Assam Board Exam

ময়ূৰ পক্ষীৰ জন্ম কাহিনী | Class 3 Assamese Chapter 6

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী – Complete Question Answer in Assamese Medium


ময়ূৰ পক্ষীৰ জন্ম কাহিনী

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

১। (ক) স্ৱৰ্গৰ ৰজাজনৰ নাম কি ?

উত্তৰঃ স্ৱৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ ।

(খ) তেঁওৰ ৰাজ -সভাৰ নৰ্তকী চৰাইজনীৰ নাম কি?

উত্তৰঃ তেওঁৰ ৰাজ-সভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই।

(গ) দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত কি লৈ গৈছিল?

উত্তৰঃ দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত বালিমাহীক লৈ গৈছিল।

(ঘ) দেৱকন্য়াই তাঁত-শালখন কিয় নিছিল?

উত্তৰঃ  দেৱকন্য়াই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবৰ বাবে তাঁত শাল লৈ গৈছিল।


২। ‘ময়ূৰ পক্ষীৰ জন্ম কাহিনী’ পাঠটো সহজ ভাৱে নিজৰ কথাৰে কোৱা।

উত্তৰঃ স্বৰ্গ দেৱতা সকলৰ ৰজা ইন্দ্ৰই তেওঁ ৰাজ সভাত থকা বালিমাহি চৰাই নামৰ নতৰ্কি জনীক মৰতৰ বতৰা লবলৈ বছৰত এবাৰ পৃথিৱীলৈ পঠিয়ায়। বালিমাহি চৰাইয়ে পৃথিৱীৰ বতৰা লৈ দেৱৰাজৰ সভাত বিৱৰি কয়। এদিনাখন বলিমাহী চৰাই জনীয়ে পৃথিৱীত দেখি অহা সৰিয়হ ফুলৰ বৰ্ণনা দি থাকোঁতে দেৱৰাজ ইন্দ্ৰৰ জীয়াৰী দেৱ কন্যাই পৃথিৱীৰ সেই সৌন্দৰ্য চাবলৈ মৰতৰ যাবলৈ মন মেলিলে। দেউতাকৰ অনুমতি লৈ বালিমহি চৰাই সৈতে পৃথিৱীত আহিল ।দেৱ কন্যাই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাচিবলৈ তাত শাল আনিছিল। দেৱ কন্যাই নাচি বাগি পৃথিৱীৰ সৌন্দৰ্যত মুগ্ধ হল । বালিমহি চৰাই সৰগলৈ যাব লগ ধৰাত ফুলৰ চানেকি বাচিবলৈ কিছুদিন থাকিব বিচাৰিলে। বালি মাহি চৰাই জনী অকলেই সৰগলৈ গুচি গল। পৃথিৱীত থাকোতে ধতুৰা গছৰ গুটি খায় সৰগ কথা পাহৰি গল। কিছু দিন থকা পাছত পৃথিৱীৰ সৌন্দৰ্যই দেৱ কন্যাক আমুৱালে । তাই বালি মাহী লগত সৰগ যাব বিচাৰিলে । অখাদ্য খোৱা বাবে মেঘ পাৰ হৈ সৰগ যাব নোৱাৰিলে আৰু ইন্দ্ৰৰ আদেশ মৰ্মে পৃথিৱীত ময়ুৰ হৈ থাকিল ।


৩। উত্তৰ লিখা—

(ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল?

উত্তৰঃ দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল।

(খ) তেওঁ প্রথম কিছুদিন তাত কেনেদৰে কটায়?

উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হ এডৰাৰ মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জপিয়াই আনন্দ মনেৰে দিন কটাইছিল।

(গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল?

উত্তৰঃ দেৱকন্যাৰ লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য আমোৱাবলৈ ধৰিলে। সেয়েহে এদিন বালিমাহীক লগ পায় তেওঁ স্বৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল।

(ঘ) তেওঁ স্বৰ্গলৈ যাব খোজোঁতে কি হৈছিল?

উত্তৰঃ বালিমাহীৰ সৈতে দেৱকন্যা মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিলহি।

(ঙ) দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱৰাত দেৱৰাজে জীয়েকক কি কৈছিল?

উত্তৰঃ দেৱকন্যা স্বৰ্গলৈ ঘূৰি যাব নোৱৰাত দেৱৰাজে জীয়েকক কৈছিল— “তুমি অখাদ্য বস্তু খাই ভুল কৰিলা। এতিয়া তুমি পৃথিৱীতে ময়ূৰ পখী হৈ থাকা। তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পখীৰ ফুলাম পাখি হৈ জিলিকি থাকক।” 


৪। পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ভোমোৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা—

Class 3 Assamese Chapter 6 Q 4

উত্তৰঃ 

শব্দঅৰ্থ
নৰ্তকীনাচনী
হেঁপাহআগ্ৰহ
নেৰা-নেপেৰাকৈএকেৰাহে
সৌন্দৰ্যৰূপ
আমোৱালেআমনি লাগিল

খ— ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

১। পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা। এইবাৰ তলত দিয়া ধৰণেৰে পঢ়োঁ আৰু লিখোঁ আহা—

উত্তৰঃ মুগ্ধ = গ্ধ গ + ধ গ্ধ

ক্ষুদ্ধ = দ্ধ ব + ধ দ্ধ

বস্ত্ৰ = স্ত্ৰ স + ত + ৰ স্ত্ৰ

মৰ্ত্য = ৰ্ত্য ৰ + ত + য় ৰ্ত্য

যত্ন = ত্ন ত + ন ত্ন

গ + ধ গই ধই গ্ধ

ব + ধ বই ধই দ্ধ

স + ত + ৰ সই তই তাত ৰ কাৰে স্ত্ৰ

ৰ + ত + য় ৰই ৰ্ত তাত ৰ কাৰে ৰ্ত্য

ত + ন তই নই ত্ন


২। আন বৰ্ণৰ লগত ‘ন’ যোগ হৈ হোৱা যুক্তাক্ষৰ বোৰ লিখা।

উত্তৰঃ গ্ন, ঘ্ন, প্ন, স্ন, ম্ন।

যুক্তাক্ষৰ ভাঙি লিখোঁ

অগ্নি গ্ন গ + ন শত্রুঘ্ন ঘ্ন ঘ + ন

স্বপ্ন প্ন প + ন স্নান স্ন স + ন

নিম্ন ম্ন ম+ন


৩। কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। যেনে—

স্বর্গ ― সৰগ, মর্ত্য — মৰত, পক্ষী — পখী।


৪। তলত দিয়া শব্দবোৰৰ আন এটা ৰূপ পাঠটোত আছে। বিচাৰি উলিয়াই খালী ঠাইত সেই শব্দবোৰ লিখা।

বার্তা — , —জনম, —যতন, পিতৃ—, বৎসৰ — , ―নাচনী, 

উত্তৰঃ বার্তা ― বতৰা

জন্ম ― জনম

যত্ন ― যতন    

পিতৃ ― পিতা

বৎসৰ —  বছৰ   

নৰ্তকী   ― নাচনী


৫। তলত দিয়াবোৰৰ যুক্তাক্ষৰ গঠন কৰা—

উত্তৰঃ গ ন+ধ+ন্ধ = গ্ধ

ম+ন+ম্ন = ত্ন

দ+ধ+দ্ধ = ব্ধ


৬। যুক্তাক্ষৰ ভাঙি লিখা—

উত্তৰঃ মুগ্ধ  গ্ধ → গ + ধ    

ইন্দ্ৰ ন্দ্ৰ → ন + দ + ৰ

ক্ষুব্ধ ব্ধ → ব + ধ

বস্ত্ৰ স্ত্ৰ → স + ত + ৰ

বুদ্ধ দ্ধ → দ + ধ    

মর্ত্য র্ত্য → ত + ৰ + য়


৭। জানি থওঁ আহা—

ধৰ্ম — ধৰম 

কৰ্ম — কৰম

মিত্ৰ — মিতিৰ

ভক্তি — ভকতি

ভগ্নী — ভগিনী, ভনী

শস্য — শইচ


৮। পাঠটোত থকা এক বুজোৱা শব্দবোৰ এৰে আৰম্ভ হৈছে। তেনে শব্দবোৰ বিচাৰি উলিয়াই লিখা।

যেনে— এগৰাকী (এক গৰাকী)

উত্তৰঃ একোবাৰ, এদিনাখন, এডৰা।


গ— জ্ঞান সম্প্ৰসাৰণ

১। প্রশ্নসমূহৰ উত্তৰ লিখোঁ আহা—

(ক) বুদ্ধদেৱৰ দেউতাকৰ নাম কি?

উত্তৰঃ বুদ্ধদেৱৰ দেউতাকৰ নাম আছিল শুদ্ধোধন।

(খ) সিদ্ধার্থ কাৰ নাম?

উত্তৰঃ সিদ্ধার্থ বুদ্ধদেৱৰ আন এটা নাম আছিল।

(গ) বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উত্তৰঃ বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ’ল বৌদ্ধধর্ম।

(ঘ) মহাৰাজ অশোক কিয় ক্ষুব্ধ হৈছিল?

উত্তৰঃ কলিংগ যুদ্ধত অনেক মানুহ মাৰিছিল। তাকে দেখি মহাৰাজ অশোক ক্ষুব্ধ আৰু ব্যথিত হৈছিল।

Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 6 ময়ূৰ পক্ষীৰ জন্ম কাহিনী– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment