Assam Board Exam

Class 12 Political Science Chapter 3 বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

Class 12 Political Science Chapter 3 in Assamese Medium বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 3 বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য || সমসাময়িক বিশ্ব ৰাজনীতি Question Answer


দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

1/ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা। (HS 2016, 2018, 2020)

উত্তৰঃ  ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক  শীতল যুদ্ধৰ কালৰ লৈকে ভাল নাছিল। শীতল যুদ্ধৰ সময়ত  ভাৰতে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতৃত্ব দি দুই শক্তি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট সংঘৰ পৰা দূৰত্ব বজাই ৰাখিছিল। ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে মুক্ত আৰু বিশ্ব অৰ্থনীতিৰ লগত নিজকে একত্ৰিত কৰিব খুজিছিল। ভাৰতৰ এই নীতি আৰু অৰ্থনৈতিক উন্নয়নত আমেৰিকাৰ লগতে বিশ্বৰ বহু দেশ অংশীদাৰ হ’বলৈ আগুৱাই আহিল আৰু এনেদৰে ভাৰত আৰু আমেৰিকাৰ মাজত এক সম্পৰ্কৰ সূত্ৰপাত হয়। বৰ্তমান কালত  দুই ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্থাপনত কাৰিকৰী সেৱা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰা প্ৰবাসী ভাৰতীয়ৰ সকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তলত উভয়ৰে মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ ল –

(i) ভাৰতৰ ব্যৱসায়িক খণ্ডত আমেৰিকাই সহযোগিতা আগবঢ়াই  Software খণ্ডত ৰপ্তানি কৰা শতকৰা 65 ভাগ আমেৰিকাই লয়।

(ii) আমেৰিকাৰ চিলিকন উপত্যকাত কাম কৰাত 3,00,000 ভাৰতীয়ক আমেৰিকাই সুবিধা প্রদান কৰিছে।

(iii) বর্তমান ভাৰত আৰু আমেৰিকাৰ মাজত প্রযুক্তিকৰণৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতবৰ্ষক সহযোগিতা আগবঢ়াইছে।  শতকৰা 15 ভাগ উচ্চ প্রযুক্তি ভাৰত আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়।

(iv) বর্তমান সময়ছোৱাত ভাৰত আৰু আমেৰিকাৰ মাজত সম্পর্ক ইমানেই ভাল যে আমেৰিকাই একমাত্ৰ ভাৰতক নতুন নতুন অস্ত্র, হেলিকপ্টাৰ, যুদ্ধ-বিমান আদি অর্পণ কৰি আহিছে।

(v) ব’য়িঙৰ কাম কৰা কাৰিকৰী কৰ্মচাৰীৰ শতকৰা 35 ভাগ ভাৰতৰ মূলৰ।

2. 9/11 বুলিলে কি বুজা? চমুকৈ লিখা। (HS 2012, 2019, 2020)

উত্তৰ: 2001 চনৰ 11 ছেপ্টেম্বৰত আমেৰিকাৰ চাৰিখন বিমান আৰৱ ৰাষ্ট্ৰৰ কেইজনমান বিমান অপহৰণকাৰীয়ে অপহৰণ কৰি আমেৰিকাৰ বিভিন্ন স্থানত আক্রমণ চলায়। ইয়াৰে দুখন বিমানে নিউয়র্কত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্রত, তৃতীয়খন বিমানে প্ৰতিৰক্ষা বিভাগৰ পেন্টাগন ভৱনত খুন্দা মাৰিছিল। আকৌ, চতুর্থখন বিমান সংসদ ভৱনত খুন্দা মাৰিবলৈ যোৱাৰ পথত ভূপতিত হয়। গতিকে, এই ঘটনাটো, 2001 চনৰ ছেপ্টেম্বৰ মাহৰ 11 তাৰিখে সংঘটিত হোৱা বাবে ইয়াক 9/11 বুলি জনা যায়।

3. কঠোৰ ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্যৰ বিষয়ে চমুকৈ লিখা। (HS 2017)

উত্তৰ:   কঠোৰ বা নির্মম ক্ষমতাৰ আধিপত্যই সামৰিক ক্ষমতাৰ প্ৰভুত্বক সূচায়।বৰ্তমান বিশ্ব ৰাজনীতিত আমেৰিকাৰ অদম্য সামৰিক শক্তি আৰু প্ৰতিপত্তিৰ জৰিয়তে বিশ্বত  এক ধৰণৰ আধিপত্য গঢ়ি তুলিছে। এনে সামৰিক আধিপত্যৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত নিজৰ সিদ্ধান্ত আৰু মতামত আনৰ ওপৰত জাপি দিবলৈ বিচাৰে।  বতৰ্মান আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ আধিপত্য চলাই নিবলৈ সক্ষম হৈছে তেঁও লোকৰ  অতি উচ্চমানৰ সামৰিক সামৰ্থ্য বাবে ।আমেৰিকাৰ  সামৰিক আধিপত্য দুই ধৰণৰ- চূড়ান্ত আৰু আপেক্ষিক। চূড়ান্ত আধিপত্য বুলিলে ইয়াকে বুজাই যে আমেৰিকা যুক্তৰাষ্ট্ৰ নিজৰ সামৰিক প্ৰতিপত্তিৰ জৰিয়তে যিকোনো সমাজতে আৰু প্ৰয়োজনসাপেক্ষে পৃথিৱীৰ যিকোনো কোণতে অতি পাৰদৰ্শিতাৰে অভিযান চলাব পাৰে, ধ্বংসলীলা চলাব পাৰে। তাৰোপৰি এনে এক ক্ষমতাৰ আধিপত্যৰ বলেৰে আমেৰিকা যুক্তৰাষ্ট্ৰই শত্ৰু শিবিৰক সন্ত্ৰস্ত কৰি ৰাখে আৰু নিজৰ সামৰিক বাহিনীক পৰ্যাপ্ত পৰিমাণে সুৰক্ষিত কৰি ৰাখে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান ভয়াবহ আৰু সামৰ্থ্যবান যে বিশ্বৰ কোনো শক্তিয়ে কোনো ৰাষ্ট্ৰই ইয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে আৰু ইয়াৰ আধিপত্যক প্ৰতিহত কৰিব নোৱাৰে।   আমেৰিকাই এক বৃহৎ পৰিমাণৰ ধন কেৱল সামৰিক ক্ষেত্ৰৰ উন্নয়ন, প্ৰতিৰক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতে ব্যয় কৰে। এইদৰে নিজৰ অপৰিসীম সামৰিক শক্তিৰ জৰিয়তে আমেৰিকাই বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে আৰু শীতল যুদ্ধৰ অন্তৰ পিছৰ পৰা বিশ্বত একক শক্তিশালী ৰাষ্ট্ৰ হিচাপে বৰ্তি আছে। সেয়ে বিশ্বৰ অধিক সংখ্যক ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লগত দূৰত্ব আৰু শত্ৰুতা ৰখাতকৈ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে।

4. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য বা আধিপত্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা। (HS 2016, 2020, 2022)

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য বা আধিপত্যৰ ক্ষেত্ৰত প্রতিবন্ধকতাসমূহ তলত আলোচনা কৰা হ’ল –

  1. সাংবিধানিক গাঁথনি: আমেৰিকা যুক্তৰাষ্ট্রব সংবিধানত চৰকাৰৰ তিনিটা অংগ যেনে-বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা স্পষ্টভাবে বিভাজন কৰি দিয়া আছে। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰত কার্যপালিকাই আমেৰিকাৰ সামৰিক বাহিনীয়ে যি বাধাহীন আৰু মাত্রাধিক ক্ষমতা প্রয়োগ কৰি আছে তাক বাধা দিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।
  2. জনমত তথা সংবাদ মাধ্যম: আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাৰ ওপৰত হেঁচা প্রয়োগ হ’ব পাৰে দেশখনৰ ভিতৰচ ‘ ৰাৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্রৰ সংবাদ মাধামবোৰে সময়ে সময়ে চৰকাৰে যিবোৰ সন্দেহজনক ৰাজনৈতিক সিদ্ধান্ত গ্রহণ কৰে, সেই বাতৰিবোৰ প্রকাশ কৰি দেশৰ ভিতৰত জনমত গঠন কৰি চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰে আৰু সময়ত ইয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ অপ-শক্তি প্রয়োগ আৰু সামৰিক কার্যকলাপক নিয়ন্ত্রিত কৰিব।
  3. উত্তৰ আটলান্টিক চুক্তি সংগঠন (NATO): আমেৰিকা যুক্তৰাষ্ট্রৰ ক্ষমতাৰ ওপৰত প্রয়োগ কৰা তৃতীয়টো হেঁচা বা চাপ অতি গুৰুত্বপূর্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা নিয়ন্ত্ৰন কৰিব পৰা এক মাত্ৰ আন্তঃজাৰ্তিক সংগঠন টো হল উত্তৰ আটলান্টিক চুক্তি সংগঠন’। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক ব্যৱস্থাটোক সজীৱ কৰি ৰখাৰ বাবে ‘নাটো’ ৰ সদস্যভুক্ত ৰাষ্ট্রসমূহৰ সৈতে আমেৰিকাৰ জোঁট বান্ধি থকাটো নিতান্ত প্রয়োজন। সেয়েহে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতাক নিয়ন্ত্রণ কৰাৰ ক্ষেত্ৰত নাটোৰ সদস্যভুক্ত ৰাষ্ট্রসমূহে বিশেষ ভূমিকা ল’ব পাৰে।

5. গঠনমূলক ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য আলোচনা কৰা।

উত্তৰ: গঠনমূলক আধিপত্যই অৰ্থনীতিৰ ওপৰত আৰু দৈনন্দিন ব্যৱহাৰ যোগ্য সামগ্ৰীৰ ওপৰত কৰা প্রভাৱ বিস্তাৰকে বুজায়। আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল বিশ্বৰ এক অন্যতম অর্থনৈতিক শক্তিশালীদেশ। বর্তমান বিশ্ব অর্থনীতিৰ প্ৰতিটো খণ্ড আৰু প্রযুক্তিবিদ্যাত আমেৰিকাৰ প্ৰভাৱ বিদ্যমান। এনেকুৱা এটা ব্যৱসায়িক প্রতিষ্ঠান নাই, য’ত আমেৰিকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্থান প্রথম তিনিটাৰ ভিতৰত নাই। গতিকে, বৰ্তমানৰ বিশ্বত দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্রীকে আদি কৰি বিশ্ব অর্থনীতি সম্পূৰ্ণৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন।

6. আধিপত্য বুলিলে কি বুজা? আধিপত্যৰ প্ৰকৃতি বা স্বৰূপ কেইটা কি?

উত্তৰ: আধিপত্য হ’ল- এক বিশেষ প্রভাব, য’ত এখন দেশে সামৰিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্রাধান্য বিস্তাৰ কৰে। অর্থাৎ আধিপত্যই বিশ্ব ৰাজনীতিত এখন দেশৰ প্ৰভাৱ বুজায়। যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ। আধিপত্যৰ প্ৰকৃতি বা স্বৰূপ তিনি ধৰণৰ। এই কেইটা হ’ল-

(i) কঠোৰ ক্ষমতা বা নিৰ্মম ক্ষমতাৰ দ্বাৰা আধিপত্য।

(ii) গঠনাত্মক বা গঠনমূলক ক্ষমতাৰ দ্বাৰা আধিপত্য।

(iii) নমনীয় বা মতাদর্শগত উপায়েৰে আধিপত্য বিস্তাৰ কৰা আদি।

7.  প্ৰথম উপসাগৰীয় যুদ্ধৰ কাৰণবোৰ কি কি আছিল?

Or

মৰুভূমি ধুমুহা অভিযান বুলিলে কি বুজা। (HS 2020)

উত্তৰ: 1990 চনৰ আগষ্টত ইৰাকে কুৱেইট আক্রমণ কৰি ইয়াৰ লগত চামিল কৰি লৈছিল। এই ক্ষেত্রত কেইবালানীও কূটনৈতিক আলোচনা হৈছিল, যাতে ইৰাকে কুবেইটক মুক্ত কৰি দিয়ে, কিন্তু সকলো চেষ্টা ব্যর্থ হৈছিল। সেয়েহে, ৰাষ্ট্রসংঘৰ ওচৰত এটা প্রত্যাহ্বান আহি পৰিছিল যে শক্তি প্রয়োগ কৰি হ’লেও কুৱেইটক মুক্ত কৰা।

কুৱেইটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে 34 খন ৰাষ্ট্রৰ 6,60,000 জন সৈন্যৰে গঠিত মিত্র গোষ্ঠীৰ সেনাই ইৰাকৰ বিৰুদ্ধে যুদ্ধ কৰি ইৰাকক পৰাস্ত কৰিছিল। এই যুদ্ধখনক ‘প্রথম উপসাগৰীয় যুদ্ধ’ বুলি জনা যায় আৰু ৰাষ্ট্রসংঘৰ এই সামৰিক অভিযানক ‘মৰুভূমি ধুমুহা অভিযান’  বোলা হৈছিল।

8. আমেৰিকা যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰ: 2003 চনৰ 19 মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত ‘ইৰাকী স্বাধীনতা অভিযান’ নামৰ এক অভিযানেৰে ইৰাক আক্রমণ আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইৰাক আক্রমণত যদিও ৰাষ্ট্ৰসংঘই অনুমোদন দিয়া নাছিল, তথাপি এই আক্রমণত আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে 40 খন ৰাষ্ট্ৰই স্ব-ইচ্ছাই সংযুক্ত হৈ সহযোগ কৰিছিল। এই আক্রমণৰ মূল লক্ষ্য আছিল ইৰাকক অধিক ধ্বংসাত্মক অস্ত্র বৃদ্ধি কৰাত বাধা আৰোপ কৰা। কিন্তু ইৰাকত অধিক ধ্বংসাত্মক অস্ত্র থকাৰ যদিও কোনোধৰণৰ প্রমাণ পোৱা নাছিল তথাপি কিন্তু ইৰাকৰ ওপৰত আক্রমণ অব্যাহত ৰাখিছিল , অর্থাৎ ইয়াৰ মাজত আন এক অভিসন্ধি লুকাই আছিল। এই আক্রমণৰ আন এটা কাৰণ হ’ল ইৰাকৰ তৈলক্ষেত্ৰবোৰত আধিপত্য বিস্তাৰ কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বন্ধুভাৱাপন্ন শাসকক শাসনত অধিষ্ঠিত কৰা।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 3 in Assamese Medium বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

HS 2nd Year Political Science Chapter 3 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment