Assam Board Exam

পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

Class 3 Assamese Chapter 11  পক্ষীকুলৰ অভিযন্তা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 11  পক্ষীকুলৰ অভিযন্তা Complete Question Answer in Assamese Medium


 পক্ষীকুলৰ অভিযন্তা

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

১) উত্তৰ দিয়া।

(ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা?

উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু। বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা। ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ।

(খ) টোকোৰা চৰায়ে কিহেৰে বাহ সাজে?

উত্তৰঃ গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আঁহ উলিয়াই তাৰ পিছত সেই আঁহবোৰ গুঁঠি টোকোৰা চৰায়ে বাহ সাজে।

(গ) টোকোৰা চৰাইৰ বাহটো দেখিবলৈ কেনেকুৱা?

উত্তৰঃ টোকোৰা চৰাইৰ বাহটো দেখিবলৈ গছত  তলমুৱাকৈ ওলমি থকা টেকেলিৰ দৰে। বাহৰ গুৰি অংশটো ঠেক, মাজৰ অংশ বহল আৰু তলৰ অংশটো ক্রমে চিয়া।

(ঘ) কি কি গছত টোকোৰা চৰায়ে বাহ সাজে?

উত্তৰঃ খেজুৰ, নাৰিকল, তামোল, তাল আদি ওখ গছত টোকোৰা চৰায়ে বাহ সাজে।

(ঙ) টোকোৰা চৰায়ে কি কি খায়?

উত্তৰঃ টোকোৰা চৰায়ে ধান, মাহ, সৰিয়হ ,আদি শস্যবোৰ ,ফল-মূল, কীট-পতংগ, বনৰীয়া ঘাঁহ-বনৰ গুটি আদি খায়।

(চ) টোকোৰাৰ বাহটো কিয় বতাহ-বৰষুণে অনিষ্ট কৰিব নোৱাৰে?

উত্তৰঃ টোকোৰা চৰাই বাহটো বোৱনিয়ে কাপোৰ বোৱা দৰে পাতৰ আঁহেৰে ডাঠকৈ গুঁঠি উলিয়াই। এনে কাৰণত বতাহ-বৰষুণে টোকোৰা চৰাইৰ বাহটোঅনিষ্ট কৰিব নোৱাৰে আৰু আন চৰাই চিৰিকটিও সোমাব নোৱাৰে।

ছ) টোকোৰাক কিয় পক্ষীকুলৰ অভিযন্তা বুলি কোৱা হয়?

উত্তৰঃ টোকোৰা চৰাই বাহটো বৰ নিখুঁতকৈ সাজেঁ সেইকাৰণে তাকে দেখি সকলোৱে পক্ষীকুলৰ অভিযন্তা বুলি কয়।


২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা—

বৰণ, গঠন, বাঞ্ছা, প্রিয়, চহকী, উলাহ, মজবুত, নিখুঁত, চিয়াঁ, অভিযন্তা

উত্তৰঃ

শব্দঅৰ্থ
বৰণবৰ্ণ, ৰং।
গঠনআকৃতি, গঢ়।
বাঞ্ছাআশা।
প্ৰিয়মৰম, চেনেহ।
চহকীধনী, উচ্চখাপৰ।
উলাহউছাহ।
মজবুতটান, দৃঢ়, সহজে নষ্ট নোহোৱা
নিখুঁতদোষ নথকা, খুঁত নথকা।
চিয়াঁ আন অংশতকৈ ক্ষীণ বা লাহী।
অভিযন্তাকাৰিকৰী জ্ঞান সম্পন্ন, নিৰ্মাণ কৌশলী।

৩। যুক্তাক্ষৰ গঠন কৰো আহা—

চ + ছ চই ছই —

ঞ + চ ঞই চই —

ন + ন নই নই —

ঞ + জ ঞই জই —

উত্তৰঃ চ + ছ চই ছই চ্ছ

ঞ + চ ঞই চই ঞ্চ

ন + ন নই নই ন্ন

ঞ + জ ঞই জই ঞ্জ


৪) খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া

গ্ন    ঞ্চ    ঞ্জ    ন্ন    চ্ছ      ত্ন

তুচ্ছ

অগ্নি

ৰত্ন

পঞ্জাব

প্ৰসন্ন

অঞ্চল


৫)কাষৰ পৰা শব্দ আনি বাহিৰৰ শব্দৰ লগত মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখোঁ আহা।

মাৰে, বাছে, বানে, তোলে, বায়, বজায়, কোবাই, পগাই

গাখীৰ    উত্তৰঃ গাখীৰ পগাই

পানী        উঃ পানী তোলে।

ধান          উঃ ধান বানে।

চাউল       উঃ চাউল বাছে।

বাঁহী         উঃ বাঁহী বজায়।

মৰণা        উঃ মৰণা মাৰে।

ডবা          উঃ ডবা কোবাই।

ঢোল        উঃ ঢোল বায়।


৬) দফাটো পঢ়ি তলৰ পশ্নৰ উত্তৰ লিখা

ৰঞ্জন এজন ভাল ল’ৰা। সি পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকি ভাল পায়। সিঁহতৰ অঞ্চলটোত বহুতো উচ্চ শিক্ষিত লোক আছে। ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ  ইচ্ছা মনতে পাঙিছে। মাক দেউতাকেও সি শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। যত্ন কৰিলে ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ’ব পাৰিব।

ক) পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকি কোনে ভাল পায়?

উত্তৰঃ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰঞ্জনে থাকি ভাল পায়।

খ) ৰঞ্জনে কি হ’বলৈ মনতে পাঙিছে?

উত্তৰঃ ৰঞ্জনে মনতে অভিযন্তা হ’বলৈ মনতে পাঙিছে।

গ) মাক-দেউতাকে ৰঞ্জন কি হোৱাটো বাঞ্ছা কৰিছে?

উত্তৰঃ  মাক দেউতাকে ৰঞ্জন শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। 


৭) কাক কি বোলে一 কওঁ আৰু লিখোঁ আহা।

ক) ঢোল, খোল বাল কৰা লোক 一 বাদিয়াৰ

খ) কাপোৰ বোৱা লোক 一 বোৱণী

গ) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক 一 ক’মাৰ।

ঘ) মাটিৰ বাচন তৈয়াৰ কৰা লোক 一 কুমাৰ।


৮) মই কোন কোৱা।

(ক) মই শুৱলাকৈ মাত মাতোঁ, বসন্ত কালত দেখা দিওঁ, কাউৰীৰ বাহত কণী পাৰোঁ । মোৰ নাম…………………।

উত্তৰঃ কুলি।

(খ) মোৰ ঠোঁটটো ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা ক’ব পাৰো। মোৰ নাম…………………।

উত্তৰঃ ভাটৌ।

গ) মোৰ গোটেই গাটো বগা, টেং দুখন দীঘল, মই খাল বিলত মাছ বিছাৰি ফুৰোঁ। মোৰ নাম…………………।

উত্তৰঃ  বগলী।

(ঘ) মোৰ গোটেই গাটো নীলা, বুকুখন ৰঙা হালধীয়া আৰু দীঘল ঠোঁটেৰে মই ওপৰৰ পৰা জঁপিওৱা পানীত মাছ ধৰি খাওঁ।মোৰ নাম …………………।

উত্তৰঃ মাছৰোকা।


৯) আঁচ টনা  যুক্তাক্ষৰ লৈ নিজাকৈ শব্দ সাজি লিখা?

ক) ইঞ্জিনিয়াৰক অসমীয়াত অভিযন্তা বোলে।

উত্তৰঃ যত্ন কৰিলে ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ’ব পাৰিব।

খ) ইচ্ছা থাকিলে বাঞ্ছা পূৰ্ণ কৰিব পাৰি।

উত্তৰঃ ৰিতুৰ ডাক্তৰ হোৱা অনিচ্ছা স্বত্বেও ডাঙৰ হৈ এজন ডাক্তৰ হোৱা বাঞ্ছা কৰে মাক-বাপেকে  ।


১০) দলত আলোচনা কৰি তলৰ শব্দবোৰৰ পৰা চৰাইৰ নাম লিখা।

টো       কে       ভা        ক        কী     কু        ল

চি         গ         কা       কো      ত       ম        কা

লি        না        ৰি         ঘ        ৰো       ৰী        ন

ৰা        হি        লি        কা        টৌ       শা       বু

উ        বু          হা        ই           লি      ই         কী

ঠা       ৰা        ক          দ           ছ      তে       পৌ

উদাহৰণ一 কাউৰী, কুলি , কপৌ, ভাটৌ ,বুলবুলি , কেতেকী, টোকোৰা, শালিকা।


Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 11  পক্ষীকুলৰ অভিযন্তা Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment