ বা দুৰাৰোগ্যৰ ফলত যদি এই ভাগটো আঘাটপ্রাপ্ত হয়, তেতিয়াহ’লে বিস্মৃতি হ’ব পাৰে।

(গ) শাৰীৰিক ক্লান্তি বা ভাগৰ – শাৰীৰিক ক্লান্তি পাহৰণিৰ আন এটা কাৰণ। দীর্ঘ সময়জুৰি জিৰণি নোলোৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্র ঘাইকৈ মগজু অৱসাদগ্রস্ত হৈ পৰে। ফলস্বৰূপে পাহৰণিৰ সৃষ্টি হয়।

(ঘ) ৰাগিয়াল দ্রব্য :- ৰাগিয়াল দ্রব্য সেৱনৰ ফলতো পাহৰণি হ’ব পাৰে। নিয়মিতভাৱে যদি মদ, ভাং, ধপাত, হিৰ’ইন ফেন্সিডাইল আদিৰ দৰে ৰাগিয়াল দ্রব্য গ্রহণ কৰা হয়, তেতিয়া ব্যক্তিজনে মাতাল হৈ পাহৰণিৰ কবলত পৰে।

(ঙ) চর্চ্চা বা পুনৰাবৃত্তিৰ অভাৱ :- যিকোনো শাৰীৰিক ক্ৰিয়া মনত ৰাখিবলৈ হ’লে পুনৰাবৃত্তিৰ নিতান্তই প্রয়োজন। পুনৰাবৃত্তি বা চর্চ্চাৰ অভাৱত যিকোনো শিক্ষণ, অভিজ্ঞতা আদি সহজেই পাহৰা যায়।

9.  বিস্মৃতিৰ মানসিক কাৰণ সমূহ লিখা। (HS 2014, 2016, 2018)

উত্তৰ: বিস্মৃতিৰ মানসিক কাৰণ সমূহ হৈছে –

(ক) আগ্রহবিহীন শিক্ষণ – আগ্ৰহৰ অভাৱ বিস্মৃতিৰ এক প্ৰধান কাৰণ। শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়, গতিকে মনোবিদসকলৰ মতে আগ্রহবিহীন ভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।

(খ) পশ্চাৎমুখী প্ৰতিৰোধ – পশ্চাৎমুখী প্ৰতিৰোধৰ অৰ্থ হ’ল যেতিয়া আমি কিবা এটা শিকিবলৈ চেষ্টা কৰো তেতিয়া বাধাৰ সৃষ্টি হয় । এনে পশ্চাৎমুখী প্ৰতিৰোধৰ মুখ্য কাৰণ হল  যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয়। তেনেক্ষেত্রত দ্বিতীয় শিক্ষণে প্রথম শিক্ষণৰ স্মৃতি ৰক্ষাত এক মানসিক বাধাৰ সৃষ্টি কৰে।

(গ) দমন কার্য : এইবিধ এক জটিল মানসিক ক্রিয়া, যাৰ দ্বাৰা জীৱনৰ অসম্পূর্ণ কামনা-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে।

(ঘ) আবেগিক আলোড়ণ : আবেগসমূহ প্রবৃত্তিৰ লগত জন্মলব্ধ। সকলো ব্যক্তিয়েই বিভিন্ন আবেগ, যেনে মৰম- ভালপোৱা, ভয়, ক্রোধ, ঈর্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্রভাবিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলোড়ণত ভুগিব পাৰে। এনে আবেগিক আলোড়ণে বিস্মৃতিত সহায় কৰে।

(ঙ) শিক্ষণৰ সমাপ্তিকৰণ:- শিক্ষণ এবিধ সক্রিয় মানসিক ক্রিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনো এটা বিষয় শিক্ষণ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্রিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ’বলৈ ধৰে।

10. বিস্মৃতি এক আশীর্বাদ”- ব্যাখ্যা কৰা। (HS 2014, 2017)

উত্তৰ: কিছু ক্ষেত্ৰত বিস্মৃতি আমাৰ বাবে লাভজনক বা আশীর্বাদ স্বৰূপ। মনোবিজ্ঞানী ফ্রয়েডকে আদি কৰি মনোবিশ্লেষণকাৰী সকলৰ মতে বিস্মৃতি বা পাহৰণি হৈছে ব্যক্তিৰ সচেতন মনৰ প্ৰতিৰক্ষা ব্যৱস্থা। মনৰ দুখদায়ক অভিজ্ঞতাবোৰ চেতন মনৰ পৰা আঁতৰাই পঠোৱাত বিস্মৃতিয়ে সহায় কৰে। অলাগতিয়াল কথাৰে সচেতন মন ভৰি থাকিলে আমি নতুন কথা শিকিবলৈ অপাৰগ হম। সেয়ে বিস্মৃতি এক আশীর্বাদ স্বৰূপ যিয়ে স্মৃতি কার্যত বহুত সহায় কৰে।

11. স্মৃতিত সৃজনীশীলতাৰ কোনো স্থান নাই”- আলোচনা কৰা। (HS 2016)

উত্তৰ: স্মৃতিত সৃজনীশীলতাৰ কোনা স্থান নাই কাৰণ, আমি যিটো বস্তু শিকো তাকে হুবহু মনত ৰখাটোৱে স্মৃতি। ইয়াত নতুন কোনো কথা সৃষ্টি কৰাৰ কথা নাহে। কোনো এটা বস্তু নতুনকৈ সৃষ্টি কৰিবলৈহে সৃজনী শক্তিৰ প্ৰয়োজন। গতিকে স্মৃতি প্রক্রিয়াত সৃজনীশীলতাৰ কোনো স্থান নাই।

12. নীতাই তাইৰ কিতাপৰ পৰা প্ৰথম কবিতা এটা শিকিলে। কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্রথম কবিতাটো পাহৰি গল”- মনোবৈজ্ঞানিক যুক্তি প্রদান কৰা। (HS 2016)

উত্তৰ: যেতিয়া আমি কোনো এটা বিষয় শিকাৰ ঠিক পিছতেই আন এটা বিষয় শিকিবলৈ যাওঁ দ্বিতীয় বিষয়টোৱে প্রথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে। ইয়াক পশ্চাদমুখী প্রতিৰোধ বোলে। সেই কাৰণে নীতাই দ্বিতীয় কবিতাটো শিকাৰ পিছত প্রথম কবিতাটো পাহৰি গ’ল।

13. পশ্চাদমুখী প্ৰতিৰোধ আৰু পূর্বমুখী প্ৰতিৰোধৰ পাৰ্থক্যৰ বিষয়ে এটি টোকা লিখা। (HS 2018)

উত্তৰ: যেতিয়া আমি কোনো এটা বিষয় শিকাৰ ঠিক পিছতেই আন এটা বিষয় শিকিবলৈ যাওঁ দ্বিতীয় বিষয়টোৱে প্রথমে শিকা বিষয়টোৰ বেছিভাগ কথাই পাহৰাই দিয়ে। ইয়াকেই পশ্চাদমুখী প্ৰতিৰোধ বোলে। আনহাতে কোনো দুটা বিষয় একেলগে পঢ়িলে পূৰ্বৰ বিষয়টোৱে দ্বিতীয়টো বিষয় শিকাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। ইয়াকেই পূর্বমুখী প্ৰতিৰোধ বোলে। গতিকে পশ্চাদমুখী প্ৰতিৰোধ আৰু পূর্বমুখী প্ৰতিৰোধ বিস্মৃতিৰে দুটা বিপৰীত কাৰণ।



Class 12 Education All Question Answer

Class 12 Education Chapter 5(A) | স্মৃতি আৰু বিস্মৃতি (ক)– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education Chapter 5(A) in Assamese Medium

HS 2nd Year Education Chapter 5(A) in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment