Class 3 Assamese Chapter 2 একতাৰ বল – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
একতাৰ বল
Class 3 Assamese Chapter 2 একতাৰ বল – Complete Question Answer in Assamese Medium
একতাৰ বল
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
১। (ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল?
উত্তৰঃ গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল।
(খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে?
উত্তৰঃ সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে।
(গ) খেতিয়কজনৰ কেইজন পুতেক আছিল?
উত্তৰঃ খেতিয়কজনৰ চাৰিজন পুতেক আছিল।
(ঘ) পুতেককেইজনৰ মাজত মিল আছিলনে?
উত্তৰঃ পুতেক কেইজনৰ মাজত মিল নাছিল।
(ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে?
উত্তৰঃ দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ ভাঙিবলৈ দিলে।
(চ) ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে?
উত্তৰঃ ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে।
২। থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিছাৰি নিজৰ বহীত লিখা।
উত্তৰঃ জহকালি 一 গৰমকালি
কাণসাৰ 一 কোনো কথালৈ মনোযোগ দিয়া
পাঙিলে 一 ভাবিলে
মিলা-প্ৰীতি 一 একতা
অৰ্জন 一 চেষ্টা কৰি পোৱা
৩। তলৰ শব্দ কেইটা ক্ৰমত সজাই বাক্য়টো পুনৰ লিখা।
উদাহৰণ一 আছিল এখন খেতিয়ক গাঁৱত এজন
এখন গাঁৱত এজন খেতিয়ক আছিল।
(ক) চাৰিজন আছিল খেতিয়কজনৰ পুতেক
→ খেতিয়কজনৰ পুতেক চাৰিজন আছিল।
(খ) পুতেক নাছিল মাজত কেইজনৰ মিল
→ পুতেক কেইজনৰ মাজত মিল নাছিল।
(গ) ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন
→ খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল।
৪। নাওখনত থকা শব্দবোৰ পঢ়া। খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্য়বোৰ সম্পূৰ্ণ কৰা।
উত্তৰঃ
(ক) তেওঁৰ স্বভাৱ ভাল।
(খ) অবাবত মূল্য়ৱান সময় নষ্ট নকৰিবা।
(গ) মিলিজুলি কাম কৰিলে সহজে সাফল্য় অৰ্জন কৰিব পাৰি।
(ঘ) খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো পোহ–পাল দিছিল।
(ঙ) বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা।
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 2 একতাৰ বল– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam