Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ
Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ Complete Question Answer in Assamese Medium
আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
উত্তৰ দিয়া—
(ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে?
উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে।
(খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক?
উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক।
(গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি?
উত্তৰঃ আব্দুলৰ দেউতাকে আদৰ্শ খেতিয়কৰ চৰকাৰী বঁটা পাইছিল।
ঘ) উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ কি?
উত্তৰঃ আব্দুলহঁতৰ ঘৰত লৈ অনা নতুন ট্ৰেক্টৰখন চাবলৈ উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ আহিছিল।
(ঙ) “আমিও তাত গৈ উঠিব পাৰিমনে?” — এইবুলি সংগীতাই ক’ত উঠাৰ কথা সুধিছিল?
উত্তৰঃ “আমিও তাত গৈ উঠিব পাৰিমনে?” — এইবুলি সংগীতাই ট্ৰেক্টৰখনত উঠাৰ কথা সুধিছিল।
(চ) উজ্জ্বলহঁতে কি শুনি উচাপ্ খালে?
উত্তৰঃ উজ্জ্বলহঁতে ধপধপ শব্দ শুনি উচাপ্ খালে।
(ছ) “সেইবোৰ পচন সাৰ। দলিয়াই নষ্ট নকৰিবা।”—ফৰিদাই কাক তেনেকৈ কৈছিল?
উত্তৰঃ “সেইবোৰ পচন সাৰ। দলিয়াই নষ্ট নকৰিবা।”—ফৰিদাই উজ্জ্বলক তেনেকৈ কৈছিল।
২। পচন সাৰ কেনেকৈ প্রস্তুত কৰে?
উত্তৰঃ পেলনীয়া জাৱৰ জোথৰ গাঁত খান্দি পুতি থৈ পচন সাৰ প্ৰস্তুত কৰা হয়।
৩। ট্রেক্টৰেৰে কি কি কাম কৰে?
উত্তৰঃ ট্ৰেক্টৰেৰে খেতি পথাৰত মাটি চহোৱা হয়। ট্ৰেক্টৰত ট্ৰেলাৰ লগাই মাটি কঢ়িওৱা হয়।
৪) কাষত থকা শব্দবোৰ যুক্তাক্ষৰৰ লগত মিলাই লিখা
জ্জ্ব 一 উজ্জ্বল উজ্জ্বল ট্ৰেক্টৰ জঙ্ঘল শঙ্খ অঙ্গ
ক্ট 一 ট্ৰেক্টৰ
ঙ্ঘ 一 জঙ্ঘল
ঙ্খ 一 শঙ্খ
ঙ্গ 一 অঙ্গ
৫) বাক্য় ৰচনা কৰা
খেতি-পথাৰ 一 ট্ৰেক্টৰে কেনেকৈ মাতি চহায় তাকে চাবলৈ উজ্জ্বলহঁত খেতি-পথাৰলৈ গৈছিল।
বঁটা 一 আজি আমাৰ বিদ্য়লয়ত মেধাৱী ছাত্ৰ বঁটা বিতৰন সভা অনুষ্ঠিত হ’ব।
পেলনীয়া 一 পেলনীয়া জাৱৰ জোথৰ গাঁত খান্দি পুতি থৈ পচন সাৰ প্ৰস্তুত কৰা হয়।
৬) তলৰ বহুত বুজোৱা শব্দ প্ৰয়োগ কৰি বাক্য়কেইটা পূৰুৱা
বোৰে থোপা জাক কোচা
ক) ল’ৰা বোৰে খেলিছে।
খ) ফুল থোপা ফুলদানিত সজাইছে।
গ) বগলী জাক আকাশত উৰিছে।
ঘ) ৰমলাৰ চুলি কোচা দীঘল
৭) কোৱা আৰু লিখাঁ
ক) মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি?
উত্তৰঃ মহাত্মা গান্দীৰ জন্ম তাৰিকটো ২ অক্টোবৰ।
খ) মাটি কিহেৰে সহজে চহাব পাৰি?
উত্তৰঃ মাটি ট্ৰেক্টৰে সহজে চহাব পাৰি।
গ) সোণ কেনেকুৱা ধাতু
উত্তৰঃ সোণ মূল্য়ৱান ধাতু।
৮। কেনেকুৱা শব্দ হয়?
উদাহৰণঃ পানীতোলা কল চলিলে— ধপধপ।
(ক) নলীৰে জোৰেৰে পানী ওলালে—
উত্তৰঃ নলীৰে জোৰেৰে পানী ওলালে হৰ হৰ।
(খ) জোতা পিন্ধি খোজ কাঢ়িলে—
উত্তৰঃ জোতা পিন্ধি খোজ কাঢ়িলে কেৰেপ কেৰেপ।
(গ) নিজৰাৰ পানী বাগৰিলে—
উত্তৰঃ নিজৰাৰ পানী বাগৰিলে ঝিৰ ঝিৰ।
(ঘ) ঘৰৰ চালৰ পৰা পানী পৰিলে—
উত্তৰঃ ঘৰৰ চালৰ পৰা পানী পৰিলে টোপ টোপ।
৯। অভিজ্ঞতা বর্ণনা কৰা—
(ক) উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰখন চাবলৈ গৈ লাভ কৰা অভিজ্ঞতা।
উত্তৰঃ উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰখন চাবলৈ গৈ ভালেখিনি নতুন অভিজ্ঞতা লাভ কৰিলে। তেওঁলোকে খেতি পথাৰত ট্রেক্টাৰৰে কিদৰে মাটি চহোৱা হয় সেয়া নিজ চকুৰে দেখিলে। পানী তোলা কলব সহায়ত কিদৰে খেতি পথাৰত পানী যোগান ধৰা হয় সেয়াও দেখিলে। লগতে পচন সাৰৰ বিষয়েত জানিলে।
(খ) নিজৰ ঘৰত বা ওচৰত আনে কিনা নতুন যান-বাহন চোৱাৰ অভিজ্ঞতা।
উত্তৰঃ আমাৰ ঘৰৰ এখন গাড়ী অনাত আমাৰ বহু অভিজ্ঞতা হ’ল। আগৰ দিনত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবৰ ক্ষেত্ৰত গৰুগাড়ী বা ম’হৰ গাড়ী ব্যৱহাৰ কৰা হৈছিল। কিন্তু আজি কালি প্ৰেট’ল ডিজেল চালিত বাহনত অতি কম সময়ৰ ভিতৰতে ইঠাইৰ পৰা সিঠাইলৈ যাব পৰা হ’ল।
১০। পাঠটোত — , । ! ? “ ” চিহ্নবোৰৰ ব্যৱহাৰ লক্ষ্য কৰিছা। দলত আলোচনা কৰি তলৰ বাক্যবোৰত । ; !? “ ” চিহ্নবোৰ দি পুনৰ লিখা।
(ক) বা: কি ধুনীয়া ট্ৰেক্টৰ উজ্জ্বলে ক’লে।
উত্তৰঃ “বা: ! কি ধুনীয়া ট্ৰেক্টৰ”— উজ্জলে ক’লে।
(খ) আমিও তাত গৈ উঠিব পাৰিমনে সংগীতাই সুধিলে।
উত্তৰঃ “আমিও তাত গৈ উঠিব পাৰিমনে?”—সংগীতাই সুধিলে।
(গ) এনেতে এটা ধপ্ ধপ্ শব্দ হ’ল শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক’লে কি অ’ এইটো ?
উত্তৰঃ এনেতে এটা ধপ্ ধপ্ শব্দ হ’ল। শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক’লে—“কি অ’ এইটো ?”
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 10 আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam