Assam Board Exam

Class 12 Education Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

Class 12 Education Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান– সমাধান in Assamese Medium | All Question Answer | HS 2nd Year Education in Assamese Medium

Class 12 Education Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান- সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 6 in Assamese Medium

ষষ্ঠ অধ্যায়

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

1.  মানসিক স্বাস্থ্য বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা দিয়া। (HS 2012, 2013, 2014)

উত্তৰ: মানসিক স্বাস্থ্য বুলি ক’লে আমি ব্যক্তিৰ দেহ মনৰ এনে এক অৱস্থাক বুজাও,  যি অৱস্থাত এজন ব্যক্তি পৰিৱেশৰ বিভিন্ন শক্তি সমূহৰ লগত সুস্থভাৱে সমাযোজন স্থাপন কৰিব পাৰে আৰু যাৰ ফলত ব্যক্তিৰ ব্যক্তিত্বৰ বিভিন্ন দিশৰ সুষম বিকাশ সম্ভৱ হয়। অৰ্থাৎ এগৰাকী লোকৰ কোনো বেমাৰ-আজাৰ হীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়।

            হিলগাৰ্ডৰ মতে, “মানসিক স্বাস্থ্য হৈছে মানসিক ৰোগৰ অনুপস্থিতি অধিক সদর্থকভাৱে ক’বলৈ হ’লে ই হৈছে সমাযোজন, ফলদায়ক পূর্বাভিমুখীনতা আৰু আগ্ৰহ আদিৰ দ্বাৰা বিশেষভাৱে চিহ্নিত কৰা এটা অৱস্থা।”

2. মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্য সমূহ লিখা। (HS 2015, 2017)

উত্তৰ: মানসিক ভাৱে স্বাস্থ্যবান লোক সেইসকল যিসকলে যিকোনো পৰিস্থিতিৰ সম্মুখীন হব পাৰে। মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট আছে। এনে বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ :

  1. এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
  2. এওঁলোক আৱেগিকভাৱে স্থিৰ ।
  3. এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ।
  4. এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই।
  5. এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত।
  6. এওঁলোক অতি শক্তিশালী প্রনোদনমূলক  শক্তিৰ অধিকাৰী।

3.  মানসিক স্বাস্থ্যৱান লোক বুলিলে কি বুজা।

উত্তৰ: সাধাৰণতে যিবোৰ লোকে জীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনো গুৰুতৰ সমস্যাহীন ভাৱে সমাযোজন কৰিবলৈ সমর্থ হয় তেনেবোৰ লোককে মানসিক ভাৱে স্বাস্থ্যৱান লোক বুলি ক’ব পাৰি। জীৱনৰ নানা পৰিবেশ, পৰিস্থিতি আৰু কাৰ্যকলাপৰ মুখামুখি হোৱাৰ ক্ষেত্রত মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকীয়ে কোনো অস্বাভাৱিকতা প্রদর্শন নকৰে। এনে লোকসকল ব্যক্তিত্ব সমাযোজনৰ কোনো গুৰুতৰ সমস্যাৰ দ্বাৰা আক্রান্ত নহয়।  মানসিক দিশৰ পৰা স্বাস্থ্যৱান লোকসকল হয়

ক) শাৰীৰিকভাৱে স্বাস্থ্যৱান,

খ) মনোবৈজ্ঞানিকভাবে শক্তিশালী,

গ) আৱেগিকভাৱে স্থিৰ,

ঘ) সামাজিকভাৱে সু-সমাযোজিত,

ঙ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ।

4.  মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা? মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞান হৈছে মানসিক ৰোগৰ কাৰণসমূহৰ বিষয়ে জনা আৰু ৰোগসমূহৰ নিবাৰণৰ বাবে প্ৰয়োজনীয় উপায় অথবা নিবাৰণমূলক উপায় সমূহৰ বিষয়ে জনা আৰু ব্যৱহাৰিকভাৱে সেইবোৰ প্রয়োগ কৰাৰ বিষয়ে যত অধ্যয়ন কৰা হয় তাকে মানসিক স্বাস্থ্য বিজ্ঞান বোলে। ই স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ কলা কৌশলৰ বিষয়ে জনাত সহায় কৰে।লগতে মূল্যবোধ সমূহৰ গুৰুত্ব উপলব্ধি পূৰ্ণ কৰা আৰু সুন্দৰ তথা সু-সামঞ্জস্য পূৰ্ণ কৰা আৰু জীৱন নিৰ্বাহৰ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ বিষয়ে জ্ঞান প্রদান কৰে।

            হেফিল্ডৰ মতে, ‘মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিৱাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।’

            ক্রো আৰু ক্ৰোৰ মতে, ‘মানসিক স্বাস্থ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যানৰ সৈতে জড়িক আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্রকে সামৰি লয়।’

5.  মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যাসমূহ লিখা। (HS 2016)

উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্যাসমূহ হৈছে –

i)  সুন্দৰভাৱে মানসিক স্বাস্থ্যৰ লগত সম্পর্কিত সমস্যা সমূহ জনা আৰু বুজাত সহায় কৰা।

ii) সুন্দৰ মানসিক স্বাস্থ্যবিজ্ঞানৰ অনুশীলনৰ কথাবোৰ বুজিপোৱাত সহায় কৰা।

iii) মানসিক অসুস্থতাৰ কাৰণবোৰ জনা আৰু তেনে সমস্যাসমূহৰ চিকিৎসাৰ প্ৰক্ৰিয়াবোৰ জনা আৰু বুজি পোৱাত সহায় কৰা।

iv) সামাজিক পৰিবেশৰ লগত সুন্দৰ সমাযোজন প্রক্রিয়া সমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰে। 

v) ভাৰসাম্য আবেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰা।

6.  মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ আলোচনা কৰা।

উত্তৰ: মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ অতি বহল আৰু বিস্তাৰিত প্ৰকৃতিৰ। এনে লক্ষ্যসমূহ তলত উল্লেখ কৰা হৈছে –

ক) মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

খ) পৰিবেশৰ লগত সুন্দৰ ভাবে সমযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।

গ) ভাৰসাম্য আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ- ত্রুটি সমূহ নিৱাৰণ কৰাৰ প্ৰচেষ্টা চলায়।

ঘ) ব্যক্তিত্বৰ বিশৃংখলা সমূহৰ যিবোৰে মানসিক সমস্যাৰ সৃষ্টি কৰি মানসিক ৰোগৰ কাৰণ হিচাপে পৰিগণিত হয় সেইবোৰৰ চিকিৎসাৰ ক্ষেত্রত সহায় আগবঢ়ায়।

7.  মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে লিখা।

উত্তৰ:  সকলো লোকৰ বাবে মানসিক স্বাস্থ্য-বিজ্ঞানৰ বিশেষ গুৰুত্ব আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহে শান্তিপূৰ্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰে। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হৈছে-

  1. মানসিক স্বাস্থ্যৰ অবিহনে আমাৰ এক সুস্থিৰ জীবন-যাপনত অসুবিধা হয়। মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কৰাৰ ক্ষেত্রত সহায় কৰে। নিজকে মানসিকভাৱে স্বাস্থ্যজন কৰি ৰখা কৌশলসমূহ জনাত সহায় কৰে।
  2. ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক দোষ বা ত্রুটিসমূহ নিৱাৰণ কৰাৰ প্রচেষ্টা চলায়। অর্থাৎ, মানসিক- সমস্যাসমূহৰ পৰা পৰিত্রান পোৱাৰ উপায় বিচাৰি উলিয়ায়।
  3. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক অৱস্থাৰ উন্নয়নৰ ক্ষেত্রত গুৰুত্ব দিয়াৰ লগতে শাৰীৰিক উৎকর্ষ সাধনতো গুৰুত্ব দিয়ে।
  4. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক পৰিৱেশক লগত সুন্দৰ সমামোজনৰ প্রক্রিয়াসমূহৰ বিষয়ে জানা আৰু বুজাত সহায় কৰে।
  5. মানসিক স্বাস্থ্য বিজ্ঞানে সুষম আৰু ভাৰসাম্য মানসিক বিকাশ কলা-কৌশল সমূহৰ বিষয়ে জনাত, সহায় কৰে।

8.  মানসিক স্বাস্থ্য ৰক্ষাত গৃহ পৰিবেশৰ ভূমিকা আলোচনা কৰা। (HS 2013)

উত্তৰ: শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান হৈছে গৃহ পৰিবেশ। সুস্থ গৃহ পৰিবেশে মানসিক স্বাস্থ্যৰ এক সুস্থ বুনিয়াদ গঠন কৰে। শিশুৰ বিভিন্ন আবেগিক প্রয়োজন সমূহ পৰিয়ালৰ লোকসকলে পূৰণ কৰিবৰ বাবে যথাসম্ভৱ যত্নপৰ হ’ব লাগে।  শিশুৱে গৃহ পৰিবেশত এক নিৰাপত্তাৰ ভাব উপলব্ধি কৰিব লাগে। এই নিৰাপত্তাবোধে শিশুৰ মনত আত্মবিশ্বাসৰ ভাব জাগ্রত কৰি সুস্থ আৰু শক্তিশালী ব্যক্তিত্ব গঠনত সহায় কৰে। গৃহ পৰিৱেশ সাধাৰণতে অৱদমন মুক্ত হ’ব লাগে। গৃহ পৰিবেশত পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি গ্ৰহণ কৰা অনুশাসন ব্যৱস্থাৰ ওপৰত শিশুৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে।

 গৃহ পৰিবেশত শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে তলত উল্লেখ কৰা দিশসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে –

ক) শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্রদান কৰিব লাগে।

খ) শিশুক সততে সমালোচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে।

গ) শিশুৰ ভৱিষ্যৎ সম্পর্কে অত্যাধিক উদ্বিগ্ন হ’ব নালাগে।

ঘ) গৃহ পৰিবেশ সদায় গণতান্ত্রিক বিধৰ হ’ব লাগে।

ঙ) শিশুৰ যুক্তি সংগত প্রয়োজনসমূহ যথাসম্ভৱ পূৰণ কৰিব লাগে।

চ) শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ়ি তুলিব লাগে।

ছ) গৃহ পৰিবেশৰ অনুশাসন ব্যৱস্থা অত্যন্ত কঠোৰ অথবা একেবাৰে নিয়ন্ত্রণহীন হ’ব নালাগে।

জ) প্রয়োজন সাপেক্ষ শিশুক নির্দেশনা প্রদান কৰিব লাগে।

9.  মানসিক স্বাস্থ্যৰ বিকাশত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। (HS 2014, 2015)

উত্তৰ: সুস্থ-সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা অধিক। শান্তিপূর্ণ জীৱন অতিবাহিত কৰাৰ বাবে মানুহক সুস্থ মানসিক স্বাস্থ্যৰ প্রয়োজন হয়। গতিকে বিদ্যালয় সমূহে আমাৰ সমাজৰ ভবিষ্যৰ নাগৰিক সকলৰ স্বাস্থ্যৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক স্বাস্থ্যৰ বিকাশৰ বাবে তলত দিয়া দিশ সমূহৰ প্ৰতি বিদ্যালয় সমূহে গুৰুত্ব দিব লাগে।

  1. বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামর্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়;
  2. সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে;
  3. মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে;
  4. ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামর্থ্যৰ বিকাশত সহায় কৰে;
  5. সকলো লোককে আবেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়;
  6. বিদ্যালয়ে সু-সামঞ্জস্য আৰু ভাৰসাম্যপূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্রত প্রয়োজনীয় সকলো সহায় আগবঢ়ায়।

10.  মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰ: মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ অতি বহল ধৰণৰ। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্রত সহায় আগবঢ়ায়। বর্তমান সময়ত দেখা দিয়া বিভিন্ন জটিলতা, জীৱন-ধাৰাৰ  পৰিৱর্তন, নতুন জীৱন কৌশল গ্রহণ আদিয়ে আমাৰ দেহ-মানসিক প্রয়োজনবোৰৰ পৰিসৰ বৃদ্ধি কৰি তুলিছে। মানসিক স্বাস্থ্য বিজ্ঞানে বিভিন্ন ধৰণৰ সমস্যা সেনে: মানসিক অস্থিৰতা, মানসিক ৰোগ,  অশান্তি আদি সকলোবোৰ সমস্যাৰ পর্যবেক্ষণ, গবেষণা কৰি তাৰ প্রতিকাৰৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি- কৰিব পাৰে।

            চমুকৈ মানসিক স্বাস্থ্যবিজ্ঞানক পৰিধিয়ে সামৰি লোৱা কিছুমান দিশৰ বিষয়ে তলত আলোচনা কৰা হল-

  1. মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ ক্রমবিকাশব বিভিন্ন স্তৰ আৰু এইক্ষেত্রত পৰিয়াল, বিদ্যালয়, বন্ধু বান্ধৱ, ওচৰ-চুবুৰীয়া- আদি সকলোৰে প্ৰভাৱ আৰু কাৰ্য পর্যবেক্ষণ কৰে।
  2. ব্যক্তিৰ আচৰণত পৰিলক্ষিত হোৱা অস্বাভাবিক আচৰণ, হিংসামূলক মনোভাৱ, প্রতিশোধ পৰায়ণতা আদিৰ কাৰণ, তাৰ প্রতিকাৰ সম্পর্কে গৱেষণা কৰাটো মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত বিষয়।
  3. ব্যক্তিৰ মানসিক স্বাস্থ্যৰ সৈতে শাৰীৰিক ৰক্ষা কৰা আৰু উৎকর্ষ সাধন কৰা- মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিধি অন্তর্গত।
  4. মানসিক স্বাস্থ্যবিজ্ঞানে ঘৰুৱা পৰিবেশত- শিশুৰ আচৰণ, শিক্ষকৰ প্রতি ছাত্র-ছাত্রীৰ আচৰণ, বিভিন্ন পৰিস্থিতিৰ পৰা লাভ কৰা অভিজ্ঞতাসমূহৰ বিষয়ে অধ্যয়ন কৰে।

শেষত কব পাৰি যে  ব্যক্তিৰ সমগ্ৰ জীৱনৰ কার্য পৰিধি মানসিক স্বাস্থ্য বিজ্ঞানৰ অন্তর্ভুক্ত আৰু ই মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশ প্রক্রিয়াৰ লগত গভীৰ ভাবে সম্পর্কযুক্ত হৈ আছে।

11.  মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে, সেইকেইটা হল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু……. (HS 2014, 2016)

উত্তৰ : সংৰক্ষণমূলক।

12.  মনোৰোগৰ চিকিৎসা মানসিক স্বাস্থ্য বিজ্ঞানৰ…. কার্য। (HS 2017)

উত্তৰ : প্ৰতিকাৰ মূলক।

13. পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ….. মূলক কাৰ্য।( HS 2018)

উত্তৰ :সংৰক্ষণমূলক।

14. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্যাৱলী সম্পর্কে আলোচনা কৰা। (HS 2013, 2017)

উত্তৰ: মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰতিৰোধমূলক কার্য মানে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। ইয়াৰ বাবে উপযুক্ত পুষ্টিসাধন, কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱস্থা কৰা, আবেগিক আৰু সামাজিক প্রয়োজনীয়তাৰ বিকাশ ঘটোৱা, উপযুক্তভাৱে জীৱন নিৰ্বাহৰ বাবে প্রশিক্ষণ দিয়া আদিৰ ব্যৱস্থা কৰাটোৱেই  প্ৰতিৰোধমূলক কাৰ্যসূচী।

15. মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যাৱলী বুলিলে তুমি কি বুজা ? (HS 2015)

উত্তৰ: ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্ব পূর্ণ। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্রক্রিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি, আৰু ইয়াৰ সংৰক্ষণৰ বাবে লব লগা উপায়, কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যান সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

16. মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা”- যুক্তি দর্শোৱা। (HS 2016)

উত্তৰ: মানসিক স্বাস্থ্য হ’ল বেমাৰ-আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা।  চমুকৈ ক’বলৈ হ’লে মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ সুস্থ মানসিক অৱস্থা এটাৰ কথাকে বুজোৱা হয়। মানসিক স্বাস্থ্য হ’ল ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিত্বৰ সুসামঞ্জস্য কাৰ্যাৱলীৰ প্ৰকাশ। সেয়ে মানসিক স্বাস্থ্যক এক আপেক্ষিক ধাৰণা বুলি ক’ব পাৰি।

17.  মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা। (HS 2016)

উত্তৰ: মানসিক স্বাস্থ্যৰ লগত দৈহিক স্বাস্থ্যৰ নিবিড় সম্পর্ক আছে। কিয়নো শাৰীৰিক সুস্থতাৰ ওপৰত ব্যক্তিৰ মানসিক সুস্থতা নিৰ্ভৰ কৰে। আনহাতে দার্শনিক এৰিষ্টটলেও কৈছিল যে- সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হ’ব পাৰে। যদিহে এজন ব্যক্তি শাৰীৰিকভাৱে দুৰ্বল হৈ থাকে, তেতিয়া হ’লে তেওঁ মানসিকভাৱেও দুর্বল হৈ পৰে। তেনেদৰে মানসিকভাবে দুর্বল বা অসুস্থ হৈ থাকিলেও শাৰীৰিক দুৰ্বলতা আহিব পাৰে। সেইবাবেই ক’ব পাৰি যে- দৈহিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য ইটোৱে সিটোৰ লগত সম্পর্কযুক্ত।

18.  শিক্ষা আৰু মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক দেখুৱাই দুটা দিশ উল্লেখ কৰা। (HS 2018)

উত্তৰ:

  1. মানসিক স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত ছাত্র-ছাত্রীসকলক শিক্ষা সম্পর্কীয় নীতি নির্দেশনাৰ অত্যন্ত প্রয়োজন হয়। শিক্ষাৰ মাধ্যমেদি মানসিক স্বাস্থ্য অটুত ৰখাৰ ক্ষেত্ৰত শিক্ষা নির্দেশনাৰ প্রয়োজন হয়।
  2. শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলক সুঅভ্যাস গঠন কৰি মানসিক স্বাস্থ্য অটুট ৰাখিব পাৰি। সেয়ে মানসিক স্বাস্থ্য গঢ় দি তুলিবলৈ শিক্ষা ব্যৱস্থাত শিক্ষার্থীসকলক সৎ অভ্যাস গঠন কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়।

19. মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তা সমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে”- কথাষাৰ ব্যাখ্যা কৰা। (HS 2018)

উত্তৰ :  শিশুসকলৰ মানসিক বিকাশৰ ক্ষেত্ৰত মাক দেউতাকৰ পৰা মৰম-চেনেহৰ প্ৰয়োজন, খেলা-ধূলাৰ প্ৰয়োজন, পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন, শিক্ষাৰ প্ৰয়োজন, সহায়- সহযোগীতাৰ প্ৰয়োজন। এনে প্রয়োজনসমূহ যদি পূৰণ কৰিব পৰা নাযায় তেতিয়া শিশুসকলৰ পৰিতৃপ্ত নহয় আৰু মানসিকভাৱে ভাগি পৰে। এনে ধৰণৰ কাৰ্যই শিশুৰ জীৱন প্রক্রিয়া জটিল কৰি তোলে আৰু পিছলৈ মানসিক অসুস্থতাৰ কাৰক হ’ব পাৰে। সেইবাবেই ক’ব পাৰি যে- মানসিক স্বাস্থ্য আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে।


Class 12 Education All Question Answer


Class 12 Education Chapter 6 | মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান- সমাধান in Assamese Medium|| All Question Answer | HS 2nd Year Education Chapter 6 in Assamese Medium

HS 2nd Year Education Chapter 6 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment