Assam Board Exam

Class 12 Political Science Chapter 1 এটা দলৰ আধিপত্যৰ যুগ

Class 12 Political Science Chapter 1 in Assamese Medium এটা দলৰ আধিপত্যৰ যুগ – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

Class 12 Political Science Chapter 1 এটা দলৰ আধিপত্যৰ যুগ || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

দ্বিতীয় খণ্ড

এটা দলৰ আধিপত্যৰ যুগ

1. ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাত কংগ্রেছ দলৰ আধিপত্যৰ মূল কাৰণসমূহ আলোচনা কৰা।

উঃ- ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবর্ষত বহুদলীয় ব্যৱস্থাৰ প্রচলন কৰিছে। কিন্তু স্বাধীনতাৰ পৰবর্তী সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –

  1. জাতীয় সংগ্ৰামৰ উত্তৰাধীকাৰী: কংগ্ৰেছ দলে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতৃত্ব বহন কৰি দেশে স্বাধীনতা লাভ কৰাত বৰঙনি আগবঢ়াইছে। সেই সময়ৰ বৰেণ্য ব্যক্তিসকলৰ দ্বাৰা নিয়ন্ত্রিত জাতীয় আন্দোলনৰ পৰা উত্তৰাধীকাৰী সূত্রে ভাৰতীয়ক নেতৃত্ব প্রদান কৰাৰ সুবিধা লাভ কৰিছিল।
  2. তৃণমূল পর্যায়ৰ সংগঠনঃ- কংগ্ৰেছেই আছিল সেইসময়ৰ একমাত্র সংগঠন যাৰ তৃণমূল পর্যায়ৰ সংগঠন অতি দৃঢ় আছিল। দলৰ ভিতৰৰ নির্বাচনত তৃণমূল সংগঠনে শক্তিশালী ভূমিকা লৈছিল।
  3. স্থানীয় পৰিস্থিতিৰ লগত খাপ- খোৱা – কংগ্রেছৰ প্রাধান্যৰ আন এটা কাৰণ আছিল সেই সময়ৰ স্থানীয় পৰিস্থিতিৰ লগত মোকাবিলা কৰি সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিছিল। আৰু  জনসাধাৰণক দলৰ প্রতি আর্কষিত কৰিছিল।
  4. একমাত্র শক্তিশালী দলঃ- স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত কংগ্ৰেছ দলেই একমাত্র শক্তিশালী ৰাজনৈতিক দল আছিল। যাৰ শাখা- প্রশাখা সমগ্ৰ দেশজুৰি বিয়পি আছিল। এনে পৰিস্থিতিত জনসাধাৰণে এই দলটোৰ প্রতি সমর্থন আগবঢ়াইছিল।

উপৰোক্ত কাৰণসমূহৰ বাবেই ভাৰতৰ দলীয় ব্যৱস্থাত কংগ্রেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

2. ভাৰতৰ প্রথম তিনিটা নির্বাচনত কংগ্রেছ দলৰ আধিপত্য আলোচনা কৰা।

উঃ- ভাৰতবর্ষই স্বাধীনতা অর্জন কৰাৰ পিছত 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান বলবৎ হয়। আৰু দেশত গণতান্ত্রিক ব্যৱস্থাৰ প্ৰর্বতন হয়। সেই অনুসৰি ভাৰতৰ নির্বাচন আয়োগে 1951-52 চনত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰে। এই সাধাৰণ নির্বাচনত কংগ্রেছ দলে প্রতিষ্ঠা কৰা আধিপত্যৰ বিষয়ে তলত আলোচনা কৰা হল-

  1. প্রথম সাধাৰণ নির্বাচন:- স্বাধীনতাৰ পৰবর্তীসময়ত ভাৰতবৰ্ষত 1951 চনৰ নৱেম্বৰ মাহৰ পৰা 1952 চনৰ ফেব্রুৱাৰী মাহলৈকে প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত লোকসভাৰ মুঠ 489 খন আসনৰ ভিতৰত 364 খন আসন কংগ্ৰেছে লাভ কৰি একক সংখ্যা গৰিষ্ঠতা প্রতিষ্ঠা কৰিছিল। ভাৰতীয় সাম্যবাদী দলে 16 খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। এই নির্বাচনত কংগ্ৰেছে প্রতি 4 খন আসনৰ ভিতৰত তিনিখন আসন দখল কৰিছিল। কংগ্রেছে মুঠ আসনৰ 74%. আৰু মুঠ ভোটৰ 45% ভোট লাভ কৰিছিল।
  2. দ্বিতীয় সাধাৰণ নির্বাচনঃ- দ্বিতীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল 1957 চনত এই নির্বাচনটো কংগ্রেছ দলে প্রথম নির্বাচনতকৈও অধিক ভোট তথা আসন লাভ কৰি ভাৰতৰ শাসন ব্যৱস্থাতা পুনৰ একক সংখ্যা গৰিষ্ঠতা লাভ কৰে। এই নির্বাচনত মুঠ 494 খন আসনৰ ভিতৰত কংগ্ৰেছে 371 খন আসন লাভ কৰিছিল। শতকৰা হিচাপত দ্বিতীয় নির্বাচনত কংগ্রেছে মুঠ আসনৰ 75% আৰু মুঠ ভোটৰ 47.8% ভোট লাভ কৰে।
  3. তৃতীয় সাধাৰণ নির্বাচনঃ- 1962 চনত তৃতীয় সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনটো কংগ্রেছ দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰে যদিও প্রথম দুটা নির্বাচনতকৈ তুলনামূলকভাৱে কম আসন আৰু ভোট লাভ কৰে। এই নির্বাচনত মুঠ 494 খন আসনৰ ভিতৰত কংগ্ৰেছে 361 খন আসন লাভ কৰে। শতকৰা হিচাপত আসনৰ শতাংশ 73% আৰু ভোটৰ 44.7% শতাংশ  লাভ কৰে।

ওপৰৰ আলোচনাৰ পৰা আমি মন্তব্য কৰিব পাৰো যে, প্রথম তিনিটা সাধাৰণ নির্বাচনত কংগ্রেছ দলে অভূতপূৰ্ব সফলতা লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্রতিষ্ঠিত হয়।

3. কেৰেলাত সাম্ৰজ্যবাদৰ জয় সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: 1957 চনত কংগ্ৰেছ দলে কেৰেলাত পৰাজয়ৰ তিক্ততা লাভ কৰিছিল। 1957 চনত অনুষ্ঠিতি কেৰেলাৰ বিধানসভা নির্বাচনত সাম্যবাদী দলে অধিক সংখ্যক আসন লাভ কৰে। এই দলে 126 খন আসনৰ বিপৰীতে 60 খন আসন লাভ কৰে আৰু 5 জন নির্দলীয় সদস্য সমর্থন লাভ কৰে। ৰাজ্যপালে  সাম্যবাদী দলৰ নেতা E.M.S. নামুদ্রিপদক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রন জনায়। বিশ্বত পোনপ্ৰথমবাৰৰ বাবে এখন গণতান্ত্রিক ভাৱে নির্বাচিত এখন সাম্যবাদী চৰকাৰ গঠন হয়। ৰাজ্যখনত ক্ষমতা লাভ কৰিব নোৱাৰি কংগ্রেছে নির্বাচিত চৰকাৰৰ বিৰুদ্ধে ‘মুক্তি সংগ্রাম’ আৰম্ভ কৰে। সাম্যবাদী দলে গুৰুত্বপূর্ণ আৰু উন্নয়নমূলক আচনিৰ প্রতিশ্রুতিৰে ক্ষমতা দখল কৰে। সাম্যবাদে বিশ্বাস কৰে যে, এই সংগ্রাম নিজৰ স্বার্থ আৰু ধর্মীয় অনুষ্ঠানৰ দ্বাৰা পৰিচালিত হয়। কেন্দ্রত থকা কংগ্রেছ চৰকাৰে 1959 চনত সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি কেৰেলাৰ সাম্যবাদী চৰকাৰ ভংগ কৰি দিলে। এই সিদ্ধান্ত বির্তক মূলক আছিল আৰু সংবিধানক জৰুৰীকালীন ক্ষমতাৰ অপব্যৱহাৰ বুলি কৈছিল।

4. ভাৰতৰ জনসংঘৰ ওপৰত চমু টোকা লিখা।

উঃ- 1951 চনত প্রতিষ্ঠাপক সভাপতি শ্যামা প্রসাদ মুখার্জীৰ নেতৃত্বত ভাৰতীয় জনসংঘ প্রতিষ্ঠা হয়। এই দলৰ মূল আছিল স্বাধীনতাৰ আগৰ ৰাষ্ট্ৰীয় স্বয়ং-সেৱক সংঘ আৰু হিন্দু মহাসভা।  ইয়াৰ মূল আদর্শ আছিল এক দেশ, এক সংস্কৃতি আৰু জাতি। ভাৰতীয় জনসংঘই অখণ্ড ভাৰত গঢ়িবলৈ চেষ্টা কৰাৰ লগতে ভাৰতৰ চৰকাৰী ভাষা ইংৰাজীৰ পৰিবর্তে হিন্দী কৰিবলৈ যথেষ্ট প্রচেষ্টা চলাইছিল। এই দলটোৱে আনৱিক অস্ত্ৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল। প্রথম অৱস্থাত এই দলৰ সমর্থক আছিল নগৰ অঞ্চলৰ হিন্দীভাষী লোকসকল প্রধানকৈ মধ্যপ্রদেশ, ৰাজস্থান, দিল্লী ইত্যাদি। 1952 চনৰ সাধাৰণ নির্বাচনত এই দলে 3 খন আৰু 1957 চনৰ নিৰ্বাচনত 4 খন আসন লাভ কৰে। ভাৰতীয় জনসংঘৰ নেতাসকলৰ ভিতৰত অন্যতম নেতা আছিল শ্যামা প্রসাদ মুখার্জী, দীন দয়াল উপাধ্যায়, বলৰাজ মাধব ইত্যাদি। আদর্শ আৰু কাৰ্যসূচীৰ ফালৰ পৰা ভাৰতীয় জনসংঘ অন্য দলসমূহতকৈ পৃথক আছিল।  এতিয়াৰ  “ভাৰতীয় জনতা দলৰ” মূল আছিল ভাৰতৰ জনসংঘ।

5. ভাৰতৰ সাম্যবাদী দলৰ ওপৰত চমু টোকা লিখা।

উত্তৰ-  1924 চনত ভাৰতত দুটা সাম্যবাদী দল গঠন হৈছিল। তাৰে এটা হ’ল ভাৰতীয় সাম্যবাদী দল। এই দলটো ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী নীতিত বিশ্বাসী আছিল। সাম্যবাদী র্নীতিত বিশ্বাসী আৰু দলৰ সক্রিয় কর্মী হিচাপে কাম কৰিবলৈ ইচ্ছুক 18 বছৰ বয়সপ্রাপ্ত ব্যক্তি কেইজনমান সদস্যক লৈ দলৰ প্রাথমিক সংগঠন গঠিত হৈছিল। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত সাম্যবাদী নীতি প্রচাৰ কৰা হয়। ভাৰতৰ সাম্যবাদী দলৰ প্রধান কর্মসূচী হ’ল জনসাধাৰণৰ ওপৰত কৰ হ্ৰাস, কৃষক আৰু শ্রমিকসকলৰ উন্নতি সাধন, একচেতীয়া ব্যৱসায় নিয়ন্ত্ৰণ দেশৰ সকলো উদ্যোগ প্রতিষ্ঠান জাতীয়কৰণ, ভূমিসংস্কৰণ ইত্যাদি। মার্ক্সবাদী সাম্যবাদী দলৰ নিচিনাকে ভাৰতৰ সাম্যবাদী দলৰো জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱা পৰিলক্ষিত হয়। 1980 চনৰ আৰু ইয়াৰ পিছৰ মধ্যবর্তী নির্বাচনত এই দলে বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল। দেৱে গৌড়া আৰু গুজৰালৰ নেতৃত্বত গঠিত হোৱা মর্চা চৰকাৰত এই দলে অংশ গ্রহণ কৰিছিল আৰু দ্বাদশ ত্ৰয়োদশ আৰু পঞ্চদশ নির্বাচনত বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল কিন্তু চর্তুদশ নির্বাচনত এই দলে ভাল ফল লাভ কৰিছিল।

6. ভাৰতৰ ৰাজনৈতিক দলৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা

উঃ-      i) ব হুদলীয় ব্যারস্থা

ii) সু-সংঠনৰ অভাৱ

iii) শক্তিশালী বিৰোধীদলৰ অভাৱ।

iv) স্থায়ী নীতি আৰু কার্যসূচীৰ অভাৱ।

v) সাম্প্রদায়িক ভিত্তিত দল গঠন

vi) ঐক্য আৰু আনুগত্যৰ অভাৱ

vii) এক দলীয় আধিপত্য

viii) আঞ্চলিক দলৰ উৎপত্তি

7. ভাৰতীয় গণতন্ত্রত বিৰোধী দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰ: প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যবস্থাত বিৰোধীদলৰ সক্রিয় ভূমিকা অতি গুৰুত্বপূর্ণ। ইয়াৰ বাবে বিৰোধী দলসমূহ গুণগত আৰু সংখ্যাগত দুয়োফালৰ পৰাই শক্তিশালী আৰু দায়িত্বশীল হব লাগিব। ভাৰতবর্ষৰ ৰাজনৈতিক ব্যৱস্থাত বহুদলীয় ব্যবস্থাৰ প্রচলন আছে যদিও প্রথম তিনিটা সাধাৰণ নির্বাচনত  কংগ্রেছ দলেই আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। পৰবর্তী সময়ত কেইবাটাও দলে বিৰোধীৰ স্থিতি লবলৈ সক্ষম হয় যদিও প্রকৃততে 1977 চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধীৰ স্পষ্ট ভূমিকা পৰিলক্ষিত হয়। পৃথিৱীৰ প্রত্যেকখন দেশতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্রক আৰু অধিক জনপ্ৰিয় কৰি তুলিছে। ভাৰতবৰ্ষত প্রকৃত বিৰোধীৰ উদ্ভৱ হোৱা নাই যদিও এই দলসমূহে মিত্রজোটৰ জৰিয়তে ইয়াৰ  স্থিতি প্রতিষ্ঠা কৰা পৰিলক্ষিত হয়।

ভাৰতবর্ষত স্বাধীনতাৰ প্রথম ভাগত বিৰোধীয়ে অধিক আসন লাভ কৰিব নোৱাৰিলেও চৰকাৰৰ কার্যাৱলীক গঠনমূলকভাৱে সমালোচনা কৰি পৰামৰ্শ আগবঢ়াইছিল। এখন গণতান্ত্রিক দেশত বিৰোধী দলৰ শক্তিশালী  ভূমিকা অবিহনে ৰাষ্টই প্রকৃত সফলতা লাভ কৰিব নোৱাৰে এখন গণতান্ত্রিক দেশত বিৰোধীৰ ভূমিকা কেনে হোৱা উচিত সেই সর্ম্পকে ৰাজনৈতিক পণ্ডিতসকলে বহু পৰামৰ্শ আগবঢ়াইছে। তাৰে ভিতৰত কিছু উল্লেখযোগ্য হল জনতা আৰু দেশৰ স্বার্থ সুৰক্ষা আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰা, চৰকাৰৰ কাম-কাজৰ ওপৰত চকু ৰখা আৰু প্ৰয়োজন অনুসৰি সমালোচনা কৰা, জনগনৰ অভাৱ – অভিযোগ, আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰা আৰু প্ৰয়োজন অনুসৰি বিকল্প চৰকাৰ গঠন কৰা, জনমত গঠন কৰা আৰু চৰকাৰ জনগনৰ মাজৰ পাৰ্থক্য দূৰ কৰা। জনতাক ৰাজনৈতিক শিক্ষা প্রদানেৰে সজাগতা বৃদ্ধি কৰা আৰু চৰকাৰক জনগনৰ প্রতি দায়বদ্ধ কৰা।

            ওপৰত উল্লেখ কৰাবোৰ বিৰোধীৰ প্রধান কৰণীয় ইয়াৰ যদিও ভাৰতবর্ষৰ ক্ষেত্রত যিকোনো কাৰণ বশতঃ পূর্ণাংগ বিকাশ দেখা পোৱা নাযায়। কোনো দলেই শৃংখলাবদ্ধ আৰু গঠনমূলক পদ্ধতিৰে বিৰোধীৰ ভূমিকাত অবতীর্ণ হব পৰা নাই তাৰোপৰি চৰকাৰক সমলোচনা কৰাৰ বাহিৰে জনমত গঠনৰ যি অন্যতম দায়িত্ব সেয়াও পালন কৰা দেখা নাযায়। কেৱল মন্ত্রীসভা গঠনৰ বাবেহে দলসমূহ আগ্রহী হোৱা পৰিলক্ষিত  হয়।

8. চমুটোকা  লিখা।

ক)  Communist Party of India( C.P.I):         ভাৰতৰ সাম্যবাদী দল ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ আদর্শত 1924 চনত গঠিত হৈছিল। এই দলৰ কেইজনমান প্ৰধান নেতা হল  এ.কে. গোপালন, এছ-এ. দাংগে ,ই.এম.এছ নামুদ্রিপদ, অজয় ঘোষ, পি. চি. যোশী। 1964 চনত ভাৰতত দুটা সাম্যবাদী দলৰ সৃষ্টি হৈছিল মাক্সবাদী সাম্যবাদী দল C.P.P (M) আৰু আনটো হৈছে ভাৰতীয় সাম্যবাদী দল C.P.I কিন্তু, এই দুটা ভাগতে ক্ষান্ত নাথাকি 1969 চনত আকৌ তৃতীয়টো সাম্যবাদী দলৰ সৃষ্টি হয় সেইটো হৈছে মার্ক্সবাদী, লেনিনবাদী সাম্যবাদী দল CPI (M.L) ভাৰতৰ প্রথম সাধাৰণ নির্বাচনত ভাৰতৰ সাম্যবাদী দল CPT যে 16 খন আসন লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।

খ) ভাৰতীয় জনসংঘ:                       ভাৰতীয় জনসংঘ গঠিত হৈছিল 1951 চনত। ইয়াৰ মূল হ’ল ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। ভাৰতীয় জনসং ঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখার্জী। এই দলৰ আদর্শ হ ল এক দেশ, এক সংস্কৃতি আৰু এক জাতি। ভাৰতৰ প্ৰথম সাধাৰণ নির্বাচনত এইদলে 3খন আৰু দ্বিতীয় নির্বাচনত 4খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় জনসং ঘৰ প্রধান নেতাসমূহ হল- শ্যামা প্রসাদ মুখার্জী, দীন দয়াল উপাধ্যায়, বলৰাজ মাধক ইত্যাদি। বৰ্তমানৰ ভাৰতীয় জনতা দলৰ মূল হল ভাৰতীয় জনসংঘ।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 1 in Assamese Medium এটা দলৰ আধিপত্যৰ যুগ – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

HS 2nd Year Political Science Chapter 1 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

1 thought on “Class 12 Political Science Chapter 1 এটা দলৰ আধিপত্যৰ যুগ”

  1. আঘাত নিৰাময়ৰ বাবে কি কি কার্যসূচী গ্ৰহন কৰাহৈছিল ?

    Reply

Leave a Comment