Class 12 Political Science Chapter 6 in Assamese Medium সাংবিধানিক ব্যৱস্থাৰ সংকট – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
সাংবিধানিক ব্যৱস্থাৰ সংকট
Class 12 Political Science Chapter 6 সাংবিধানিক ব্যৱস্থাৰ সংকট || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer
দ্বাদশ শ্ৰেণী
দ্বিতীয় খণ্ড
সাংবিধানিক ব্যৱস্থাৰ সংকট
1. 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ প্রধান কাৰণবোৰ আলোচনা কৰা।
উত্তৰ: 1975 চনৰ 25 জুন তাৰিখে ভাৰতৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে সেই সময়ৰ ভাৰতৰ ৰাষ্ট্রপতি ফকৰুদ্দিন আলি আহম্মেদক ভাৰতৰ সংবিধানৰ 352 নং অনুচ্ছেদ্য অনুসৰি জৰুৰী অবস্থা ঘোষণাৰ পৰামৰ্শ দিয়ে। দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ আঁৰত নিহিত প্রধান কাৰণসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল –
অর্থনৈতিক সংকট:- 1971 চনৰ নির্বাচনত যদিও কংগ্ৰেছ দলে ‘গৰিবী হাটাও’ ধ্বনিয়ে শাসনলৈ আহিছিল।কিন্তু বাস্তুৱ ক্ষেত্রত দেশত অর্থনৈতিক উন্নয়ন পৰিলক্ষিত হোৱা নাছিল। বাংলাদেশ যুদ্ধই ভাৰতৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুতৰ আঘাত হানিছিল। এই যুদ্ধৰ পিছত আমেৰিকাই ভাৰত লৈ আগবঢ়োৱা অর্থনৈতিক অনুদান বন্ধ কৰিছিল। এনে সময়তে আন্তঃ ৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাত ভাৰতত অত্যাধিক মূল্য বৃদ্ধি হৈছিল আৰু মৌচুমী বতাহৰ বিৰূপ প্রভাৱত খাদ্য- শস্যৰ উৎপাদন ৪% কমি গৈছিল। এনেদৰে 70 দশকত ভাৰতবর্ষই গুৰুতৰ অর্থনৈতিক সংকটৰ সন্মুখীন হৈছিল।
গুজৰাট আৰু বিহাৰৰ ছাত্র আন্দোলন:- কংগ্রেছ শাসিত ২ খন ৰাজ্য গুজৰাট আৰু বিহাৰৰ ছাত্র আন্দোলনে নিজ ৰাজ্যৰ ৰাজনীতিত সক্রিয় প্রভাৱ পেলোৱাৰ উপৰিও ৰাষ্ট্রীয় পর্যায়তো ব্যাপক প্ৰভাৱ বিস্তৰ কৰিছিল। 1974 চনৰ এই দুই ৰাজ্যৰ ছাত্র সমাজে খাদ্য সংকট, মূল্য বৃদ্ধি, দুর্নীতি, নিবনুৱা সমস্যা আদিৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলন, ‘ধর্মঘট, সমদল বিভিন্ন প্রান্তত বন্ধ, ঘেৰাও ইত্যাদিয়ে ৰাষ্ট্রপতিয় শাসন প্রর্বতনৰ পৰিবেশ সূচনা কৰিছিল।
ন্যায়ালয়ৰ সৈতে সংঘার্টঃ- সেই সময়ত শাসনাধিস্থ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত যথেষ্ট মতবিৰোধৰ সৃষ্টি হৈছিল। উচ্চতম ন্যায়লয় আৰু ন্যায়িক ব্যৱস্থা হৈছে ভাৰতৰ সংবিধানৰ অভিভাৱক। চৰকাৰে যদি সংবিধান অমান্য কৰে তেনেহলে তাক অবৈধ ঘোষণা কৰাৰ ক্ষমতা কেৱল ন্যায় পালিকাৰ হাততহে আছে। সেই সময়ত চৰকাৰ আৰু ন্যায় পালিকাৰ মাজত মত- বিৰোধ হোৱাৰ প্ৰধান তিনিটা বিষয় হল-
- সংসদে মৌলিক অধিকাৰ সংকোচিত কৰিব পাৰিবনে? উচ্চতম ন্যায়ালয়ৰ মতে সংসদে মৌলিক অধিকাৰ সংকোচি কৰিব নোৱাৰে।
- সংসদে সংবিধান সংশোধনৰ মাজেৰে সম্পত্তিৰ অধিকাৰ কর্তন কৰিব পাৰিবনে? এই দিশতো উচ্চতম ন্যায়ালয়ে সংসদে সম্পত্তিৰ অধিকাৰ কর্তন কৰিব নোৱাৰে বুলি মত পোষণ কৰিছে।
- সংসদে নির্দেশাত্মক নীতি কার্যকৰী কৰিবৰ বাবে মৌলিক অধিকাৰ সাল-সলনি ঘটাৱ পাৰেনে? এই প্রশ্নটো ন্যায়লয়ে নোৱাৰে বুলি উত্তৰ দিছে।
এই তিনিটা মূল বিষয়ক কেন্দ্র কৰি ন্যায়পালিক আৰু কার্যপালিকাৰ মাজত মতানৈক্যৰ সৃষ্টি হয় যিয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অৰিহণা যোগায়।
২. জৰুৰী অৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা।
উত্তৰ: জৰুৰী অবস্থাৰ ফলাফল বা পৰিণতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল
i) সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপঃ- জৰুৰী অৱস্থা ঘোষণাৰ এটা গুৰুত্বপূর্ণ ফলাফল হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ। সংবাদ মাধ্যমক গণতন্ত্রৰ চতুর্থ স্তম্ভ আখ্যা দিয়া হয়। কিন্তু জৰুৰী অৱস্থাই প্রচাৰ মাধ্যমৰ সকলো স্বাধীনতা খর্ব কৰিছিল। সেই সময়ত যিকোনো বাতৰি পৰিৱেশন কৰিবৰ বাবে চৰকাৰৰ আগতীয়া অনুমোদনৰ প্রয়োজন হৈছিল। এই নিষেধাজ্ঞাই সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আঘাত হানিছিল।
ii) মৌলিক অধিকাৰৰ ওপৰত নিয়ন্ত্ৰন:- জৰুৰীকালীন সময়ত মৌলিক অধিকাৰসমূহ বাতিল কৰা হৈছিল। কোনো অধিকাৰ ভংগ হলেও সেই সময়ত জনগণ ন্যায়লয়াৰ কাষ চাপিব নোৱাৰিছিল তাৰোপৰি নির্যাতন মূলক আটক আইনৰ বহল প্ৰয়োগে সাধাৰণ জনগনৰ জীৱন বাধাগ্রস্ত্র কৰিছিল। কিয়নো ইয়াৰ অধীনত কোনো ব্যক্তিক কোনো দোষ নকৰাকৈয়ে দোষ কৰাৰ সন্দেহত আটক কৰিব পাৰে। এই সুযোগ লৈ ইন্দিৰা গান্ধী চৰকাৰে বিৰোধী দলৰ নেতাসকলক আটক কৰি জেললৈ প্রেৰণ কৰিছিল। বন্ধী সকলে ‘বন্দী প্ৰত্যক্ষীৰকৰণৰ জৰিয়তে আটক কৰাৰ কাৰণ জনাৰো কোনো উপায় নাছিল।
iii) আন্দোলন নিষিদ্ধকৰণ :- জৰুৰী অৱস্থা ঘোষণাৰ লগে লগে জনসাধাৰণৰ সকলোধৰণৰ প্রতিবাদ, আন্দোলন, ধর্মঘট, সমদল আদি নিষিদ্ধ কৰি দিয়া হৈছিল। এই নিষিদ্ধ কাৰণে জনসাধাৰণৰ বাকস্বাধীনতা খর্ব কৰাৰ উপৰিও জনগনৰ প্রতিবাদী কন্ঠ বদ্ধ কৰা হৈছিল।
iv) আৰক্ষী আৰু আমোলা তন্ত্রৰ স্বেচ্ছাৰীতাঃ- জৰুৰী অৱস্থা ঘোষণাৰ লগে লগে ৰাষ্ট্রৰ সকলো ক্ষমতা প্রধানমন্ত্রী আৰু তেওঁৰ ঘনিষ্ঠ কেইজনমান আমোলা বিষয়াৰ হাতত কেন্দ্রীভূত হয় আৰু সকলো তেওঁলোকৰ ইচ্ছা অনুসৰি পৰিচালিত হয়। নিবাৰক আটক আইন আৰু আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইনক জৰিয়তে আৰক্ষীয়ে বহুতো নিঅপৰাধী লোকক আটক কৰিছিল।
এনেদৰে জৰুৰীকালীন সময়ত আৰক্ষী আৰু আমোলতন্ত্ৰ কঠোৰ কার্যকলাপে দেশবাসীক অতিষ্ঠ কৰিছিল। ওপৰত উল্লেখ কৰা বোৰেই হল জৰুৰীকালীন অৱস্থাৰ প্রধান ফলাফল।
3. গুজৰাট আৰু বিহাৰৰ আন্দোলন সম্পর্কে চমু টোকা লিখা।
উত্তৰ: পঞ্চম লোকসভা নির্বাচনৰ সময়ৰ পৰা ভাৰতবর্ষত দ্ৰব্য, সামগ্রীৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। কিন্তু সেই অনুপাতে ভাৰতবর্ষৰ উৎপাদন দিনক দিনে নিম্নগামী হৈছিল। ইয়াৰ ফলত দৰিদ্র সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছিল। সেই সময়ৰ ছাত্র শক্তিয়ে বিশ্বাস কৰিছিল যে, আন্দোলনেই হৈছে এনে সমস্যা সমাধানৰ একমাত্র উপায়। সেয়েহে মূল্য বৃদ্ধি, খাদ্য দ্ৰব্ৰৰ অনাটন, দুর্নীতি’ আদি বিভিন্ন সমস্যাৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্রান্তত ছাত্র সমাজে প্রতিবাদী কার্যসূচী গ্রহণ কৰে। ইয়াৰ ভিতৰত বিহাৰ আৰু গুজৰাটত গঢ়ি উঠা আন্দোলন বিশেষভাবে উল্লেখনীয়। তাৎপর্যপূর্ণ যে, সেই সময়ত দুয়োখন ৰাজ্যতেই কংগ্রেছ দল ক্ষমতাত আছিল।
দ্রব্য, সামগ্রীৰ অভাৱ তথা মূল্য বৃদ্ধি, তেলৰ মূল্য বৃদ্ধি দুর্নীতি আদিৰ বিৰুদ্ধে 1974 চনৰ জানুৱাৰী মাহত গুজৰাটৰ ছাত্ৰ সমাজৰ মাজত এক আন্দোলন গঢ়ি উঠে যত বিৰোধী দলসমূহেও সম্পূর্ণ সহায় আগবঢ়ায়। আঢ়ৈ মাহ জুৰি চলা এই আন্দোলনক নৱ নির্মাণ বা সামাজিক পুনৰ নির্মাণ আন্দোলন নামেৰে জনা যায়। গুজৰাট আন্দোলনৰ তীৱ ৰূপত উপায়ন্তৰ হৈ 1975 চনত নতুনকৈ বিধানসভা নির্বাচন অনুষ্ঠিত কৰিব লগীয়া হয়। যত কংগ্ৰেছ দল ক্ষমতাচুত্য হয় আৰু গুজৰাটত মর্চা চৰকাৰ গঠন হয়।
ঠিক সেইদলে 1974 চনৰ মার্চ মাহত বিহাৰৰ ছাত্ৰ সকলৰ নেতৃত্বত মূল্যবৃদ্ধি, খাদ্য সংকট, দুর্নীতি, নিৱনুৱা সমস্যা আদিৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি উঠে। যাৰ নেতৃত্ব বহন কৰিছিল সমাজ সংস্কাৰক তথা সর্বাত্মক বিপ্লৱৰ প্ৰৱক্তা জয় প্রকাশ নাৰায়ণে। তেওঁৰ নেতৃত্বত ১ বছৰ ধৰি চলা এই আন্দোলনক ৰাজনৈতিক ভাষাত সর্বাত্মক আন্দোলন নামেৰে জনা যায়। এই আন্দেলন সমূহৰ অংশ হিচাপে চৰকাৰ বদলিৰ দাবীত ৰাজ্যত বন্ধ, হৰতাল, ঘেৰাও, ধর্মঘট সমদল আদি সংঘটিত হয়। যদিওবা গুজৰাটৰ তুলনাত বিহাৰত অধিক সময় আন্দোলন চলিছিল কিন্তু আচৰিতভাৱে বিহাৰ চৰকাৰে ইয়াক গুৰুত্ব নিদি পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল।
এইদৰেই বিহাৰ আৰু গুজৰাটত বিভিন্ন সমস্যাৰ বিৰুদ্ধে ছাত্র সমাজৰ মাজত ব্যাপক আন্দোলন গঢ়ি উঠিছিল যাক ভাৰতীয় ৰাজনীতিৰ উল্লেখযোগ্য ঘটনা হিচাপে গণ্য কৰা হয়।
4. জৰুৰী কালীন অবস্থাৰ পৰা ভাৰতবর্ষই লাভ কৰা শিক্ষা সম্বন্ধে এটি টোকা লিখা।
উত্তৰ: জৰুৰী কালীন সময়ে প্রদান কৰা অভিজ্ঞতাৰ পৰা ভাৰতবাসীয়ে বহু শিক্ষা লাভ কৰিছিল। পোনপ্রথমে জৰুৰী অৱস্থাই সকলো বিলাক ক্ষমতা কেন্দ্রৰ হাতত কেন্দ্রীভূত কৰিছিল আৰু আন সকলো অনুষ্ঠানৰ কর্তৃত্ব সম্পূর্ণ ৰূপে লোপ পাইছিল। অর্থাৎ অতি কম সময়ৰ ভিতৰত গণতন্ত্রৰ সংকোচন ঘটে। গতিকে এনে অভিজ্ঞতাৰ পৰা ভাৰতবাসী শিক্ষা হল যে, গনতন্ত্রত জৰুৰী অৱস্থা বলবৎ কৰাটো শুদ্ধ গণতান্ত্রিক পৰম্পৰা নহয়।
দ্বিতীয়তে, জৰুৰীকালীন সময়ত সংসদ আৰু ৰাষ্ট্ৰপতি ভূমিকা সম্পর্কেও আলোচনা হয়। সেই সময়ত সংবিধানে দিয়া জৰুৰী কালিন ক্ষমতা বিষয়ে বিভিন্ন মতভেদৰ সৃষ্টি হয়। সেয়ে, পৰবর্তী জনতা চৰকাৰ দিনত সিদ্ধান্ত লোৱা হয় যে, সশস্ত্র বিদ্রোহৰ দ্বাৰা জাতীয় ঐক্য, সংহতি ৰ প্রতি ভাবুকিৰ সৃষ্টি হলেহে জৰুৰী অৱস্থা ঘোষণা কৰিব পৰা যাব আৰু কেন্দ্রীয় মন্ত্ৰী পৰিষদে ইয়াৰ বাবে ৰাষ্ট্রপতিক লিখিত পৰামর্শ দিব লাগিব।
তৃতীয়তে, জৰুৰী অৱস্থাই ভাৰতবাসীক তেওঁলোকৰ স্বাধীনতা আৰু অধিকাৰ সম্পৰ্কে সচেতন কৰি তোলে। কিয়নো সেই সময়ত মৌলিক অধিকাৰ বাতিলৰ ফলত জনসাধাৰণে বহু তিক্ত অভিজ্ঞতা লাভ কৰিছিল। ফলস্বৰূপে নাগৰিক স্বাধীনতাৰ ৰক্ষাৰ উদ্দেশ্যে বিভিন্ন নাগৰিক সন্থা গঢ়ি উঠিছিল।
তাৰোপৰি জৰুৰী কালীন সময়ত ভাৰতীয় সকলৰ প্রতিবাদী কন্ঠ ৰুদ্ধ কৰাৰ বাবে চৰকাৰী পক্ষই অহৰহ হেচা প্রয়োজন কৰিছিল। দুয়োপক্ষৰ ভাৰসাম্যহীনতাই দেশত বিশৃঙ্খল পৰিৱেশৰ সূচনা কৰাৰ উপৰিও সেই সময়ত বলবৎ কৰা নীতি নির্দেশনাসমূহ আৰক্ষী প্রশাসনৰ জৰিয়তে কার্যকৰী কৰা হৈছিল যদিও এই ক্ষেত্ৰত তেওঁলোকক স্বাধীনতা দিয়া হোৱা নাছিল। শাসনাধিষ্ঠ কংগ্রেছ দলৰ নির্দেশ অনুসৰি তেওঁলোকে কাম কৰিব লগা হৈছিল। উল্লেখযোগ্য যে, জৰুৰী অবস্থাৰ পৰবর্তী সময়তো প্রশাসন ৰাজনৈতিক হেচাৰ বলি হৈছিল।
5. 1977 চনৰ লোকসভাৰ নির্বাচনৰ ওপৰত এটি টোকা লিখা।
উত্তৰ – 1975 চনৰ পৰা প্রায় 18 মাহ দেশত জৰুৰী অৱস্থাৰ শেষত 1977 চনৰ জানুৱাৰী মাহত চৰকাৰে ষষ্ঠ লোকসভা নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই উদ্দেশ্যে বিৰোধী দলৰ সকলো নেতা আৰু আন্দোলনকাৰীক জেলৰ পৰা মুকলি কৰি দিয়া হয়। 1977 চনৰ মার্চ মাহত অনুষ্ঠিত হোৱা দেশৰ এই নির্বাচনত বিৰোধী দলসমূহে নির্বাচন প্রস্তুতিৰ বাবে অতি কম সময় পাইছিল যদিও এই সময়ৰ ভিতৰতেই দেশৰ ৰাজনীতিত দ্রুত পৰিবর্তনে দেখা দিয়ে। যিহেতু জৰুৰী অৱস্থাৰ আগৰে পৰাই কংগ্ৰেছ বিৰোধী দলসমূহ একলগ হৈছিল সেয়ে, নির্বাচনৰ প্রাক- মুর্হুতত এই দলসমূহ এক গোট হৈ ‘জনতা পার্টী’ নামাৰে এটি দল গঠন কৰে। যাৰ নেতৃত্ব বহন কৰে জয়প্রকাশ নাৰায়ণে। আনহাতে, জৰুৰী অৱস্থাৰ বিৰোধীতা কৰা কংগ্রেছ নেতাসকলেও জগ জীৱন ৰামৰ নেতৃত গণতন্ত্রৰ বাবে কংগ্রেছ নামৰ আন এটি ৰাজনৈতিক দল গঠন কৰে। কিন্তু পিছৰ সময়ত ই জনতা পার্টীৰ লগত চামিল হয়।
জনতা দলে নির্বাচনক গন ভোটলৈ পৰিবর্তিত কৰে। তেওঁলোকে নির্বাচনী প্রচাৰত বিশেষকৈ জৰুৰী অৱস্থাৰ সময়ত কং গ্ৰেছ দলে গ্ৰহণ কৰা অগণতান্ত্ৰিক নীতি-নিয়ম আৰু ক্ষমতা অপ-ব্যৱহাৰ আদি দিশৰ ওপৰত গুৰুত্ব প্রদান কৰে। এনে পৰিস্থিতিত সেই সময়ৰ নির্বাচনী বতাহ কংগ্ৰেছ দলৰ বিপক্ষে ববলৈ আৰম্ভ কৰে।
ষষ্ঠ লোকসভা নির্বাচনৰ ফলাফলে ভাৰতৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূর্ণ পৰিবর্তন আনে। মুঠ 542 খন আসনৰ ভিতৰত কংগ্রেছ দলে মাত্র 154 খন আসনহে লাভে কৰে। তাৰ বিপৰীতে ‘জনতা পাৰ্টীয়ে’ আৰু ইয়াৰ মিত্ৰগোটে 330 খন আসন লাভ কৰে। উল্লেখযোগ্য যে, জনতা পাৰ্টীয়ে অকলে 295 খন আসনত জয়লাভ কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰে। এই নির্বাচনৰ আটাইতকৈ আমোদজনক কথাটো হল যে, ৰায় ৰেলি সমষ্টিত ইন্দিৰা গান্ধীয়ে আৰু আমেঠিত তেওঁৰ পুত্র’ সঞ্জয় গান্ধীয়ে পৰাজয় বৰণ কৰে। এইদৰে 1977 চনৰ ষষ্ঠ লোকসভা নির্বাচনত ভাৰত বৰ্ষত পোন প্রথমবাৰৰ বাবে মূৰাৰজী দেশাই নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰা হয়।
6. 1977 চনত গঠন হোৱা জনতা চৰকাৰ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: 1977 চনৰ লোকসভা নির্বাচনত জনতা পার্টীয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে। কিন্তু দলৰ নেতা সকলৰ মাজত তীব্র প্রতিযোগিতা আৰম্ভ হয় আৰু প্ৰধানমন্ত্রী পদৰ বাবে কেইবাজনো পার্থীয়ে প্রতিযোগিতাত অবতীর্ণ হয়। নেতাসকলৰ মাজত সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয় আৰু নির্বাচনৰ শেষত প্রধানমন্ত্রীৰ বাবে মূৰাৰজী দেশাই আৰু, চৰণ সিং আৰু জন জীৱন ৰামৰ মাজত প্রতিযোগিতা আৰম্ভ হয়। মূৰাৰজী দেশাই আছিল চতুর্থ নির্বাচনৰ সময়ৰ পৰাই ইন্দিৰা গান্ধীৰ এজন প্রধান প্রতিদ্বন্দী। চৰণ সিং. আছিল ভাৰতীয় লোকদল আৰু উত্তৰ প্ৰদেশৰ কৃষক নেতা। তাৰোপৰি আঠজন পার্থী জগজীবন ৰাম কংগ্ৰেছ চৰকাৰৰ এজন জেষ্ঠ মন্ত্ৰী আছিল। যদিওৱা তিনিজন ব্যক্তিয়ে যথেষ্ঠ অভিজ্ঞতা সম্পন্ন লোক আছিল তথাপি দলৰ সিদ্ধান্ত মমে অৱশেষত মূৰাৰজী দেশাই দেশৰ প্রধান মন্ত্রী হিচাপে কার্যভাৰ গ্ৰহণ কৰে।
কিন্তু ক্ষমতাৰ বাবে দলৰ ভিতৰভাগত চলি থকা সংঘৰ্ষৰ অন্ত নপৰিল। জৰুৰীকালীন সময়ত বিৰোধিতা কৰি গঠিত হোৱা দলটোৱে নিজৰ একতা আৰু স্থায়িত্ব ৰক্ষাত ব্যর্থ হয়। দলৰ ভিতৰত সু- নেতৃত্ব নিয়মানুবর্তিতা উমৈহতীয়া কার্যাৱলীৰ অভাৱত আশা কৰা ধৰণে জনতা দলে কোনো পৰিবর্তন আনিবলৈ ‘সক্ষম নহ’ল। ফলস্বৰূপে দলত বিভাজনে দেখা দিয়ে আৰু চৰকাৰ গঠনৰ ১৪ মাহ সম্পূর্ণ নহওঁতে মুৰাৰজী দেশাই নেতৃত্বাধীন চৰকাৰখনে সংখ্যা গৰিষ্ঠতা হেৰুৱাবলগীয়া হয়। মূৰাৰজী দেশাইৰ চৰকাৰ ভংগ হোৱাৰ পাছত কংগ্রেছ দলৰ সহযোগত চৰন সিঙে কেন্দ্রৰ চৰকাৰ গঠন কৰে যদিও পিছৰ কংগ্ৰেছে সমর্থন উঠাই লোৱাত এই চৰকাৰো চাৰিমাহ পিছত ভংগ হৈ যায়। এনে ৰাজনৈতিক অস্থিৰতাৰ পৰিপেক্ষিতত 1980 চনৰ জানুৱাৰী মাহত দেশৰ পুনৰ লোকসভা নির্বাচন অনুষ্ঠিত হয়। কিন্তু এই নির্বাচনত জনতা পার্টী বিপর্যয়ৰ সম্মুখীন হয় আৰু সর্বাধিক আসন লাভ কৰি ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে পুনৰ ক্ষমতা দখল কৰে।
এই ফলাফলৰ, ভিত্তিত আমি মতপোষণ কৰিব পাৰো যে, 1977 চনৰ নির্বাচনত চৰকাৰ গঠনৰ সময়ত দেখা দিয়া অস্থিৰতা আৰু ক্ষমতাক লৈ নেতাসকলৰ মাজত হোৱা প্রতিযোগিতাৰ ফলস্বৰূপে 1980 চনৰ নির্বাচনত জনতা পার্টীয়ে ইয়াৰ ফলাফল ভোগ কৰিব লগা হয়। যি ভাৰতীয় গণতন্ত্রৰ এক ডাঙৰ শিক্ষা।
7. কুৰিদফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল?
উত্তৰ: প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে কুৰিদফীয়া আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনি গ্ৰহণৰ প্রধান উদ্দেশ্য আছিল ভাৰতত ভূমি সংস্কাৰ সাধন, ভূমি বিতৰণ, কৃষি মজুৰিৰ পুনৰ বিবেচনা, পৰিচালনা কার্যৰ সৈতে শ্রমিকৰ অংশ গ্রহণ, বন্ধা শ্রমিক ব্যৱস্থাৰ নির্মূলকৰণ আদি।
8. ভাৰতীয় গণতন্ত্রৰ প্রবাহমান পৰম্পৰা আৰু সংকট সম্পর্কে আলোচনা কৰা।
উত্তৰ: 1975 চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰখনে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি বিভিন্ন অগণতান্ত্রিক কার্যত লিপ্ত হয়। ক্ষমতাৰ এনে অপব্যৱহাৰে 1977 চনত লোকসভা নির্বাচনত জনতা পার্টীক ক্ষমতালৈ অহাত সুবিধা প্রদান কৰে। কিন্তু জনতা চৰকাৰৰ অসমর্থতাৰ ফলত 1980 চনত কংগ্রেছ দল পুনৰ ক্ষমতালৈ অহাৰ সুযোগ পায়। 1977 চনৰ সময়ৰ পৰা ভাৰতীয় ৰাজনীতিত পিছপৰা শ্রেণীৰ লোকসকলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। সেই সময়ত উত্তৰ ভাৰতৰ বহু পিছপৰা সম্প্রদায়ৰ লোকে কংগ্ৰেছ দল ত্যাগ কৰে আৰু সেই ৰাজ্যসমূহত কংগ্রেছ বিৰোধী দলসমূহে নির্বাচনত জয়লাভ করে। অৱশ্যে বিহাৰত অনান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণৰ বিষয়টো লৈ বিতর্কৰ সৃষ্টি হয় ফলত জনতা চৰকাৰে বিন্দেশ্বৰী প্রসাদ মণ্ডল সভাপতি হিচাপে লৈ মণ্ডল আয়োগ গঠন কৰে। পিছপৰা শ্রেণীৰ লোকসকলক বাচনি কৰিবৰ বাবে উপযুক্ত পদ্ধতি নির্ধাৰণ কৰাই আছিল এই আয়োগ গঠনৰ মূল উদ্দেশ্য।
দেশত জৰুৰী অৱস্থাৰ আগৰ আৰু পাছত সময় খিনিক ভাৰতীয় সংবিধানৰ সংকট আখ্যা দিব পাৰি। কিয়নো সংসদ আৰু ন্যায় বিভাগৰ মাজত কতৃত্বক লৈ হোৱা সাংবিধানিক বিবাদেই আছিল জৰুৰী অৱস্থাৰ মূল কাৰণ। তাৰোপৰি ইয়াক আমি ৰাজনৈতিক সংকটকাল আখ্যা দিব পাৰো কিয়নো এই সময়ত গণতন্ত্রৰ প্রতি ভাবুকি আহিছিল আৰু জনসাধাৰণৰ আশা- আকাংক্ষা পূৰণ কৰা, দলীয় নেতৃত্ব ব্যর্থ হোৱা গণতন্ত্রত গণবিক্ষোভৰ উপস্থিতি হৈছিল।
Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 6 in Assamese Medium সাংবিধানিক ব্যৱস্থাৰ সংকট – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
HS 2nd Year Political Science Chapter 6 in Assamese Medium
For More details check our Youtube Channel Assam Board Exam