Assam Board Exam

Class 12 Political Science Chapter 10 শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান

Class 12 Political Science Chapter 10 in Assamese Medium শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান– সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

Class 12 Political Science Chapter 10 শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

দ্বিতীয় খণ্ড

শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান

1.  ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা। (HS 2017)

উত্তৰ:  অর্থনৈতিক উদাৰীকৰণ অৰ্থাৎ ৰাষ্ট্ৰৰ অপ্রয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অর্থনীতি মুক্ত হোৱাটো হ’ল নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য।

2.  মণ্ডল আয়োগৰ পৰামৰ্শৱালীসমূহ উল্লেখ কৰা।

উত্তৰ:  ভাৰতীয় ৰাজনীতিত পিছপৰা শ্রেণীসমূহৰ উন্নয়নৰ বাবে সময়ে সময়ে বিভিন্ন আয়োগ গঠন হৈ আহিছে। মূৰাৰজী দেশাই নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে 1979 চনৰ 1 জানুৱাৰী তাৰিখে পিছ পৰা শ্রেণীসমূহৰ আয়োগ (দ্বিতীয়) নিযুক্তি দিয়ে। সাংসদ B.P মণ্ডলৰ অধ্যক্ষতাত নিযুক্তি দিয়া এই আয়োগে 1980 চনৰ ডিচেম্বৰ মাহত প্রতিবেদন দাখিল কৰে। এই আয়োগে জাতিভিত্তিক সুৰক্ষা ব্যৱস্থাৰ প্রৱর্তনৰ বাবে পৰামর্শ আগবঢ়ায়। এই আয়োগে সর্বমুঠ 3248 টা জাতি বা সম্প্রদায়ক অনান্য পিছপৰা শ্রেণীৰ অন্তভুক্তিৰ বাবে চিনাক্ত কৰে। মণ্ডল আয়োগে আগবঢ়োৱা পৰামর্শসমূহৰ ভিতৰত অন্যতম কেতবোৰ পৰামর্শ তলত উল্লেখ কৰা হ’ল-

i) চৰকাৰী বা চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত 27% পদ আৰু আসন অনান্য পিছপৰা শ্রেণীৰ বাবে সংৰক্ষণ কৰিব লাগে।

ii) অনুসূচীত জাতি আৰু জনজাতিৰ দৰে একেধৰণে অনান্য পিছপৰা শ্রেনীৰ কল্যানমূলক আঁচনিৰ বাবেও ভাৰত চৰকাৰে পুঁজি যোগান ধৰিব লাগে।

iii) ৰাজ্যসমূহত কম পৰিমাণে ভূমিৰ গৰাকীসকলে যাতে ধনী কৃষকসকলৰ ওপৰত অধিক পৰিমাণে নির্ভৰ কৰিব লগা নহয় ইয়াৰ বাবে আমোল ভূমি সংস্কাৰ সাধন কৰিব লাগে।

Iv) অনান্য পিছপৰা শ্রেণীৰ লোকসকলক ক্ষুদ্র উদ্যোগ স্থাপন কৰিবলৈ উৎ সাহিত আৰু সহায় কৰিব লাগে।

v)  বৃত্তিমুখী প্রশিক্ষন প্রদানৰ ওপৰত গুৰুত্ব প্রদান কৰি অনান্য পিছপৰা শ্রেণীৰ বাবে  বিশেষ শিক্ষণ আঁচনি আৰম্ভ কৰিব লাগে।

মণ্ডল আয়োগে আগবঢ়োরা এই পৰামৰ্শৱালীসমূহে অনান্য পিছপৰা শ্রেণীৰ লোকক আর্থিক আৰু সামাজিক ভাৱে লাভান্বিত কৰা লগতে ৰাজনৈতিক ভাবেও সংগঠিত কৰিলে যাৰ ফলত এই শ্রেণীসমূহে বহু ৰাজনৈতিক দল গঢ়ি তুলি পৰবর্তী সময়ত তেওঁলোকৰ অধিক সা- সুবিধাৰ লগত প্রশাসনিক তথা ৰাজনৈতিক ক্ষেত্রত প্রতিনিধিত্ব কৰাৰ হকেও দাবী তুলিলে।

3. 1989 চনৰ পৰবৰ্তী সময়ত ভাৰতীয় ৰাজনীতিৰ প্রধান সমস্যাসমূহ লিখা।

উত্তৰ:  1989 বর্ষতো হৈছে ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা অতি উল্লেখযোগ্য বছৰ। এই বছৰটোত বহু ৰাজনৈতিক পৰিবর্তনে দেখা দিছিল। তাৰ ভিতৰত উল্লেখযোগ্য কিছু পৰিবর্তন/পৰিস্থিতি তথা সমস্যা তলত দিয়া ধৰণৰ

(i) জনতা দলৰ উত্থান:- 1989 ৰ সময়ছোৱাৰ এটা অন্যতম বৈশিষ্ট্য আছিল জনতা দলৰ উত্থান। 1996 চনৰ পিছত জনতা দলে শক্তিশালী বিৰোধী হিচাপে ভূমিকা পালন কৰিছিল আৰু 1999 চনত সাধাৰণ নির্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিছিল।

(ii) কংগ্রেছৰ প্রাধান্য হ্রাস:- 1989 চনৰ সাধাৰণ নির্বাচনত কংগ্রেছ দলৰ শোচনীয় পৰাজয় ঘটিছিল। পোন প্রথমবাৰৰ বাবে ভাৰতীয় ৰাজনীতিত নিজৰ প্রাধান্য হেৰুৱায় কংগ্রেছ আধিপত্য অৱসান ঘটোৱাৰ লগতে কংগ্ৰেছী শাসন ব্যৱস্থাৰো পৰিসমাপ্তি ঘটাইছিল।

(Iii) সংযুক্ত ৰাজনীতিৰ আৰম্ভনিঃ- ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ আন এক পৰিবর্তন হৈছে সংযুক্ত বা মর্চা চৰকাৰ। 1989 ৰ পৰা কোনো এটা ৰাজনৈতিক দলেই সংখ্যা গৰিষ্ঠতা লাভ নকৰাত বহু দল লগ হৈ মর্চা গঠন কৰিবলৈ বাধ্য হৈছিল। একেদৰে ৰাষ্ট্রীয় মর্চা যেনে NDA, UPA, আদিৰ নেতৃত্বত ভাৰতত সংযুক্ত চৰকাৰ গঠন হৈছিল।

(iv) আঞ্চলিক দলৰ গুৰুত্ব: 1989 চনৰ পৰা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত গুৰুত্ব লাভ কৰা আন এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল আঞ্চলিক দলৰ উত্থান। ৰাষ্ট্ৰীয় দলসমূহে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰাত আঞ্চলিক দলৰ সহায় বিচাৰিবলগীয়া হৈছিল। এনে ক্ষেত্রত আঞ্চলিক দলৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে ভাৰতীয় ৰাজনৈতিক সমীকৰণ সমূহৰো পৰিবর্তন হৈছিল।

            ওপৰত উল্লেখ কৰাবোৰেই হৈছে 1989 চনৰ পৰবর্তী সময়ছোৱাৰ ভাৰতীয় ৰাজনীতিৰ প্রধান সমস্যা বা পৰিবৰ্তন।

4. 2004 চনৰ সাধাৰণ নির্বাচনৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ- 2004 চনৰ লোকসভা নির্বাচনৰ কেতবোৰ উল্লেখ যোগ্য বৈশিষ্ট্য হল

i) ভাৰতীয় জনতা দলে নেতৃত্ব দিয়া ৰাষ্ট্রীয় গণতান্ত্রিক মর্চা (NDA) এই নির্বাচনত পৰাজিত হয়।

ii) কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ঐক্য উন্নয়নশীল মৰ্চা (UPP) নামৰ এটা নতুন মর্চা বা জোট বন্ধন গঠন হয়।

iii) ঐক্য উন্নয়নশীল মর্চাই বাহিৰৰ পৰা লাভ কৰা বাওঁপন্থী দলৰ সহায়ত চৰকাৰ গঠন কৰে

iv) 2004 চনৰ লোকসভা নির্বাচনে কংগ্রেছৰ হেৰুৱা স্থান কিছু পৰিমাণে ঘূৰাই আনি দলটোক সজীৱতা প্রদান কৰে।

v) 2004 চনৰ সাধাৰণ নির্বাচনত কংগ্ৰেছ তথা ইয়াৰ  মিত্র গোষ্ঠী আৰু ভাৰতীয় জনতা পার্টী তথা ইয়াৰ মিত্ৰ গোষ্ঠীয়ে লাভ কৰা ভোটৰ মাজত কেৱল কিঞ্চিতহে পার্থক্য আছিল।

5. ভাৰতীয় গণতন্ত্রত সাম্প্রদায়িকতাবাদ আৰু ধর্ম নিৰপেক্ষতাবাদে ৰাজনীতিত পেলোৱা প্রভাৱ সম্পর্কে আলোচনা কৰা।

উত্তৰ: ভাৰতীয় ৰাজনীতিৰ এটা শুৰুত্বপূর্ণ বিবাদ হৈছে সাম্প্রদায়িকতাবাদ। যদিওবা ভাৰতৰ সংবিধানে ভাৰতক এখন ধর্ম নিৰপেক্ষ ৰাষ্ট্র হিচাপে ঘোষণা কৰিছে। তথাপি সাম্প্রদায়িকতাৰ বীজৰ পৰা ভাৰতীয় ৰাজনীতি মুক্ত নহয়। ভাৰতীয় ৰাজনীতিৰ এটা গুৰুত্বপূর্ণ বিবাদ হ ল ৰাম জন্ম ভূমি আৰু বাবৰি  মছজিদ বিবাদ। এই বিবাদ  আচলতে দুই ধর্মৰ লোকে একেটা স্থানতে নিজৰ ধর্মৰ ঐতিহ্য আৰু অস্তিত্ব ৰক্ষণাবেক্ষণৰ বাবে চলোৱা প্রচেষ্টাৰ অংশ বিশেষ। গতিকে ৰাজনীতি লগত ইয়াৰ প্রত্যক্ষ বা পোনপটীয়া সম্পর্ক থাকিব নালাগে যদিও বিগত প্রায় দুটা দশকত ভাৰতীয় ৰাজনীতি এই বিতর্কক কেন্দ্র কৰি উত্তাল হৈ আহিছে। BJP ৰ অন্যতম নির্বাচনী, ইছু হল অযোধ্যাৰ বিবাদমান স্থানত ৰাম মন্দিৰ নির্মাণ কৰা। ইয়াৰ উপৰিও “ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ (RSS) বা বিশ্ব হিন্দু পৰিষদ আদিয়েও হিন্দুত্বৰ ওপৰত নানা ধৰণে মাত মাতি আহিছে। অৱশ্যে ভাৰতীয় জনতা পার্টীয়েহে যে ধর্ম নিৰপেক্ষতাৰ নীতি উলংঘা কৰিছে তেনে নহয়। ভাৰতীয় জাতীয় কংগ্রেছ দলৰো বহু কার্যও ধর্ম নিৰপেক্ষতাৰ নীতিক উলংঘা  কৰিছে। এই ক্ষেত্ৰত উল্লেখ যোগ্য উদাহৰণ হল শ্বাহ বানু কেচ। ৬২ বছৰীয়া শ্বাহ বাণু নামৰ বিবাহ বিচ্ছেদ হোৱা এগৰাকী মুছলমান মহিলাই তেওঁৰ পূৰ্বৰ স্বামীৰ পৰা চলি থাকিবৰ বাবে প্রয়োজনীয় খৰচ বিচাৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰাত ন্যায়লয়ে তেওঁৰ সপক্ষে ৰায় দান কৰিলে। কিন্তু গোড়া মুছলমান সমাজে এই কথাৰ তীব্ৰ বিৰোধিতা কৰি ই মুছলীম ব্যক্তিগত আইন ভংগ কৰা বুলি অভিযোগ তোলে। তেতিয়া কংগ্রেছ দলে মুছলমানৰ হেঁচাত পৰি উচ্চতম ন্যায়ালয়ৰ ৰায়কো নাকচ কৰি বিপৰীত মুখী স্থিতি গ্রহণ কৰে। এনে কাণ্ডত বহু মহিলা সংগঠন বৌদ্ধিক সমাজ  আদিয়ে চৰকাৰৰ স্থিতিক সমালোচনা কৰে। গতিকে কংগ্ৰেছ চৰকাৰৰ এনে বহু স্থিতিয়েও ভাৰতীয় ধর্ম নিৰপেক্ষতাবাদত আঘাত হানিছে।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 10 in Assamese Medium শেহতীয়া বিষয় আৰু প্ৰত্যাহ্বান– সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

HS 2nd Year Political Science Chapter 10 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment