Class 12 Political Science Chapter 5 in Assamese Medium সমসাময়িক দক্ষিণ এছিয়া– সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি
সাম্প্ৰতিক বিশ্বত নিৰাপত্তা
Class 12 Political Science Chapter 9 সমসাময়িক দক্ষিণ এছিয়া || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer
দ্বাদশ শ্ৰেণী
প্ৰথম খণ্ড
সমসাময়িক দক্ষিণ এছিয়া
1. দক্ষিণ এছিয়া বুলিলে কি বুজা? দক্ষিণ এছিয়াৰ শাসন ব্যৱস্থা আলোচনা কৰা।
Or
দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহে একে ৰাজনৈতিক ব্যৱস্থা মানি চলেনে? যুক্তি দিয়া।
উত্তৰ- দক্ষিণ এছিয়া বৰ্তমান সময়ৰ এক অতি গুৰুত্বপূর্ণ অধ্যয়নৰ বিষয়। দক্ষিণ এছিয়া বুলি কলে এছিয়া মহাদেশৰ দক্ষিণ দিশত অৱস্থিত সাতখন ৰাষ্ট্ৰ ক্ৰমে বাংলাদেশ, ভূটান, ভাৰতবর্ষ, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রী লংকাক বুজায়। বৈচিত্র্যৰে ভৰপুৰ এই অঞ্চলটোৰ উত্তৰত আছে হিমালয়, দক্ষিণত আছে ভাৰত মহাসাগৰ, পশ্চিমত আৰৱ সাগৰ আৰু পূৱত বংগোপসাগৰ। দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ মাজত যদিও প্ৰায়বোৰ ক্ষেত্ৰতে ভিন্নতা পৰিলক্ষিত হয়। তথাপি ভৌগোলিক পৰিৱেশে এই ৰাষ্ট্রসমূহক একত্রিত কৰি ৰাখিছে।
দক্ষিণ এছিয়াৰ আটাইবোৰ ৰাষ্ট্রৰ ৰাজনৈতিক ব্যৱস্থা একেধৰণৰ নহয়। ভাৰত আৰু শ্রী লংকাই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা গণতান্ত্রিক ব্যৱস্থা প্রচলিত হৈ আছে।
পাকিস্তান আক বাংলাদেশ এই ৰাষ্ট্ৰ দুখনৰ জনসাধাৰণে সামৰিক আৰু অসামৰিক দুয়োধৰনৰ শাসন অভিজ্ঞতা লাভ কৰিছিল। অৱশ্যে শীতল যুদ্ধৰ অন্ত পৰাৰ পিছৰ পৰা বাংলাদেশত গনতান্ত্রিক ব্যবস্থা প্রচলন হৈ আছে।
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্র নেপালত 1990 চনলৈকে চৰম ৰাজতন্ত্রৰ প্রচলন আছিল। কিন্তু 1990 চনত ইয়াত ৰাজনৈতিক সংস্কাৰ ঘটায় সংসদীয় ৰাজতন্ত্ৰৰ প্রচলন কৰিছে । 2006 চনত হোৱা গণবিদ্রোহৰ ফলস্বৰূপে ৰজাৰ ক্ষমতা সীমিত কৰি গণতন্ত্র প্রতিষ্ঠা হৈছিল আৰু সংসদত অসীম ক্ষমতা দি ৰজাক নামমাত্র ক্ষমতা প্রদান কৰিছিল। 2008 চনৰ এপ্রিল মাহত হোৱা নির্বাচনত নেপালৰ মাওবাদী দলে বিপুল ভোটত জয়লাভ কৰি 240 বছৰীয়া পুৰণি ৰাজতন্ত্রৰ অৱসান ঘটায় যুক্তৰাষ্ট্রীয় প্রজাতন্ত্র প্রতিষ্ঠা কৰে।
দক্ষিণ এছিয়াৰ অতি সৰু ৰাষ্ট্র ভূটান আৰু মালদ্বীপতো ৰাজতন্ত্ৰৰ পৰিবর্তন সংঘটিত হৈছিল। ভূটানত ৰাজতন্ত্রৰ লগতে বহুদলীয় গণতান্ত্রিক ব্যৱস্থা প্রচলিত হৈ আছে। আনহাতে, মালদ্বীপত 1968 চন পর্যন্ত চুলতানৰ শাসন ব্যৱস্থা আছিল। 1968 চনত ৰাষ্ট্রপতি শাসনৰ সূচনা কৰি মালদ্বীপক গণৰাজ্য ঘোষনা কৰা হয়। 2005 চনত দেশৰ সংসদে বহুদলীয় গণতান্ত্রিক ব্যৱস্থা প্রর্বতন কৰে। 2012 চনৰ আৰম্ভণিতে দেশখনৰ সামৰিক অভ্যুত্থানৰ জৰিয়তে অসামৰিক চৰকাৰক ক্ষমতাচুত্য কৰা হয়।
দক্ষিন এছিয়াৰ ৰাষ্ট্রসমূহৰ ৰাজনৈতিক ব্যৱস্থাক পর্যালোচনা কৰিলে দেখিবলৈ পোৱা যায় যে, এই অঞ্চলৰ জনগনৰ গণতন্ত্ৰৰ প্রতি যি অভিলাষ আছে, সি কার্যক্ষেত্রত পার্যমানে প্রতিষ্ঠিত হৈছে। ভিন্নতাৰ মাজতো প্রতিজন লোকে প্রতিনিধিত্বমূলক গণতন্ত্রক সমর্থন কৰে। এনেদৰেই দক্ষিণ এছিয়াত গণতন্ত্র বাস্তবায়িত হোৱা পৰিলক্ষিত হয়।
2. পাকিস্তানৰ ৰাজনীতিত সামৰিক শাসন আৰু গণতান্ত্রিক ব্যৱস্থা সম্পর্কে চমুকৈ লিখা।
উত্তৰ – 1947 চনৰ 14 আগষ্টত পাকিস্তানে ব্রিটিছ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰি স্বাধীনতা লাভ কৰে। মহম্মদ আলি জিন্নাই পাকিস্তানৰ প্রথম গর্বণৰ জেনেৰেন হিচাপে কার্যভাৰ গ্ৰহণ কৰিছিল। যদিও পাকিস্তানে 1947 চনত স্বাধীনতা লাভ কৰিছিল কিন্তু 1956 চনতহে প্রথম সংবিধান গ্রহণ আৰু বলবৎ কৰিবলৈ সক্ষম হয়। নতুন সংবিধান গ্ৰহণৰ ২ বছৰৰ পিছত অর্থাৎ 1958 ত সামৰিক অভ্যুত্থান হৈছিল আৰু জেনেৰেল আয়ুৱ খানে শাসনভাৰ গ্রহণ কৰিছিল৷ অৱশ্যে 1960 চনত পাকিস্তানত হোৱা সাধাৰণ নির্বাচনত তেওঁ জয়লাভ কৰে আৰু পাকিস্তানৰ ৰাষ্ট্রপতি হিচাপে শাসনভাৰ গ্রহণ কৰে। তেওঁৱে আছিল পাকিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি।
1964 চনত আয়ুৱখান পুনৰ নির্বাচিত হৈছিল। কিন্তু 1969 চনত গণ ভিক্ষোৱৰ ফলস্বৰূপে তেওঁ পদত্যাগ কৰে আৰু জেনেৰেল আহিফ খানে ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত জুলফিকৰ আলি ভুটুৰ নেতৃত্বত 1971 চনৰ পৰা 1977 চনলৈকে গণতান্ত্রিক শাসন ব্যৱস্থা বর্তি থাকে। কিন্তু 1977 চনত জেনেৰল জিয়াউল হকে পুনৰ পাকিস্তানত সামৰিক শাসন প্রৱর্তন কৰে। ইয়াৰ পিছত বেনজিৰ ভুট্টোৰ নেতৃত্বত পাকিস্তান পিপলচ পার্টী আৰু নৱাজ স্বৰিফৰ নেতৃত্বত মুছলীম লীগে গণতান্ত্রিক শাসন প্রৱর্তন কৰিছিল। কিন্তু 1977 চনত জেনেৰেল পাৰভেজ মুশ্বাৰফে পুনৰ সামৰিক শাসন প্রর্বতন কৰে। 2001 চনত পাৰভেজ মুশ্বাৰফে ৰাষ্ট্রপতি পদত অধিস্থিত হয় আৰু 2002 চনৰ অক্টোবৰ মাহত গণভোট অনুষ্ঠিত কৰি তেওঁ দুবছৰৰ বাবে নিজকে ৰাষ্ট্রপতি পদত অধিস্থিত কৰে। 2013 চনত নৱাজ শ্বৰিফৰ নেতৃত্বত পাকিস্তানত গণতান্ত্রিক চৰকাৰ গঠন কৰে।এইদৰে পাকিস্তানত সামৰিক আৰু অসামৰিক দুই ধৰণৰ শাসন ব্যৱস্থা পৰিলক্ষিত হয়। পৰৱৰ্তী সময়তো পাকিস্তানৰ সাংবিধানিক আৰু ৰাজনৈতিক পৰিস্থিতি উত্তেজনা আৰু অস্থিৰতাৰ মাজেৰে পাৰ হয়।
গতিকে পাকিস্তানৰ সৈতে তুলনা কৰিলে ভাৰতীয় সংবিধানত স্থিৰতা আৰু গতিশীলতাৰ এক সন্তুলিত সংমিশ্রন বুলিব পাৰি।
3. পাকিস্তানত গণতান্ত্রিক ব্যবস্থা বিফল হোৱাৰ মূল কাৰণসমূহ উল্লেখ কৰা।
উত্তৰ: পাকিস্তানত গণতান্ত্রিক ব্যৱস্থা বিফল হোৱাৰ মূল কাৰণসমূণ তলত উল্লেখ কৰা হ’ল –
i) সামাজিক আধিপত্যঃ সামৰিক বাহিনী, ভূ-স্বামী, পুৰোহিত শ্রেণী আৰু অনান্য অভিজাত শ্রেণীৰ আধিপত্যই সঘনাই নির্বাচিত চৰকাৰ পতন ঘটাই সামৰিক শাসনৰ পথ সুগম কৰে।
ii) ভাৰত পাকিস্তানৰ বিবাদ:- ভাৰতৰ সৈতে প্ৰায়ে সীমা বিবাদ চলি থকাৰ বাবে পাকিস্তানৰ সামৰিক বাহিনী শক্তিশালী কৰি ৰখাৰ ফলস্বৰূপে সামৰিক বাহিনীয়ে চৰকাৰৰ নীতি- নিয়ম অমান্য কৰি আধিপত্য বিস্তাৰৰ সুবিধা পায়।
iii) শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সমর্থনৰ অভাৱ – গণতন্ত্ৰৰ প্রতি শক্তিশালী আন্তঃ ৰাষ্ট্রীয় সমর্থনৰ অভাৱৰ বাবেই পাকিস্তানত সামৰিক বাহিনীয়ে আধিপত্য বিস্তাৰৰ সুযোগ পাইছিল। আমেৰিকা আৰু আন কিছুমান দেশে নিজৰ স্বাৰ্থৰ বাবে সেনাৰ শাসনত উৎসাহিত কৰে।
iv) আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদঃ- বিশ্বজনীন ইছলামী সন্ত্রাসৰ ভয় আৰু পাকিস্তানৰ আণৱিক অস্ত্ৰ ভাণ্ডাৰ সন্ত্রাসবাদী হাতলৈ যোৱাৰ আশংকাই সামৰিক শাসনত অৰিহণা যোগাইছে।
4. বাংলাদেশৰ গণতন্ত্র সম্পর্কে চমুকৈ লিখা।
উত্তৰ: 1947 চনৰ পৰা 1971 চনলৈ বাংলাদেশ পাকিস্তানৰ এটা অংশ আছিল। বৰ্তমানৰ বাংলাদেশ ব্রিটিছ ভাৰতৰ অসম বংগৰ কিছু অংশক লৈ গঠিত। এই অঞ্চলৰ জনসাধাৰণে পশ্চিম পাকিস্তানৰ আধিপত্য আৰু তেওঁলোকৰ ওপৰত জাপি দিয়া উর্দু ভাষা আৰু বঙালী ভাষা- সংস্কৃতিৰ প্রতি কৰা বেয়া ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। তেওঁলোকৰ প্রশাসনত উপযুক্ত প্রতিনিধিত্ব আৰু ৰাজনৈতিক সমতাত অংশ গ্রহণৰ দাবী তুলিছিল। পূৱ-পাকিস্তানৰ আধিপত্যৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলি পূৱ-পাকিস্তানৰ বাবে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰিছিল। 1970 চনত পাকিস্তানৰ সাধাৰণ নির্বাচনত আবামী লীগে শেখ মজিবুৰ ৰহমানৰ নেতৃত্বত পূৱ পাকিস্তানত আটাইকেইখন আসনত জয়লাভ কৰি ‘সমগ্র পাকিস্তানৰ বাবে প্রস্তাৱিত সংবিধান সভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে। কিন্তু পশ্চিম পাকিস্তানৰ আধিপত্যত থকা চৰকাৰে কোনো সভা আহবান কৰিবলৈ মান্তি নহল। বৰঞ্চ শেখ মজিবুৰ ৰহমানক গ্রেপ্তাৰ কৰি বঙালী জনগনৰ ওপৰত নানা অত্যাচাৰ চলাইছিল। বহু জনতা সেনাক হত্যা কৰিছিল। ফলত বহুলোক ভাৰতলৈ গুচি আহিছিল। যিয়ে শৰণাৰ্থী সমস্যা সৃষ্টি কৰিছিল। ভাৰতে পূৱ-পাকিস্তানৰ দাবীক সমর্থন কৰি ধন আৰু সামৰিক শক্তিৰে তেওঁলোকক সহায় কৰাৰ ফলত 1971 চনত ভাৰত-পাকিস্তানৰ যুদ্ধ সংঘটিত হয়। পাকিস্তানী সেনাই যুদ্ধত পূৱ- পাকিস্তানৰ ওচৰত আত্মসর্মপন কৰাৰ লগে লগে এই যুদ্ধ শেষ হয় আৰু 1971 চনত স্বাধীন বাংলাদেশৰ সৃষ্টি হয়।
বাংলাদেশে ধর্মনিৰপেক্ষতা, গণতন্ত্র সমাজবাদৰ আৰ্হিত এখন সংবিধান ৰচনা কৰে। 1975 চনত মুজিবৰ ৰহমানে সংবিধান সংশোধন কৰি সংসদীয় চৰকাৰৰ ঠাইত ৰাষ্ট্রপতীয় চৰকাৰ প্রবর্তন কৰে। তেওঁ নিজৰ দল আবামী লীগৰ বাহিৰে বাকী দলবোৰক নিষেধ কৰি দিয়ে। 1975 চনত সামৰিক বিদ্ৰোহ হৈ মুজিবুৰক হত্যা কৰা হয় আৰু নতুন সামৰিক শাসক জিয়াউৰ ৰহমানে বাংলাদেশ নেচনেল পার্টী গঠন কৰি 1989 চনত নির্বাচনত জয়যুক্ত হয়। পিছত তেওঁকো হত্যা কৰি সামৰিক শাসক ইৰশ্বাদে শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে। সময়ৰ লগে লগে বাংলাদেশৰ জনগণ গণতন্ত্রৰ প্রতি সজাগ হয় আৰু এই ক্ষেত্রত ছাত্র-ছাত্রীসকলে আগভাগ লৈছিল। ইৰশ্বাদে জনতাৰ দাবী কিছু পৰিমানে মানি লৈ পিছৰ 5 বছৰৰ কাৰণে আকৌ ৰাষ্ট্রপতি নির্বাচিত হৈছিল যদিও 1990 চনত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। 1991 চনত বাংলাদেশত নতুন নির্বাচন অনুষ্ঠিত হয় আৰু তেতিয়াৰ পৰা প্রতিনিধিত্বমূলক গণতান্ত্রিক চৰকাৰে দেশৰ শাসন পৰিচালনা কৰি আছে।
5. নেপালত গণতন্ত্র প্রতিষ্ঠা সম্পর্কে চমুকৈ লিখা।
উত্তৰ: নেপাল এখন হিন্দু ৰাষ্ট্ৰ ।আধুনিক কালতো বহু বছৰৰ পৰা নেপালত সাংবিধানিক ৰাজতন্ত্ৰৰ ব্যৱস্থা আছে ।কিন্তু নেপালৰ সাধাৰণ জনগণ আৰু ৰাজনৈতিক দল বিলাকে এখন দায়িত্বশীল চৰকাৰৰ পৃষ্ঠপোষকতা কৰি আহিছে যদিও এই ক্ষেত্রত বাধা প্রদান কৰিছে।
1990 চনত ৰজাই গণতন্ত্রৰ সমর্থকসকলৰ দাবী মানি লৈছিল। কিন্তু গণতান্ত্রিক সংবিধানৰ এই দাবী মানি লোৱাৰ পিছতে 90 দশকত মাওবাদীসকলে নেপালত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে সশস্ত্র বিপ্লৱ চলোৱাৰ পৰিকল্পনা কৰিছিল। ফলত ৰাজকীয় সেনা, গনতন্ত্রবাদী আৰু মাওবাদী সকলৰ মাজত তিনিকোণীয়া যুদ্ধ হয়। 2002 চনত ৰজাই সংসদ উঠাই দি চৰকাৰ ভংগ কৰি নেপালত প্রচলিত সীমিত গণতন্ত্রৰো অন্ত পেলায়।
2006 চনৰ এপ্রিল মাহত গণতন্ত্র প্রেমীসকলে দেশজুৰি প্রতিবাদ দিৱস পালন কৰে। শেষত গণতন্ত্র প্রেমীসকলৰ জয় হয় আৰু ৰজাই ভংগ কৰি দিয়া সংসদ পুনৰ জীৱিত কৰিবলৈ বাধ্য হয়। গণতন্ত্রপ্রেমী সকলে নেপালৰ কাৰণে এখন সংবিধান ৰচনাৰ পোষকতা কৰে। নেপালৰ বহু মানুহে অতীতৰ লগত সম্পৰ্ক ৰক্ষাৰ কাৰণে নামমাত্র শাসন কৰ্তাৰ পদ এটা থকাটো উচিত বুলি ভাবে। মাওবাদী সকলেও সংবিধান সংশোধনৰ জৰিয়তে সামাজিক আৰু অর্থনৈতিক আঁচনি গ্রহণৰ দাবী জনাই বিদ্রোহ বন্ধ ৰখাৰ কাৰণে সন্মত হল। 32 বছৰৰ পাছত 1991 চনত নেপালত প্রথম নির্বাচিত চৰকাৰে শাসনভাৰ গ্ৰহণ কৰে আৰু গিৰিজা প্রসাদ কৈৰালা প্রধানমন্ত্রী হিচাপে নির্বাচিত হয়। তেওঁ ভাৰতৰ লগত সু-সম্পর্ক গঢ়াৰ ওপৰত গুৰুত্ব দিছিল আৰু 2010 চনৰ 16 ফ্রেব্রুৱাৰীত নেপালৰ ৰাষ্ট্রপতি ৰামবৰণ যাদৱে -ভাৰত ভ্রমণ কৰি ভাৰত নেপালৰ সম্পর্ক আৰু অধিক দৃঢ় কৰে।
6. শ্রীলংকাত নৃ-জাতীয় বিবাদ আৰু গণতন্ত্র সম্পর্কে চমুকৈ লিখা।
উত্তৰ: 1948 চনত শ্রীলংকা স্বাধীন হোৱাৰ পৰা দেশখনত গণতন্ত্র প্রবর্তন হৈ আছে। কিন্তু দেশ খন ভাবুকিৰ সম্মুখীন হৈ আছে। অৱশ্যে এই ভাবুকি সেনা বাহিনী বা ৰাজতন্ত্ৰৰ পৰা নহয়। বৰঞ্চ দেখনৰ দেশখনৰ ভিতৰৰ পৰা অহা নৃ-জাতীয়সকলৰ ভাবুকী।
স্বাধীনতাৰ পিছৰ পৰাই শ্রী লংকাৰ ৰাজনীতি সংখ্যা গৰিষ্ঠ সিংহলী – সম্প্রদায়ৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু তেওঁলোকে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি শ্রীলংকাত বাস কৰা তামিলসকলৰ লগত শত্রুত কৰিছিল আৰু তেওঁলোকক ৰাষ্ট্ৰই সা-সুবিধা দিয়াটো অনুচিত বুলি ভাবিছিল। এনে ঘৃণা বা শত্রুতাৰ ফলত তামিল সকলে 1983 চনত সামৰিক সংগঠন লিবাৰেচন টাইগাৰচ অফ্ তামিল ইলাম (LTTE) গঠন কৰি তামিলসকলৰ বাবে দেশতে সুকীয়া ঠাই দাবী কৰি শ্রীলংকাৰ সেনাবাহিনীৰ লগত যুদ্ধত অবতীর্ণ হয়।
শ্রী লংকাৰ এই সমস্যাত ভাৰতীয়সকলো জড়িত হৈ পৰে। ভাৰতীয় তামিলসকলে ভাৰত চৰকাৰক শ্রীলংকাৰ তামিলসকলৰ স্বার্থ ৰক্ষাৰ কাৰণে হেঁচা প্রয়োগ কৰে। এই ক্ষেত্ৰত ভাৰত চৰকাৰে শ্ৰী লংকা চৰকাৰৰ লগত যোগাযোগ কৰে আৰু 1987 চনত এটা চুক্তি স্বাক্ষৰ কৰি ভাৰতৰ সেনা শ্রী লংকালৈ পঠিয়াই। ভাৰতীয় সেনাৰ এই উপস্থিতি শ্রী লংকা বাসীয়ে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি অভিহিত কৰি সহজভাবে লব পৰা নাছিল। তাৰ ফলস্বৰূপে 1989 চনত উদ্দেশ্য সফল নোহোৱাকৈয়ে ভাৰতে শান্তি ৰক্ষা বাহিনী ওভতাই আনে। শ্রীলংকাৰ এই সংকট ক্রমে ভয়াবহ হৈ পৰিছিল নৰৱে আৰু আইচলেণ্ডৰ দুয়ো যুদ্ধমুখী গোটক মিলা- মিচা কৰিবলৈ যত্ন কৰিছিল।
এনে ভয়াবহ ভাবুকি থকা স্বত্ত্বেও শ্রীলংকাই যথোচিত পৰিমাণৰ অর্থনৈতিক উন্নয়ন আৰু মানৱ বিকাশ সাধন কৰিব পাৰিছিল। ই এনে এখন প্রথম শ্রেণীৰ উন্নয়নশীল ৰাষ্ট্র যিয়ে জনসংখ্যা নিয়ন্ত্রণত সফল হৈছিল আৰু মুক্ত বানিজ্য নীতি গ্রহণ কৰি আভ্যন্তৰীণ কন্দল স্বত্ত্বেও গণতান্ত্রিক পৰম্পৰা বৰ্তাই ৰাখিছে।
7. SAARC কি? দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতা ৰক্ষাত SAARC ৰ ভূমিকা উল্লেখ কৰা। (HS 2012,2017)
উত্তৰ: দক্ষিণ এছিয়াত আঞ্চলিক সহযোগিতা সন্থা (South Asian Association for Regional Cooperation) দক্ষিণ এছিয়াৰ দেশসমূহৰ সহযোগিতাৰ মহান প্রচেষ্টা। 1985 চনত বাংলাদেশৰ ঢাকাত দক্ষিণ এছিয়াৰ 7 খন ৰাষ্ট্র ক্রমে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকা ই SAARC গঠন কৰে। পৃথিৱীৰ মুঠ ভূ-খণ্ডৰ 35% আৰু মুঠ জনসংখ্যা 21% এই সন্থাৰ অর্ন্তগত।
দক্ষিণ এছিয়াত ৰাষ্ট্রসমূহৰ মাজত যদিও বিভিন্ন ধৰণৰ সংঘাট আছে তথাপি ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠিছে সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক। এই সহযোগিতা বৃদ্ধিত তথা শান্তি ৰক্ষাত আৰু অধিক অৰিহণা যোগাইছে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সন্থাই। SAARC য়ে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহৰ অর্থনৈতিক প্রগতি, আন্তর্জাতিক সু- সম্পর্ক ৰক্ষা আৰু সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলিবৰ বাবে প্রচেষ্টা হাতত লয়। SAARC ৰ জৰিয়তে দক্ষিণ এছিয়াৰ ৰাষ্ট্রসমূহে একত্রিতভাবে বিভিন্ন সমস্যা সমাধান কৰিবলৈ পদক্ষেপ গ্রহণ কৰে। ইয়াৰ সদস্য ৰাষ্ট্রবিলাকে দক্ষিণ এছিয়াত মুক্ত বাণিজ্য মণ্ডল গঠন কৰাত প্রতিজ্ঞাবদ্ধ হৈছিল। তাৰোপৰি ভাৰত পাকিস্তানৰ মাজত চলি থকা সংঘাট দূৰ কৰিবৰ কাৰণেও SAARC এ বিভিন্ন ব্যৱস্থা হাতত লয়। ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ ক্ষেত্রত হস্তক্ষেপ কৰি SAARC য়ে বিভিন্ন ক্ষেত্ৰত অগ্রণী পদক্ষেপ গ্রহণ কৰিছে।
এইদৰেই দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতা ৰক্ষাৰ ক্ষেত্রত SAARC য়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।
8. SAFTA ওপৰত এটা টোকা লিখা।
উত্তৰ: SAFTA অর্থাৎ South Asian Free Trade Agreement’ৰ প্রধান উদ্দেশ্য হল দক্ষিণ এছিয়াত এটা নতুন শান্তি আৰু সহযোগিতাৰ মুক্ত বাণিজ্য নীতি সম্প্রসাৰণ কৰা। 2004 চনত স্বাক্ষৰিত এই চুক্তিখন 2006 চনৰ জানুৱাৰীৰ পৰা কার্যকৰী হয়। ইয়াৰ লক্ষ্য হল 2007 চনত 20% কৰ নিম্নগামী কৰা। এই চুক্তিৰে 2015 চনৰ ভিতৰত সকলো বাধা আঁতৰাই দক্ষিণ এছিয়াত মুক্ত বানিজ্য ক্ষেত্র সৃষ্টিৰ সংকল্প লৈছে।
9. ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয় সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। (HS 2017, 2022)
উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
(i) স্বাধীনতাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক আছিল সংঘাটমূলক। কিয়নো, সন্ত্রাসবাদ, জম্মু কাশ্মীৰ আদি লৈ বৰ্তমান পর্যন্ত উভয়ৰে মাজত এক তিক্ত সম্পর্ক চলি আহিছে।
(ii) পাকিস্তান আৰু ভাৰত উভয় দেশৰ প্ৰতিনিধি মিলিতহৈ উভয়ৰে মাজত সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল যদিও 1999 চনত পুনৰ দুয়ো দেশ যুদ্ধত লিপ্ত হ’ব লগা হয়।
(iii) অৱশ্যে, দুয়োখন দেশে উভয়ৰ মাজত ব্যৱসায় বাণিজ্যৰ মাধ্যমেৰে কিছুপৰিমাণে সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হৈছিল।
iv) কিন্তু 2016 চনৰ 18 ছেপ্টেম্বৰত পাকিস্তান সমৰ্থিত উগ্রপন্থীয়ে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ ফলস্বৰূপে উভয় দেশৰ সম্পর্ক পুনৰ বিঘ্নিত হয়।
10. পূব-পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিব লগা হোৱাৰ কাৰণসমূহ আলোচনা কৰা। (HS 2015)
উত্তৰঃ পূব-পাকিস্তানৰ জনসাধাৰণে বিভিন্ন কাৰণত এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগা হৈছিল। ইয়াৰ কাৰণ সমূহ হ’ল-
(i) পশ্চিম পাকিস্তানে পূব-পাকিস্তানৰ ওপৰত চলোৱা অত্যাচাৰ, দমন আদি।
(ii) পূব-পাকিস্তানৰ জনসাধাৰণক পশ্চিম পাকিস্তানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচনা কৰাৰ ফলস্বৰূপে।
(iii) বঙালী সংস্কৃতিৰ ওপৰত কৰা আঘাত।
(iv) বলপূর্বক ভাবে বঙালী ভাষাৰ পৰিবৰ্তে উর্দু ভাষা জাপি দিবলৈ চেষ্টা কৰাৰ ফলত।
11. ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাটৰ দুটা দিশ উল্লেখ কৰা। (HS 2013, 2018)
উত্তৰঃ (i) জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাট।
(ii) সন্ত্রাসবাদী সমস্যাক লৈ হোৱা সংঘাট।
12. ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযোগিতাৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। (HS 2016)
উত্তৰ: (i) ব্যৱসায়-বাণিজ্য।
(ii) প্রাকৃতিক দুর্যোগ আৰু জলবিতৰণ।
13. বাংলাদেশ ………… ৰ পৰা ………….. লৈ পাকিস্তানৰ অংগ আছিল। (HS 2012)
উত্তৰঃ 1947 ৰ পৰা 1971. চনলৈ।
14. ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাটৰ দুটা দিশ উল্লেখ কৰা। (HS 2014)
উত্তৰ: (i) সীমা বিবাদ
(ii) অবৈধ উপায়েৰে বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকসকল।
15. শ্রীলংকাত সংঘাটত লিপ্ত হোৱা সম্প্রদায় দুটাৰ নাম লিখা। (HS 2015)
উত্তৰঃ সিংহলী আৰু তামিল সম্প্রদায়।
16. SAFTAৰ সম্পূৰ্ণ ৰূপটো কি? (HS 2018)
উত্তৰ: South Asian Free Trade Area.
17. WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। (HS 2018)
উত্তৰ: World Trade Organisation.
18. ছাৰ্কৰ প্ৰথমখন সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? (HS 2018)
উত্তৰ: ঢাকাত, 1985 চনত
Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 5 in Assamese Medium সমসাময়িক দক্ষিণ এছিয়া – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি
HS 2nd Year Political Science Chapter 5 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam