Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
কামৰ সৰু-বৰ নাই
Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই Complete Question Answer in Assamese Medium
কামৰ সৰু-বৰ নাই
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
১) উত্তৰ দিয়া—
(ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি?
উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি।
(খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন?
উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, বৰমূৰীয়া জমাদাৰ চাহাব।
(গ) অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ কোন আগবাঢ়ি আহিল?
উত্তৰঃ অৱশেষত চিপাহীকেইজনক সহায় কৰিবলৈ ঘোঁৰাত উঠি অহা ৰাষ্ট্ৰৰ প্রধান সেনাপতি তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংটন আগবাঢ়ি আহিল।
(ঘ) প্রধান সেনাপতিজনৰ নাম কি?
উত্তৰঃ প্রধান সেনাপতিজনৰ নাম হ’ল জৰ্জ ৱাছিংটন।
(ঙ) প্রধান সেনাপতিজন পাছলৈ কি পদত অধিষ্ঠিত হয়?
উত্তৰঃ প্রধান সেনাপতিজন পাছলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।
২। কোনে, কাক কৈছিল?
(ক) “ধৰ ধৰ পাৰিবি, উঠিল, দে, দে, বল দে।”
উত্তৰঃ জমাদাৰে তেওঁৰ তলতীয়া চিপাহীসকলক কৈছিল।
(খ) “চিপাহীকেইজনে চতিটো তুলিব পৰা নাই। আপুনি অলপ হাত-উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে।”
উত্তৰঃ ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰক কৈছিল।
৩। পাঠত থকা ধৰণে দফাটো সম্পূর্ণ কৰোঁ আহা—
ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ_________ চাই থাকিল।___________ আকৌ আদেশ দিলে— “পাৰিবিহঁক, দে বল দে, এই____________”। ___________ কি হ’ব, চিপাহীকেইজনৰ__________ আঁটিলেহে; তেওঁলোকে চতিটো ___________ বাৰে বাৰে__________ কৰি___________ হৈ পৰিল।
উত্তৰঃ ঘোঁৰাতা উঠি থকা মানুহজনে কিছুপৰ ঘটনাটো চাই থাকিল। জমাদাৰ চাহাবে আকৌ আদেশ দিলে— “পাৰিবিহঁক, দে বল দে, এই উঠিল।” কিন্তু কি হ’ব, চিপাহীকেইজনৰ শক্তিয়ে আঁটিলেহে! তেওঁলোকে চতিটো তুলিবলৈ বাৰে বাৰে চেষ্টা কৰি লেবেজান হৈ পৰিল।
৪। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা—
থমকি, চেষ্টা, লজ্জিত, উজান, হুঁটা, সক্ষম, প্ৰধান, শংকিত, ভেম
উত্তৰঃ
শব্দ | অৰ্থ |
থমকি | ৰৈ যোৱা। |
চেষ্টা | যত্ন। |
লজ্জিত | লাজ পোৱা। |
উজান | আগুৱাই অহা। |
হুঁটা | অশিষ্ট। |
সক্ষম | দক্ষ। |
প্ৰধান | মুখ্য, মুৰব্বী। |
শংকিত | ভীত, ভয়পোৱা। |
ভেম | গৰ্ব। |
৫) উদাহৰণত দিয়া ‘ং’ যুক্ত শব্দটো পঢ়া। দলত আলোচনা কৰিতেনে আৰু পাচঁটা ‘ং’ যুক্ত শব্দ লিখা।
উদাহৰণ一 সংকেট
১) অহংকাৰ।
২) শংকিত।
৩) সংঘাত।
৪) দলং।
৫) সংবাদ।
৬) কাষত থকা শব্দৰে বাক্য়কেইটা সম্পূৰ্ণ কৰা
দায়-দোষ, কেঁকো-জেকোকৈ, হাত-উজান
ক) মনোজে কেঁকো-জেকোকৈ মোনাটো দাঙি নিছে।
খ) মোৰ পলম হ’ল দায়-দোষ নধৰিব।
গ) ৰাইজে হাত-উজান দিয়া কামটো সহজে সমাধা হ’ল।
৭) শুদ্ধ যুক্তাক্ষৰটোত ✔ চিন দিয়া।
প + ত = প্ত✔ ত্প
ক + ত = ত্ক ক্ত✔
ন + ত = ন্ত✔ ত্ন
৮) কি কি আখৰ যোগ হৈ যুক্তাক্ষৰটো গঠন হৈছে ভাঙি লিখা।
প্ল一 প + ল
ক্ল 一 ক + ল
দ্দ一 দ + দ
হ্ন一 হ + ন
৯) পঢ়া আৰু লিখা।
দীপ্ত一 দীপ্ত পঞ্জাৱ一 পঞ্জাৱ
ৰক্ত一 ৰক্ত উত্তৰ一 উত্তৰ
বিপ্লৱ一 বিপ্লৱ অন্ত一 অন্ত
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 13 কামৰ সৰু-বৰ নাই Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam