Assam Board Exam

Class 12 Political Science Chapter 5 কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা

Class 12 Political Science Chapter 5 in Assamese Medium কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা– সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

Class 12 Political Science Chapter 5 কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

দ্বিতীয় খণ্ড

কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা

1. ৰাজনৈতিক উত্তৰাধিকাৰৰ ক্ষেত্রত উত্থাপিত প্ৰত্যাহ্বান সমূহ আলোচনা কৰা।

উত্তৰ- 1964 চনত ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হব সেই লৈ কংগ্রেছ দলৰ ভিতৰভাগত যথেষ্ট মতানৈক্যৰ সৃষ্টি হয়। নেহেৰুৰ নেতৃত্বত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা ভাৰতবর্ষই তেওঁৰ মৃত্যুত গুৰতৰ প্রত্যাহ্বানৰ সমুখীন হয়। জৱাহৰলাল নেহেৰুৰ মৃত্যুত উত্থাপিত আন এটি প্রশ্ন হৈছে নেহেৰুৰ অবর্তমানত ভাৰতৰ গণতান্ত্রিক পৰম্পৰা বর্তি থাকিবনে? অনান্য বহু সদ্য স্বাধীন দেশৰ দৰে ভাৰতেও গণতান্ত্রিক উত্তৰাধিকাৰী নির্বাচনত ব্যর্থ হব নেকি? কিয়নো এনে হলে সামৰিক শাসন প্রৱর্তনৰো সম্ভাৱনা থাকে।

            নেহেৰুৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সমস্যা সমাধান হবলৈ নাপাওতেই আন বহুতো সমস্যা যেনে- দুর্ভিক্ষ, অসমতা, দৰিদ্রতা, সাম্প্রদায়িক আৰু আঞ্চলিক বিভাজন আদিয়ে গণতান্ত্রিক আঁচনিসমূহ বিফল কৰাৰ উপৰিও দেশখনক জুৰুলা কৰি তোলে। সেয়েহে 1960 দশকক বিপদজনক যুগ বা সংকটৰ যুগ বুলি কোৱা হয়। অৱশ্যে কংগ্রেছ নেতৃবৃন্দই বিচক্ষণতাৰে লাল বাহাদুৰ শাস্ত্রীক প্রধানমন্ত্রীৰ পদত অধিস্থিত কৰে। 1964 চনৰ পৰা 1966 চনলৈকে শাস্ত্রী ভাৰতৰ প্রধানমন্ত্রী হয় আৰু উপৰোক্ত সমস্যা সমূহ সমাধান কৰিবলৈ পদক্ষেপ গ্রহণ কৰে। এইদৰেই শাস্ত্রীৰ নেতৃত্বত ভাৰতৰ ৰাজনৈতিক প্রেক্ষাপটত উদ্ভৱ হোৱা উত্তৰধিকাৰী সমস্যাৰ লগতে অনান্য প্ৰত্যাহ্বান সমূহ  সমাধানৰ চেষ্টা কৰা হয়।

2. ভাৰতীয় ৰাজনীতিত ‘বিশাল মিত্রতা’ বুলিলে কি বুজা ?

উত্তৰ: 1971 চনত নির্বাচন প্রাক মূহুৰ্তত কংগ্রেছক ক্ষমতাৰ পৰা আঁতৰাবলৈ প্রধান বিৰোধী দলসমূহ যেনে- সংযুক্ত, সমাজ বাদী পার্টি, ভাৰতীয় জনসংঘ, স্বতন্ত্র আৰু ক্রান্তি একেলগ হৈ এক মিত্রজোট গঠন কৰে। এই মিত্রজোঁটৰ ‘বিশাল মিত্রতা’ বা গ্ৰেণ্ড এলাইনচ’ বুলি কোৱা হয়। এই জোঁটটোৱে পঞ্চম সাধাৰণ নির্বাচনত কংগ্রেছক পৰাস্ত কৰিবলৈ ‘ইন্দিৰা হাটা ও’ ধ্বনি ব্যৱহাৰ কৰিছিল।

3. লাল বাহাদুৰ শাস্ত্রীৰ চমু শাসন কালত সন্মুখীন হোৱা প্ৰত্যাহ্বান দুটা কি কি?

উত্তৰ –  i) ভাৰত, চীন যুদ্ধৰ পাছত পৰা ভাৰতীয় অর্থনৈতিক পুনৰ উদ্ধাৰ কৰা আৰু খাদ্র সংকট, মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰাটো  বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল।

ii) 1965  চনত অতর্কিতে পাকিস্তানে কৰা আক্ৰমণৰ সময়ত ভাৰতত ৰক্ষা কৰা আৰু এক সফল যুদ্ধ পৰিকল্পনা কৰাটো শাস্ত্রীৰ বাবে গুৰুত্বপূর্ণ প্রত্যাহ্বান আছিল।

4. ভাৰতীয় ৰাজনীতিত আয়া ৰাম, গয়া ৰাম কৌতুকটোৰ তাৎপর্য কি?

 উত্তৰ: 1967 চনৰ নিৰ্বাচনৰ পিছত ভাৰতীয় ৰাজনীতিক দলত্যাগ ৰাজনীতিয়ে বিশেষ তাৎপর্য বহন কৰিছিল। এই সময়ছোৱাত হাৰিয়ানাৰ এগৰাকী বিধায়কে ৭ ঘন্টাতা তিনিবাৰকৈ দল সলনি কৰি এক নতুন অভিলেখ সৃষ্টি কৰে। হাৰিয়ানাৰ বিধায়ক ‘গায়াৰামে’ প্রথমে কংগ্রেছৰ পৰা সংযুক্ত ফ্রন্টলে আহে তাৰ ২ ঘন্টাৰ পিছতেই পুনৰ কংগ্ৰছত যোগদান কৰে তাৰপাছত পুনৰ জাতীয় ফ্রন্টলৈ গমন কৰে। তাৰ কিছু মুহূর্ত্তৰ পিছতেই পুনৰ কংগ্রেছলৈ অহাৰ মন মেল ইয়াতে উত্তেজিত হৈ হাৰিয়ানাৰ বিধায়ক ৰাও বিৰেন্দ্র সিঙে সংবাদ মাধ্যমৰ আগত তাছিল্য কৰি কয় যে গয়াৰাম এতিয়া আয়াৰাম। তেতিয়াৰে পৰাই আয়াৰাম, গয়া ৰাম দলত্যাগ ৰাজনীতিৰ অন্যতম ধ্বনি হৈ পৰে।

5. 1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ বিষয়ে চমুকৈ লিখা। (HS 2016, 2019)

Or

1969 চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতর্কসমূহ আলোচনা কৰা।

উত্তৰ: ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ সংঘাটে 1969 চনত তীব্ৰৰূপ ধাৰন কৰে। সেই সময়তে ভাৰতৰ ৰাষ্ট্রপতি জাকিৰ হুছেইনৰ মৃত্যু হয়। খালী হোৱা ৰাষ্ট্ৰপতি আসনখনক লৈ এক নতুন সংঘাটে গা কৰি উঠিছিল। ইন্দিৰা গান্ধীৰ বাধা স্বত্ত্বেও ছিণ্ডিকেটে তেওঁৰ বহুদিনৰ বিৰোধী তথা সেই সময়ৰ লোকসেৱাৰ অধ্যক্ষ এন. ছঞ্জিবো ৰেজিক কংগ্ৰেছৰ অফিচিয়েল পার্থী হিচাপে মনোনিত কৰে। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে সেই সময়ৰ উপ-ৰাষ্ট্রপতি ভি. ভি. গিৰিক নির্দলীয় পার্থি হিচাপে মনোনিত কৰে। তেওঁ সেই সময়ৰ বহু জনপ্রিয় আঁচনি বন্ধ কৰে। এই বিষয়ত অসন্তুষ্ট হৈ সেই সময়ৰ উপ-প্রধানমন্ত্রী আৰু বিত্তমন্ত্রী মুৰাৰজী দেশাইয়ে পদত্যাগ কৰে। ৰাষ্ট্রপতি নির্বাচনক লৈ  দুয়োদলৰ মাজত নিজ নিজ শক্তি প্রদশর্নৰ বাবে তীব্র প্রতিয়োগিতা আৰম্ভ হয়। কংগ্রেছ দলে তেওঁলোকৰ সকলো সাংসদক রিধায়কক, দলীয় পার্থিক ভোট দিয়াৰ বাবে নির্দেশজাৰী কৰিছিল, ইফালে ইন্দিৰা গান্ধীয়ে মনে-প্রাণে ভি.ভি গিৰিক সমর্থন কৰি সকলোকে বিবেক ভোট দিবলৈ আহ্বান কৰিছিল। অবশেষত ভি. ভি-গিৰি জয়যুক্ত হয় আৰু কংগ্রেছ দলীয় পার্থি ৰেজিয়ে পৰাজয় বৰণ কৰে।

            দলীয় পার্থিৰ পৰাজয়ে কংগ্ৰেছ  দলক আনুষ্ঠানিকভাৱে বিভাজন কৰে। কিন্তু ইন্দিৰা গান্ধীয়ে তেওঁৰ গোটহে প্রকৃত কংগ্রেছ বুলি দাবী কৰে। 1969 চনৰ নবেম্বৰ মাহত কংগ্ৰেছ  (০) আৰু ইন্দিৰা গান্ধীৰ গোটটোক কংগ্রেছ (R) নামেৰে নামাকৰণ কৰা হৈছিল। এই দল দুটাক পুৰনি আৰু নতুন কংগ্রেছ নামেৰেও জনা যায়।

6. 1971 চনৰ নির্বাচন আৰু কংগ্ৰেছৰ পুনৰ উদ্ধাৰৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। 

উত্তৰ:  ভাৰতীয় জাতীয় কংগ্রেছ দলৰ বিভাজনে ইন্দিৰা গান্ধী চৰকাৰক সংখ্যা লঘু লৈ পৰিণত কৰে যদিও C.P.I আৰু D.M.K দলকে ধৰি আন কেবাটাও দলৰ সমর্থন লৈ গান্ধী চৰকাৰ বর্তি আছিল। সেই সময়ত ইন্দিৰা গান্ধীয়ে ভূমি- সংস্কাৰ আইন দ্রুত গতিৰ কার্যকৰী কৰিবলৈ অভিযান চলাইছিল। তেওঁ আন ৰাজনৈতিক দলৰ পৰা সকাহ পাবৰ বাবে তথা সংসদত নিজৰ স্থিতি সবল কৰাৰ বাবে আৰু জনপ্রিয় আঁচনিসমূহ কার্যকৰী কৰাৰ বাবে জনাদেশ লাভ কৰিবলৈ 1970 চনৰ ডিচেম্বৰ মাহত লোকসভা ভংগ কৰিবলৈ পৰামর্শ আগবঢ়াই। 1971 চনৰ ফেব্রুৱাৰী মাহত দেশৰ লোকসভাৰ পঞ্চম নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনত কংগ্ৰেছ (o) আৰু কংগ্রেছ (R) দুয়ো নিজৰ শক্তি প্রদর্শনৰ চেষ্টা কৰিছিল কংগ্রেছ R হল পূর্বৰ দুর্বল কংগ্রেছৰ এটা অংশ আৰু প্রকৃত সাংগঠনি শক্তি কেৱল কংগ্রেছ o ৰ হাতত আছিল বুলি সকলোৱে বিশ্বাস কৰিছিল। ইন্দিৰা গান্ধীক দুর্বল কৰাৰ কাৰণে সকলো বিৰোধী এক গোট হৈ মহাজোটবদ্ধ বা বৃহৎ শক্তিবদ্ধ গঠন কৰে। আনফালে ইন্দিৰা গান্ধীয়ে প্রচাৰ অনুষ্ঠানত কৈছিল যে, বৃহৎ মহাজোটবদ্ধৰ কোনো – ৰাজনৈতিক সু-সংগঠিত আঁচনি নাই আৰু তেওঁলোকৰ মূল আঁচনি হৈছে কেৱল, “ইন্দিৰা হাটাও” কিন্তু ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীৰ মূলমন্ত্র আছিল “গৰিবী হাটাও” তেওঁ ৰাজহুৱা খণ্ডৰ উন্নয়ন, গাঁৱলীয়া মাটিৰ ওপৰত সবোর্চ সীমা নির্ধাৰণ, আয় আৰু সুবিধা, ৰাজকুমাৰসকলৰ বিশেষ সুবিধা কর্তন ইত্যাদি আঁচনি লৈছিল। এইবোৰে ভূমিহীন আৰু শ্রমিক শ্রেণীৰ লগতে দলিত, সংখ্যালঘু, আদিবাসী মহিলা আৰু নিৱনুৱা আর্কষিত কৰিছিল। এইদৰে বিভিন্ন উপায় অবলম্বন কৰি ইন্দিৰা গান্ধীয়ে ৰাজনৈতিক সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল।

অতি আশ্চর্য্যজনক ভাৱে ভাৰতৰ পঞ্চম লোকসভা নিৰ্বাচনত  1973 চনত 484 এখন আসনৰ ভিতৰত ইন্দিৰা গান্ধী কংগ্ৰেছে 352 খন আসন লাভ কৰি আধিপত্য বিস্তাৰ কৰে। তেওঁৰ দলেই প্ৰকৃত কংগ্ৰেছ বুলি দাবী কৰি ভাৰতৰ ৰাজনীতিত গুৰুত্বপূর্ণ স্থান দখল কৰিবলৈ সক্ষম হয়।

7. মৰ্চা চৰকাৰৰ যিকোনো 4 টা বৈশিষ্ট্য লিখা। (HS 2014, 2016, 2018, 2019)

উত্তৰঃ 1967 চনৰ পিছৰ পৰা ভাৰতীয় ৰাজনীতিৰ ৰাজ্যিক পৰ্যায়ত আৰু 1977 চনৰ পৰা কেন্দ্ৰীয় পৰ্যায়ত মৰ্চা চৰকাৰৰ আৰম্ভণি হৈছিল। তলত মৰ্চা চৰকাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-

(i) মৰ্চা চৰকাৰত দুই বা ততোধিক ৰাজনৈতিক দল সংযুক্ত হৈ থাকে।

(ii) মৰ্চা চৰকাৰত অর্ন্তভুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ।

(iii) মৰ্চা চৰকাৰ অস্থায়ী বা অস্থিৰ, এই চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে।

 (iv) মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহেও প্রাধান্য বিস্তাৰ কৰে।

8. ভাৰতৰ প্ৰথম গৰাকী নির্বাচন আয়ুক্তৰ নাম কি আছিল? (HS 2015)

উত্তৰঃ সুকুমাৰ সেন।

9. দল ত্যাগৰ অৰ্থ কি? (HS 2014, 2023)

উত্তৰঃ দল ত্যাগে এটা দল ত্যাগ কৰি আন এটা দললৈ যোৱাটোকে বুজায়।

10.  ভাৰতত কোনটো দশকক ভয়ংকৰ দশক হিচাপে আখ্যা দিয়া হয়? (HS 2012)

উত্তৰ: 1960 দশকক।

11. ভাৰতীয় দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। (HS 2016)

উত্তৰঃ (i) ভাৰতীয় দলীয় ব্যৱস্থাত বহুদলীয় ব্যৱস্থা থকা দেখা যায়।

(ii) ভাৰতীয় দলীয় ব্যৱস্থাত দলত্যাগৰ প্ৰথা দেখা যায়।

12. ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথম গৰাকী নির্বাচন আয়ুক্ত কোন আছিল? (HS 2017)

উত্তৰঃ 1950 চনৰ 25 জানুৱাৰীত।

প্রথম মুখ্য নির্বাচনী আযুক্ত আছিল সুকুমাৰ সেন।

13.  1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্রার্থী কোন আছিল? নির্বাচনটোত কোনে জয়লাভ কৰিছিল?

উত্তৰ: কংগ্ৰেছৰ প্ৰাৰ্থী আছিল নীলম সঞ্জীৱা ৰেড্ডী।

জয়লাভ কৰিছিল ভি ভী গিৰি।

14. স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰনসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  স্বাধীনতাৰ পিছত ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ’ল-

ক) ব্রিটিছ উপনিবেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্রেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। কংগ্ৰেছৰ নেতৃত্বই পৰবৰ্তী কালত দলটোৰ জনপ্রিয়তা বৃদ্ধি কৰিছিল।

খ) কংগ্রেছ দলটো অতি পুৰণি আৰু সুসংগঠিত দল। নির্বাচন বিষয়ত আন দলতকৈ এই দল পৰিপক্ক।

গ) ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছ দলে ইয়াৰ ভেটি দেশখনৰ গাঁবে-ভূঞে, চহৰে-নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল।

ঘ) স্বাধীনতা আন্দোলনৰ লগত জড়িত কংগ্ৰেছী নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাবমূর্তিব বাবেও এই দল জনপ্রিয় হৈছিল।

15. চতুর্থ সাধাৰণ নির্বাচনটো ওপৰত টোকা লিখা।

উত্তৰ: ভাৰতবর্ষৰ ৰাজনীতিত আটাইতকৈ গুৰুত্বপূর্ণ আৰু ঐতিহাসিক  নির্বাচনটো হৈছে ৪র্থ সাধাৰণ নির্বাচন । 1967  এই নির্বাচনে পূর্বৰ নির্বাচন ধাৰাৰ আমোল পৰিবর্তন সাধন কৰে। ইন্দিৰা গান্ধী প্রধানমন্ত্রী হোৱাৰ মাত্র এবছৰ পিচতে  এই নির্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত ইন্দিৰা গান্ধী আছিল ৰাজনৈতিকভাৱে তেনে অনভিজ্ঞ আৰু নতুন। তাৰোপৰি দুর্ভিক্ষ মহামাৰী ,সমম্প্রদায়িক সংঘর্ষ, অর্থনৈতিক দুৰবস্থা, মূল্যবৃদ্ধি নিৱনুৱা সমস্যা ইত্যাদিয়ে দেশক জুৰুলা  কৰি তুলিছিল। এনে পৰিস্থিতিত দেশত ধর্মঘট, হৰতাল, আইন শৃংখলাৰ সমস্যা, উদ্ভব হৈছিল আৰু সকলো বিৰোধী একগোট হৈ কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছিল। ফলত লোক সভা আৰু বিধানসভা উভয়তে কংগেছে বাৰুকৈয়ে মুখ থেকেচা খাইছিল। বহু ৰাজনৈতিক বিশেষজ্ঞই এই নির্বাচনক ৰাজনৈতিক ভূমিকম্প  আখ্যা দিছে। এই নির্বাচনৰ ফলস্বৰূপে দলটোত দল ত্যাগৰ প্রৱণতাই দেখা দিয়াৰ ওপৰিও দলৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য যে 1967 চনৰ এই চতুর্থ সাধাৰণ নির্বাচনতেই ভাৰতবর্ষত পোন প্রথমবাৰৰ বাবে অ কংগ্ৰেছী দল লগ লাগি মর্চা চৰকাৰ গঠন কৰে। তাৰোপৰি এই নির্বাচনত 9 খন ৰাজ্যত কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে। ইয়াৰ 7খন ৰাজ্যত কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা হেৰুৱালে আৰু ২ খন ৰাজ্যত দল ত্যাগৰ বাবে চৰকাৰ গঠন কৰিব নোৱাৰিলে। এইদৰে 1967 চনৰ নির্বাচনৰ পিছৰ পৰা কংগ্রেছ আধিপত্যৰ পৰিসমাপ্তি ঘটে।

16. চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্রেছ দলে সম্মুখীন হোৱা গুৰুত্বপূর্ণ প্রত্যাহ্বানসমূহ কি কি?

উত্তৰ- ভাৰতৰ তিনিটা সাধাৰণ নির্বাচনত ভাৰতীয় জাতীয় কংগ্রেছ দলে  সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল যদিও 1967 চনৰ চতুর্থ সাধাৰণ নির্বাচনত কংগ্রেছ দল ব্যাপকভাৱে ক্ষতিগ্রস্ত হয়। কেন্দ্র আৰু ৰাজ্য উভয়তে দলটোক নিৰাশ কৰা মূলতে থকা গুৰুতৰ প্রত্যাহ্বানসমৃদ্ধ তলত আলোচনা কৰা হল –

i) অ-কংগ্রেছবাদ: গণতন্ত্রত বিৰোধীদলৰ ভূমিকা অতি গুৰুত্বপূর্ণ, সেই সময়ৰ ভাৰত বিৰোধী দলসমূহে অনুভৱ কৰিছিল যে,  তেওঁলোকৰ মাজৰ বিভাজনে বা অমিলে কংগ্রেছ দলক নির্বাচনৰ জয়লাভত সহায় কৰিছে সেয়ে বিভিন্ন নীতি-আদর্শ তথা প্রভেদ থকা সত্ত্বেও দলবোৰ লগ হৈ কংগ্ৰেছ বিৰোধী গোট গঠন কৰে। যাক অকংগ্ৰেছবাদ বুলি কোৱা হয়। এই অকংগ্রেছবাদ কংগ্ৰেছ দলৰ সম্মুখত দেখা দিয়া এক গুৰুত্বপূর্ণ প্ৰত্যাহ্বান।

ii) দল ত্যাগঃ- চৰকাৰ গঢ়া আৰু ভঙাৰ দিশত দল ত্যাগীসকলৰ  ভূমিকা অতি গুৰুত্বপূর্ণ। চতুর্থ সাধাৰণ নির্বাচনত দলৰ প্রাধান্য হ্রাস পোৱাত  বহু কংগ্রেছী নেতাই দল ত্যাগ কৰি অন্য দলত যোগ দিয়ে, যাক ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ‘আয়া ৰাম গয়া ৰাম ‘ হিচাপে আখ্যা দিয়া হয়। এই দল ত্যাগ কংগ্রেছ দলৰ বাবে আন এক প্রত্যাহ্বান আছিল।

iii) সংযুক্ত চৰকাৰঃ- যেতিয়া কোনো এটা দলে নির্বাচনত সংখ্যা গৰিষষ্ঠতা লাভ কৰিব নোৱাৰে। তেতিয়া একাধিক দল লগ হৈ – চৰকাৰ গঠন কৰে যাক মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বুলি কোৱা হয় 1967 চনৰ নিৰ্বাচনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে মর্চা চৰকাৰ গঠন হৈছিল। বিভিন্ন দল একগোট হৈ গঠন কৰা এই মর্চাও কংগ্রেছ দলৰ বাবে আন এটি প্ৰত্যাহ্বান হিচাপে থিয় দিছিল।

iv) ছিণ্ডিকেট ৰাজনীতিঃ- দলৰ সংগঠনক নিয়ন্ত্রণত ৰখা কংগ্ৰেছ নেতাৰ অনানুষ্ঠানিক গোটক ছিণ্ডিকেট বুলি কোৱা হয়। সেই সময়ৰ কংগ্রেছক ছিণ্ডিকেটত নেতৃত্ব প্রদান কৰা নেতাসকল আছিল কে. কামৰাজ, এচ. কে. পাটিল, এন. ছনজিবা ৰেড্ডী, অতুল্য ঘোষ ইত্যাদি। এই ছিণ্ডিকেতে লাল বাহাদুৰ শাস্ত্রী আৰু ইন্দিৰা গান্ধীক প্রধানমন্ত্রী হোৱাত সহায় কৰিছিল। কিন্তু পিছলৈ এই ছিণ্ডিকেটৰ লগত ইন্দিৰা গান্ধীৰ মতানৈক্য হোৱাত দলটোত ব্যাপক খেলি-মেলিৰ সৃষ্টি হৈছিল

v) কংগ্রেছৰ বিভাজন:- 1967 চনৰ চতুর্থ সাধাৰণ নির্বাচনৰ পাছত ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজত হোৱা মতানৈক্যৰ ফলত 1969 চনত কংগ্ৰেছ দল (o) আৰু কংগ্রেছ (R) হিচাপে দুটা ভাগত বিভক্ত হয়। এই বিভাজনক ভাৰতৰ ৰাজনীতিত অতি গুৰুত্বপূর্ণ ঘটনা হিচাপে বিবেচিত হয়।

ওপৰত উল্লেখ কৰাসমূহেই হৈছে কংগ্রেছ দলে সম্মুখীন হোৱা গুৰুত্বপূর্ণ প্রত্যাহ্বান।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 5 in Assamese Medium কংগ্ৰেছ ব্যৱস্থাৰ প্রতি প্রত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা– সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

HS 2nd Year Political Science Chapter 5 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment