Class 12 Political Science Chapter 4 in Assamese Medium ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি
ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
Class 12 Political Science Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer
দ্বাদশ শ্ৰেণী
প্ৰথম খণ্ড
ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
1. ইউৰোপৰ সংঘৰ গঠন ব্যাখ্যা কৰা।
উত্তৰ- আমেৰিকাৰ আধিপত্য পূর্ণ ৰূপত প্ৰতিষ্ঠিত হোৱাৰ সময়তে বিশ্ব ব্যৱস্থাত কিছুমান বিকল্প কেন্দ্রস্থল গঢ় লৈ উঠে। ক্ষমতাৰ এই বিকল্প কেন্দ্রমূলসমূহৰ ভিতৰত ইউৰোপীয় সংঘ (European Union – EU) এক প্রভাৱশালী আৰু শক্তিশালী অনুষ্ঠান।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউৰোপৰ ৰাষ্ট্রসমূহৰ অর্থনৈতিক ব্যৱস্থা সম্পূর্ণ ৰূপে ভাঙি গৈছিল। একে সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অর্থনীতিৰ পুনৰ উদ্ধাৰৰ বাবে মাৰ্শ্বেল আঁচনি (Marshall Plan) গ্রহণৰ জৰিয়তে ইউৰোপৰ দেশসমূহক ‘আর্থিক সাহার্য্য প্রদান কৰিছিল । 1948 চনত এই আঁচনিৰ অধীনত ‘ইউৰোপীয় অর্থনৈতিক সহযোগিতা সন্থা’ (OEEC-Organization for European Economic Cooperation) গঠন কৰা হৈছিল। এই সন্থাই পশ্চিম ইউৰোপৰ দেশসমূহৰ অর্থনৈতিক আৰু বাণিজ্যিক বিষয়ত সহযোগিতা প্রদান কৰা এখন মঞ্চ হৈ পৰিছিল।
1949 চনত ইউৰোপীয় সভা (The Council of Europe) গঠন কৰা হয়। এই সংগঠনে ইউৰোপৰ দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা বৃদ্ধিত বলিষ্ঠ ভূমিকা গ্রহণ কৰে।1957 চনত ইউৰোপীয় অর্থনৈতিক সম্প্রদায় (EEC-European Economic Community) গঠন কৰা হয়। ইয়াৰ পাছত ইউৰোপীয় সংসদ গঠনৰ মাজেৰে দেশসমূহৰ মাজত ৰাজনৈতিক সহযোগিতা বৃদ্ধি হয়। এই ক্রম বিবর্তনৰ জৰিয়তে ছোভিয়েট সংঘৰ পতনৰ পাছত 1992 চনত ইউৰোপীয় সংঘ গঠিত হ’ল। ইয়াৰ মূল লক্ষ্য সমূহ হৈছে – ইউৰোপৰ দেশসমূহৰ মাজত উমৈহতীয়া বৈদেশিক আৰু নিৰাপত্তা নীতি গ্ৰহণ কৰা, ন্যায় আৰু দেশীয় স্বার্থৰ আধাৰত গঢ়ি তোলা সহযোগিতা তথা এক উমৈহতীয়া বা একক ইউৰোপীয় মুদ্রাৰ প্রচলন আদি।
2. ASEAN (Association of South-East Asian Nations)” ৰ গঠন আৰু ইয়াৰ মূল তিনিটা স্তম্ভৰ বিষয়ে আলোচনা কৰা। (HS 2017, 2019, 2022)
উত্তৰ – দক্ষিণ- পূৱ এছিয়াৰ ৰাষ্ট্রসমূহ দ্বিতীয় বিশ্বযুদ্ধৰ আগতে অথবা বিশ্বযুদ্ধৰ সময়লৈকে ইউৰোপ আৰু জাপানৰ উপনিবেশ আছিল। দ্বিতীয় বিশ্বযুদ্ধন পৰিসমাপ্তিৰ পিছত এই ৰাষ্ট্রসমূহে বিভিন্ন প্রত্যাহ্বান যেনে-জাতি নির্মাণ, দৰিদ্রতা, অর্থনৈতিক অনগ্ৰসৰতা আদিৰ কবলত পৰিছিল। এই বৃহৎ সমস্যাসমূহে সমাধান কৰিবৰ বাবে দক্ষিন- পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহে দুই মহাশক্তিৰ পৰা নির্দিষ্ট দূৰত্বত অৱস্থান কৰি নিজাববীয়া সিদ্ধান্ত গ্রহণ কৰিছিল। এই সিদ্ধান্তৰ পৰিপেক্ষিতে দুখন ৰাষ্ট্রক লৈ 1967 চনত এছিয়ান গঠন কৰা হয়। এই প্রতিষ্ঠাপক ৰাষ্ট্রকেইখন হ’ল- ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। ইয়াৰ মূল তিনিটা স্তম্ভৰ বিষয়ে তলত বিশ্লেষণ কৰা হ’ল –
- এছিয়ান নিৰাপত্তা পৰিষদ:- 3টা স্তম্ভৰ ভিতৰত এক গুৰুত্বপূর্ণ স্তম্ভ হল এছিয়ান নিৰাপত্তা পৰিষদ। ইয়াৰ মূল উদ্দেশ্য হ’ল এছিয়াৰ ৰাষ্ট্রসমূহৰ মাজত সীমাবিবাদ ৰোধ কৰা, ৰাষ্ট্রসমূহৰ মাজত শান্তি- সম্প্রীতি বজাই ৰখা, সহযোগিতাৰে কাম কৰা, আন ৰাষ্ট্ৰৰ কার্যত হস্তক্ষেপ নকৰা আৰু সকলো ৰাষ্ট্ৰৰ সার্বভৌম অধিকাৰৰ প্রতি সন্মান জনোৱা। 2003 চনত স্বাক্ষৰিত এক চুক্তি অনুসৰি এই কার্য সম্পাদন কৰিবলৈ চেষ্টা কৰা হয়। নিৰাপত্তা আৰু বৈদেশিক নীতিৰ মাজত সমন্বয় ৰক্ষাৰ বাবে 1994 চনত এছিয়ান আঞ্চলিক মঞ্চ (ARF) গঠন কৰা হয়।
- এছিয়ান অর্থনৈতিক পৰিষদঃ- এছিয়ানৰ দ্বিতীয় গুৰুত্বপূর্ণ স্তম্ভ হৈছে এছিয়ান অর্থনৈতিক পৰিষদ। ইয়াৰ উদ্দেশ্য হৈছে অর্থনৈতিক উন্নয়ন সাধন কৰা ,সদস্য ৰাষ্ট্রৰ মাজত সমূহীয়া বজাৰ আৰু উৎপাদন ব্যবস্থা উন্নতকৰণ, অর্থনৈতিক বিবাদ নিষ্পত্তি কৰা আদিয়ে প্রধান। এই মঞ্চৰ আধাৰতেই মুক্ত বানিজ্য ক্ষেত্রৰ ব্যৱস্থা কৰা হৈছিল। যত আমেৰিকা, চীন আদিয়ে প্ৰৱেশৰ বাবে মনোনিৱেশ কৰিছিল।
- এছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদঃ- এছিয়ানৰ তৃতীয় গুৰুত্বপূর্ণ স্তম্ভকো হৈছে এছিয়ান সামাজিক- সাংস্কৃতিক পৰিষদ অথৱা অন্তৰদৃষ্টি । 2023 এই পৰিষদে আর্ন্তজান্তিক ক্ষেত্রত দ্রুতগতিৰে আঞ্চলিক সন্থা প্রতিষ্ঠা কৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছে। এছিয়ানৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত দেখা দিয়া বিভিন্ন সামাজিক সমস্যাৱলী তথা ৰাজনৈতিক বিবাদ সফলতাৰে নিষ্পত্তি কৰি সাংস্কৃতিক দিশত গুৰুত্বপূর্ণ উন্নয়ন সাধন কৰিছে।
ওপৰত উল্লেখ কৰা সমূহেই হৈছে এছিয়াৰ প্রধান তিনিটা স্তম্ভ যাৰ জৰিয়তে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্রত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ই হৈছে এছিয়া মহাদেশৰ একমাত্র আঞ্চলিক সন্থা, যত এছিয়াৰ আত্ম মর্যদা আৰু আধিপত্য সুৰক্ষিত হৈ আছে।
3. এছিয়ানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ উল্লেখ কৰা। (HS 2020)
উঃ- ১৯৬৭ চনত প্রতিষ্ঠা কৰা এছিয়ানৰ লক্ষ্য আক উদ্দেশ্য সমূহ তলত দিয়া ধৰণৰ –
i) সদস্য ৰাষ্ট্ৰ বিলাকৰ অর্থনৈতিক উন্নয়ন দ্রুতগামী কৰা।
ii) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।
iii) বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অর্থনৈতিক সুস্থিৰতাক ৰক্ষণা বেক্ষণ দিয়া।
iv) দক্ষিণ এছিয়াৰ ৰাষ্ট্রবিলাকৰ মাজত সামুহিক আত্মনির্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুত ৰখা।
v) অনান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যবস্থা কৰা।
4. বিভিন্ন দিশত ইউৰোপীয় সংঘৰ আধিপত্য আলোচনা কৰা। (HS 2014, 2018)
উত্তৰ: বর্তমান সময়ত ইউৰোপীয় সংঘ এক অতি গুৰুত্বপূর্ণ অনুষ্ঠান হিচাপে বিবেচিত হৈছে। বিশ্ব ব্যৱস্থাত ইয়াক আমেৰিকাৰ আধিপত্যৰ এক বিকল্প হিচাপে গ্ৰহণ কৰা হৈছে। সেয়ে বিশ্ব ব্যৱস্থাত প্রায় সকলো দিশতে ইয়াৰ প্রভাৱ পৰিলক্ষিত হৈছে। সেই সমূহ তলত উল্লেখ কৰা হ’ল –
i) অর্থনৈতিক ক্ষেত্ৰত ইয়াৰ প্রভাৱ – অর্থনৈতিক দিশত ইউৰোপীয় সংঘই ব্যাপক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বর্তমান বিশ্বৰ অর্থনীতিত বানিজ্যৰ ক্ষেত্রত আমেৰিকাতকৈ ইউৰোপীয়সংঘই তিনি গুন বেছি অংশ দখল কৰি আছে। ইউৰোপীয় সংঘৰ মুদ্ৰা ইউৰো’ য়ে আমেৰিকাৰ ডলাৰৰ প্রতি ভাবুকি সৃষ্টি কৰিছে। ইয়াৰ উপৰি এছিয়া আৰু আফ্রিকা মহাদেশ তথা বিশ্ব বানিজ্য সন্থা আৰু আর্ন্তজাতিক মুদ্রা নির্ধিত ইয়াৰ প্রভাৱ বিস্তাৰ কৰিছে। এনেদৰে ইউৰোপীয় সংঘই অর্থনৈতিক ক্ষেত্রত বিশ্বত প্ৰভাৱ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
ii) ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত ইয়াৰ প্রভাৱ – ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰতো বিশ্বত ইউৰোপীয় সংঘৰ প্রভাৱ বিদ্যমান। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ ইংলেণ্ড আৰু ফ্রান্স ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিসদৰ স্থায়ী সদস্য ইয়াৰ উপৰিও কেইবাখনো সদস্যৰাষ্ট্ৰ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই ৰাষ্ট্র সংঘ ইয়াৰ সক্রিয় স্থিতি প্রতিষ্ঠা কৰি বিভিন্ন আন্তঃ ৰাষ্ট্ৰীয় ৰাজনৈতিক সমস্যা আলাপ-আলোচনাৰে সমাধানৰ চেষ্টা কৰে।
iii) সামৰিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ- ইউৰোপীয় সংঘৰ সামৰিক শক্তিলৈ লক্ষ্য কৰিলে দেখা যায় যে, আমেৰিকাৰ পিছতে ই বিশ্বত 2য় স্থানত আছে। ইয়াৰ 2 খন সদস্য ৰাষ্ট্ৰ ইংলেণ্ড আৰু ফ্ৰান্স পাৰমাণৱিক শক্তিৰ অধিকাৰী আৰু তেওঁলোকৰ প্রায় 550 টা পাৰমাণৱিক ক্ষেপনাস্ত আছে। তাৰোপৰি মহাকাশ আৰু তথ্য প্রযুক্তিৰ ক্ষেত্ৰতো ই পৃথিৱীৰ ভিতৰত 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
গতিকে দেখা যায় যে, ইউৰোপীয় সংঘয়ে এক আন্তর্জাতিক সন্থা হিচাপে বিশ্বৰ অর্থনীতি, ৰাজনীতি আৰু সামৰিক ক্ষেত্ৰত ব্যাপক প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আমেৰিকাৰ আধিপত্যৰ এক শক্তিশালী বিকল্প হিচাপে প্রতিষ্ঠিত হৈছে।
5. চীনৰ অর্থনীতিৰ বিকাশ সর্ম্পকে চমুকৈ লিখা।
উত্তৰ: ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্রই নিজকে প্রতিষ্ঠা কৰাৰ সময়তে চীন দেশে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল। মাউৰ নেতৃত্বত চীনত আৰম্ভ হোৱা বিপ্লৱৰ পাছতেই চীনে সাম্যবাদী ব্যবস্থা গ্রহণ কৰি পুজিবাদৰ লগত ইয়াৰ সম্পর্ক ছেদ কৰে। সাম্যবাদ প্রতিষ্ঠাৰ জৰিয়তে চীনে কৃষি, বানিজ্য ইত্যাদি দিশত বিকাশ সাধন তথা জনগণৰ স্বাস্থ্য আৰু শিক্ষা আদি দিশৰ প্রতিও গুৰুত্ব প্ৰদান কৰি বিকাশৰ লক্ষ্য নির্ধাৰিত কৰি লৈছিল। কিন্তু জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ হেতু ই কিছু ক্ষেত্ৰত বিফল হৈছিল।
সমাজবাদী চীনত 1978 চনত অর্থনৈতিক সংস্কাৰ আৰম্ভ হয় আৰু অর্থনীতিৰ দ্ৰুত বিকাশ সাধন হয়। 2004 চনৰ ভিতৰত চীনা অর্থনীতিয়ে আমেৰিকা অর্থনীতিক পিছ পেলাৱ বুলি লক্ষ্য নির্ধাৰণ কৰি লৈছিল। চীনৰ জনসংখ্যা বৃহৎ ভূ-খণ্ড, ইয়াৰ ভৌগোলিক অৱস্থান আৰু তাৰ জৰিয়তে, দেশখনে পূৱ-এছিয়াত পেলোৱা ৰাজনৈতিক প্ৰভাৱ ইত্যাদিয়ে চীনেৰ অর্থনীতিত অনান্য মাত্ৰা প্রদান কৰিছে। তাৰোপৰি অর্থনৈতিক বিকাশ খৰতকীয়া কৰাৰ বাবে চীন দেশে অকলে থকা নীতি পৰিহাৰ কৰি 1972 চনত মার্কিন অর্থনীতিৰ সৈতে সম্পর্ক স্থাপন কৰে। প্রধানমন্ত্রী চৌ- এন-লায়ে কৃষি, উদ্যোগ, বিজ্ঞান প্ৰযুক্তি আৰু সামৰিক খণ্ডৰ আধুনিকীকৰণ প্রক্রিয়া আৰম্ভ কৰে। 1978 চনত চীনা নেতা ডেং জিয়াও পিং ‘মুক্ত দুৱাৰ নীতি’ তথা অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰে। এই মুক্ত দুৱাৰ নীতিৰ জৰিয়তে বাহিৰৰ দেশে চীনত পুঁজি আৰু প্রযুক্তিৰ বিনিয়োগ কৰিবলৈ সক্ষম হৈছিল। যাৰ ফলত উৎপাদন বৃদ্ধিৰ লগতে চীনা অর্থনীতিৰ নাটকীয় পৰিবর্তনৰ সূচনা কৰিছিল। 1982 চনত কৃষিখণ্ডৰ ব্যক্তিগতকৰণৰ জৰিয়তে তথা উদ্যোগ খণ্ডৰো ব্যক্তিগত কৰণৰ ফলত উভয় ক্ষেত্ৰৰ দ্রুত বিকাশ সংঘটিত হয়।
2001 চনত চীনে বিশ্ব বাণিজ্য সন্থাৰ সদস্য পদ গ্রহণ কৰে আৰু বিশ্ব অর্থনীতিৰ সৈতে নিজক একত্ৰিত কৰি বিশ্ব অর্থনীতি নির্ধাৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।গতিকে আমি ক’ৱ পাৰো যে, বর্তমান সময়ত চীনৰ অর্থনীতিয়ে বিশ্ব অর্থনীতিত গুৰুত্বপূর্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে তথা ইয়াৰ উৎপাদিত সামগ্ৰীয়ে বিশ্ব বজাৰত যথেষ্ট গুৰুত্ব লাভ কৰিছে। এই সকলোবিলাক দিশ বিবেচনা কৰিলে চীনক আমেৰিকাৰ আধিপত্যৰ এক বিকল্প কেন্দ্র বুলি অভিহিত কৰিব পাৰি।
6. ভাৰতবর্ষ আৰু চীনদেশৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰ। (HS 2012, 2018, 2022)
উত্তৰ: পশ্চিমীয়া উপনিৱেশবাদৰ কবলত পৰাৰ আগেয়ে ভাৰত আৰু চীন উভয়ে এছিয়াৰ একো একোটা বৃহৎ শক্তি আছিল। চীনে নিজেৰ সীমাৰ বাহিৰৰ কাষৰীয়া অঞ্চলসমূহত যথেষ্ট প্রভাৱ বিস্তাৰ কৰাৰ বিপৰীতে ভাৰতবর্ষইও বিভিন্ন ক্ষেত্রত ইয়াৰ চাৰিসীমাৰ বাহিৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। এই প্রভাৱ সামৰিক হোৱাৰ পৰিবর্তে ৰাজনৈতিক, অর্থনৈতিক তথা সাংস্কৃতিক প্রভাৱহে আছিল। কিন্তু ভাৰতবর্ষ আৰু চীনদেশৰ মাজত ৰাজনৈতিক বা সাংস্কৃতিক সম্পর্কও সীমিত আছিল আৰু সেয়েহে বৈদেশিক নীতি প্রণয়ৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল।
ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত আৰু চীনে বিদেশী বহিষ্কাৰৰ পাছত দুয়ো দেশে দেশৰ সম্পর্ক উন্নত হৈ তৃতীয় বিশ্বৰ তথা এছিয়াৰ ভবিষ্য নির্ণয়ত ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল কিছুদিনৰ বাবে ‘হিন্দী, চীনা ভাই-ভাই’ শ্ল’গানে এক আশাৰ ইঙ্গিত বহন কৰিছিল। কিন্তু সীমাবিবাদে এই আশা প্রতিহত কৰিলে। 1950 চনত চীনে তিব্বতক নিজৰ কতৃত্বলৈ আনিলে আৰু 1962 চনত অৰুণাচল প্রদেশ আৰু লাডাখৰ আকচাইচীন অঞ্চলৰ সীমাক কেন্দ্র কৰি দুয়ো দেশৰ মাজত মতানৈক্য, সংঘাত আৰু যুদ্ধৰ সূত্রপাত ঘটে। এই যুদ্ধই দুয়ো দেশৰ সম্পর্কত নেতিবাচক প্রভাৱ পেলালে।
1970 দশকত নেতৃত্বৰ পৰিবর্তন হোৱাত দুয়ো দেশেৰ সম্পর্কৰ যথেষ্ট উন্নতি ঘটিল আৰু সীমা বিবাদ মীমাংসাৰ বাবে 1981 চনত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হয়। শীতল যুদ্ধৰ অৱসানৰ পাছত দুয়ো দেশৰ সম্পৰ্কই নতুন গতি লাভ কৰে। দুয়ো দেশে নিজৰ অৰ্থনীতিত আৰু কৌশলগত গুৰুত্ব বুজি আর্ন্তজাতিক ৰাজনীতিত যথেষ্ট স্বীকৃতি লাভ কৰে। 1988 চনত ভাৰতৰ প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমন কৰা পাছত দুয়ো দেশে তেওঁলোকৰ মাজত থকা সংঘাত নিৰাময়ৰ কাৰণে আৰু সীমান্ত অঞ্চলত শান্তি বন্ধুত্ব বজাই ৰখাৰ চেষ্টা কৰি আহিছে। সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান প্রযুক্তিৰ সহযোগ তথা বাণিজ্য প্ৰসাৰণৰ বাবেও দুয়ো দেশৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে। বিশ্ব বানিজ্য সন্থাটো দুয়োখন দেশে একে নীতি গ্রহণ কৰা হৈছে। চীনে পাকিস্তানৰ শক্তি প্রতিষ্ঠাত অৰিহণা যোগায় বুলি ভাৰতে বিশ্বাস কৰে। ঠিক সেইদৰে চীনে বাংলাদেশ আৰু ম্যানমাৰৰ লগটো সামৰিক সম্পর্ক বজাই ৰাখিছে। চীনৰ পৰা অহা এই ভাবুকি ৰোধৰ বাবেই ভাৰতে 1998 চনত পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰে। এই সকলোবোৰৰ সত্ত্বেও দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে আৰু উভয়ে উভয়ক বুজাৰ সুবিধা দিছে। গতিকে কব পাৰি যে, যোগাযোগৰ উন্নতিয়ে তথা বিশ্ব অর্থনীতিত দুয়ো দেশৰ উমৈহতীয়া স্বার্থই ভাৰত চীনৰ মাজত ইতিবাচক সম্পর্ক স্থাপনত অৰিহনা যোগাব বুলি আশা কৰিব পাৰি।
7. মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা? (HS 2016)
উত্তৰঃ চীনৰ উৎপাদন আৰু আয় বৃদ্ধিৰ স্বার্থত বিদেশী ৰাষ্ট্রসমূহক চীনত বিনিয়োগৰ সুবিধা প্রদান কৰিবলৈ 1978 চনত ডেং জিয়াওপিংয়ে চীনত গ্রহণ কৰা নীতিক মুক্ত দ্বাৰ নীতি বোলে।
8. ভাৰত এছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়। (HS 2015)
উত্তৰ: নহয়।
9. চীনে মুক্ত দুৱাৰ নীতি গ্রহণ কৰিছিল। হয় নে নহয় লিখা। (HS 2018)
উত্তৰঃ হয়।
10. ইউৰোপিয়ান সংঘৰ উমৈহতীয়া মুদ্রাৰ নাম কি? (HS 2013)
উত্তৰঃ ইউৰো।
11. এছিয়ান কেতিয়া গঠিত হৈছিল আৰু আৰম্ভণিত ইয়াত কিমান সদস্য আছিল? (HS 2018)
উত্তৰ: এছিয়ান 1967 চনত গঠিত হৈছিল আৰু আৰম্ভণিতে ইয়াত 5 জন সদস্য আছিল।
12. ইউৰোপিয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্র উল্লেখ কৰা। (HS 2017)
উত্তৰ: অর্থনৈতিক আৰু সামৰিক ক্ষেত্র।
13. ভাৰত আৰু চীনৰ মাজত হোৱা 1962 চনৰ সীমা বিবাদ (2016) মূলতঃ….. আৰু ….. হৈছিল?
উত্তৰ: অৰুণাচল প্রদেশ আৰু লাডাখৰ আকচাই চীন।
(14) তিনিখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ইন্দোনেছিয়া, ফিলিপাইন, ভিয়েটনাম আদি।
15. ইউৰোপিয় সংঘ গঠনৰ দুটা কাৰণ লিখা। (HS 2012)
উত্তৰ: (i) দেশসমূহৰ মাজত সু-সম্পর্ক স্থাপন কৰা।
(ii) সদস্য দেশসমূহৰ মাজত অর্থনৈতিক ক্ষেত্রত সহযোগিতা।
16. 1967 চনত ASEAN গঠনৰ সময়ত সদস্য ৰাষ্ট্ৰসমূহ কোন কোন আছিল। (HS 2023)
উত্তৰঃ ইন্দোনেছিয়া, মালেচিয়া, ফিলিপাইনচ্, ছিংগাপুৰ, থাইলণ্ডে।
17. ইউৰোপীয় সংঘৰ বর্তমান সদস্যৰ সংখ্যা কিমান?
উঃ- 732 জন।
Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 4 in Assamese Medium ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি
HS 2nd Year Political Science Chapter 4 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam