Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা
Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা – Complete Question Answer in Assamese Medium
ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
১। (ক) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান
উত্তৰঃ ইংৰাজী ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন
উত্তৰঃ লণ্ডন
(গ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষসকল ক’ৰ?
উত্তৰঃ ৰাজস্থানৰ
(ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন
উত্তৰঃ বাৰ্লিন।
(ঙ) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰঃ জয়মতী
(চ) তেখেতেৰ চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম
উত্তৰঃ শোণিতকুঁৱৰী
২। উত্তৰ দিয়া।
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালাক কিয় ‘ৰূপকোঁৱৰ’ আখ্য়াৰে বিভূষিত কৰা হৈছে?
উত্তৰঃ অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্য়োতেপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ আখ্য়াৰে বিভূষিত কৰিছিল।
(খ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু দিনটো কিয় ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়?
উত্তৰঃ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্য়ুৰ দিনটো ‘শিল্পী দিৱস’ হিচাপে পালন কৰা হয়।
৩। তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাঁড় চিনেৰে মিলোৱা।
শব্দ অৰ্থ
সম্ভ্ৰান্ত মান্য়, সন্মান পাবৰ যোগ্য়
নিগাজিকৈ স্থায়ীভাৱে
নিৰ্মাণ সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য
বিভূষিত অলংকৃত
অৱদান দান, বৰঙনি
৪।শুদ্ধ উত্তৰটোৰে বাক্য়টো পুনৰ লিখা।
(ক) ১৯০৩ চনত/১৯০৪ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
উত্তৰঃ ১৯০৩ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(খ) জয়মতী/ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি।
উত্তৰঃ জয়মতী প্ৰথম অসমীয়া বোলছবি।
(গ) ১৭ জানুৱাৰী/১৭জুন তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।
উত্তৰঃ ১৭ জানুৱাৰী তাৰিখে ‘শিল্পী দিৱস’ পালন কৰা হয়।
(ঘ) ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/মৃত্য়ুদিন।
উত্তৰঃ ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন।
৫। এটা শব্দত প্ৰকাশ কৰোঁ আহা
উদাহৰণ一
(ক) গীত গোৱা লোক
উত্তৰঃ গায়ক
(খ) গীতৰ সুৰ দিয়া লোক
উত্তৰঃ সুৰকাৰ
(গ) গীত ৰচনা কৰা লোক
উত্তৰঃ গীতিকাৰ
(ঘ) অভিনয় কৰা লোক
উত্তৰঃ অভিনেতা
(ঙ) নাটক ৰচনা কৰা লোক
উত্তৰঃ নাট্য়কাৰ
(চ) ভাও দিয়া লোক
উত্তৰঃ ভাৱৰীয়া
৬। বাক্য় গঠন কৰা।
নিৰ্মাণ , নিগাজি , অৱদান , বোলছবি
উত্তৰঃ
নিৰ্মাণঃ প্ৰথম অসমীয়া বোলছবি জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল
নিগাজিঃ কলিতা জাতি অতীতৰে পৰা নিগাজি কৈ অসত বাস কৰি আছে।
অৱদানঃ অসমীয়া সাংস্কৃতিক জগতত জ্য়োতিপ্ৰসাদ আগৰৱালা দেৱৰ অৱদান অপৰিসীম।
বোলছবিঃ জয়মতী হৈছে প্ৰথম অসমীয়া বোলছবি ।
৭। খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া।
উত্তৰঃ
ণ্ঠ কণ্ঠ বৈকুণ্ঠ অণ্ঠকণ্ঠ
ল্প শিল্প কল্পনা কল্পতৰু
৮। যুক্তাক্ষৰ ভাঙি লিখা।
উত্তৰঃ
ব্ৰু = ব + ৰ + উ
ধ্ৰু = ধ + ৰ + উ
ম্ভ্ৰ = ম + ভ + ৰ
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam