Class 3 Assamese Chapter 1 আমাৰ গাওঁ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
আমাৰ গাওঁ
Class 3 Assamese Chapter 1 আমাৰ গাওঁ – Complete Question Answer in Assamese Medium
আমাৰ গাওঁ
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
১। (ক) পদূলিমুখত কি ফুল ফুলে?
উত্তৰ পদূলিমুখত গধূলিগোপাল ফুল ফুলে।
(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?
উত্তৰ : গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।
(গ) পথাৰখন দেখিবলৈ কেনেকুৱা?
উত্তৰ পথাৰখন দেখিবলৈ সোণালী ৰঙৰ।
(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?
উত্তৰ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।
ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?
উত্তৰ –শুৱনি নামঘৰ, শুৱনি তামোল-পানৰ বাৰী, শুৱনি পানী ভৰা নৈৰ ঘাট, শুৱনি আমৰ ঘৰ আৰু ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু, বকুল তলৰ বাট আৰু সহজ-সৰল জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি আদি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?
(চ) পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?
উত্তৰ: পদ্যটিত একেটি থুপিৰে ফুল বুলি ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা , ছখিনা আদি সকলো ভাই-ভনীকে কোৱা হৈছে।
২। ‘আমাৰ গাঁও’ পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰ আমাৰ গাওঁখন বৰ ধুনীয়া,আৰু মনোমহা। বিভিন্ন গছ-গছনি, ফল – ফুল , তামোল – পানেৰে নদন বদন হৈ থকা গাওঁখনতে আছে আমাৰ ধুনীয়া ঘৰখন। ঘৰৰ পদূলিমুখত ফুলি থকা গধূলিগোপাল , তামোল পানেৰে ভৰি থকা বাৰীখন মৌৱে বাহ লোৱা ঔ গছ , ৰাজ হাঁহ চৰি থকা পুখুৰী, গছে বনে বগাই ফুৰা চৰাই – চিৰিকটি আদিৰে গোটেই গাঁও খন মনোমহা কৰি তুলিছে। গাঁওৰ পথাৰ বোৰো সোণোৱালী হৈ আছে। ফুলনিত ফুলি থকা ফুলবোৰো ৰচকী পখিলাই উৰি উৰি গাঁও খনৰ শোভা বৰ্ধন কৰিছে। শোৱনি এই গাঁও খনৰ পৰিৱেশ দেখি বাটৰুৱা সকল ভোল যায়।
৩। পদ্যটি পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা। সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা—
উত্তৰঃ
শব্দ অৰ্থ
পদুলি মুখ – ঘৰৰ সন্মুখভাগ
মনোহৰ – মনোৰম
ভৰা – পূৰ্ণ, ভৰ্তি হৈ থকা।
শুৱনি – মনোমোহা, দেখিবলৈ ধুনীয়া।
চৰে – বিচৰণ কৰে।
সোণালী – সোন বৰণীয়া।
ৰচকী – উৎসাহী, চঞ্চলা।
সুৱদি – শুনিবলৈ ভাল।
হাট – বজাৰ।
গঞালোক – গাওঁলিয়া মানুহ।
৪। লিখা—
(ক) পদ্যটোত থকা মানুহৰ নাম লিখা?
উত্তৰঃ পদ্যটোত থকা মানুহৰ নাম হৈছে – ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনা।
গ) পদ্যটোত বিচাৰি উলিয়াই লিখা।
‘ৰ’ আখৰটো প্রথমতে থকা শব্দ | ‘ৰ’ আখৰটো মাজত থকা শব্দ | ৰ’ আখৰটো শেষত থকা শব্দ |
ৰাজহাঁহ, ৰচকী আৰু ৰহিম | বাৰীখনি আৰু চৰাই | আমাৰ, ঘৰ, মনোহৰ, পথাৰ,গাঁৱৰ, গছৰ, নদীৰ, নামঘৰ আৰু মুখৰ। |
৫। তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজোঁ আহা—
মনোহৰ, ৰচকী, মিলিজুলি।
মনোহৰঃ i) গোলাপ ফুল বৰ মনোহৰ ।
(ii) আমাৰ গাঁৱৰ চৰাইবোৰ বৰ মনোহৰ।
ৰচকীঃ (i) গায়ত্ৰী এগৰাকী ৰচকী ছোৱালী।
(ii) আমাৰ গাৱঁৰ নাচনীজনী অতি ৰচকী।
মিলিজুলিঃ (i) আমি সকলোৱে মিলিজুলি থাকিব লাগে।
(ii) গাঁৱৰ মানুহে একে লগে মিলিজুলি থাকে।
৬। তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা—
(ক) ভৰা বাৰীখনি ___________ বাৰীখনি।
উত্তৰঃ খালি।
(খ) পকা ধান_______________ ধান।
উত্তৰঃ কেঁচা।
(গ) তলেদি বাট________________ বাট।
উত্তৰঃ ওপৰেদি।
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 1 আমাৰ গাওঁ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam