Assam Board Exam

সবৰমতী আশ্ৰমত গান্ধীজী | Class 3 Assamese Chapter 7

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী – Complete Question Answer in Assamese Medium


সবৰমতী আশ্ৰমত গান্ধীজী

তৃতীয় শ্ৰেণী

অসমীয়া

ক্রিয়া-কলাপ

ক — পাঠভিত্তিক ক্ৰিয়া

১। দলত ভাগ হৈ পাঠৰ ছবি কেইখনত কি কি দেখিছা আলোচনা কৰা।

উত্তৰঃ প্রথমখন ছবিত মানুহ এজনে গান্ধীজীক নমস্কাৰ জনাই সভালৈ নিমন্ত্রণ জনাইছে। দ্বিতীয়খন ছবিত গান্ধীজীয়ে কচোৱানজনক ঘোঁৰাগাড়ী আনিবলৈ কৈছে। তৃতীয়খন ছবিত সভালৈ যাবলৈ গান্ধীজীয়ে এজনক এখন চাইকেল আনি দিবলৈ কৈছে। চতুর্থখন ছবিত গান্ধীজীয়ে কেইজনমান লোকক চাইকেল আনি দিয়াৰ কাৰণে ধন্যবাদ জনাইছে। পঞ্চম ছবিত গান্ধীজীৰ ওচৰত থিয় হৈ হাতযোৰ কৰি কচোৱান জনে গান্ধীজীক পলম হোৱা কাৰণে ক্ষমা খুজিছে। ষষ্ঠখন ছবিত গান্ধীজীয়ে কচোৱানজনক মহৎকাম কৰা বাবে প্রশংসা কৰিছে।


২। উত্তৰ দিয়া—

(ক) গান্ধীজীয়ে ঘোঁৰা-গাড়ীখন কেই বজাত আনিবলৈ কৈছিল?

উত্তৰঃ গান্ধীজীয়ে ঘোঁৰা-গাড়ীখন ৰাতিপুৱা আঠ বজাত আনিবলৈ কৈছিল।

(খ) সময়মতে কোন আহি নাপালেহি?

উত্তৰঃ সময়মতে কচোৱানজন ঘোঁৰা-গাড়ীখন লৈ আহি নাপালেহি।

(গ) “সময়ৰ কাম সময়ত হোৱাটো মই বাঞ্ছা কৰোঁ” — কথাষাৰ কোনে কৈছিল?

উত্তৰঃ সময়ৰ কাম সময়ত হোৱাটো মই বাঞ্ছা কৰোঁ” — কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল।

(৩) (ক) চাইকেল চলাই হ’লেও গান্ধীজীয়ে সভাত কিয় উপস্থিত হৈছিলগৈ?

উত্তৰঃ চাইকেল চলাই হ’লেও গান্ধীজীয়ে সভাত  উপস্থিত হৈছিলগৈ কাৰণ মহাত্মা গান্ধীয়ে সময়ৰ কাম সময়তে কৰাটো বিচাৰিছিল।

(খ) ‘মোক ক্ষমা কৰক’ বুলি কচোৱানজনে কাক আৰু কিয় কৈছিল?

উত্তৰঃ ‘মোক ক্ষমা কৰক’ বুলি কচোৱানজনে মহাত্মা গান্ধীক কৈছিল।

কচোৱানজনে মহাত্মা গান্ধীক ৰাতিপুৱা আঠ বজাত তেওঁৰ ঘোঁৰা-গাড়ীৰে সভা এখনলৈ লৈ যোৱাৰ কথা আছিল। কিন্তু কচোৱানজনে সময় মতে আহি মহাত্মা গান্ধীক সভালৈ লৈ যাব নোৱাৰিলে কাৰণ  তেওঁ আহি থাকোতে বাটত ৰোগী এজনক পায় হাস্পতালত লৈ নিব লগা হৈছিল সেই  বাবে তেওঁ মহাত্মা গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছিল।

(গ) গান্ধীজীয়ে কচোৱানজনক ‘মহৎ কাম কৰিলা’ বুলি কিয় কৈছিল?

উত্তৰঃ কচোৱানজনে মহাত্মা গান্ধীক সভালৈ লৈ যোৱাৰ কাৰণে আহি থাকোতে  বাটত ৰোগী এজনক পায় হাস্পতালত লৈ নিব লগা হৈছিল সেই কাৰণে গান্ধীজীয়ে কচোৱানজনক ‘মহৎ কাম কৰিলা’ বুলি প্ৰশংসা কৰিছিল।


৪। পাঠৰ আধাৰত তলৰ বাক্যবোৰ ক্ৰমত সজাই লিখা—

গান্ধীজীয়ে চাইকেল চলাই সভালৈ গ’ল।

গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্রণ কৰিছিল।

কচোৱানে পাছত আহি ক’লে- ‘মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ’ল।’

গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা-গাড়ী বন্দৱস্ত কৰিলে।

কচোৱানজন সময়মতে নাহিল।

উত্তৰঃ গান্ধীজীক এখন গাঁৱৰ সভালৈ নিমন্ত্রণ কৰিছিল।

গান্ধীজীয়ে সভালৈ যাবৰ বাবে এখন ঘোঁৰা-গাড়ী বন্দৱস্ত কৰিলে।

কচোৱানজন সময়মতে নাহিল।

গান্ধীজীয়ে চাইকেল চলাই সভালৈ গ’ল।

কচোৱানে পাছত আহি ক’লে- ‘মই ৰোগী এজনক হাস্পতালত থৈ অহাৰ বাবে পলম হ’ল।’


৫। শুদ্ধ বানানটোত ঘূৰণীয়া চিন দিয়া। কাষৰ খালী ঠাইত শব্দটো পুনৰ লিখা—

(ক) শবৰমতী/সৱৰমতি/সৰবমতী

উত্তৰঃ সৰবমতী।

(খ) গান্ধীজি/গান্ধীজী/গান্ধিজী

উত্তৰঃ গান্ধীজী।

(গ) হাস্পতাল/হাস্পাতাল/হাস্পাটাল

উত্তৰঃ হাস্পতাল।


৬। শুদ্ধ শব্দটোত ঘূৰণীয়া চিন দিওঁ আহা-

(ক) ৰোগীক চিকিৎসা কৰা ঠাই –– হাস্পতাল/থানা

(খ) ঘোঁৰা-গাড়ী চলোৱা মানুহ — কচোৱান/গাড়ীচালক

(গ) ঋষি-মুনি বাস কৰা ঠাই — বিদ্যালয়/আশ্রম

(ঘ) সভাত উপস্থিত থকা লোক — সভাসদ/সমাজকর্মী

(ঙ) সভাত বক্তৃতা দিয়া লোক — গায়ক/বক্তা

উত্তৰঃ (ক) ৰোগীক চিকিৎসা কৰা ঠাই –– হাস্পতাল।

(খ) ঘোঁৰা-গাড়ী চলোৱা মানুহ — কচোৱান।

(গ) ঋষি-মুনি বাস কৰা ঠাই — আশ্রম।

(ঘ) সভাত উপস্থিত থকা লোক — সভাসদ।

(ঙ) সভাত বক্তৃতা দিয়া লোক — বক্তা।


৭। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা—

উদ্দেশ্য দ্দ— দ+দ দই দই দ্দ

বাঞ্ছা ঞ্ছ— ঞ+ছ ঞই ছই ঞ্ছ


৮। যুক্তাক্ষৰ গঠন কৰোঁ আহা—

দ+দ দই দই দ্দ

ঞ+ছ ঞই ছয় ঞ্ছ


৯। যুক্তাক্ষৰৰ সহায়ত শব্দ লিখা—

দ্দ— উদ্দাম। খ—ৰ

ঞ্ছ— বাঞ্ছিত। লা—না

উত্তৰঃ দ্দ— উদ্দাম। খদ্দৰ।

ঞ্ছ— বাঞ্ছিত। লাঞ্ছনা।


১০। দলত আলোচনা কৰি বাক্য লিখা—

উদাহৰণ স+ক— স্ক = ভাস্কৰ— সূৰ্যৰ আন এটা নাম ভাস্কৰ।

অস্কাৰ— অস্কাৰ এবিধ বঁটা।

উত্তৰঃ (খ) ন+দ— ন্দ = বান্দৰ— মই চিৰিয়াখানাত বহু প্ৰজাতি বান্দৰ দেখিছিলো

মন্দিৰ—  কামাখ্যা মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে সাজিছিল।

(গ) ন+ধ— ন্ধ = গোন্ধ— তগৰ এবিধ গোন্ধ ফুল।

অন্ধ— অন্ধক লোকক সহায় কৰা উচিত।


১১। বহুবচন বুজোৱা শব্দ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰোঁ আহা—

উদাহৰণ一  মই সভালৈ য়াম।

আমি সভালৈ যাম।

(ক) তুমি ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।

_________ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।

(খ) সি সময়মতে নাহিল।

_________ সময়মতে নাহিল।

(গ) তেওঁ সদায় সময়মতে কাম-কাজ কৰে।

________ সদায় সময়মতে কাম-কাজ কৰে।

উত্তৰঃ (ক) তুমি ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।

তোমালোকে ঘোঁৰা-গাড়ী এখন যোগাৰ কৰিবা।

(খ) সি সময়মতে নাহিল।

সিহঁতে সময়মতে নাহিল।

(গ) তেওঁ সদায় সময়মতে কাম-কাজ কৰে।

তেওঁলোকে সদায় সময়মতে কাম-কাজ কৰে।


১২। কাষত থকা বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰা—

সুখী—

অসুবিধা—

সন্মান—

ৰোগী—

উত্তৰঃ সুখী一 দুখী।

অসুবিধা一 সুবিধা।

সন্মান一 অসন্মান।

ৰোগী一 নিৰোগী।


Class 3 Assamese All Question Answer- Click Here


Class 3 Assamese Chapter 7 সবৰমতী আশ্ৰমত গান্ধীজী Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment