Class 3 Assamese Chapter 5 মাকণৰ চিঠি – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
মাকণৰ চিঠি
Class 3 Assamese Chapter 5 মাকণৰ চিঠি – Complete Question Answer in Assamese Medium
মাকণৰ চিঠি
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
ক— পাঠভিত্তিক ক্ৰিয়া
উত্তৰ দিয়া—
(১) (ক) মিস্ত্রিজনে প্রধান শিক্ষকক কাগজত কি লিখি দিলে?
উত্তৰঃ মিস্ত্রীজনে তেওঁ কৰা কামৰ বাবদ পাব লগা টকাৰ হিচাপ খিনি কাগজ এখনত লিখি প্রধান শিক্ষকক দিলে।
(খ) মিস্ত্রিজনে স্কুলত কি কাম কৰিছিল?
উত্তৰঃ মিস্ত্রিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।
(গ) প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে কি ভাবিলে?
উত্তৰঃ প্ৰধান শিক্ষক মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে ভাবিলে যে ঘৰত তায়ো দেখোন মাকৰ কামত সহায় কৰি দিয়ে তাই তেনেহলে তাই কৰা কামৰ বিনিময়ত মাকৰ পৰা পইচা বিচাৰিব।
(ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিচাৰিছে?
উত্তৰঃ কামবোৰৰ বাবে মাকণে মাকৰ পৰা বাচন ধোৱাৰ বাবে এটকা আৰু ঘৰ সৰাৰ বাবে দুটকা, মুঠতে তিনি টকা বিচাৰিছে।
(২) (ক) স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?
উত্তৰঃ স্কুল ছুটীৰ পাছত মাকণ ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি-ঢুকি সামৰি থ’লে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি আঁটালে। তাৰ পাছত মাকণ নিজৰ পঢ়া মেজলৈ গ’ল।
খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে?
উত্তৰঃ মাকে চিঠিত মাকণক তুলি-তালি আঠ বছৰীয়া কৰা, কাপোৰ-কানি ধুই দিয়া, ভাত ৰান্ধি-বাঢ়ি খুওৱা, বেমাৰত টোপনি ক্ষতি কৰি শুশ্রূষা কৰা আদি কামৰ হিচাপ দিছে।
(গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?
উত্তৰঃ মাকৰ চিঠিখন পঢ়ি মাকণে কিদৰে ডাঙৰ বা সৰুলৈ চিঠি লিখিব লাগে সেয়া শিকাৰ লগতে নিজৰ ঘৰখনত কৰা কামৰ বাবে যে পইচা বিচাৰিব নালাগে সেই কথাটোও শিকিলে।
(৩) চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা?
(ক) মাৰালৈ
উত্তৰঃ পূজনীয়া অথবা শ্ৰদ্ধেয়া।
(খ) দেউতাৰালৈ
উত্তৰঃ পূজনীয়া অথবা শ্ৰদ্ধেয়।
(গ) সৰুলৈ
উত্তৰঃ মৰমৰ
(ঘ) বন্ধুলৈ
উত্তৰঃ প্রিয়।
৪। চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক’ত লিখিব লাগে?
উত্তৰঃ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।
৫। ঠিকনাত কি কি লিখিব লাগে?
উত্তৰঃ ঠিকনাত যালৈ চিঠি দিয়া হয়— তেওঁৰ নাম, গাঁও বা নগৰৰ নাম, ডাকঘৰ, জিলাৰ নাম আৰু পিনকোড সম্পূৰ্ণকৈ লিখিব লাগে।
৬। খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?
উত্তৰঃ খামৰ ওলোটা পিঠিত যিজনে চিঠি লিখে তেওঁৰ নাম-ঠিকনা লিখিব লাগে।
৭। চিঠি কেনেকৈ পঠিয়াব লাগে লিখা।
উত্তৰঃ ডাকঘৰৰ জৰিয়তে চিঠি পঠিয়াব খুজিলে চিঠিখন খামত ভৰাই আঠা লগাই খামৰ ওপৰত যালৈ পঠিওৱা হয় তেওঁৰ ঠিকনা লিখিব লাগে। খামৰ ওপৰত ডাক টিকট লগাই ডাক বাকচত ভৰাই থৈ আহিব লাগে।
খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
১। যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা—
উত্তৰঃ বিস্ময় = স্ম স+ম সই মই স্ম
বিপ্লৱ = প্ল প+ল পই লই প্ল
শুশ্রূষা = শ্রূ শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ কাৰে শ্রূ
২। যুক্তাক্ষৰ গঠন কৰোঁ আহা—
উত্তৰঃ স + ম সই মই স্ম
প+ল পই লই প্ল
শ+ৰ+ঊ শই ৰই শ্ৰ তাত ঊ কাৰে শ্রূ
৩। খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়োঁ আহা—
উদাহৰণ— ৰণ—স্মৰণ
উত্তৰঃ স্ম = বিস্ময় বিস্মিত স্মাৰক
প্ল = প্লাৱন প্লাম প্লেগ
শ্রূ = শুশ্রূষা শুশ্রূষাকাৰিণী
৪। তলৰ বাক্যত চিন দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা—
(ক) স্কুলৰ পৰা আহি ৰীতাই দেখিলে যে ঘৰৰ আগফালৰ দুৱাৰখন বন্ধ হৈ আছে।
(খ) লৰালৰিকৈ তাই কাষতে থকা বাওঁফালৰ সৰু খিৰিকীখন টানি চালে।
(গ) সেইখনো টান, খুলিব নোৱাৰি।
(ঘ) খেলিবলৈ নাপাব বুলি তাইৰ বেজাৰ লাগিল।
উত্তৰঃ
শব্দ | বিপৰীত অৰ্থ বুজোৱা শব্দ |
আগফাল | পাছফাল |
বন্ধ | মুক্ত, খোলা |
কাষত | নিলগত, আঁতৰত, দূৰৈত |
সৰু | ডাঙৰ |
টান | ঢিলা |
নোৱাৰি | পাৰি |
নাপাব | পাব |
বেজাৰ | আনন্দ |
৫। পাঠটো পঢ়ি পাঠত থকা যুৰিয়া শব্দবোৰ বিচাৰি নিজৰ বহীত লিখা—
উদাহৰণ— লৰা-লৰি
উত্তৰঃ পাঠটোত থকা যুৰীয়া শব্দবোৰ তলত দিয়া হ’ল— ঢাকি-ঢুকি, খা-খবৰ, কুশল-মঙ্গল, কাপোৰ-কানি।
৬। তলৰ শব্দবোৰ খটুৱাই কেইটামান বাক্য লিখা।
শব্দ— ৰহিমলা, জাকৈ, মাছ ধৰ।
উদাহৰণ— ৰহিমলাই জাকৈৰে মাছ ধৰিছে।
ৰহিমলাঃ (i) ৰহিমলা জাকৈ বোৱাত পাকৈত।
(ii) ৰহিমলাই পুখুৰীত জাকৈৰে মাছ ধৰিছে।
জাকৈঃ (i) মাছুৱৈয়ে জাকৈৰে মাছ ধৰে।
মাছঃ (i) মাছ পানীত থাকে।
ধৰঃ (i) ৰিতুৱে মাছ ধৰি জীৱিকা অৰ্জন কৰে।
গ— জ্ঞান সম্প্ৰসাৰণ
২। ভাবা আৰু লিখা—
১। গৰমৰ বন্ধ কেনেকৈ কটালা সেই বিষয়ে জনাই তোমাৰ লগৰীয়া এগৰাকীলৈ এখন চিঠি লিখা—
উত্তৰঃ নগাঁও তাৰিখ…………
প্রিয় বন্ধু ৰূপ
পোন প্ৰথমতে মোৰ হিয়া ভৰা মৰম গ্ৰহণ কৰিবা। আমাৰ ঘৰত আটাইয়ে কুশলে আছে। আশা কৰিছোঁ তোমালোক সকলো কুশলে আছা। বহুদিন হ’ল তোমাৰ চিঠি-পত্ৰ নোপোৱা বাবে মনটো বেয়া লাগি আছে। লগতে গৰমৰ বন্ধ তুমি কেনেকৈ কটালা সেই বিষয়ে জানিবলৈ মোৰ বৰ মন গৈছে। এনে কাৰণতে মইনো গৰমৰ বন্ধ কিদৰে কটালো সেয়া উল্লেখ কৰি চিঠিখন লিখিবলৈ ওলাইছো। গৰমৰ বন্ধৰ পিছদিনাখনেই আগতে আঁচনি কৰি থোৱা মতে তেজপুৰৰ মামা ঘৰলৈ গ’লোঁ।তাত গৈ তেজপুৰৰ ঐতিহ্য মণ্ডিত অগ্নিগড়, চিত্ৰ লেখা উদ্যান, মহাভৈৰৱ মন্দিৰ চালো। তাত পাঁচ দিন থাকি তাৰ পৰা আহি দেউতা লগত ফুলৰ বগিছা এখন ঘৰৰ সন্মুখত বনালো। মাৰ লগত ঘৰুৱা কাম কিছু শিকিলো।এনেদৰে মই বন্ধ দিন কেইটা উপভোগ কৰিলো। তোমাৰ সকলো খা-খবৰ জনাই উত্তৰ পঠিয়াবা। পুনৰ মোৰ মৰম ল’বা।
ইতি―
তোমাৰ মৰমৰ
ৰিতু
ঠিকনা :
প্রতি—
শ্রী_________________
গাওঁ________________
ডাকঘৰ______________
জিলা_______________
পিন________________
(ক) তোমাৰ ঘৰৰ কাৰোবাৰ অসুখ হলে তুমি কি কি কৰিবা?
উত্তৰঃ আমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ’লে মই তেওঁ যতন লম। আমাৰ ঘৰৰ পৰিয়ালৰ লোক সকলৰ লগত আলোচনা কৰি তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যাম। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক দৰৱ পাতি সময় মতে দিম। তেওঁ যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে তেওঁৰ ওচৰত থাকি তেওঁক আৱশ্যকীয় সহায় আগবঢ়াম।
(খ) ঘৰত ডাঙৰ লোকসকল কোনো কামৰ বাবে বাহিৰলৈ গ’লে ঘৰত তুমি কি কি সাৱধানতা অৱলম্বন কৰিবা?
উত্তৰঃ ঘৰত ডাঙৰ মানুহ নাথাকিলে পদূলিৰ জপনাখন ভালদৰে বন্ধ কৰিম। ঘৰৰ সন্মুখৰ দুৱাৰখনো বন্ধ কৰি থম আৰু পাছফালৰ দুৱাৰো বন্ধ কৰি ৰাখিম। কোনো অচিনাকি লোক আহিলে ওচৰ-চুবুৰীয়াকে মাতিহে আৱশ্যক মতে পদূলিৰ জপনা খুলিম। ঘৰৰ ভিতৰত সাৱধানে থাকিম। ভূমিকম্প, ধুমুহা-বতাহ আদি আহিলে চুবুৰীয়াৰ ডাঙৰ লোকৰ সহায় ল’ম।
৩। সাঁথৰ ভাঙি কওঁ আহা—
(ক) মাক জুটুলি-পুটুলি
পুতেক চোকা টেকেলা।
উত্তৰঃ জলকীয়া
(খ) ৰজাৰ ঘৰৰ ক’লী গাই
ঘাটে ঘাটে পানী খায়।
উত্তৰঃ বৰশী ৷
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 5 মাকণৰ চিঠি Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam