Assam Board Exam

Class 12 Political Science Chapter 1 শীতল যুদ্ধৰ যুগ

Class 12 Political Science Chapter 1 (Part 1) শীতল যুদ্ধৰ যুগ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 1 (Part 1) শীতল যুদ্ধৰ যুগ || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer


দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

শীতল যুদ্ধৰ যুগ

(1) শীতল যুদ্ধৰ সংজ্ঞা লিখা।

উত্তৰ-দ্বিতীয় বিশ্বযুদ্ধ বিশ্ব ৰাজনীতিৰ এক উল্লেখযোগ্য পৰিবর্তনৰ সূচনা। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল দুটা শিবিৰৰ “মাজত-মিত্র শক্তি আৰু চক্র শক্তি। মিত্র শক্তিত আছিল মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, বৃটেইন, ফ্রান্স ইত্যাদি। আনহাতে, চক্ৰশক্তিত আছিল জার্মানী, ইটালী আৰু জাপান। দ্বিতীয় বিশ্বযুদ্ধ গোটেই পৃথিবীতে বিয়পি পৰিছিল। ই মানৱ জীৱন আৰু সম্পদ তথা প্রকৃতিৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিয়ে হৈছে শীতল যুদ্ধৰ আৰম্ভনি। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আন্তর্জাতিক ক্ষেত্রত সমগ্র বিশ্ব দুটা ক্ষমতাশালী শিবিৰত বিভক্ত হয়। এটা হৈছে সমাজবাদী শিবিৰ। যাৰ নেতৃত্বত আছিল ছোভিয়েট সংঘৰাজ্য আৰু আনটো হ’ল পুঁজিবাদী শিবিৰ। যাৰ নেতৃত্বত আছিল আমেৰিকা যুক্তৰাষ্ট্র।

শীতল যুদ্ধ বুলিলে আমেৰিকা আৰু ইয়াৰ মিত্র গোষ্ঠীৰ লগত ছোভিয়েট সংঘৰাজ্যৰ মিত্র গোষ্ঠীৰ প্রতিযোগিতা বিবাদ, সম্পদ তথা প্রতিদ্বন্দিতাক বুজায়। অর্থাৎ এই দুয়োটা শক্তিশালী শিবিৰৰ মাজত সংঘটিত হোৱা আদর্শগত সংঘাটেই হৈছে সৰল অর্থত শীতল যুদ্ধ।

1948 চনৰ পৰা 1991 চনৰ 25 ডিচেম্বৰলৈকে শীতল যুদ্ধ সংঘটিত হৈছিল। 1991 চনৰ 26 ডিচেম্বৰত ছোভিয়েট সংঘ ৰাজ্য বিভাজনৰ লগে লগেই শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে। সেয়েহে 1945-1991 চনলৈকে এই সময়ছোৱাক শীতল যুদ্ধৰ যুগ বুলি কোৱা হয়।

(2) শীতল যুদ্ধৰ কাৰণসমূহ লিখা।

উত্তৰ   বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত শীতল যুদ্ধই এক বিশেষ ভূমিকা পালন কৰিছিল। শীতল যুদ্ধ শব্দটো পোনপ্রথমে Walter lipmant য়ে তেওঁৰ বিখ্যাত গ্রন্থ “The colled War” ত প্রথমে ব্যৱহাৰ কৰি জনপ্ৰিয় কৰি তোলে। তেওঁৰ এই গ্ৰন্থতে উল্লেখ কৰা শীতল যুদ্ধৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) আদর্শগত সংঘাত-       শীতল যুদ্ধৰ অন্যতম প্রধান কাৰণ হৈছে আদর্শগত সংঘাত। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ ৰাষ্ট্ৰসমূহ পুজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল। সমাজবাদী আদর্শত বিশ্বাবাসীসকলে উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিছিল। আনহাতে, পুজীবাদী আদর্শত বিশ্বাসী ৰাষ্ট্রসমূহে উৎপাদন ব্যৱস্থা ব্যক্তিগত কৰণৰ ওপৰত গুৰুত্ব দিছিল। যাৰ ফলশ্রুতিত বিশ্ব অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাত আদর্শগত সংঘাট তীব্রতৰ হৈ উঠিছিল

(খ) দ্বি-পক্ষীয় ৰাজনীতি –             দ্বিতীয় মহাযুদ্ধৰ পাছত বিশ্বত দ্বি-পক্ষীয় ৰাজনীতিৰ সৃষ্টি হৈছিল। শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ দেশসমূহে দুটা ভিন্ন আদর্শত সমর্থন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগেই আমেৰিকা আৰু ছোভিয়েট সংঘ দুয়োখনেই শক্তিশালী স্থিতি লাভ কৰিবলৈ সক্ষম হয়। ফলত বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত দ্বি-পক্ষীয় ৰাজনীতিৰ সূত্রপাত ঘটে।

(গ) প্ৰাচ্য ৰাজনীতি – প্রাচ্য ৰাজনীতিয়েও আমেৰিকা আৰু ছেভিয়েট সংঘৰ মাজত শীতল যুদ্ধৰ সংঘটিত হোৱাত অৰিহণা যোগাইছিল। দ্বিতীয় বিশ্বযুদ্ধত জাপানক পৰাস্ত কৰাত আমেৰিকাই এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে, ৰাছিয়াও জাপানৰ লগতে দক্ষিণ আৰু উত্তৰ কোৰিয়াটো নিজৰ প্রভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু দক্ষিণ কোৰিয়াৰ ওপৰত থকা আমেৰিকাৰ শক্তিশালী প্রভাৱ দুয়োখন ৰাষ্ট্রৰ মাজত বিভেদৰ সৃষ্টি কৰিছিল।

(ঘ) পাৰস্পৰিক অবিশ্বাস-                         আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘ ৰাজ্যৰ মাজত এটম বমৰ গুপনীয়তা ৰক্ষাৰ বাবে পাৰস্পৰিক সহযোগিতা তথা বিশ্বাসৰ অভাৱ ঘটিছিল। আমেৰিকাৰ অনুগামী ৰাষ্ট্ৰ কানাডাত সমাজবাদী নীতি কাৰ্যকৰী হোৱাৰ বাবে আমেৰিকাই ৰাছিয়াক সমালোচনা কৰিছিল। এনে পৰিস্থিতিয়ে উভয় ৰাষ্ট্রৰ মাজত সন্দেহ তীব্র কৰি তুলিছিল। যাৰ ফলত শীতল যুদ্ধ অব্যাহত থাকিছিল।

(3) গোষ্ঠী নিৰপেক্ষ আন্দোলন বুলিলে কি বুজা? এই আন্দোলনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ-গোষ্ঠী নিৰপেক্ষ আন্দোলন দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সূত্রপাত ঘটা দুই মহাশক্তিৰ ক্ষমতা নিয়ন্ত্রণৰ বাবে গঠিত হোৱা তৃতীয় শক্তি। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এছিয়া আৰু আফ্রিকাৰ বহুবোৰ ৰাষ্ট্রই পশ্চিমীয়া ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই সদ্য স্বাধীনতা প্রাপ্ত দেশসমূহে কোনো এটা শক্তি গোষ্ঠীৰ নিয়ন্ত্রণাধীন হ’বলৈ ইচ্ছুক নাছিল। বৰঞ্চ স্বাধীনভাৱে বৈদেশিক আৰু অর্থনৈতিক নীতি গ্ৰহণ কৰি উন্নয়নৰ আঁচনি প্রস্তুত কৰিছিল। এইদৰে দুই মহাশক্তিৰ পৰা দূৰত্ব অৱস্থান কৰি স্বাধীনভাৱে গ্রহণ কৰা নীতিয়ে হৈছে গোষ্ঠী নিৰপেক্ষ নীতি। এই নীতিৰ আধাৰত তৃতীয় বিশ্বৰ দেশসমূহে দুয়োটা শক্তি গোষ্ঠীৰ লগত ভাল সম্পর্ক বজাই ৰাখি স্বাধীনভাবে নিজৰ দেশৰ শাসনকার্য পৰিচলনা কৰিছিল। এই আন্দোলনৰ মুখ্য খনিকৰ আছিল ইণ্ডোনেছিয়াৰ প্রথম ৰাষ্ট্রপতি ছুকার্নো, ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু, ইজিপ্তৰ দ্বিতীয় ৰাষ্ট্রপতি গামাল আবদেল নাছাৰ আৰু যোগোশ্লভিয়াৰ প্রথম ৰাষ্ট্ৰপতি যোচিপ ব্ৰ’জ টিটো।

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে-

(ক) উপনিৱেশবাদৰ বিৰোধিতা-   গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ এটা প্রধান বৈশিষ্ট্য হৈছে উপনিৱেশবাদৰ বিৰোধিতা। তৃতীয় বিশ্বৰ সদ্য স্বাধীনতা প্ৰাপ্ত দেশসমূহ উপনিৱেশিক শাসনৰ দ্বাৰা শোষিত হৈ আছিল। সেয়েহে স্বাধীনতাৰ পিছত এই ৰাষ্ট্রসমূহে উপনিৱেশিক শাসনৰ বিৰোধিতা কৰে।

(খ) সমাজবাদত বিশ্বাস-    গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আন এটা প্রধান বৈশিষ্ট্য হৈছে সমাজবাদৰ ওপৰত বিশ্বাস। গোষ্ঠী নিৰপেক্ষ দেশসমূহ আর্থিক দিশত পিছপৰা আছিল আৰু সেয়ে সমাজবাদী নীতিৰ ওপৰত ভিত্তি কৰি নিজৰ অর্থনৈতিক আঁচনি প্রস্তুত কৰিছিল।

(গ) ৰাষ্ট্রসংঘৰ প্রতি সমর্থন-           ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হৈছে বিশ্ব শান্তি আৰু নিৰাপত্তা বজাই ৰখা। এই লক্ষ্যত সফল হ’বৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰিবলৈ মনোনিবেশ কৰে।

(ঘ) পঞ্চশীল নীতি বিশ্বাস-              গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আন এটা বৈশিষ্ট্য হৈছে পঞ্চশীল নীতিত বিশ্বাস। ৰাষ্ট্ৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক নীতি-নির্ধাৰণৰ ক্ষেত্ৰত এই পাঁচটা নীতিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

(ঙ) যুদ্ধ ত্যাগী নীতি-           দ্বিতীয় বিশ্বযুদ্ধৰ ফলত গোটেই পৃথিৱীত দেখা দিয়া ৰাজনৈতিক সমস্যা, অর্থনৈতিক সমস্যা আৰু সমাজিক খেলি- মেলিৰ প্রতি লক্ষ্য ৰাখি গোষ্ঠী নিৰপেক্ষ আন্দোলন যুদ্ধৰ পৰা আঁতৰত থাকি বন্ধুত্বমূলক সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিছিল।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বৈশিষ্ট্য।

(4) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্যবোৰ লিখা।

উঃ-গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হল –

(ক) বিশ্বৰ দুই মহাশক্তিয়ে গঢ়ি তোলা সামৰিক মিত্র গোষ্ঠীৰ পৰা দূৰত্বত অৱস্থান কৰি ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় দিশত স্বতন্ত্র নীতি অনুসৰণ কৰাই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য আৰু উদ্দেশ্য।

(খ) বিশ্বৰ প্রতিখন ৰাষ্ট্ৰৰ সৈতে সমভাৱে সম্পর্ক স্থাপন কৰাই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল উদ্দেশ্য।

(গ) তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ জাতীয়তাবাদ আৰু স্বাধীনতাক সুৰক্ষিত কৰাই আছিল গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল লক্ষ্য।

(ঘ) বিশ্বৰ যিকোনো বৈদেশিক ঠাইত সামৰিক ঘাটি নির্মাণ নীতিৰ বিৰোধিতা কৰাটো অন্যতম লক্ষ্য আছিল।

(5)গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্ব বা ভূমিকা বাখ্যা কৰা।

উঃ- গোষ্ঠী নিৰপেক্ষ আন্দোলনে আন্তঃ ৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। সেইবোৰ তলত উল্লেখ কৰা হল-

(ক) গোষ্ঠী নিৰপেক্ষ আন্দোলনে উপনিবেশীকতাবাদ, বর্ণ-বৈষম্য, সাম্রাজ্যবাদ আদিৰ ঘোৰ বিৰোধিতা কৰি বিভিন্ন ৰাষ্ট্ৰৰ মুক্তি পথৰ সন্ধান দিছে।

(খ) গোষ্ঠী নিৰপেক্ষ আন্দোলনে উন্নয়নশীল ৰাষ্ট্রসমূহৰ মাজত ঐক্যবোধ গঢ়ি তুলি জাতীয়তাবোধৰ সৃষ্টি কৰিছে।

(গ) আন্তঃ ৰাষ্ট্রীয় শান্তি প্রতিষ্ঠাৰ আৰু নিৰাপত্তাৰ ৰক্ষাৰ ক্ষেত্রত গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) শীতল যুদ্ধৰ অৱসানত গোষ্ঠী নিৰপেক্ষ আন্দোলনে যথেষ্ট অৰিহণা যোগায়। এই আন্দোলনৰ এক মূখ্য উদ্দেশ্য হৈছে শান্তিপূর্ণ সহঃ অৱস্থান নীতি। এই নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ মাজত সু- সম্পর্ক প্রতিষ্ঠা কৰিব পাৰি।

(ঙ) গণতান্ত্রিক পদ্ধতি অবলম্বন কৰি ৰাষ্ট্রসংঘৰ জৰিয়তে আন্তঃ ৰাষ্ট্ৰীয় সমস্যা সমাধানত এই গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্রসমূহে সহযোগিতা কৰে। যাৰ ফলত বিশ্ব শান্তি সুৰক্ষিত হয়।

ওপৰৰ বাখ্যাৰ জৰিয়তে আমি মন্তব্য কৰিব পাৰো যে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সু-সংগঠিত আৰু শক্তিশালী আন্দোলন। এই আন্দোলনৰ জৰিয়তে তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্রসমূহ উন্নয়নশীল ৰাষ্ট্ৰত উপনিত হোৱাৰ উপৰিও আন্ত:ৰাষ্ট্রীয় ৰাজনীতিত নিজৰ স্থিতি শক্তিশালী কৰিব পাৰিছে।

6/ কংগো সংকটৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰ- শীতল যুদ্ধৰ আন এক গুৰুত্বপূর্ণ ক্ষেত্র হৈছে কংগো সংকট। কংগো প্ৰায় 80 বছৰ বেলজিয়ামাৰ উপনিৱেশ আছিল। 1960 চনত কংগোৱে স্বাধীনতা লাভ কৰিছিল। কিন্তু স্বাধীন কংগোত সামাজিক আৰু অর্থনৈতিক সংঘাত বৃদ্ধি পোৱাৰ ফলত গৃহ যুদ্ধ সংঘটিত হৈছিল।

 স্বাধীন কংগোৰ ৰাষ্ট্রপতি আছিল কাঁছা ভুবু আৰু প্রধানমন্ত্রী আছিল লুমুম্বা কিন্তু এই দুই নেতৃত্বৰ মাজত সংঘাত হোৱাৰ ফলস্বৰূপে দুই মহা শক্তিয়ে খোপনি পুতিবলৈ আৰম্ভ কৰে। আমেৰিকা আৰু ইয়াৰ অনুগামী ৰাষ্ট্র সমূহে কাছা ভুবুক সমর্থন কৰে। ছোভিয়েট সংঘৰাজ্য আৰু ইয়াৰ ৰাষ্ট্ৰসমূহে লুমুম্বাক সমর্থন কৰে। ৰাষ্ট্র সংঘৰ সাধাৰণ সভাত দুয়ো পক্ষৰ মাজত বিতর্ক সংঘটিত হয়। ইয়াৰ কিছুদিন পাছত গৃহবন্দী অৱস্থাত  লুমুম্বাক হত্যা কৰা হয়। ইয়াৰ ফলস্বৰূপে কংগো অশান্ত জর্জৰিত অঞ্চল হিচাপে পৰিগণিত হয়। 1946 চনত মিত্ৰতা স্থাপনৰ চেষ্টা কৰা হৈছিল যদিও এই চেষ্টা ফলবর্তী নহল। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই কংগোৰ গৃহ যুদ্ধত ক্ষতিগ্ৰস্ত জনগণক সহায় কৰাৰ বাবে জনমত গঠন কৰে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতৃবৃন্দ আৰু ৰাষ্ট্রসংঘই এই যুদ্ধ সমাপ্তৰ বাবে আঁচনি গ্রহণ কৰে। ইয়াৰ ফলত 1980 চনত এই যুদ্ধ সমসাময়িকভাৱে সমাপ্ত হয়। এইয়ে হৈছে কংগো সংকট।

7/ শীতল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিকা উল্লেখ কৰা। (HS 2018, 2013)

উত্তৰ – শীতল যুদ্ধৰ পৰিপ্রেক্ষিতত সমগ্র বিশ্ব দুই মহাশক্তিৰ নেতৃত্বাধীন দুটা পৃথক শিবিৰত বিভক্ত হোৱাৰ বিপৰীতে তৃতীয় বিশ্বৰ সদ্য স্বাধীনতা প্রাপ্ত দেশসমূহে এক নতুন আন্দোলন গঢ়ি তোলে। এই আন্দোলনেই হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলন। আমাৰ দেশ ভাৰতবর্ষ এই আন্দোলনৰ অন্যতম নেতৃত্ববহনকাৰী ৰাষ্ট্ৰ। ভাৰতবর্ষৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্রধান নেতা আছিল। এই আন্দোলনৰ গুৰি ধৰোতা হিচাপে ভাৰতবৰ্ষই শীতল যুদ্ধত দুই ধৰণৰ নীতি অৱলম্বন কৰিছিল।

ক) দুয়োটা শক্তি গোষ্ঠীৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্রহণ।

(খ) সদ্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰসমূহৰ লগত মিত্রতা কৰাৰ লগতে নিজস্ব অর্থনৈতিক উন্নয়নত গুৰুত্ব প্রদান কৰা।

ভাৰতবৰ্ষই শীতল যুদ্ধৰ সময়ত মৌনতা অবলম্বন কৰাৰ বিপাৰীতে আন্তঃ ৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব আৰোঁপ কৰিছিল। এই আন্দোলনৰ জৰিয়তে ভাৰতে আন্তঃ ৰাষ্ট্রীয় পর্যায়ত সিদ্ধান্ত গ্রহণ কৰিবলৈ নিজৰ স্থিতি শক্তিশালী কৰে আৰু দুই মহাশক্তিৰ মাজত সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ভাৰতে দুই পক্ষৰ লগত সু-সম্পর্ক ৰাখিছিল যদিও চোভিয়েটৰ লগত এই সম্পর্ক অধিক শক্তিশালী আছিল আৰু সেই সূত্রে 1971 ত ভাৰতে ৰাছিয়াৰ সৈতে বন্ধুত্ব চুক্তিত স্বাক্ষৰ কৰিছিল।

1991 ত ছোভিয়েট সংঘৰ পতনৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল যদিও ভাৰতে গ্রহণ গোষ্ঠী নিৰপেক্ষ নীতিৰ প্রাসঙ্গিকতা বর্তমানেও শক্তিশালী। সেয়েহে বিশ্ব ৰাজনীতিত গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু ভাৰতবর্ষ এক শক্তিশালী প্রত্যাহ্বান।

৪/ অস্ত্রসম্বৰন নীতি বুলিলে কি বুজা? কেইটামান গুৰুত্বপূর্ণ অস্ত্র সম্বৰণ সন্মিলনৰ নাম লিখা।

উত্তৰ: শীতল যুদ্ধৰ সময়ত বিশ্ববাসী দুটা শিবিৰত বিভক্ত হয় আৰু দুয়ো শিবিৰতে যথেষ্ট পৰিমাণৰ পাৰমাণবিক শক্তি মজুত হৈছিল। এই পাৰমাণবিক শক্তিসমূহেই দুয়োটা শিবিৰৰ বাবে প্রতিযোগিতাৰ এটা প্রধান কাৰণ হৈছিল। কিন্তু পৃথিবীত এনে কিছুমান শক্তি আছে যিয়ে যুদ্ধতকে শান্তিৰ ওপৰত অধিক গুৰুত্ব আৰোঁপ কৰে। এই শক্তিৰ প্রভাৱতেই দুয়োটা শিবিৰে পাৰমানৱিকক শক্তি ব্যৱহাৰৰ ক্ষেত্রত যথেষ্ট সাৱধানতা অবলম্বন কৰিব লগা হৈছিল আৰু কোনো বিশেষ কাৰণত যুদ্ধ সংঘটিত হলেও পাৰমাণবিক অস্ত্র ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হবলৈ সাৱধানতা অবলম্বন কৰিছিল। পাৰমাণৱিক শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত দুই মহা শক্তিয়ে গ্ৰহণ কৰা এনে নিয়ন্ত্রণমূলক ব্যৱস্থাই হৈছে অস্ত্র সম্বৰণ নীতি। কেইটামান গুৰুত্বপূর্ণ অস্ত্র সম্বৰণ সম্মিলনৰ নাম হল –

  1. সীমিত পৰীক্ষণ নিষিদ্ধ চুক্তি  (Limited Test Bar Treaty 1963)
  2. পাৰমাণৱিক নিঃ-সম্প্রসাৰণ চুক্তি (Nuclear Non-proliferation Treaty – NPT 1968)
  3. কৌশলগত অস্ত্র সীমিতকৰণ-1   (Strategic Arms limitation (Treaty SALT 1(1972)
  4. কৌশলগত অস্ত্র সীমিতকৰণ-2 (1979)
  5. কৌশলগত অস্ত্র হ্ৰাসকৰণ চুক্তি- 1/2             1- (1991) 2-(1993)
  • Strategic Arams Reduction Treaty – 1 (START)

9/ NATO ৰ সম্পূর্ণ ৰূপটো লিখা। কোন চনত NATO গঠন হৈছিল?

উঃ- NATO ৰ সম্পূর্ণ ৰূপটো হ’ল North Atlantic Treaty Organization (উত্তৰ আটলান্তিক চুক্তি সংগঠন) 1947 চনৰ এপ্রিল মাহত NATO গঠন হৈছিল।

10.  কোন চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম শীর্ষ সন্মিলন আৰম্ভ হৈছিল?

উঃ- 1971 চনত। বেলগ্রেডত।

11. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বর্তমান সদস্যৰ সংখ্যা কিমান?

উঃ- 11৪ জন।

12. কিমান চনত বার্লিন দেৱালখন ভাঙি পেলোৱা হৈছিল

উত্তৰ: 1989 ত বার্লিন দেৱালখন ভাঙি পেলোৱা হৈছিল।

13. কেতিয়া পূৱ জার্মানী আৰু পশ্চিম জার্মানী একত্রিত হৈছিল?

উত্তৰ: 1990 চনত।

14. বার্লিন অৱৰোধ কি?

উঃ- 1948 চনৰা 23 জুন তাৰিখে একত্রিত হোৱা ফ্ৰান্স, ব্রিটেইন আৰু আমেৰিকাৰ নিয়ন্ত্ৰণত থকা অঞ্চলত নতুন মুদ্রাৰ প্রচলন কৰাৰ পিছদিনা ছোভিয়েট সংঘই বার্লিনত যোৱা সকলো পথ আৰু ৰেলসেৱা বন্ধ কৰি দিয়ে। ইয়াকে বার্লিন অৱৰোধ বোলে।

15. বার্লিন দেৱাল কি?

উত্তৰ: 1949 চনৰ মে’ মাহত ষ্টেলিনে বার্লিন অৱৰোধ উঠাই লোৱাৰ পিছতো বার্লিনত সংকট দূৰ কৰিব পৰা নাছিল। 1949 চনৰ পৰা 1961 চনলৈ প্রায় 30 লক্ষাধিক ছোভিয়েট সংঘৰ নেতৃত্বাধীন জাৰ্মান লোকে পশ্চিম জার্মানলৈ পলায় যায়। এই পৰিস্থিতিত ৰোধ কৰাৰ উদ্দ্যেশ্যে পূৱ জার্মানী কর্তৃপক্ষই ২৪ মাইল দীঘল এখন দেৱাল নির্মাণ কৰে। ইয়াকে বার্লিন দেৱাল বোলে।

16. SATO আৰু CENTO ৰ সম্পূর্ণ ৰূপটো লিখা।

উত্তৰ: SATO – South East Asian Treaty Organization

CENTO – Central Treaty Organization

17. দুই মহাশক্তিয়ে কিয় সৰু সৰু ৰাষ্ট্রসমূহক মিত্র শক্তি হিচাপে পছন্দ কৰিছিল? (H.S. 2018, 2013, 2022)

উঃ- দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত শীতল যুদ্ধ আৰম্ভ হৈছিল আৰু বিশ্বৰ ৰাষ্ট্রসমূহ দুটা শিবিৰত বিভক্ত হৈছিল। আমেৰিকাই নেতৃত্ব দিয়া শিবিৰক পাশ্চত্য বা পশ্চিমীয়া শিবিৰ আৰু ৰাছিয়াই নেতৃত্ব দিয়া শিবিৰক প্রাচ্য শিবিৰ বুলি কোৱা হৈছিল। এই দুই মহাশক্তিয়ে সৰু সৰু ৰাষ্ট্ৰসমূহক মিত্র শক্তি হিচাপে পছন্দ কৰিছিল। এনেদৰে সৰু ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্ব গঢ়িব বিচৰাৰ আঁৰত থকা কাৰণসমূহ হ’ল।

(i) সৰু দেশসমূহৰ পৰা দুই মহা শক্তিয়ে বিশেষ সুবিধা লাভ কৰিছিল।

(ii) সামৰিক অভিযানৰ চলাবৰ বাবে অহা সৰু ৰাষ্ট্ৰসমূহৰ ভূ- খণ্ড ব্যৱহাৰ কৰিছিল।

(iii) সৰু ৰাষ্ট্ৰসমূহ চোৰাং-চোৰাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

(iv) সৰু সৰু ৰাষ্ট্ৰসমূহৰ বিভিন্ন সম্পদ যেনে তেল, খনি ইত্যাদি বৃহৎ শক্তিৰ দেশসমূহে ব্যৱহাৰ কৰিছিল।

(v) আর্থিক সাহাৰ্য্যৰ বাবেও বৃহৎ শক্তিৰ দেশসমূহে সৰু সৰু দেশসমূহক ব্যৱহাৰ কৰিছিল।

ওপৰত উল্লেখিত কাৰণসমূহৰ বাবে সৰু সৰু দেশসমূহক বৃহৎ শক্তিৰ দেশসমূহে প্রয়োজনীয় বুলি ভাবিছিল বা মিত্র হিচাপে পছন্দ কৰিছিল।

18.  লুচুকা সন্মিলন কি? ইয়াৰ লক্ষ্য কি?

উত্তৰ: 1970 চনত অনুষ্ঠিত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সন্মিলন খনকে লুচুকা সন্মিলন বোলে।

ইয়াৰ লক্ষ্যসমূহ আছিল-

  1. সকলো দন্দৰ শান্তিপূর্ণ সমাধান আৰু সামৰিক মিত্ৰ জোট তথা চুক্তিৰ পৰা আঁতৰি থকা।
  2. বৈদেশিক ৰাষ্ট্রত সামৰিক ঘাটি নির্মাণৰ নীতিৰ বিৰোধিতা কৰা।

19. বাণ্ডুং সন্মিলন বা এফ্রো- এছিয়ান সন্মিলন কি? ইয়াৰ লক্ষ্য কি আছিল?

উত্তৰ: 1956 চনত গোষ্ঠী নিৰপেক্ষ আন্দোলনে পূৰ্ণ ৰূপ লোৱাৰ পূর্বে ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত যি গুৰুত্বপূর্ণ সন্মিলন অনুষ্ঠিত হৈছিল তাকে বাণ্ডুং সম্মিলন বোলে।

            ইয়াক এছিয়া আৰু আফ্রিকাৰ 29 খন দেশে অংশ গ্রহণ কৰিছিল। সেয়ে ইয়াক এফ্রো এছিয়ান বুলি কোৱা হয়।

ইয়াৰ লক্ষ্য আছিল শীতল যুদ্ধৰ জৰিয়তে যাতে ছোভিয়েট সংঘ আৰু মার্কিন যুক্তৰাষ্ট্ৰই উপনিবেশবাদ আৰু নব্য উপনিবেশবাদ চলাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব প্রদান কৰা।

20. নতুন আন্তঃ ৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ ওপৰত প্ৰতিষ্ঠিত এটি টোকা লিখা। (HS 2019, 2018, 2014)

উঃ- গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰসমূহে শীতল যুদ্ধৰ সময়ত দুই মহা শক্তিৰ মাজত মধ্যস্থতা অৱলম্বন কৰিছিল। অবশ্যে সৰহভাগ গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্রই ‘নূন্যতম উন্নয়নশীল দেশ’। সেয়েহে এই ৰাষ্ট্রসমূহক অর্থনৈতিক ভাৱে উন্নয়ন সাধন কৰা আৰু জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নতি ঘটোৱাটো এটা ডাঙৰ প্রত্যাহ্বান হিচাপে দেখা দিছিল।

সেয়েহে এই দেশ সমূহক প্ৰগতি পথত আগবঢ়াই নিবৰ বাবে 1972 চনত ৰাষ্ট্ৰ সংঘৰ বাণিজ্য আৰু বিকাশৰ সম্বন্ধীয় সন্মিলনত উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি গ্রহণ কৰিছিল। এই নীতিয়ে আর্ন্তজার্তিক বানিজ্য ক্ষেত্রত কেতবোৰ পৰিবর্তন সাধন কৰিছিল। সেইবোৰ হল-

(i) উন্নত পশ্চিমীয়া দেশসমূহে শোষণ কৰি থকা প্রাকৃতিক সম্পদৰ ওপৰত নূন্যতম উন্নয়নশীল দেশসমূহৰ নিজস্ব নিয়ন্ত্রণত থাকিব লাগে।

(ii) নূন্যতম উন্নয়নশীল ৰাষ্ট্রসমূহে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পায় তাৰ বাবে পশ্চিমীয়া বজাৰত প্ৰৱেশৰ ক্ষমতা দিব লাগে।

(iii) পশ্চিমীয়া দেশসমূহে সৰবৰাহ কৰা কাৰিকৰী কৌশলৰ মূল্য হ্রাস কৰিব লাগে।

(iv) আর্ন্তজাতিক বৃত্তীয় অনুষ্ঠানবোৰত নূন্যতম উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ ভূমিকা লবলৈ দিব লাগে।

1961 চনত বেলগ্রেডত অনুষ্ঠিত হোৱা গোষ্ঠী নিৰপেক্ষ সন্মিলনত অর্থনৈতিক বিষয়টোৱে গুৰুত্ব লাভ কৰা নাছিল যদিও 1970 দশকৰ মাজভাগত অনুষ্ঠিত হোৱা সন্মিলন সমূহত অর্থনীতি সকলোতকৈ গুৰুত্ব বিষয় হৈ পৰে। যাৰ ফলশ্রুতিতে নতুন বা নব্য আন্তঃ ৰাষ্ট্ৰীয় বা আন্তজার্তিক অর্থনৈতিক শৃংখলা গঢ়ি তুলা হয় আৰু অধিক লাভ অর্জনৰ আঁচনি গ্ৰহণ কৰে।

21. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? (HS 2012)

উত্তৰঃ দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ লগে লগে অর্থাৎ 1945 চনত আৰম্ভ হৈছিল।

22. NIEOৰ সম্পূৰ্ণ ৰূপটো কি? (HS 2017)

উত্তৰ: New International Economic Order.

23. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? (HS 2014)

উত্তৰ: বেলগ্রেডত।

24. কেতিয়া কিউবাত মিছাইল সংকটৰ সৃষ্টি হৈছিল? (HS 2016)

উত্তৰঃ 1962 চনত।

25. দ্বিতীয় মহাযুদ্ধৰ পিছত অবির্ভাব হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা। (HS 2018)

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন।

26. শীতল যুদ্ধৰ সময়ত USA আৰু USSRয়ে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি? (HS 2017)

উত্তৰ: নাটো (NATO) আৰু ৱাৰশ্ব চুক্তি (WARSAW Pact)।

27. কিউবাৰ মিচাইল সংকটৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: 1959 চনত ফিডেল কষ্ট্ৰোৰ নেতৃত্বত কিউবাত সাম্যবাদী আদৰ্শৰ চৰকাৰ প্রতিষ্ঠা হোৱাৰ পিছৰে পৰা দেশখনে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলৈ ধৰে। কিয়নো কিউবাৰ লগত ৰাছিয়াৰ সম্পৰ্ক মধুৰ হ’বলৈ ধৰে আৰু ৰাছিয়াই কিউবাক আর্থিক সাহায্যও আগবঢ়ায়। কিন্তু এই কার্যত আমেৰিকা অসন্তুষ্ট হৈছিল। ফলস্বৰূপে কিউবা, ৰাছিয়া আৰু আমেৰিকাৰ সংঘাট কেন্দ্ৰত পৰিণত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1961ৰ এপ্রিলত আমেৰিকাই কিউবা আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ৰাছিয়াই সন্দেহ কৰে আৰু কিউবাত ৰাছিয়াই সামৰিক ঘাটি স্থাপন কৰে। ফলস্বৰূপে কিউবাক লৈ উভয় দেশৰ মাজত এক যুদ্ধৰ পৰিস্থিতি বিৰাজ কৰে আৰু আমেৰিকাই কিউবাৰ ওপৰত মিছাইল আক্রমণ চলাব বুলি কিউবা শংকিত হৈ পৰে। গতিকে, এই পৰিস্থিতিটোকে কিউবা সংকট বুলি কোৱা হয়।


Class 12 Political Science All Question Answer – Click Here

Class 12 Political Science Chapter 1 in Assamese Medium (Part 1) শীতল যুদ্ধৰ যুগ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment