Assam Board Exam

Class 12 Political Science Chapter 7 আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

Class 12 Political Science Chapter 7 in Assamese Medium আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

Class 12 Political Science Chapter 7 আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত || স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি || All Question Answer


দ্বাদশ শ্ৰেণী

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

দ্বিতীয় খণ্ড

আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

1.  আঞ্চলিক প্রত্যাশ বুলিলে কি বুজা? কাৰণসমূহ আলোচনা কৰা।

উত্তৰ:  ভাৰতবর্ষত বিভিন্ন ভাষা, ধর্ম-সংস্কৃতিৰ মানুহ আছে। এই বিভিন্নতাসমূহক লৈ একোটা অঞ্চল গঠিত হৈছে। প্রতিটো অঞ্চলতে ভিন ভিন ভাষা- সংস্কৃতি পৰম্পৰা আৰু ঐতিহ্যৰ লোক আছে আৰু তেওঁলোকৰ নিজস্ব আশা-আকাংক্ষা আৰু দাবী থাকে। সাধাৰণতে এই আশা আকাংক্ষা বা দাবীসমূহেই হৈছে আঞ্চলিক প্রত্যাশা। ভাৰতৰ সংবিধানে ভাৰতীয় জনগণৰ আঞ্চলিক প্রত্যাশা সমূহ পূৰণৰ চেষ্টা কৰিছে যদিও বাস্তৱক্ষেত্রত সকলোবোৰ সপোন পূৰণ হোৱা নাই। সেয়েহে আঞ্চলিক সংঘাত বা সংঘর্ষ ভাৰতীয় ৰাজনীতিৰ এক জলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে।

আঞ্চলিক সংঘর্ষৰ প্রধান কাৰণবোৰ তলত উল্লেখ কৰা হ’ল-

সংবিধান প্ৰদত্ত ক্ষমতাৰ অৰিয়া- অৰি: আঞ্চলিকতাবাদী শক্তি আৰু ভাৰতৰ জাতীয়তাবাদী শক্তিৰ মাজত সংবিধান প্রদত্ত ক্ষমতাক লৈ প্ৰায় অৰিয়া অৰি চলি দেখা যায়। উদাহৰণস্বৰূপে 370 নং অনুচ্ছেদে জম্মু কাশ্মীৰক বিশেষ মর্যদা প্রদান কৰাক লৈ যথেষ্ট বিতর্কৰ সূত্রপাত হৈছিল।

আঞ্চলিক আশা-আকাংক্ষা:- আঞ্চলিক আশা-আকাংক্ষা ভিত্তিত গঢ় লৈ উঠা জন আন্দোলন সমূহে প্রায় ৰাষ্ট্র ব্যৱস্থাৰ প্রতি ভাবুকি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ ঠিক পিছতেই ভাৰতৰ বিৰুদ্ধে নগা বিদ্রোহীসকলে সশস্ত্র সংগ্রাম গঢ়ি তুলিছিল । ঠিক সেইদৰে অসমত আলফাই স্বাধীনতাৰ দাবী তুলিছিল, বড়োসকলে পৃথক বড়োলেণ্ডৰ দাবী জনাইছিল। তাৰোপৰি দক্ষিণ ভাৰততো দৰিদ্ৰসকলে এসময়ত পৃথক ৰাজ্যৰ দাবী জনাইছিল।

ভাষাজনিত সমস্যা: ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় ভাষাৰ উপৰিও ২২ টা ভাষাক স্বীকৃতি প্রদান কৰিছে। কিন্তু হিন্দীক ৰাষ্ট্র হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰতো নানা বিতর্কৰ সূত্রপাত হৈছিল, বিশেষকৈ তামিল সকলে এই ক্ষেত্ৰত তীব্ৰ প্রতিবাদ সাব্যস্ত কৰিছিল । কেন্দ্রীয় চৰকাৰে সমস্যা দূৰ কৰিবলৈ ভাষাৰ ভিত্তিত  বহুবোৰ ৰাজ্য পুনৰ গঠন কৰিছিল। উদাহৰণৰস্বৰূপে, 1966 চনত পঞ্জাৱ আৰু হাৰিয়ানা আৰু শেহতীয়াকৈ তেলেংগনা ভাষাৰ ভিত্তিত গঠিত হোৱা ৰাজ্য।

ওপৰত উল্লেখ কৰা কাৰণসমূহৰ বাবে ভাৰতবৰ্ষত ৰাজ্যৰ মাজত সংঘাত পৰিলক্ষিত হয়। কেন্দ্রীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহন কৰিও আঞ্চলিকতাবাদী ৰাজনীতিয়ে সৃষ্টি কৰা সংঘাট সমাধান কৰিব পৰা নাই। বর্তমান সময়ত ভাৰত চৰকাৰে এনে অঞ্চলিক সংঘাতসমূহ এক স্বাভাৱিক ঘটনা হিচাপে গ্রহণ কৰিছে।

2. বিছিন্নতাবাদী বা পৃথকতা বাদী আন্দোলন বুলিলে কি বুজা?

উত্তৰ- ভাৰতাৰ ৰাজনৈতিক ব্যৱস্থাৰ গুৰুত্বপূর্ণ সমস্যা হৈছে বিছিন্নতাবাদী আন্দোলন । ভাৰতৰ বিভিন্ন ৰাজ্যত আঞ্চলিক তথা অনগ্ৰসৰতাৰ ফলস্বৰূপে বিভিন্ন বিছিন্নতাবাদী বা পৃথকতাবাদী কার্য কলাপ সংঘটিত হৈছে। এই পৃথকতা বাদী কোনো এক অঞ্চলত ভাৰতৰ সার্বভৌমত্ব ক্ষমতাৰ পৰা স্বতন্ত্র দাবী কৰে। ইয়াকে বিছিন্নতাবাদী বা পৃথকতাবাদী আন্দোলন বোলে।

বর্তমান সময়ত ভাৰতৰ উত্তৰ – পূর্বাঞ্চলৰ বিভিন্ন অংশ জম্মু কাশ্মীৰ ইত্যাদিত সময়ে সময়ে বিছিন্নতাবাদৰ দাবী উত্থাপন হোৱা দেখা যায়। 1980 দশকৰ মাজভাগত পঞ্জাৱতো সশস্ত্ৰ  বিদ্রোহ আৰম্ভ হয়। কিন্তু 1984 চনৰ জুন মাহত কেন্দ্রীয় চৰকাৰে এক সামৰিক অভিযান চলাই এই বিদ্রোহ দমন কৰে। যাক অপৰেচন ব্লুষ্টাৰ নামেৰে জনা যায়। জম্মু কাশ্মীৰ আৰু পঞ্জাৱৰ পাছত উত্তৰ পূৱ ভাৰতৰ নাগালেণ্ডৰ আংগামী জাপো ফিজোৰ নেতৃত্বত স্বাধীন নাগালেণ্ডৰ দাবীত বিচ্ছিন্নতাবাদীৰ আন্দোলন সংঘটিত হৈছিল। 1966 চনত লাল দেংগাৰ নেতৃত্বত স্বাধীন মিজোৰামৰ দাবীত বিচ্ছিন্নতাবাদী কার্যকলাপ আৰম্ভ হয়। তাৰোপৰি আমাৰ অসমতো 1979 চনত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ নেতৃত্বত অসমতো স্বাধীনতাৰ দাবী উত্থাপিত হয়।

এই দৰে ভাৰতবর্ষত অঞ্চলভেদে বিভিন্ন বিছিন্নতাবাদী কার্যকলাপে শক্তিশালী ৰূপত গা কৰি উঠে । কিন্তু ভাৰত চৰকাৰে শান্তি স্থাপনৰ পদক্ষেপে এই আন্দোলন সমূহ মহিমূৰ কৰি ঐক্য সংহতি প্রতিস্থাত গুৰুত্ব আৰোপ কৰিছে।

3. আঞ্চলিকতাবাদী প্রত্যাশাৰ ভিত্তিত গঢ়ি উঠা সংঘাতৰ বিভিন্ন ৰূপ সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ: আঞ্চলিকতা বাদী প্রত্যাশাৰ ভিত্তিক গঢ়ি উঠা সংঘাতৰ বিভিন্ন ৰূপসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি-

(i) সার্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰ দাবীঃ- উত্তৰ পূব ভাৰতৰ নগা- বিদ্রোহীসকলৰ পৰা আৰম্ভ কৰি আলফালৈকে বিভিন্ন সশস্ত্র গোটে ভাৰতৰ পৰা সম্পূর্ণ পৃথক হৈ স্বাধীন আৰু সার্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী উত্থাপন কৰি আহিছে।

(ii) পৃথক ৰাজ্যৰ দাবীঃ- ভাৰতবৰ্ষত আঞ্চলিকতাবাদী প্রত্যাশাৰ ভিত্তিত গঢ়ি উঠা আন্দোলনৰ  আটাইতকৈ শক্তিশালী দাবী হৈছে পৃথক ৰাজ্যৰ দাবী। প্রধানকৈ ভাষা-সংস্কৃতিৰ ভিত্তিত স্বাধীনতাৰ পিছতেই গঢ়ি উঠা এই দাবী এতিয়াও অব্যাহত আছে। অসমত বড়োসকলে পৃথক ৰাজ্যৰ দাবীত ৰাজনৈতিক সংগ্রাম অব্যাহত ৰাখিছে।

(iii) স্বায়ত্ব শাসিত পৰিষদৰ দাবীঃ ৰাজ্যৰ ভিতৰতে বিভিন্ন জন- জাতিয়ে নিজৰ জিলা বা অঞ্চল অথবা বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা নিজৰ জন জাতীয় লোকৰ বাবে স্বায়ত্ব শাসনৰ দাবী উত্থাপন কৰি আহিছে। অসমতা এই দাবী অত্যন্ত প্রবল। বড়ো, কাৰ্বি, ডিমাছা ইত্যাদি জনগোষ্ঠীয়ে ষষ্ঠ অনুসূচীৰ আধাৰত ইতিমধ্যে স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰিছে। সেইদৰে মিচিং, তিৱা, দেউৰী আদি জনগোষ্ঠীয়ে ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত নকৰাকৈ স্বায়ত্ব শাসনৰ সুবিধা প্রদান কৰা হৈছে।

(iv) সম্পদ নিয়ন্ত্রণৰ অধিকাৰৰ দাবী:- উত্তৰ পূৱ ভাৰতলৈ লক্ষ্য কৰিলে দেখা যায় এই অঞ্চলৰ বিভিন্ন প্রাকৃতিক সম্পদ, জল সম্পদ আৰু বনজ সম্পদৰ ওপৰত সেই অঞ্চলৰ জনসাধাৰণৰ পূর্ণ নিয়ন্ত্রণৰ দাবীত বিভিন্ন গণ আন্দোলন গঢ়ি উঠিছে। বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসমত গঢ়ি উঠা আন্দোলন ইয়াৰ এক জলন্ত উদাহৰণ । ওপৰত উল্লেখ কৰাবোৰেই হৈছে আঞ্চলিকতাবাদী প্রত্যাশাৰ ভিত্তিত গঢ়ি উঠা সংঘাতৰ বিভিন্ন  ৰূপ।

4.  ভাৰতৰ সংবিধানৰ 370 নং অনুচ্ছেদৰ বিলুপ্তি সম্পর্কে চমুকৈ লিখা।

উত্তৰ: ভাৰতৰ সংবিধানৰ 370 নং অনুচ্ছেদৰ জৰিয়তে জম্মু আৰু কাশ্মীৰক কেতবোৰ বিশেষ স্বায়তাত্ত্ব প্ৰদান কৰা হৈছিল। ৰাজ্যখনৰ বাবে নিজা সংবিধান আৰু পতাকা আছিল। আইন প্রণয়নৰ বেলিকাও তেওঁলোকে কিছুমান বিশেষ স্বায়তাত্ত্ব লাভ কৰিছিল। উদাহৰণস্বৰূপে  স্থায়ী বাসিন্দা আৰু সম্পত্তি আহৰণৰ ক্ষেত্রত ৰাজ্যখনে নিজাকৈ আইন প্রণয়ন কৰিব পাৰিছিল। ভাৰতীয় জনতা পার্টীয়ে 370 নং অনুচ্ছেদৰ বিৰোধিতা কৰি আহিছিল। 2019 চনত দেশৰ ৰাষ্ট্রপতিয়ে অধিশোচনাৰ জৰিয়তে অনুচ্ছেদ্য 370 বিলুপ্ত কৰে। আনহাতে চৰকাৰে জম্মু আৰু কাশ্মীৰ পুনৰ গঠন বিধেয়কৰ জৰিয়তে ৰাজ্যখনক দুখন কেন্দ্রীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰে। এই কেন্দ্রীয় শাসিত অঞ্চল দুখন হ’ল জম্মু আৰু কাশ্মীৰ তথা লাডাখ। চৰকাৰৰ এই সিদ্ধান্তক বিৰোধী ৰাজনৈতিক দলসমূহে তীব্র বিৰোধিত কৰে। কিন্তু ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ  370 নং অনুচ্ছেদৰ বিলুপ্তিক ভাৰতীয় জাতীয় সংহতিৰ ক্ষেত্ৰত এক ঐতিহাসিক বিজয় বুলি অভিহিত কৰিছে।

5. উত্তৰ পূৱ ভাৰতৰ সংঘাত বা বিচ্ছিন্নতাবাদী আন্দোলনৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰ: ভাৰতবর্ষৰ উত্তৰ-পূৱ অংশ আঞ্চলিক ৰাজনৈতিক প্রত্যাশাৰ এক ৰংগ মঞ্চ । 7 খন ৰাজ্যক লৈ গঠিত 7 ভনীক 4খন বৰ্হি ৰাষ্ট্র ক্ৰমে বাংলাদেশ, চীন, ম্যানমাৰ আৰু ভূটানে আৱৰি আছে। পৰবর্তী সময়ত চিকিমৰ অর্ন্তভুক্তিৰ পাছত উত্তৰ পূৱৰ মুঠ ৰাজ্য 8 খনলৈ  বৃদ্ধি পায় আৰু আন এখন বর্হি ৰাষ্ট্র নেপালে চিকিমৰ সীমা ভাগ বতৰা কৰে। শিলিগুৰিৰ মাজেৰে যোৱা 22 কি:মি দৈঘ্যৰ পথেৰে ভাৰতৰ মূল ভূ-খণ্ডৰ সৈতে উত্তৰ- পূৱক সংযোগ কৰিছে। ভাৰতৰ মুঠ জনসংখ্যাৰ 4%. আৰু মুঠ ভূ-খণ্ডৰ প্রায় ৪% উত্তৰ পূৱে আগুৰি আছে।

স্বাধীনতাৰ পাছৰে পৰা বিভিন্ন আঞ্চলিক, ৰাজনৈতিক  আশা-আকাংক্ষা বিভিন্ন দাবীৰ মাজেৰে উত্থাপন হৈছে।  ভাৰতবর্ষৰ মূল ভূ-খণ্ডৰ পৰা পৃথক হোৱাৰ দাবীত নাগালেও বিচ্ছিন্নতাবাদী আন্দোলন গঢ় লৈ উঠিছিল। ঠিক সেইদৰে মণিপুৰ আন্দোলন গঢ় লৈ উঠিছিল। তাৰ লগে লগে ত্রিপুৰা, মেঘালয় আদিতো এনেধৰণৰ আন্দোলনে গা কৰি  উঠিলে। 1966 চনত স্বাধীন মিজোৰাম গঠনৰ দাবীত পৃথকতাবাদী কার্যকলাপ আৰম্ভ হৈছিল। ঠিক সেইদৰে 1979 চনৰ পৰা আৰম্ভ হোৱা 6 বছৰীয়া অসম আন্দোলৰ সমান্তৰালভাৱে গঢ়ি উঠা আলফাই অসমৰ সার্বভৌমত্মৰ দাবী উত্থাপন কৰিছিল।

সশস্ত্র সংগ্ৰাম অন্ত পেলায় বিভিন্ন জনজাতীয় লোকৰ আশা পূৰণৰ বাবে উত্তৰ-পূৱ ভাৰতৰ  ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ ষষ্ঠ অনুসূচী ভাৰতৰ সংবিধানত অন্তভুক্ত হল যদিও ই সকলোৰে ৰাজনৈতিক প্রত্যাশা পূৰণ কৰিব নোৱাৰিলে। সেয়েহে এই সমস্যা সমাধানৰ অংশ হিচাপে 1960 দশকৰ পৰা উত্তৰ-পূর্বাঞ্চলক পুনৰ গঠন  কৰি অহা হৈছে। যাৰ পৰিণতিত 1963 চনত নাগালেণ্ড ৰাজ্য গঠন হয়, 1972  চনতে তিনিখন ৰাজ্য ক্রমে মেঘালয়, মণিপুৰ, আৰু ত্ৰিপুৰা গঠন কৰা হয় আৰু 1987 চনত অৰুণাচল প্রদেশ আৰু মিজোৰামক পূর্ণ ৰাজ্যৰ মর্যদা দিয়া হয়। গতিকে দেখা যায় উত্তৰ পূব ভাৰতৰ ৰাজনীতিৰ চৰিত্র দেশৰ অনান্য অঞ্চলতকৈ সুকীয়া বা পৃথক।

6. উত্তৰ-পূব ভাৰতৰ আঞ্চলিক আন্দোলনৰ বিষয়ে আলোচনা কৰা। (HS 2018)

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চলটো  বিভিন্ন জাতি-জনজাতি, ভাষা, সংস্কৃতি, সম্প্রদায় আদিৰ লোকেৰে ভৰপূৰ। গতিকে ইয়াত প্রত্যেক জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বকীয়তা ৰক্ষাৰ বাবে স্বতন্ত্রতাৰ দাবী জনাই আহিছে আৰু ইয়াৰ উদ্দেশ্য সাধনৰ বাবে আন্দোলনো কৰি আহিছে। উদাহৰণ স্বৰূপে বড়ো, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, নাগা, মিজো আদিৰ কথা উল্লেখ কৰিব পাৰি। আনকি বড়োসকলে অধিক স্বতন্ত্ৰতাৰ দাবীত সশস্ত্র আন্দোলন আৰম্ভ কৰিছে। আকৌ NSCN (K) গোটটোৱে বৃহত্তৰ নাগালিমৰ দাবীত সশস্ত্র সংগ্রাম চলাই আছে। অৱশ্যে এই গোটটোৱে বর্তমান শান্তিপূর্ণভাবে দাবী জনাই আহিছে। এনেদৰে উত্তৰ পূৱত আঞ্চলিক আন্দোলনবোৰ চলি আহিছে।

7. কোনো ৰাজ্যত গঠন হোৱা প্ৰথম আঞ্চলিক দলটোৰ নাম লিখা। (HS 2016)

উত্তৰ: DMK (Dravida Munnetra Kazhagam)

8. ভাৰতীয় সংবিধানৰ ….নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছে। (HS 2016)

উত্তৰ: 370 নং অনুচ্ছেদে।

9. NEFA ৰ সম্পূৰ্ণ ৰূপটো কি? (HS 2016)

উত্তৰ : North Eastern Frontier Agency.

10. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্রতা প্রদান কৰা হয়। (HS 2013)

উত্তৰ: 370 আৰু 371 নং অনুচ্ছেদে।

11. ভাৰতৰ আঞ্চলিক দলৰ ক্ৰমবৰ্দ্ধমান গুৰুত্ব বৃদ্ধিৰ দুটা কাৰক লিখা। (HS 2014, 2015, 2017)

উত্তৰ: (i) কেন্দ্ৰীয় চৰকাৰৰ বিফলতাৰ বিপৰীতে আঞ্চলিক দলসমূহৰ সফলতা।

(ii) কেন্দ্ৰীয় চৰকাৰৰ অবহেলা আৰু বৈষম্যতা।

12. ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। (HS 2013, 2016)

উত্তৰ: (i) নিজৰ অঞ্চলৰ জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ বাবে।

(ii) নিজৰ অঞ্চলটোক বিকশিত আৰু অধিক সুযোগ সুবিধা প্রদানৰ বাবে।

13. উত্তৰ-পূব ভাৰতত আঞ্চলিক আন্দোলন আৰম্ভ হোৱাৰ দুটা কাৰণ লিখা। (HS 2017)

উত্তৰ: (i) আঞ্চলিক সমস্যা সমাধানত কেন্দ্রীয় চৰকাৰৰ অৱহেলা।

(ii) অঞ্চল ভিত্তিক জাতীয় সমস্যাৰ উপযুক্ত সমাধানৰ বাবে।


Class 12 Political Science All Question Answer – Click Here
Class 12 Political Science Chapter 7 in Assamese Medium আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত – সমাধান in Assamese Medium|| All Question Answer|| স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি

HS 2nd Year Political Science Chapter 7 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment