Assam Board Exam

Class 12 Political Science Chapter 2 জাতি গঠনৰ প্ৰত্যাহ্বান সমূহ

Class 12 Political Science Chapter 2 in Assamese Medium জাতি গঠনৰ প্ৰত্যাহ্বান সমূহ – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

Class 12 Political Science Chapter 2 জাতি গঠনৰ প্ৰত্যাহ্বান সমূহ || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

দ্বিতীয় খণ্ড

জাতি গঠনৰ প্ৰত্যাহ্বান সমূহ

(1) স্বাধীন ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্ৰত্যাহ্বানসমূহ আলোচনা কৰা। [H.S. 2012, 2013, 2015, 2019]

উঃ- স্বাধীন ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্রত্যাহ্বানসমূহ তলত আলোচনা কৰা হ’ল –

(ক) ঐক্য – ভাৰতবর্ষ এখন আকাৰত তথা জনসাধাৰণৰ ক্ষেত্রত বিশাল দেশ। বিভিন্ন ভাষা-ধর্ম, সংস্কৃতিৰ লোকৰ বসতিৰ স্থল ভাৰতবৰ্ষত একতা স্থাপন কৰাটো ভাৰত চৰকাৰৰ সমুখত অতি কঠিন প্রত্যাহ্বান হিচাপে দেখা দিছিল। গতিকে ভিন্নতাৰ মাজত ঐক, স্থাপনক স্বাধীন ভাৰত চৰকাৰে সন্মুখীন হোৱা প্রথম আৰু প্রধান প্রত্যাহ্বান বুলি কব পাৰি।

(খ) গনতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান – স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে সম্মুখীন হোৱা দ্বিতীয় গুৰুত্বপূর্ণ প্রত্যাহ্বানটো আছিল গণতন্ত্ৰ প্রতিষ্ঠাৰ প্ৰত্যাহ্বান। ভাৰতবর্ষই সংসদীয় গণতন্ত্র নীতি গ্রহণ কৰিছিল আৰু জনসাধাৰণৰ ভোটাধিকাৰ প্রদানৰ জৰিয়তে প্রতিনিধি নির্বাচনৰ দ্বাৰা চৰকাৰ গঠনৰ প্ৰচেষ্টা হাতত লৈছিল। প্রতিনিধিত্বমূলক গণতন্ত্রৰ ভেটি হিচাপে কার্য সম্পাদন কৰিবলৈ বহু দলীয় ব্যৱস্থাৰ প্রচলন ঘটাইছিল যদিও বাস্তৱ ক্ষেত্রত ই প্রত্যাহ্বান হিচাপে দেখা দিছিল।

(গ) বিকাশ আৰু সমৃদ্ধিৰ প্রত্যাহ্বান –  তৃতীয় প্রধান প্রত্যাহ্বানটো আছিল ভাৰতবৰ্ষৰ সকলো শ্রেণীৰ জনসাধাৰণৰ বাবে সমানে বিকাশ আৰু সমৃদ্ধি গঢ়ি তোলা। এই ক্ষেত্রত চৰকাৰে সমতাৰ নীতি গ্ৰহণ কৰিছিল। তাৰোপৰি  সংবিধানত নির্দেশাত্মক নীতিৰ অর্ন্তভুক্ত কৰা হৈছিল যদিও সকলো শ্রেণীৰ সমবিকাশ সাধন কৰাটো চৰকাৰৰ বাবে গুৰুত্বৰ প্রত্যাহ্বান হিচাপে দেখা দিছিল।

(ঘ) দেশীয় ৰাজ্যৰ অন্তভুক্তিৰ সমস্যা- ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত দেশৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত ৰৈ যোৱা দেশীয় ৰাজ্যসমূহক স্বাধীন দেশৰ ভিতৰত অর্ন্তভুক্তিৰ সমস্যাটোৱে এটা প্রত্যাহ্বান সৃষ্টি কৰিছিল। অৱশ্যে বিভিন্ন দেশীয় ৰাজ্য যেনে- কাশ্মীৰ, হায়দৰাবাদ, মণিপুৰ আদি ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত চামিল হৈছিল।

(ঙ) আন্তঃ ৰাজ্যিক সীমা নির্ধাৰণ – দেশ স্বাধীন হোৱা পাছত ৰাজ্য  বিলাকৰ সীমা নির্ধাৰণ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল ভিন ভিন ৰাজ্যই ভিন ভিন ভাষা ব্যৱহাৰ কৰিছিল আৰু ভাষাৰ তাৰতম্যৰ ভিত্তিত ৰাজ্যৰ সীমা নির্ধাৰণ কৰিব লগা হৈছিল।

এইবোৰেই হৈছে স্বাধীনতাৰ পৰৱর্তী সময়ত ভাৰত চৰকাৰে সম্মুখীন হোৱা মূল প্রত্যাহ্বান।

(২)  বিভাজন প্রক্রিয়াটো ব্যাখ্যা কৰা। ভাৰত বিভাজনৰ মূল কাৰণ সমূহ কি কি?

উত্তৰ ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টতে স্বাধীনতা লাভ কৰে যদিও সম্পূর্ণ ভাৰত হিচাপে নহয় বৰঞ্চ দ্বি-খণ্ডিত ভাৰত হিচাপেহে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রাম চলি থাকোতে মহম্মদ আলি জিন্নাৰ নেতৃত্বত কিছু মুছলমান নেতাই ঘোষণা কৰিলে যে, ভাৰত দুটা জাতিৰ ৰাষ্ট্র  হিন্দু আৰু মুছলমান। এই দ্বি জাতি তত্ত্বৰ ধাৰণাৰ ভিত্তিতেই প্রধানতঃ ভাৰতবৰ্ষ বিভাজিত হয় । যি বিলাক অঞ্চলত মুছলমান মানুহ অধিক আছিল তাক লৈ পাকিস্তান আৰু বাকী অঞ্চলক লৈ হিন্দুস্তান গঠিত হয়।

কিন্তু ভাৰতবৰ্ষত এনে কোনো অঞ্চল নাছিল যত কেৱল  হিন্দু অথবা মুছলমান মানুহৰ বসতিস্থল আছিল। গতিকে ধর্মৰ ভিত্তিত দেশ বিভাজন হওঁতে সাধাৰণ জনগন অতি দুখ লগাকৈ ক্ষতিগ্রস্ত হৈছিল। এইদৰেই ধর্মৰ ভিত্তিত ভাৰত দ্বিখণ্ডিত  হৈছিল।

ভাৰত বিভাজনৰ মূল কাৰণসমূহ তলত উল্লেখ হ’ল –

(ক) দ্বি জাতি তত্ত্বৰ ধাৰণা:- মুছলীম লীগৰ নেতা ম: আলি জিন্নাই দ্বি জাতি তত্ত্বৰ আধাৰত ভাৰত বিভাজনৰ দাবী উত্থাপন কৰিছিল। ইংৰাজ শাসনৰ মূল নীতি ‘বিভাজন আৰু শাসন’ নীতিৰ আধাৰতেই দ্বি জাতি তত্ত্বৰ উদ্ভৱ  হৈছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনক দুর্বল কৰিবৰ বাবে  ইংৰাজে এই ধাৰণাক সমর্থন জনাইছিল । ফলশ্রুতিত 1947 চনৰ 14 আগষ্টত নিশা ভাৰতবর্ষ বিভাজিত হৈছিল।

(খ) প্ৰত্যক্ষ কার্যকৰী আঁচনি:- প্রত্যক্ষ কার্যকৰী আচনি ভাৰত বিভাজনৰ দ্বিতীয় গুৰুত্বপূর্ণ কাৰণ। মুছলীম লীগৰ দ্বাৰা উত্থাপিত এই আচনিৰ ফলত ভাৰতৰ বহু অঞ্চলত সাম্প্রদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। কিন্তু ইংৰাজে সেনা বাহিনীয়ে এনে সংঘর্ষ বা বিভেদ দেখিও মৌনতা অবলম্বন কৰিছিল। অৱশেষত এনে বিভেদৰ সুযোগ লৈয়ে ভাৰতবৰ্ষ বিভাজিত হৈছিল।

(3) দেশ বিভাজনৰ ফলাফল সমূহ আলোচনা কৰা। [H.S. 2020]

উত্তৰ: দেশ বিভাজন আছিল এক অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ ইতিহাস। যাৰ ফলত দুই দেশৰ জনগন অতি দুখ লগাকৈ ক্ষতিগ্ৰস্ত হৈছিল। এই বিভাজনৰ মূল ফলাফলসমূহ তলত আলোচনা কৰা  হ’ল –

(ক) সাম্প্ৰদয়িক  সংঘর্ষঃ- বিভাজনৰ এটা গুৰুত্বপূর্ণ ফলাফল হ’ল জনগনৰ মাজত হঠাৎ সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষ। এই সংঘর্ষৰ ফলত 5 লাখৰ পৰা 10 লাখ লোকে প্রাণ হেৰুৱা বুলি অনুমান কৰা হয়। কিছুলোকে জীৱন হাতত লৈ খোজ কাঢ়ি বা ৰেলত উঠি সিপাৰলৈ যোৱাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকক বাটত হত্যা, ধর্ষণ, লুণ্ঠন কৰা হৈছিল। অর্থাৎ সাম্প্রদায়িক সংঘর্ষই এক ভয়াবহ ৰূপ লৈছিল।

(খ) শৰণাৰ্থীৰ সমস্যাঃ- বিভাজনৰ ভয়াবহতাই সৃষ্টি কৰা আন এক গুৰুত্বপূর্ণ সমস্যা হৈছে শৰণার্থীৰ সমস্যা। দুই দেশৰ জনগণৰ বাবে স্বাধীনতাৰ অর্থ হৈ পৰিছিল সীমাহীন যন্ত্রণা আৰু আশ্রয়স্থল হৈ পৰিছিল শৰণার্থী শিবিৰ। স্বাধীনতাই এই সকলো লোকৰ মুক্তিৰ পৰিৱর্তে বন্দীত্বৰ জীৱনহে দিছিল।

(গ) ৰাজহুৱা সম্পত্তিৰ পুনৰ সংস্থাপনঃ- দেশ বিভাজনৰ লগে লগে ইমান দিনে এটা প্রশাসন ব্যৱস্থাৰ অধীনস্থ হৈ থকা চৰকাৰী কৰ্মচাৰীৰ লগতে অনান্য সা -সম্পত্তিসমূহ ভাগ-বতৰা কৰিব লগা হৈছিল। প্রায় 80 লাখৰ অধিক চৰকাৰী চাকৰিয়ালৰ বিভাজন ঘটিছিল।

(ঘ) সংখাগৰিষ্ঠ আৰু সংখ্যালঘূৰ সমস্যা:- বিভাজনৰ পিছত পাকিস্তানলৈ ভাৰতৰ পৰা প্ৰৱজন হোৱাৰ পিছতো ভাৰতত 12% মুছলমান লোক ৰৈ গৈছিল। হিন্দু সংখ্যা গৰিষ্ঠ ভাৰতবৰ্ষই সংখ্যালঘু মুছলমানৰ লগত অনান্য ধর্ম যেনে- শিখ , খ্রীষ্ট্রান, জৈন ধৰ্মৰ লোকসকলক লৈ গুৰুতৰ সমস্যা হৈছিল কাৰণ দেশ বিভাজনে ইতিমধ্যে ধর্মৰ নামত প্ৰাচীৰ নির্মাণ কৰি গৈছে।

এইবোৰেই হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ বিভাজনৰ ফলাফল সমূহ।

(4) ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰোধৰ বাবে পৰামৰ্শ দিয়া। [H.S. 2023]

উত্তৰঃ ক) প্ৰচাৰ মাধ্যমসমূহে সাম্প্রদায়িক ঘৃণা সৃষ্টি কৰাৰ আশংকা থকা বাতৰি আদি প্ৰচাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে।

খ) শিক্ষা ব্যৱস্থাটোক সাম্প্রদায়িকতাবাদী মনোভাৱ নির্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে।

গ) সংখ্যলঘুসকলৰ মনত বৈষম্যৰ মনোভাৱ সৃষ্টি নহবলৈ অর্থনৈতিক বৈষম্য আৰু অসমতা হ্রাস কৰাটো অত্যন্ত প্রয়োজন।

ঘ) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰ মাজত সমন্বয় সৃষ্টিৰ জৰিয়তে।

(5)  ৰাজ্য শাসিত অঞ্চল বুলিলে কি বুজা? এই অঞ্চলসমূহ একত্রিকৰণৰ ক্ষেত্রত চর্দাৰ বল্লভ ভাই পেটেলৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰ: ব্রিটিছে ভাৰতত ভাৰতবর্ষৰ অঞ্চলসমূহ ‘বৃটিছ ভাৰতীয় প্রদেশ আৰু ‘দেশীয় ৰাজ্য এই দুটা ভাগত বিভক্ত কৰিছিল। বৃটিছ ভাৰতীয় প্ৰদেশসমূহ হৈছে- ইংৰাজ চৰকাৰৰ প্রত্যক্ষভাবে অধীনস্থ। আনহাতে, ৰাজ্য শাসিত অঞ্চলসমূহ হৈছে ৰজাৰ দ্বাৰা শাসিত সৰু বৰ দেশীয় ৰাজ্য। এই দেশীয় ৰাজ্যৰ ৰজাসমূহে ব্রিটিছৰ সর্বোচ্চতা স্বীকাৰ কৰাৰ বিনিময়ত ৰাজ্যৰ আভ্যন্তৰীণ কার্যকলাপত কিছু পৰিমাণে নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হৈছিল। এই অঞ্চলসমূহকেই ৰাজ শাসিত বা দেশীয় ৰাজ্য বোলে।

            চৰ্দাৰ বল্লভ ভাই পেটেল আছিল স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী আৰু উপপ্রধানমন্ত্রী। তেওঁক লৌহ মানৱ হিচাপেও জনা যায়। স্বাধীনতাৰ পিছত দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত একত্ৰিকৰণৰ ক্ষেত্রত পেটেলৰ ভূমিকা আছিল ঐতিহাসিক। বাস্তৱ ক্ষেত্রত এই অঞ্চলসমূহ ভাৰতৰ  লগত চামিল কৰাটো অতি কঠিন কাম আছিল। সেই সময়ত 25 খন সৰু সৰু ৰাজ্য আৰু 14 খন  ৰাজ শাসিত অঞ্চল ভাৰতৰ অন্তর্ভুক্ত হৈ আছিল। 1947 চনৰ 5 জুলাইত পেটেলে ‘দেশীয় ৰাজ্য বিভাগ নামেৰে এটা নতুন বিভাগ মুকলি কৰি নিজেই ইয়াৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে। তেওঁ দেশীয় ৰাজ্যৰ শাসকসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ মাজত স্বদেশ প্রেম জগায় তুলি এখন শক্তিশালী ভাৰত নির্মাণৰ অংশীদাৰ হবলৈ আহ্বান জনাইছিল। এই ক্ষেত্রত পেটেলক সহায় কৰিছিল লর্ড মাউন্ট বেটেন আৰু ভি. পি. মেননে। ভাৰতৰ সৈতে দেশীয় ৰাজ্য অন্তভুক্তিৰ ক্ষেত্রত পেটেলে প্রধানতঃ দুটা নীতি মানি চলিছিল। সমীপবর্তী প্রদেশৰ সৈতে দেশীয় ৰাজ্যসমূহৰ সং-যুক্তকৰণ আৰু একাধিক দেশীয় ৰাজ্যক সংযোগ কৰি এখন বৃহৎ ৰাজ্য গঠন । এই দুই নীতিক অনুসৰণ কৰি প্ৰায়বোৰ দেশীয় ৰাজ্যই ভাৰতৰ লগত চামিল হৈছিল যদিও জোনাগড়, হায়দৰাবাদ কাশ্মীৰ আৰু মণিপুৰে ভাৰতৰ লগ নলৈ স্বাধীনভাৱে থকাৰ সিদ্ধান্ত লৈছিল। কিন্তু পেটেলে অতি দৃঢ়ভাৱে সামৰিক শক্তিৰ প্রয়োগৰে হায়দৰাবাদক ভাৰতত চামিল কৰিছিল আৰু পৰবৰ্তী সময়ত আন ৩খন দেশীয় ৰাজ্যও ভাৰতৰ অন্তর্ভুক্ত হয়।

এইদৰেই পেটেলে দেশীয় ৰাজ্য অর্ন্তভুক্তিৰ ক্ষেত্রত সফল আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

(6) দ্বি-জাতি তত্ত্ব সম্পর্কে চমুকৈ আলোচনা কৰা। [H.S. 2016, 2022]

উত্তৰ: মুছলমান সকলৰ সুৰক্ষাৰ বাবে মুছলিম লীগে মাউন্টবেটেন আঁচনিৰ জৰিয়তে দ্বি-জাতি তত্ত্বৰ সৃষ্টি কৰিছিল। ইয়াৰ জৰিয়তে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহ পাকিস্তানৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্ভূক্ত কৰা হয়।

মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহক লৈ এখন ৰাষ্ট্ৰ গঠনৰ স্বাৰ্থত আৰু মুছলমান সকলৰ সুৰক্ষাৰ বাবে মহম্মদ আলি জিন্নাহৰ নেতৃত্বত মুছলিম লীগে দ্বি-জাতি তত্ত্বৰ পৰামৰ্শ আগবঢ়াইছিল। গতিকে, এই দ্বি-জাতি তত্ত্বত দ্বি-জাতি মানে হিন্দু  আৰু মুছলমান, যাৰ ভিত্তিত দুখন ৰাষ্ট্ৰ সৃষ্টিৰ কথা কোৱা হৈছিল। এই দ্বি-জাতি তত্ত্বই ভাৰতবৰ্ষৰ বিভাজনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল।

অতি চমু প্রশ্নৰ উত্তৰ:

1. 1956 চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা। (HS 2018)

উত্তৰঃ বিহাৰ।

2. ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল ? (HS 2016)

উত্তৰ: 1956 চনত।

3. তেলেংগনা ৰাজ্য ভাৰতৰ  ….. তম ৰাজ্য। (HS 2015)

উত্তৰ: 29 তম ৰাজ্য।

4. দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক মণ্ডলত বিভক্ত হোৱা দুখন চহৰৰ নাম লিখা। (H.S. 2012)

উত্তৰ  লাহোৰ, কলিকতা  আদি।

5. কোন চনত ৰাজ্য পুনৰ আয়োগ গঠন কৰা হৈছিল?

উত্তৰ: 1953 চনত।

6. কোন চনত ভাৰতক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ: 1950 চনৰ 26 জানুৱাৰীত।

7. সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যদা প্রদান কৰা হৈছে? (H.S. 2016)

উত্তৰ: 370 নং অনুচ্ছেদত।

8. জম্মু-কাশ্মীৰৰ ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ হৰি সিং।

9. কোনখন দেশীয় ৰাজ্যই পোন প্ৰথমবাৰৰ বাবে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিছিল?

উত্তৰ: মণিপুৰ।

10. 1947 চনৰ ভাৰত বিভাজনৰ আঁৰত থকা তত্ত্বটো কি আছিল?

উত্তৰঃ দ্বি-জাতি তত্ত্ব।

11. সীমান্ত গান্ধী (Frontier Gandhi) কোন?

উত্তৰঃ খান আব্দুল গফৰ খানক সীমান্ত গান্ধী হিচাপে জনা যায়।

12. দেশীয় ৰাজ্য মানে কি?

উত্তৰঃ দেশীয় ৰাজ্য হ’ল ব্রিটিছ শাসনৰ সময়ছোৱাত ৰজাৰ দ্বাৰা শাসিত ৰাজ্যসমূহ।

13. কেবিনেট মিছন, কেতিয়া ভাৰতলৈ আহিছিল?

উত্তৰ: 1946 চনৰ 19 মাৰ্চত।

14. সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ।

15. ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত কিমানখন ৰাজ্যৰ সৃষ্টি হৈছিল?

উত্তৰ: 14 খন ৰাজ্য আৰু 6 টা কেন্দ্রীয় শাসিত অঞ্চল।

16. হাইদৰাবাদৰ ৰজাজনৰ নাম কি?

উত্তৰঃ নিজাম।

17. পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল?

উত্তৰ: শক্তিশালী ভাৰতবৰ্ষ গঠন কৰা।

18 .স্বাধীনতাৰ পূৰ্বে আগবঢ়োৱা দ্বি-জাতি তত্ত্বৰ অন্তৰ্ভূক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম কি আছিল? (H.S. 2018)

উত্তৰঃ ভাৰত আৰু পাকিস্তান।

19. ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম লিখা। (HS 2013, 2017)

উত্তৰঃ ৰাজ্য পুনৰ গঠন আয়োগ 1953 চনত গঠন কৰা হৈছিল। এই আইনৰ অধীনত সৃষ্টি হোৱা ৰাজ্য হ’ল- অসম, বিহাৰ আদি।

20. ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? (HS 2012)

উত্তৰঃ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল।

২1. দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।

উঃ- পঞ্জাৱ আৰু বংগদেশ।

22. ৰাজকীয় ৰাষ্ট্র কি?

উঃ- ৰজাৰ শাসনাধীন ৰাষ্ট্রই হল ৰাজকীয় ৰাষ্ট্র।

23. চৰ্দাৰ বল্লভ ভাই পেটেল কোন আছিল?

উঃ- স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী

24. স্বাধীনতাৰ সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?

উঃ- মহাৰজা বোধচন্দ্র।

25. কোন চনত নাগপুৰ অধিবেশন বহিছিল?

উ:- 1920 চনত।

26. ব্রিটিছ মহাসাম্রাজ্য বুলিলে কি বুজা?

উঃ- যেতিয়া ভাৰতবর্ষখন সম্পূর্ণ ব্রিটিছৰ নিয়ন্ত্রণত আছিল আৰু দেশখন শাসন কৰিছিল, তাকে ব্রিটিছ মহাসাম্রাজ্য বোলে।

27. জৱাহৰলাল  নেহেৰুৰ লক্ষ্য কি আছিল?

উঃ- সমাজবাদী, ধর্মনিৰপেক্ষ গণতন্ত্র প্রতিষ্ঠা কৰা।

2৪. হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ কিয় বিৰোঁধিতা কৰিছিল?

উঃ- হায়দৰাবাদৰ শাসকৰ  গোড়ামী স্বেচ্ছাচাৰিতাৰ বাবে।

29. নিজামৰ অত্যাচাৰী শাসনৰ বলি কোন হৈছিল?

উঃ- মুছলিম ব্রাডাছ।

30. সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্রথমতে নির্বাচন অনুষ্ঠিত কৰিছিল ?

উঃ- মণিপুৰ।

31.স্বাধীনতা লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই সম্মুখীন হোৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা।

উত্তৰ: ক) গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান।

খ) বিকাশৰ প্ৰত্যাহ্বান।

32. ভাৰত বিভাজনৰ দুটা পৰিণাম উল্লেখ কৰা।

উত্তৰ: ক) দুখন দেশৰ সৃষ্টি।

খ) সাম্প্রদায়িক উত্তেজনা।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 2 in Assamese Medium জাতি গঠনৰ প্ৰত্যাহ্বান সমূহ– সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

HS 2nd Year Political Science Chapter 2 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment