Assam Board Exam

শিৱসাগৰ চাওঁ আহা| Class 3 Assamese Chapter 12

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা Complete Question Answer in Assamese Medium


শিৱসাগৰ চাওঁ আহা

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

(১) উত্তৰ দিয়া—

(ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল?

উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল।

(খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল?

উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল।

(গ) কি দেখি অনিলহঁত অভিভূত হ’ল?

উত্তৰঃ তলাতল ঘৰৰ কাৰুকাৰ্য দেখি অনিলহঁত অভিভূত হ’ল।

(ঘ) আজান পীৰৰ দৰগাহ ক’ত আছে?

উত্তৰঃ আজান পীৰৰ দৰগাহ দিখৌ নৈৰ দাঁতিৰ সৰাগুৰি চাপৰিত আছে।

(ঙ) মৈদাম কি?

উত্তৰঃ মৈদাম হ’ল আহোম প্ৰথা মতে মৃতকক সমাধিস্থ কৰা ঠাই।

(চ) উভতি আহোঁতে তেওঁলোকে কি চাবলৈ মন কৰিছিল?

উত্তৰঃ উভতি আহোঁতে তেওঁলোকে কাজিৰঙাত থকা এটা খড়্গৰ গঁড় চাবলৈ মন কৰিছিল।


(২) (ক) অনিলহঁতক নিবলৈ বাছ আস্থানত কোন কোন ৰৈ আছিল?

উত্তৰঃ মাহীয়েকৰ পুতেক দীপক আৰু জীয়েক জাহ্নৱী বাছ আস্থানত ৰৈ আছিল।

(খ) অনিলহঁতে লগত টোকা বহী নিয়াৰ কাৰণ কি?

উত্তৰঃ অনিলহঁতে লগত বহী নিয়াৰ কাৰণ হ’ল সিহঁতে শিৱসাগৰৰ কীৰ্তি চিহ্নবোৰ চাব আৰু টোকা বহীত লিখি লব । কাৰণ সেইবোৰৰ বিষয়ে সিহঁতে আহি বিদ্য়ালয়ৰ শিক্ষকক কব ।

(গ) শিৱসাগৰত থকা কীর্তি চিহ্নসমূহ কি কি?

উত্তৰঃ শিৱসাগৰত থকা কীর্তি চিহ্নসমূহ হ’ল— স্বৰ্গদেউ শিৱসিংহই খন্দোৱা বিশাল শিৱসাগৰ পুখুৰী, শিৱদ’ল, বিষ্ণুদ’ল, দেৱীদ’ল, ৰংঘৰ, তলাতল ঘৰ, মৈদাম, আজান পীৰৰ দৰগাহ, কাৰেং ঘৰ আদি ।


৩। তলত খেলিমেলিকৈ দিয়া শব্দ আৰু অৰ্থসমূহ মিলাই লিখা

স্ফূৰ্তি, বাছ আস্থান, কীৰ্তি চিহ্ন, তন্ন তন্ন, অভিভূত, মৈদাম

উত্তৰঃ

শব্দঅৰ্থ
স্ফূৰ্তিআনন্দ।
বাছ আস্থানবাছ ৰখোৱা ঠাই।
কীৰ্তি চিহ্নকোনো লোকৰ নাম বা কোনো কাৰ্যৰ কথা চিৰকাললৈ উজ্জ্বলাই ৰাখিবলৈ নিৰ্মিত চিহ্ন
তন্ন তন্ন সূক্ষ্মভাৱে কৰা বিচাৰ; চালি-জাৰি চোৱা কাৰ্য।
অভিভূতবিহ্বল, তত হেৰোৱা।
মৈদামমৃতকক সমাধিস্থ কৰা ঠাই।

৪) উদাহণত দেখুৱাৰ দৰে তলৰ বাক্য়বোৰ ‘ৰ’, ‘ৰে,’ ‘পৰা,’ ‘ত,’ ৰে পূৰ কৰা

উদাহৰণ一 সান্ত্বনা অনিল__ ভনিয়েক                 

সান্ত্বনা অনিলভনিয়েক        

ক) অনিলহঁত বাছে__ শিৱসাগৰলৈ গৈছিল।     

উঃ অনিলহঁত বাছেৰে শিৱসাগৰলৈ গৈছিল।    

খ) সিহঁত শিৱসাগৰৰ __ আজি আহি পালেহি। 

উঃ সিহঁত শিৱসাগৰৰ পৰা আজি আহি   পালেহি।

গ) শিৱসাগৰ__  ৰংঘৰ আছে।                          

 উঃ শিৱসাগৰ  ৰংঘৰ আছে। 


৫) কবিতা কেইপাকি পঢ়া। যুক্তাক্ষ থকা শব্দৰ কেইটাৰ উদাহৰণত দেখুৱাৰ দৰে ভাঙি লিখা।

ৰিক্সাত উঠি সান্ত্বনা

কাজিৰঙালৈ যায়

এশিঙীয়া গড় খড়্গৰ দেখি 

ডিঙি মেলি চাই।

উদাহৰণ 一ৰিক্সা        ক্স        ক + স

                  সান্ত্বনা        ন্ত্ব       ন + ত + ৱ      

                  খড়্গৰ        ড়্গ        ড় + গ   

আহ্নিক গতিৰ ফলত 

            হয় দিন ৰাতি
অপৰাহ্ণই পাছবেলা

বেলি দিয়ে ভাটী

আহ্নিক       হ্ন         হ +  ন      

অপৰাহ্ণ        হ্ণ        হ + ণ     


৬) উত্তৰ দিয়া

ক) সান্ত্বনাহঁত কাজিৰঙালৈ কিহেৰে গৈছিল?

উত্তৰঃ সান্ত্বনাই টেক্সিৰে কাজিৰঙালৈ গৈছিল।

খ) এশিঙীয়া গড় ক’ত পোৱা যায়।

উত্তৰঃ এশিঙীয়া গড় কাজিৰঙাত পোৱা যায়।

গ) সান্ত্বনাই ডিঙি মেলি কি চাইছিল?

উত্তৰঃ সান্ত্বনাই ডিঙি মেলি এশিঙীয়া গড় খড়্গ চাইছিল।

ঘ) দিন-ৰাতি কিহৰ ফলত হয়?

উত্তৰঃ দিন-ৰাতি আহ্নিক গতিৰ ফলত হয়।

ঙ) পাছবেলাক কি বুলি কয়?

উত্তৰঃ পাছবেলাক অপৰাহ্ন বুলি কয়।


Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 12 শিৱসাগৰ চাওঁ আহা Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment