Assam Board Exam

Class 12 Political Science Chapter 8 বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ

Class 12 Political Science Chapter 8 (Part 1) বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

Class 12 Political Science Chapter 8 (Part 1) বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ || সমসাময়িক বিশ্ব ৰাজনীতি Question Answer


দ্বাদশ শ্ৰেণী

প্ৰথম খণ্ড

বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ

1. সামুহিক কিন্তু পৃথক দায়বদ্ধতা বুলিলে কি বুজা ? ইয়াক কেনেদৰে কার্যকৰী কৰিব পাৰি? (HS 2017)

উত্তৰ – বিশ্বত  কিছুমান উমৈহতীয়া সামুহিক সম্পদ আছে ।এই সম্পদসমূহৰ ক্ষেত্ৰত  কোনো ৰাষ্ট্ৰই একছেতীয়া সার্বভৌমত্ব নাথাকে। যিবোৰ সকলোৰে সহায় সহযোগীতাৰে পৰিচালনা কৰা হয়। (যেনে পৃথিবীৰ বায়ু মণ্ডল, এন্টার্কটিকা মহাদেশ, সাগৰ পৃষ্ঠ, মহাকাশ ইত্যাদি) কিন্তু এই সম্পদসমূহৰ পৰিচালনা খুব সহজ কাম নহয়। এই ক্ষেত্রত উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।

উত্তৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে পৰিৱেশৰ সমস্যাসমূহৰ বর্তমান সময়ৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ লগত এই ক্ষেত্রত সকলোৱে সমানে দায়বদ্ধ বুলি দাৱী কৰে। আনহাতে দক্ষিণৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্রসমূহৰ মতে বর্তমান পৰিৱেশৰ সমস্যা বা প্ৰত্যাহ্বান সমূহৰ বাবে উন্নত দেশসমূহৰ উদ্যোগীকৰণ তথা উন্নয়নশীল কার্যসমূহেই প্রধান জগৰীয়া। সেয়েহে সম্পদ ৰাজিৰ উমৈহতীয়া হলেও উন্নত দেশসমূহৰ এই ক্ষেত্ৰত পৃথক দায়বদ্ধতাৰ প্রয়োজন আৰু বিশ্ব পৰিৱেশ আইন কার্যকৰীকৰন ক্ষেত্ৰত উন্নয়নশীল দেশসমূহে বিশেষভাৱে ৰেহাই পোৱা প্রয়োজন। কিয়নো তেওঁলোকে এতিয়াও উদ্যোগিকৰণৰ ক্ষেত্ৰত চালুকীয়া অৱস্থা তেই আছে। এইদৰে পৰিৱেশৰ অবক্ষয় ৰোধৰ ক্ষেত্রত ৰাষ্ট্রসমূহৰ মাজত সৃষ্টি হোৱা মত পার্থক্যকে সামূহিক কিন্তু পৃথক দায়বদ্ধতা বুলি কোৱা হয়।

তলত উল্লেখ কৰা ব্যবস্থাসমূহৰ জৰিয়তে সামূহিক কিন্তু পৃথক দায়বদ্ধতা বাস্তৱত কার্যকৰী কৰিব পাৰে –

  1. বসুন্ধৰা সন্মিলন  বা ভূমি সন্মিলন – 1992 চনৰ জুন মাহত ব্ৰাজিলৰ ৰিঅ ‘ ডি জেনেৰি অ’ত ৰাষ্ট্রসংঘই অনুষ্ঠিত কৰা পৰীক্ষা আৰু উন্নয়ন সম্পর্কীয় সন্মিলনত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, ৰক্ষণাবেক্ষণ  আৰু সুস্থিৰকৰণত প্রত্যেকখন ৰাষ্ট্রই সম্পূর্ণ সহায়- সহযোগিতা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বসুন্ধৰা সন্মিলনত  অজন  স্তৰৰ ক্ষয়কৰণ আৰু গোলকীয় উচ্চতা বৃদ্ধি আদিৰ ওপৰত উত্তৰ অঞ্চলত দেশসমূহে গুৰুত্ব দিয়াৰ উপৰিও দক্ষিন অঞ্চলৰ দেশসমূহে অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশৰ ভাৰসাম্যতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  2. কিয়’ট’ প্ৰটফল:- 1997 চনত জাপানত কিয়ট চহৰত অনুষ্ঠিত হোৱা জলবায়ু পৰিবর্তন সন্মিলনখনক 150 এখন ৰাষ্ট্রই অংশগ্ৰহণ কৰিছিল। এই চুক্তিতে বিশ্বজনিন উচ্চতা সম্পকীয় বিষয়ে অগ্ৰাধিকাৰ পাইছিল। 2005 চনৰ ফেব্রুৱাৰীত পৰা কার্যকৰী হোৱা এই চুক্তিখনে সেউজগৃহ গেছ নিগৰ্মন  সীমিত কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল আৰু এই ক্ষেত্রত সকলো ৰাষ্ট্ৰৰ  দৃষ্টি আর্কষণ কৰিছিল।

২. ভাৰতৰ কোন লোকসকলক খিলঞ্জীয়া বুলি কোৱা হয় ? তেওঁলোকে কিয় উন্নয়নৰ অধিক লাভাংশ লাভ কৰিব নোৱাৰে? (HS 2018, 2020)

উঃ- ভাৰতবর্ষৰ খিলঞ্জীয়া জনসাধাৰণ বুলি কলে সাধাৰণতে অনুসূচীত জাতি – জনজাতি আৰু ইয়াৰ লগতে ভাৰত ভূমিত হাজাৰ হাজাৰ বছৰ ধৰি ৰাজত্ব কৰা তথা বুকুৰ তেজেৰে মাতৃভূমিক ৰাঙলী কৰি সকলো শত্ৰুৰ বিৰুদ্ধে যোঁজ দি মাতৃভূমিক সুৰক্ষিত কৰি ৰখা সকলো জাতি জনগোষ্ঠীকে খিলঞ্জীয়া বোলে। সাধাৰণতে কছাৰী, বড়ো, ৰাভা, তিৱা ,চুতীয়া, দেউৰী, মিছিং, মৰাণ, মটক, কাৰ্বি ডিমাছা, কোচ ৰাজবংশী, সোণোৱাল, বর্মণ, শৰনীয়া, নাথ, কেওট, সুত, কায়স্থ, ব্রাহ্মণ, অসমীয়া গিৰি, কলিতা, গৰিয়া, মৰীয়া, শিখ এই সকলোৱে খিলঞ্জীয়া অন্তর্গত।

অনান্য খিলঞ্জীয়া জাতিসকলৰ দৰে ভাৰতৰ খিলঞ্জীয়া জনসাধাৰণে তেওঁলোকৰ সার্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ দাবী জনায় আহিছে। ভাৰতৰ সংবিধানে এই ক্ষেত্রত বিভিন্ন ব্যবস্থা গ্রহণ কৰিছে যাতে অনান্য শ্রেণীৰ লগত পিছপৰা লোকসকল সমানে আগুৱাই যাব পাৰে।

ভাৰতবর্ষৰ 1970 দশকৰ পিছত খিলঞ্জীয়া জনসাধাৰণ তেওঁলোকৰ অধিকাৰৰ প্রতি অধিক সচেতন হয় আৰু ৰাষ্ট্রসংঘ পৰিচালিত খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰৰ ঘোষণাপত্র গ্রহণ কৰে। এনেদৰে তেওঁলোকে উন্নয়ন সবাংগীন দিশত সাধন কৰাৰ প্রচেষ্টা লৈছে।

ভাৰতৰ  মুঠ জনসংখ্যাৰ প্রায় 8% (22 ৰ পৰা 20 কোটি) লোক এই খিলঞ্জীয়া জনগণৰ অন্তর্গত। ইংৰাজ শাসনৰ সময়ৰ পৰাই তেওঁলোক ভূমি অধিকাৰৰ লগতে অনান্য অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আহিছে। কিন্তু স্বাধীন ভাৰতবর্ষই তেওঁলোকৰ বাবে বিভিন্ন বিকাশমূলক আঁচনি গ্ৰহণ কৰাত তেওঁলোক উন্নয়নৰ দিশত আগুৱায় গৈছে। তথাপি আমাৰ ৰাজ্য অসমত বহু খিলঞ্জীয়াই আত্ম নিয়ন্ত্ৰণ আৰু ভূ শাসনৰ বাবে বহুদিনৰ পৰা সংগ্রাম চলায় আহিছে।

3. বিশ্বজনীন পৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলোচনা কৰা। (HS 2016)

উত্তৰঃ বিশ্বজনীন পৰিৱেশিক বিতৰ্কৰ ক্ষেত্ৰত আন আন ৰাষ্ট্ৰসমূহৰ দৰে ভাৰতবৰ্ষইও জড়িত হৈ পৰিছে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ভাৰতেও কিছুমান গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। তলত এই বিষয়ে উল্লেখ কৰা হ’ল

(i) ভাৰতবৰ্ষই পৰিবেশৰ সমস্যাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সংবিধানৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত পৰিৱেশ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিছে।

(ii) ভাৰত চৰকাৰে বিভিন্ন সময়ত পৰিবেশৰ ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন আইন প্রণয়ন কৰিছে। যেনেঃ বায়ু প্রদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন 1981 পৰিৱেশ ৰক্ষণাবেক্ষন আইন 1986 আদি

 (iii) উচ্চতম ন্যায়ালয়েও বিভিন্ন সময়ত পৰিৱেশ সম্পর্কে বিভিন্ন গুরুত্বপূর্ণ ৰায় প্ৰদান কৰি আহিছে, যিটোই ভাৰতবৰ্ষত পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী স্থিতি গঢ়ি তুলিছে।

4. পাৰিপার্শ্বিকতাৰ অৱনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা।

 উত্তৰ – I)পানীৰ নাটনিয়ে পাৰিপার্শ্বিকতাৰ অৱনতি ঘটায়।

ii) অৰণ্য ভূমিৰ ক্রমান্বয়ে বিলুপ্তি সাধন হোৱা বাবেও পাৰিপার্শ্বিকতাৰ অৱনতি হৈ আছে।

5. এজেন্দা 21 কি?

উত্তৰ:  1992 চনত অনুষ্ঠিত ৰিঅ শীর্ষ সন্মিলনৰ অধিবেশনত জলবায়ুৰ পৰিবর্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকা খনকে ‘এজেন্দা 21’ বুলি জনা যায়। কিন্তু সমালোচক সকলে আঙুলিয়াইছে যে, এই এজেন্দা খন আর্থিক বৃদ্ধিৰ ক্ষেত্রত একপক্ষীয় পৰিবেশ ভাৰসাম্যতাৰ বিৰোধী।

6. খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল?

উত্তৰ:1975 চনত।

7. বিশ্বৰ সামূহিক সম্পদ দুটাৰ নাম লিখা।

উত্তৰ: নদী আৰু পৃথিৱীৰ জলবায়ু।

8/ বহনক্ষম উন্নয়ণ‌ বুলিলে কি বুজা?

উত্তৰ: বহনক্ষম উন্নয়ন হৈছে উন্নয়নৰ এক ধাৰণা যিয়ে পৰিৱেশ বিনষ্ট নকৰাকৈয়ে কৰা উন্নয়নক সূচায়। উন্নয়নৰ এই ধাৰণাই ভবিষ্যত প্ৰজন্মৰ প্রয়োজনীয়তা সমূহৰ প্রতি লক্ষ্য ৰাখি বা তেওঁলোকৰ প্রয়োজনীয়তা সমূহৰ প্রতি লক্ষ্য ৰাখি বা তেওঁলোকৰ প্রয়োজনীয় সম্পদসমূহ আহৰণত কোনো ব্যাঘাত  নজন্মাৱাকৈ বর্তমান  প্ৰজন্মৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰে। বর্তমান সময়ত বহনক্ষম উন্নয়নে অর্থনৈতিক উন্নয়ন, সামাজিক উন্নয়ন আৰু ভবিষ্যত প্রজন্মৰ বাবে পৰিৱেশৰ ৰক্ষণাবেক্ষণক বুজায়। বহনক্ষম উন্নয়নৰ ধাৰণাটো প্রথম প্রতিষ্ঠিত হৈছিল 1992 চনত ব্রাজিলৰ ৰিঅ’ডি জেনেৰি অত অনুষ্ঠিত হোৱা বসুন্ধৰা সন্মিলনত বা ভূ-সন্মিলনত বা ৰি অ সন্মিলনত। এই সন্মিলনত অর্থনৈতিক উন্নয়নৰ লগত পাৰিপার্শ্বিক দায়বদ্ধতাক সাঙুৰি লোৱাৰ ক্ষেত্রত ঐক্য মত পোষন কৰে। আন্তর্জাতিক ক্ষেত্ৰত 2015  চনত ৰাষ্ট্ৰসংঘ সাধাৰণ সভাই বহনক্ষম উন্নয়নৰ লক্ষ্য (2015-2030) ঘোষণা কৰে। ইয়াত উল্লেখিত 17 টা লক্ষ্যই বিশ্বক প্রত্যাহ্বান জনোৱা দৰিদ্ৰতা, অসমতা, জলবায়ু পৰিবর্তন, পৰিবেশৰ অবনতি ,শান্তি আৰু ন্যায় ইত্যাদি বিষয়সমূহ সাঙুৰি লৈছে। গতিকে অতি সাধাৰণ ভাষাত বহনক্ষম উন্নয়নে বর্তমান আৰু ভবিষ্যত প্রজন্মৰ মাজত সমতা স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিয়ে সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


Class 12 Political Science All Question Answer – Click Here

Class 12 Political Science Chapter 8 (Part 1) বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ – সমাধান in Assamese Medium|| All Question Answer|| সমসাময়িক বিশ্ব ৰাজনীতি

HS 2nd Year Political Science Chapter 8 in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment