Assam Board Exam

মৰমৰ আই | Class 3 Assamese Chapter 14

Class 3 Assamese Chapter 14 মৰমৰ আই – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 14 মৰমৰ আই Complete Question Answer in Assamese Medium


মৰমৰ আই

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

১। উত্তৰ দিয়া—

(ক) (i) ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম কি?

উত্তৰঃ ‘মৰমৰ আই’ পদ্যটিৰ কবিগৰাকীৰ নাম হ’ল আনন্দচন্দ্ৰ আগৰৱালা।

(ii) কোনে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে?

উত্তৰঃ আমাৰ মৰমৰ পূজনীয়া আই য়ে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে।

(iii) আইৰ মাতটো কেনেকুৱা?

উত্তৰঃ আইৰ মাতটো মউসনা মিঠা মাত।

(iv) “মোৰ প্ৰতি এনে যাৰ মৰম অসীম”— ‘যাৰ’ বুলি কাক কোৱা হৈছে?

উত্তৰঃ “মোৰ প্ৰতি এনে যাৰ মৰম অসীম”— ‘যাৰ’ বুলি আমাৰ মৰমৰ আইক কোৱা হৈছে।


(খ) (i) কি কি কাৰণত আই আমাৰ অতি পূজনীয়া?

উত্তৰঃ আয়ে আমাক অতি কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে। মৰম, স্নেহ,আদিৰে আমাক উপচায় ৰাখে। প্ৰথম খোজ ল’লে অত তত ধৰি পৰিবলৈ ধৰিলে আই আমাক ততালিকে ধৰে। টোপনি নিয়াবলৈ আই আমাক নাম, গুণ গাই নিচুকাই। এইবোৰ  কাৰণতে আই আমাৰ  অতি পূজনীয়।

(ii) আয়ে কেনেদৰে নিচুকাইছিল?

উত্তৰঃ আয়ে নাম গুণ গাই নিচুকাইছিল।

(iii) নৰিয়া হ’লে আয়ে কি কি কৰে?

উত্তৰঃ নৰিয়া হ’লে একেথিৰে মুখলৈ চাই, হুমুনিয়াহ কাঢ়ি, উজাগৰে ৰাতি কটায় আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে।


৪। বাক্য সাজা—

মৰম, তুলি-তালি, পূজনীয়া, চেনেহ

উত্তৰঃ মৰমঃ সকলো মা-দেউতাকে নিজৰ সন্তানক মৰম কৰে।

তুলি-তালিঃ মা-দেউতাই আমাক তুলি-তালি ডাঙৰ দীঘল কৰিছে।

পূজনীয়াঃ সকলো সন্তানৰ বাবে মা পূজনীয়া।

চেনেহঃ দেউতাই আমাক চেনেহ কৰে।


৫। তলত দিয়া অমিল যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা।

(ক) গ্রহ,  উগ্র, ভদ্র, গ্রাম

উত্তৰঃ ভদ্র।

(খ) সত্য, খাদ্য, অমাত্য, নিত্য

উত্তৰঃ খাদ্য।

(গ) কষ্ট, নষ্ট, সস্তা, দুষ্ট

উত্তৰঃ সস্তা।

(ঘ) যুগ্ম, গুল্ম, অযুগ্ম, বাগ্মী

উত্তৰঃ গুল্ম।


৬। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ পদ্যটিত আছে। বিচাৰি উলিয়াই লিখা। 

উদাহৰণঃ ডাঙৰ – সৰু।

পলম, তিতা, পিতা, হঁহা, সুখ।

উত্তৰঃ

শব্দঅৰ্থ
পলমসোনকাল
তিতামিঠা।
পিতাআই।
হঁহাকন্দা।
সুখদুখ।

৭। শব্দৰ খেল-দলত আলোচনা কৰি প্রথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা—

উদাহৰণ– মৰম — মলম — মটৰ — মকৰা

(ক) কলম — — — 

(খ) পদুম — — —

(গ) গজালি — — —

(ঘ) লতা — — —

উত্তৰঃ (ক) কলম — কল— কমলা — কুকুৰ।

(খ) পদুম —পুখুৰী— পদ্ম — পখিলা।

(গ) গজালি — গৰু — গাহৰি — গাখীৰ।

ঘ) লতা — লখিমপুৰ — লঙ্কা — লণ্ডন।


৮। ভাবা আৰু কোৱা।

(ক) নৰিয়া হ’লে মাকে আল্-পৈচান ধৰে বুলি পদ্যটোত পাইছা। তোমাৰ নৰিয়া হ’লে কোনে কোনে তোমাৰ আল-পৈচান ধৰে?

উত্তৰঃ মোৰ নৰিয়া হ’লে মায়ে আদৰ-যত্ন কৰি ৰাখে আৰু আৱশ্যকীয় খাদ্যৰ যোগান ধৰে। দেউতাই চিকিৎসকৰ ওচৰলৈ গৈ ঔষধপাতি আনে।


(খ) কোন কোন তোমাৰ মৰমৰ?তেওঁলোকক তোমাৰ কিয় মৰম লাগে?

উত্তৰঃ ভাইটি আৰু ভনীজনী মোৰ বৰ মৰমৰ। সিহঁত মোতকৈ সৰু বাবে সিহঁতলৈ মৰম লাগে।


৯। মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে। তুমি তোমাৰ অভিভাৱক আৰু শিক্ষকৰ বাবে কি কি কৰিম বুলি ভাবিছা?

উত্তৰঃ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে।মই মোৰ অভিভাৱক আৰু শিক্ষকৰ বাবে পঢ়ি শুনি সৎ পথত থাকি নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।


Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 14 মৰমৰ আই Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment