Assam Board Exam

আগলি বাঁহত বগলীৰ বাহ | Class 3 Assamese Chapter 4

Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ – Complete Question Answer in Assamese Medium


আগলি বাঁহত বগলীৰ বাহ

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

১। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা।

উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত বাঁহ গছৰ ওপৰত দুটা বগলীয়ে বাহ সাজিছে। তৃতীয় ছবিখনত খগেনক খুৰাকে বগলীৰ বাহটো নাভাঙিবলৈ উপদেশ দি  থকা দেখা গৈছে। চতুৰ্থ খন ছবিত বজাৰৰ দৃশ্য দেখা গৈছে। পঞ্চম ছবিখনত খগেনে খুৰাকক হাতত ধৰি আগবঢ়াই দিছে।

২। তলৰ প্ৰশ্নবোৰ উত্তৰ কোৱা আৰু লিখা।

(ক) আমৰ ডাল কোনে লৰাইছে ?

উত্তৰঃ আমৰ ডাল ল’ৰাহঁতে লৰাইছিল।

(খ) আমৰ ডাল লৰোৱা সজুলিটো কি ?

উত্তৰঃ আমৰ ডাল লৰোৱা সজুলিটো বৰহাঁকুটি ।

(গ) গছৰ কাষতে কি আছে ?

উত্তৰঃ গছৰ কাষতে খাল আছে।

(ঘ) বগা বগলীৰ বাহ ক’ত আছে ?

উত্তৰঃ বগা বগলীৰ বাহ আগলি বাঁহত আছে।

(ঙ) আলি-বাটটো কিয় পিছল হৈছে ?

উত্তৰঃ আলি-বাটটো বৰষুণ পৰা বাবে পিছল হৈছে।

৩। উপযুক্ত স্থানত ’- কাৰ (’) বহুৱাই বাক্যটো শুদ্ধকৈ লিখোঁ আহা

(ক) ল’ৰাবিলাকে পথাৰত লৰা-ঢপৰা কৰিছে।

উত্তৰঃ লৰাবিলাকে পথাৰত লৰা-ঢপৰা কৰিছে।

(খ) মহটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

উত্তৰঃ ম’হটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে।

(গ) সিহঁতে দলবান্ধি শিৱদল চাবলৈ গৈছে।

উত্তৰঃ সিহঁতে দলবান্ধি শিৱদ’ল চাবলৈ গৈছে।


৪। তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

বগা বগলী ————– কাউৰী

উত্তৰঃ কলা কাউৰী

শুকান ঘাঁহ ————- ঘাঁহ

উত্তৰঃ শুকান ঘাঁহ কেঁচা ঘাঁহ।

দুষ্ট ল’ৰা —————– ল’ৰা

উত্তৰঃ ভাল ল’ৰা

মিঠা আম ————– আম

উত্তৰঃ টেঙা আম


৫। উদাহৰণ ভালদৰে পঢ়া । তলত দিয়া শব্দকেইটা বাক্য় গঠন কৰা।

উত্তৰঃ

উদাহৰণ- নাচ                            পঢ়-                                        খায়-

    জুনুকাই নাচে।                        ৰাহুলে পঢ়ে                        নীলাই খায়ে।

    জুনুকাই নানাচে।                    ৰাহুলে নপঢ়ে                       নীলাই নাখায়।

    জুনুকাই নাচেনে ?                  ৰাহুলে পঢ়েনে?                    নীলাই খায়নে?


৬। শব্দৰ উপযুক্ত স্থানত চন্দ্ৰ বিন্দু () বহুৱাই কাষৰ বাকচত লিখা।

(ক) বগলীৰ বাহ গছত বাহত সাজিছে।

উত্তৰঃ বগলীৰ বাঁহ গছত বাহত সাজিছে।

(খ) ম’হবোৰে দলনিত ঘাহ খাই আছে।

উত্তৰঃ মহবোৰে দলনিত ঘাঁহ খাই আছে।

(গ) ল’ৰাহতে হাকুটিৰে আম পাৰিছে।

উত্তৰঃ ল’ৰাহতে হাঁকুটিৰে আম পাৰিছে।

(ঘ) আইতাই দাত উলিয়াই হাহিছে।

উত্তৰঃ আইতাই দাঁত উলিয়াই হাহিছে।

৬। অৰ্থ জানি লৈ বাক্য গঠন কৰোঁ আহা—

হাটঃ আমাৰ অঞ্চলত দেওবাৰে হাট বহে।

হাতঃ হাতেৰে আমি কাম কৰোঁ।

বাহ, বাঁহ, কত, ক’ত

উত্তৰঃ বাহঃ গছৰ ডালত কপৌ চৰায়ে বাহ সাজিছে।

বাঁহঃ বাঁহৰ পৰা কাগজ তৈয়াৰ কৰা হয়।

কতঃ  কত ধৰণৰ ফুলেৰে বাগিচা খন ভৰি  আছে।

ক’তঃ তোমাৰ ঘৰ ক’ত ?


৭। সাঁথৰ ভাঙো আৰু কওঁ আহা।

(ক) পাঁচটা আখৰেৰে মোৰ নামটো গঠিত,

মিঠাফল বুলি সবাৰো বিদিত।
প্ৰথমে দ্ৱীতিয়ই মিলি মৌ-ৰস

প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাওঁ,
চতুৰ্থই পঞ্চমে মিলি এটি ফল হওঁ,
ভাবি-গুণি কোৱাচোন মই কোন হওঁ?

উত্তৰঃ মধুৰিআম

(খ)     বাঘৰ দৰে জঁপিয়ায়,

                কুকুৰৰ দৰে বহে,

          শিলৰ দৰে তল যায়

                তুলাৰ দৰে ভাঁহে।

উত্তৰঃ ভেঁকুলি।


৮। ল’ৰাহঁতে হাঁকুটিৰে আম পাৰিছে। তোমালোকে ওখ গছ-বিৰিখৰ পৰা কিহেৰে আৰু কেনেকৈ ফল-ফুল পাৰা তাৰ এখন তালিকা কৰা।

উত্তৰঃ ওখ গছ-বিৰিখৰ পৰা আমি গছত-উঠি, হাঁকুটিৰে সহায় লৈ, ফর্মুটি দলিয়ায় ফল-ফুল পাৰো।


৯। খগেনে ৰুগীয়া খুৰাকক হাতত ধৰি নিছিল। তোমালোকৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে তুমি কি কৰা?

উত্তৰঃ আমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে মই তেওঁ যতন লওঁ। আমাৰ ঘৰৰ পৰিয়ালৰ লোক সকলৰ লগত  আলোচনা কৰি  তেওঁক  চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক দৰৱ পাতি সময় মতে দিওঁ। তেওঁ যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে তেওঁৰ ওচৰত থাকি তেওঁক আৱশ্যকীয় সহায় আগবঢ়াওঁ।


Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 4 আগলি বাঁহত বগলীৰ বাহ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment