Assam Board Exam

Class 12 Political Science Chapter 7 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

Class 12 Political Science Chapter 7 in Assamese Medium সাম্প্ৰতিক বিশ্বত নিৰাপত্তা – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 9 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা || সমসাময়িক বিশ্ব ৰাজনীতি All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

প্ৰথম খণ্ড

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

1. প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য লিখা। (HS 2013, 2015, 2017, 2019)

উত্তৰ: প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য হ’ল –

  1. প্ৰব্ৰজনকাৰীসকলে ভাল জীবন-যাপন লাভৰ আশাত আন অঞ্চললৈ যায়। আনহাতে শৰণাৰ্থীসকলে প্রাকৃতিক দুৰ্যোগ বা অত্যাচাৰ আদিৰ ফলত নিজৰ অঞ্চল এৰি আন অঞ্চললৈ যাবলৈ বাধ্য হয়।
  2. প্ৰব্ৰজনকাৰী সকলক আন্তৰাষ্ট্ৰীয় আইন অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰখনে আশ্রয় দিবলৈ বাধ্য নহয়। আনহাতে, শৰনাৰ্থী সকলক সাধাৰণতে অন্য ৰাষ্ট্ৰই আশ্রয় প্ৰদান কৰে।

2. নিৰাপত্তা কি? পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাসমূহ আলোচনা কৰা।

উঃ- বর্তমান সময়ত নিৰাপত্তা এক অতি গুৰুত্বপূর্ণ বিষয়। অতি সাধাৰণ ভাষাত নিৰাপত্তা অর্থ হৈছে ভয় আৰু ভাবুকিৰ পৰা মুক্ত অবস্থা। সমাজত শান্তি-সম্প্রীতি, প্রগতি আৰু সকলোধৰণৰ উন্নয়নৰ বাবে সুৰক্ষা আৰু নিৰাপত্তা অতি প্রয়োজনীয়। নিৰাপত্তা বুলিলে এনে এক পৰিৱেশক বুজায়,যত সাধাৰণ মানুহে সশস্ত্র বিদ্রোহী বা নিৰাপত্তা বাহিনীয়ে সন্ত্রাসৰ সৃষ্টি নকৰা এক পৰিৱেশত শান্তিপূর্ণ ভাবে জীয়াই থাকিব পাৰে। নিৰাপত্তাই মানবীয় প্রমূল্যবোধক গুৰুত্ব আৰোপ কৰে। যাৰ জৰিয়তেহে ৰাষ্ট্রৰ নিৰাপত্তা প্রকৃত অৰ্থত সুৰক্ষিত হয়।

নিৰাপত্তাক প্রধানত:  2টা ভাগত ভাগ কৰা হৈছে – পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তা। পৰম্পৰাগত নিৰাপত্তাই ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা বুজায়। আনহাতে অপৰম্পৰাগত নিৰাপত্তা মানৱ নিৰাপত্তা প্রতিনিধিত্ব কৰে। পৰম্পৰাগত নিৰাপত্তা মূল ধাৰণা সমূহ তলত আলোচনা কৰা হল-

i) সামৰিক ভিতিগ্রস্ততা:- পৰম্পৰাগত নিৰাপত্তাৰ এটা গুৰুত্বপূর্ণ দিশ হৈছে সামৰিক ভিতিগ্রস্ততা। নিৰাপত্তাৰ দিশত আটাইতকৈ ডাঙৰ ভাবুকি আহে সামৰিক দিশৰ পৰা। এখন ৰাষ্ট্রই আন এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক কার্য্য ব্যৱস্থা গ্রহণ কৰিলে দ্বিতীয় ৰাষ্ট্ৰখনক সার্বভৌমত্ব, স্বাধীনতা আৰু ভৌগোলিক অখণ্ডতা তথা জনগণৰ জীৱন বিপদাপন্ন হয়।

ii) যুদ্ধৰ ভয়:- যুদ্ধৰ ভাবুকিৰ প্রত্যুত্তৰ দিবলৈ চৰকাৰৰ সন্মুখত তিনিটা বিকল্প থাকে। যেনে আত্মসমর্পন কৰা, যুদ্ধত অতিমাত্রা খৰচ হোৱা বুলি ঘোষণা কৰি প্রতিপক্ষক আক্ৰমণৰ পৰা বিৰত ৰখা আৰু যুদ্ধ হলে নিজকে প্রতিৰক্ষা প্রদান কৰি আক্রমণকাৰী ওভটাই পঠিওৱা নাইবা সম্পূর্ণ ৰূপে পৰাস্ত কৰা। সাধাৰণতে এখন ৰাষ্ট্রই আত্মসমর্পণ নীতিৰ পৰিবর্তে যুদ্ধ নিবাৰক নীতি আৰু প্রতিৰক্ষা নীতি গ্রহণ কৰা দেখা যায়।

iii) ক্ষমতাৰ ভাৰসাম্য:- ৰাষ্ট্রীয় সুৰক্ষাৰ তৃতীয় গুৰুত্বপূর্ণ দিশটো হৈছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত সু সম্পর্ক প্ৰতিষ্ঠাৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰা। যাৰ দ্বাৰা যুদ্ধৰ সন্ত্রাস নিয়ন্ত্রিত হোৱাৰ লগতে ৰাষ্ট্রৰ মাজত সহযোগিতাৰ বৃদ্ধি হয়।

iv) মিত্ৰজোঁট গঠনঃ- মিত্রজোট গঠনৰ জৰিয়তে ৰাষ্ট্রসমূহৰ মাজত মৰ্চা গঠন কৰি বৃহৎ শক্তিৰ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা প্রদান কৰিব পাৰি। মিত্ৰজোট গঠন ৰাষ্ট্রৰ সুৰক্ষা আৰু স্বাৰ্থৰ লগত জড়িত। এই স্বাৰ্থৰ পৰিবর্তন হলে মিত্ৰজোঁটৰো পৰিবর্তন হোৱা দেখা যায়। তথাপি পৰম্পৰাগত  নিৰাপত্তা শক্তিশালী কৰা ক্ষেত্রত মিত্ৰজোঁটৰ ভূমিকা গুৰুত্বপূর্ণ।

পৰম্পৰাগত নিৰাপত্তাৰ প্ৰধান দিশসমুহ তলত আলোচনা কৰা হল। বর্তমান আন্তৰাষ্ট্রীয় ৰাজনীতি কোনো বিশেষ শক্তিয়ে নিয়ন্ত্রণ কৰি থকা নাই যদিও ৰাষ্ট্রসংঘই ইয়াৰ নিজা কার্যসূচীয়ে আর্ন্তজাতিক সমস্যা সমাধানত বিশেষ ভূমিকা পালন কৰাৰ উপৰিও প্রতিখন ৰাষ্ট্রই নিজৰ  সুৰক্ষা ব্যৱস্থা নিজে শক্তিশালী কৰি বিশ্বত ইয়াৰ স্থিতি প্রতিষ্ঠা কৰে।

3. নিৰাপত্তাৰ ৰক্ষাৰ ক্ষেত্ৰত  সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ  ৰাজনীতি আলোচলা কৰা।

উত্তৰ: ৰাষ্ট্ৰসমূহৰ পৰম্পৰাগত নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতা স্থাপন কৰাটো এক গুৰুত্বপূর্ণ  কৌশল হিচাপে বিবেচনা কৰা হয়। সহযোগিতাই উত্তেজনা আৰু সংঘাট লাঘৱ কৰাৰ উপৰিও যুদ্ধ আৰু যুদ্ধৰ অস্ত্র নিয়ন্ত্রণত সহায় কৰে। সেয়েহে বিশ্বজুৰি সকলোৰে গ্ৰহণযোগ্য মতামত হল যুদ্ধত অৱতীর্ণ হোৱাৰ পূর্বে প্ৰকৃত যুক্তি যুক্ততা নিৰীক্ষণ কৰি সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু গ্ণহত্যাৰ পৰা নির্দিষ্ট দূৰত অৱস্থান কৰা। এই ক্ষেত্রত সহযোগিতা আৰু নিৰস্ত্ৰীকৰণৰ ব্যৱস্থাই যথেষ্ট সহায় কৰা পৰিলক্ষিত হয়। এনে কিছুমান ব্যৱস্থা হৈছে-

i) নিৰস্ত্রীকৰণঃ- নিৰস্ত্রীকৰণৰ প্রকৃত অর্থ হৈছে ৰাষ্ট্রসমূহে এটা নির্দিষ্ট সীমাৰ ভিতৰত অস্ত্ৰৰ নিয়ন্ত্রণ কৰা। উদাহৰণস্বৰূপে-1972 চনৰ জৈৱিক অস্ত্র। অভিবৰ্তন আৰু  1992 চনৰ ৰাসায়নিক অস্ত্ৰ অভিবর্তন ইত্যাদিয়ে অস্ত্র প্রস্তুত বা সংৰক্ষণ নিষিদ্ধ কৰিছিল।

ii) অস্ত্র নিয়ন্ত্রণঃ সহযোগিতা বৃদ্ধিৰ আন এটা কৌশল হৈছে অস্ত্র নিয়ন্ত্রণ ব্যৱস্থা। এই সম্পর্কে অস্ত্ৰ প্রতিৰোধ চুক্তি স্বাক্ষৰিত হৈছে যাৰ জৰিয়তে মানৱ সমাজত ধ্বংসকাৰী অস্ত্রসমুহ সীমিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাহৰণস্বৰূপে, 1968 চনৰ পাৰমাণৱিক নিঃ সম্পসাৰণ চুক্তি বা কৌশলগত অস্ত্র হ্ৰাসসকৰণ চুক্তি আদি প্রধান। যিয়ে অস্ত্রসমূহ সম্পূর্ণৰূপে বন্ধ কৰাৰ পৰিবর্তে সীমিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

iii) বিশ্বাসৰ প্রতিষ্ঠাঃ- পৰম্পৰাগত নিৰাপত্তাই বিশ্বাস প্রতিষ্ঠা প্দ্ধতিক হত্যা হিংসা এৰাই চলাৰ এক উপায় হিচাপে গণ্য কৰে। এই পদ্ধতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহে তেওঁলোকৰ প্রতিদ্বন্দী ৰাষ্ট্ৰৰ সৈতে আদর্শ আৰু অন্যান্য তথ্যৰ আদান প্রদান কৰে আৰু  ভুল বুজা-বুজিৰ বাবে যাতে যুদ্ধ সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

ওপৰত উল্লেখ কৰা বিভিন্ন কৌশলৰ জৰিয়তে ৰাষ্ট্রসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰি যুদ্ধৰ বিভিষীকাৰ পৰা দেশবাসীক সুৰক্ষিত কৰা  চেষ্টা কৰা হৈছে।

4. ভাৰতৰ নিৰাপত্তাৰ কৌশলসমূহ আলোচনা কৰা।

উত্তৰ: ভাৰতবর্ষই পৰম্পৰাগত আৰু অপৰম্পৰাগত  নিৰাপত্তাক সমানে গুৰুত্ব  প্রদান কৰিছে। স্বাধীনতাৰ পৰৱর্তীসময়ত ভাৰতবর্ষই নিজস্ব ভাবে নিৰাপত্তা নীতি প্রদর্শন কৰিছে। তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰত চৰকাৰে এই নিৰাপত্তা  নীতিসমূহ অনুসৰণ কৰি আহিছে। এই ক্ষেত্ৰত ভাৰতবর্ষই প্রধানকৈ তলত দিয়া 4 প্ৰকাৰৰ কৌশল অৱলম্বন কৰা দেখা যায়-

i) সামৰিকা দক্ষতা বৃদ্ধিঃ প্রথম পর্যায়ত ভাৰতবর্ষই নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে সামৰিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ লগত ক্ৰমে 1947,1965, 1971 আৰু 1999 চনত চাৰিবাৰকৈ সংঘৰ্ষত লিপ্ত হৈছিল। তাৰোপৰি আন এখন প্রতিবেশী ৰাষ্ট্ৰ চীনৰ সৈতে 1962 ভাৰতৰ যুদ্ধ হৈছিল। এই দুই দেশৰ লগত এতিয়াও কিছু উত্তেজনা অব্যাহত আছে। এই সমস্যাবোৰ নির্মূল কৰাৰ বাবে ভাৰতে পাৰমাণৱিক  পৰীক্ষা আদিও সম্পাদন কৰি সামৰিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ii) আন্তঃ ৰাষ্ট্রীয় অনুষ্ঠান শক্তিশালী কৰা: ভাৰতবর্ষৰ আন এটা গুৰুত্বপূর্ণ নিৰাপত্তা  কৌশল হৈছে আঁন্তঃ ৰাষ্ট্রীয় অনুষ্ঠানসমূহ, শক্তিশালী কৰা। প্রধানমন্ত্রী জৱাহৰলাল নেহেৰু গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাজেৰে নিৰস্ত্ৰীকৰণ আৰু বৈষম্য দূৰ কৰি শান্তি প্রতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও পাৰমাণৱিক নিঃ সম্প্রসাৰণ চুক্তি বৈষম্যমূলক হোৱাৰ বাবে ভাৰতে স্বাক্ষৰ কৰাৰ পৰা বিৰত আছিল আৰু গোলকীয় উত্তাপ নিয়ন্ত্ৰনৰ বাবে কিয়ট’ পটকলত স্বাক্ষৰ কৰিছিল।

iii) আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা: ভাৰতবর্ষৰ নিৰাপত্তা কৌশলৰ তৃতীয় উপাদানটো হৈছে অভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা ।সেয়ে ভাৰতবর্ষই সামৰিক আৰু ৰাজনৈতিক দুয়োটা দিশৰ ওপৰত সমগুৰুত্ব প্রদান কৰিছে। স্বাধীনতাৰ পিছৰে পৰাই উত্তৰ-পূৱৰ বিভিন্ন সশস্ত্ৰ বা নিগোষ্ঠীয় সংঘাত দমনৰ বাবে ভাৰতে গণতান্ত্রিক পদ্ধতি অনুসৰণ কৰি আহিছে। আলাপ-আলোচনাৰ মাজেৰে শান্তিপূর্ণ সমস্যা সমাধানৰ প্রতি ভাৰত সদায় আগ্রহী।

iv) অর্থনৈতিক মানৱ বিকাশঃ- ভাৰতবর্ষই স্বাধীনতাৰ পিছৰে পৰাই অর্থনৈতিক বিকাশৰ বাবে তথা দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত অন্যতম হল- গ্রাম্য, স্বাস্থ্য অভিযান, মধ্যাহ্ন ভোজন আঁচনি, মহাত্মা গান্ধীৰ ৰাষ্ট্রীয় নিয়োগ নিশ্চিতকৰণ আঁচনি ইত্যাদি উল্লেখযোগ্য। এই কার্যসূচীসমূহৰ জৰিয়তে ভাৰতবৰ্ষই নাগৰিকসকলক অর্থনৈতিক নিৰাপত্তাৰ প্রদান কৰি মানৱ বিকাশৰ কার্যসূচী হাতত লৈছে।

5. অপৰম্পৰাগত  নিৰাপত্তা বুলিলে কি বুজা? জননিৰাপত্তা বা বিশ্ব নিৰাপত্তা ধাৰনা সম্পর্কে চমুকৈ লিখা। (HS 2014)

উত্তৰ: ৰাষ্ট্ৰৰ নিৰাপত্তা, জাতীয় নিৰাপত্তাকে সামৰিক নিৰাপত্তা বিপৰীতে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অস্তিত্বৰ লগত জড়িত দিশবোৰক অপৰম্পৰাগত নিৰাপত্তা নামেৰে জনা যায়। এই নিৰাপত্তাই ৰাষ্ট্ৰৰ পৰিবৰ্তে সাধাৰণ লোকৰ বা বিভিন্ন সামাজিক গোটৰ নিৰাপত্তাক প্রাধান্য দিয়ে। বর্তমান সময়ত এই নিৰাপত্তাক জননিৰাপত্তা বা বিশ্ব নিৰাপত্তা নামেৰে জনা যায়।

জন নিৰাপত্তা বা মানৱ  নিৰাপত্তা ধাৰণাৰ বিকাশত আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ৰাষ্ট্রসংঘৰ উন্নয়ন আঁচনিয়ে (UNDP)। এই আঁচনিয়ে 1994 চনৰ জননিৰাপত্তাৰ বিষয়ে প্ৰতিবেদন প্রকাশ কৰিছিল। এই আচনিয়ে জন নিৰাপত্তা তিনিটা দিশৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল –

i) মানৱীয় মযর্দাৰ সুৰক্ষা

            ii) ভয় বা হ্ৰাসৰ পৰা মুক্তি

iii) অভাৱৰ পৰা মুক্তি

বিশ্ব নিৰাপত্তাৰ ধাৰণায়েও মানুহৰ নিৰাপত্তা ভংগ কৰে। বিশ্বব্যাপী থকা প্রত্যাহ্বানসমূহ মোকাবিলা কৰিবৰ বাবে বিশ্বব্যাপী প্রস্তুতি আৰু উদ্যোগৰ প্রয়োজন। সেয়ে এনে নিৰাপত্তাসমূহক বিশ্ব নিৰাপত্তা বুলি কোৱা হয়। পৃথিবীজুৰি শংকাৰ সৃষ্টি কৰা প্রত্যাহ্বান সমূহৰ ভিতৰত কেতবোৰ অন্যতম হল গোলকীয় উষ্ণতা মহামাৰী, সন্ত্ৰাসবাদ, বিশ্ব দৰিদ্রতা ইত্যাদি। এই সমস্যাসমূহে পৃথিৱী বাসী প্রতি ভাবুকি কঢ়িয়াই আনিছে সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে আন্তজার্তিক সহযোগিতা আৰু সমন্বয়ৰ প্ৰয়োজন।

6. স্বাস্থ্য মহামাৰীসমূহে কি ধৰণে বিশ্ব নিৰাপত্তাৰ প্ৰতি নতুন ভাবুকি আনিছে আলোচনা কৰা। (HS 2023)

উত্তৰ: স্বাস্থ্যই হৈছে পৰম সম্পদ। সেয়েহে স্বাস্থ্য মহামাৰীক বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা এক উৎস হিচাপে গণ্য কৰা হৈছে। এনে কিছুমান মহামাৰী আছে যিবোৰ অতি সহজে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বা এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ বা কেতিয়াবা দেশৰ পৰিসীমা পাৰ হৈ ততালিকে অন্য দেশত বিয়পি পৰা দেখা যায়। এনে ৰোগসমূহৰ কোনো ধৰণৰ সঠিক ঔষধ বা নিৰাময়ৰ ব্যৱস্থা পোৱা নাযায়, ফলত বহুলোকে ইয়াৰ কবলত মৃত্যুমুখত পৰিব লগা হয়। গতিকে এনে মহামাৰী সমূহক বিশ্ব নিৰাপত্তাৰ এক ভাবুকি বুলি গণ্য কৰা হয়।

7. গোলকীয় নিৰাপত্তাৰ ধাৰণাৰ ওপৰত চমুকৈ লিখা। (HS 2023)

উত্তৰ : সাম্প্ৰতিক সময়ত বিশ্ব নিৰাপত্তা বা গোলকীয় নিৰাপত্তা এটা গুৰুত্বপূৰ্ণ বিষয়। গোলকীয় নিৰাপত্তাই এই বিশ্বৰ  জল, স্থল, তথা বায়ুমণ্ডলত বসবাস কৰা জীৱ, প্রকৃতি আদিৰ সুৰক্ষাক বুজায়। সম্প্রতি যি ভয়াৱহ সময়ৰ মাজেৰে বিশ্বই গতি কৰি আছে, ইয়াৰ পৰা বিশ্বক সুৰক্ষা কৰা বিষয়টো অতি গুৰুত্বপূৰ্ণ ।বিশ্বায়ন, বিজ্ঞান প্রযুক্তি বিদ্যাৰ উন্নয়ন আদিৰ ফলত উৎপাদন বৃদ্ধিৰ বিপৰীতে ভয়াৱহ প্রদূষণই, ৰাষ্ট্ৰ সমূহৰ মাজত অস্ত্ৰ উৎপাদনৰ প্রতিযোগিতা, বিশ্ব দৰিদ্রতা, মহামাৰী আদি সমস্যাবোৰে সম্প্রতি গোলকীয় নিৰাপত্তা বিষয়টোত অধিক চিন্তনীয় কৰি তুলিছে। যাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয়, সংগঠনসমূহকে ধৰি ৰাষ্ট্ৰসমূহেও বর্তমানে এই বিষয়টোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

8. বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা। (HS 2022, 2018, 2015)

উত্তৰ: বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ জনসাধাৰণৰ যেতিয়া কর্মসংস্থাপনৰ সুবিধা নাথাকে বা আয় কৰাৰ উপার্জন নাথাকে তেতিয়া জনসাধাৰণৰ মাজত আহে দৰিদ্ৰতা। দৰিদ্ৰতাৰ ফলত মানুহে দুবেলা দুমুঠি খাবলৈ নাপায়, উপযুক্ত শিক্ষা আৰু চিকিৎসাৰ পৰা বঞ্চিত হব লগা হয়। ফলত এই বিশ্ব দৰিদ্ৰতাই মানুহক নিৰাপত্তাহীনতাত ভূগায়। গতিকে, বিশ্বদৰিদ্ৰতাৰ সৃষ্টিত বিশ্বৰ বিভিন্ন দেশৰ দ্রুতগতিত বৃদ্ধি পোৱা জনসংখ্যাই সহায় কৰিছে।

9. কিয়ট’ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল? (HS 2019)

উত্তৰ : কিয়ট’ চুক্তি 1997 চনৰ 11 ডিচেম্বৰত স্বাক্ষৰিত হৈছিল। এই চুক্তি পৰিৱেশৰ জলবায়ু পৰিৱৰ্তন সমস্যাৰ  সৈতে জড়িত।

10. প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজত সম্পর্ক আলোচনা কৰা। (HS 2016)

উত্তৰ:  প্ৰব্ৰজন আৰু মানৱ নিৰাপত্তাৰ মাজৰ সম্পৰ্ক  তলত  আলোচনা কৰা হল-

(i) বর্তমান বিশ্বত মানৱ প্ৰব্ৰজন নিৰাপত্তাৰ সৈতে জড়িত এক বিষয় হৈ পৰিছে। কিয়নো প্ৰব্ৰজনকাৰীসকলো সাধাৰণতে মানুহ, গতিকে তেওঁলোকৰো নিৰাপত্তাৰ প্রয়োজন।

(ii) দৰিদ্রতা, কর্মসংস্থাপন আদিৰ বাবে এখন ৰাষ্ট্ৰৰ লোকে আন এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। কিন্তু সেই ৰাষ্ট্রখনেও তেওঁলোকক সহায় কৰিবলৈ অসন্মত  হয়। ফলত তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হয়।

(iii) যুদ্ধ, অত্যাচাৰ, প্ৰাকৃতিক দুর্যোগ আদি মানৱীয় নিৰাপত্তাৰ প্ৰতি থকা ভাবুকিৰ বাবে সাধাৰণতে মানুহে আন এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে।

(iv) প্ৰব্ৰজনকাৰীসকলে অপৰম্পৰাগত নিৰাপত্তাসমূহৰ ভাবুকি বিভিন্ন সময়ত কৰিব লগা হয়।

11. মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। (HS 2017)

উত্তৰ: বর্তমান সময়ছোৱাত মানৱ নিৰাপত্তা এটা গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে। কিয়নো, মানুহৰ নিৰাপত্তা কিছুমান পৰম্পৰাগত ভাবুকিৰ উপৰিও অপৰম্পৰাগত দিশসমূহেও মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বিভিন্ন অপৰম্পৰাগত ভাবুকি যেনে পক্ষীজ্বৰ, শ্বৱাইন ফ্ল আদিয়ে মানুহৰ স্বাস্থ্য বৰ বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে। আনকি বহুতো মানুহ মৃত্যুৰ মুখতো পৰিছে। উদাহৰণ স্বৰূপে, 2003 চনত বিশ্বত প্রায় 4 কোটি লোক মহা মাৰীত আক্রান্ত হৈছিল। অর্থাৎ এই মানুহখিনিৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। সেয়েহে স্বাস্থ্যৰ নিৰাপত্তা সুনিশিয়ত হলেহে মানৱ নিৰাপত্তা ৰক্ষা কৰাটোও সম্ভৱ হ’ব।

12. ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণবিক প্রযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ দিশটো চোৱা চিতা কৰে? (HS 2018)

উত্তৰঃ আন্তর্জাতিক  আণৱিক  ইন্ধন এজেন্সিয়ে।

13. মানৱ নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম লিখা। (HS 2018)

উত্তৰঃ বিশ্ব দৰিদ্ৰতা।

14. বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। (HS 2014)

উত্তৰঃ সন্ত্রাসবাদ।

15. নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নতুন উৎসসমূহৰ বিষয়ে লিখা।

উত্তৰ- নিৰাপত্তাৰ পৰিসীমা কোনো এখন দেশৰ মাজত সীমাবদ্ধ হৈ ৰোৱা নাই। ই এক বিশ্বজোৰা ৰূপ গ্রহণ কৰিছে। বিশেষকৈ সন্ত্রাসবাদ, মহামাৰী প্ৰৱজন, বিশ্ব দৰিদ্রতা ইত্যাদি সমস্যা সমূহৰ ক্ষেত্ৰত পৃথিৱী ব্যাপী সমাধান প্রচেষ্টা হাতত লোৱাৰ প্রয়োজনীয়তা উপলব্ধি হয়। নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা এনে কিছুমান নতুন উৎসৰ বিষয়ে তলত আলোচনা কৰা হ’ল –

i) সন্ত্ৰাসবাদ:- নিৰাপত্তা প্রতি ভাবুকিৰ সৃষ্টি কৰা এটা অন্যতম প্রধান উৎস হৈছে আন্তর্জতিক সন্ত্রাসবাদ। চমু কথাত সন্ত্রাসবাদ হ’ল-নির্বিচাৰ ভাৱে সাধাৰণ মানুহৰ ওপৰত জাপি দিয়া এক ধৰণৰ ৰাজনৈতিক হিংসা যি অনবৰতে মানুহক ভিতিগ্রস্ত কৰি ৰাখে। পৃথিবীৰ কোনো অঞ্চললেই আচলতে সন্ত্রাসৰ পৰা মুক্ত নহয়। এই গোটসমূহে জন সমাৱেশৰ ঠাই যেনে- বজাৰ, চিনেমা হল ,  আদালত, বিমান/ৰেল/ বাছ আস্থান আদিক আক্রমণৰ লক্ষ্য হিচাপে বাচি লয়।

ii) বিশ্ব দৰিদ্রতাঃ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ নিৰাপত্তা আটাইতকৈ বেছি বিঘ্নিত কৰা কাৰণ টোৱেই হৈছে দৰিদ্রতা। দৰিদ্ৰতা হল এনে এক অৱস্থা যত মানুহৰ জীৱিকা বা উপার্জনৰ সুবিধা নাই। ফলত মানুহে জীৱনৰ মৌলিক প্রয়োজন সমূহ পূৰনত ব্যর্থ হয়। এনে পৰিস্থিতিয়ে সমাজত বৈষম্যৰ  সৃষ্টি কৰাও দেখা যায় আৰু প্রয়োজন অনুসৰি নূন্যতম সা-সুবিধাৰ পৰা বঞ্চিত হৈ মানুহৰ অকাল মৃত্যু হোৱা দেখা যায়।

iii) প্ৰৱজন:- নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা উৎসসমূহৰ ভিতৰত আন এটি নতুন উৎস হৈছে-প্ৰৱজন। দৰিদ্রতা ৰাজনৈতিক ভাৰা শাস্তি বা অনান্য আর্থ সামাজিক কাৰণত মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গতি কৰে। সাধাৰণতে দুখীয়া বা অনুন্নত ঠাইৰ পৰা মানুহ তুলনামূলকভাৱে উন্নত জীৱন-জীৱিকাৰ পর্যাপ্ত সুবিধা থকা ঠাইলৈ মানুহ যাবলৈ বাধ্য হয়। কেতিয়াবা যুদ্ধ বা কোনো সংঘাতৰ ফলতো হাৰাশাস্তিৰ সম্মুখীন হৈ মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বাধ্য হয়।

         আর্ন্তজাতিক নীতি অনুসৰি প্রৱজনকাৰী আৰু শৰণার্থীৰ মাজত যথেষ্ট পার্থক্য আছে। প্রৱজন কাৰী সকলে সাধাৰণতে স্ব-ইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজৰ দেশৰ ভিতৰতে এঠাইৰ পৰা আন এঠাইলৈ যায়। কিন্তু পৃথিবীৰ কোনো দেশে এনে প্ৰৱজনকাৰীসকলক আশ্রয় প্রদান কৰিবলৈ বাধ্য নহয়। আনহাতে শৰণার্থীসকল হল- যুদ্ধ, সন্ত্রাস, প্রাকৃতিক দুর্যোগ, মানসিক ভাৰাক্রান্তিৰ বলি হৈ অন্য দেশলৈ পলাই যোৱা লোক। যাক সাধাৰণতে অন্য দেশে আশ্রয় প্রদান কৰে। এনেদৰে জীৱন জীৱিকাৰ সন্ধানত কৰা প্ৰৱজন বর্তমান বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰা এক নতুন উৎস হিচাপে পৰিগণিত হৈছে।

            iv) মহামাৰী- স্বাস্থ্যই হৈছে পৰম সম্পদ। সেয়েহে স্বাস্থ্য মহামাৰীক বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা এক উৎস হিচাপে গণ্য কৰা হৈছে। এনে কিছুমান মহামাৰী আছে যিবোৰ অতি সহজে এজন ব্যক্তিব পৰা আন এজন ব্যক্তিলৈ বা এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ বা কেতিয়াবা দেশৰ পৰিসীমা পাৰ হৈ ততালিকে অন্য দেশত বিয়পি পৰা দেখা যায়। এনে ৰোগসমূহৰ কোনো ধৰণৰ সঠিক ঔষধ বা নিৰাময়ৰ ব্যৱস্থা পোৱা নাযায়, ফলত বহুলোকে ইয়াৰ কবলত মৃত্যুমুখত পৰিব লগা হয়। গতিকে এনে মহামাৰী সমূহক বিশ্ব নিৰাপত্তাৰ এক ভাবুকি বুলি গণ্য কৰা হয়।

            ওপৰত উল্লেখ কৰাবোৰেই হৈছে আর্থসামাজিক দিশত ব্যাপক নেতিবাচক প্রভাৱ পেলোৱা তথা বিশ্ব নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা কেতবোৰ গুৰুত্বপূর্ণ নতুন উৎস।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 7 in Assamese Medium সাম্প্ৰতিক বিশ্বত নিৰাপত্তা – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

HS 2nd Year Political Science Chapter 7 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment