Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 3
সাহসী ছোৱালীজনী
Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী Complete Question Answer in Assamese Medium
সাহসী ছোৱালীজনী
তৃতীয় শ্ৰেণী
অসমীয়া
ক্রিয়া-কলাপ
১) ক) দলটোৱে কি ধ্বনিদি শোভাযাত্ৰা কৰিছিল?
উত্তৰঃ ” বন্দে মাতৰম্, ” বন্দে মাতৰম”, ধ্বনি দি শোভাযাত্ৰা কৰিছিল।
খ) শোভযাত্ৰা কৰি দলটো কোনফালে আগবাঢ়িছিল?
উত্তৰঃ শোভাযাত্ৰা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল।
গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালিজনীয়ে কি গীত জুৰিছিল?
উত্তৰঃ শোভাযাত্ৰাৰ সময়ত থকা ছোৱালিজনীয়ে স্বদেশপ্ৰেমৰ গীত জুৰিছিল।
ঘ) পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে?
উত্তৰঃ পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে গুলী কৰিছিল।
ঙ) দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালিজনীৰ নাম কি?
উত্তৰঃ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালিজনীৰ নাম কনকলতা।
২) তলৰ কথাকেইষাৰ কোনে কৈছিল
ক) “সাৱধান, আৰু আগ নাবাঢ়িবা; এখোজ আগবাঢ়িলেই গুলী কৰিম”
উত্তৰঃ এই কথাষাৰ পুলিচে কৈছিল।
খ) “এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই।”
উত্তৰঃ এই কথাষাৰ কনকলতাই কৈছিল।
৩। তলৰ শব্দবোৰৰ অৰ্থ লিখা—
হুংকাৰ, ভ্ৰূক্ষেপ, আগচি, উত্তপ্ত, উদ্যত, আহুতি
উত্তৰঃ
শব্দ | অর্থ |
হুংকাৰ | গোজৰ, গোজৰণি। |
ভ্ৰূক্ষেপ | কেৰাহিকৈ চোৱা। |
আগচি | বাট ভেটি ধৰ। |
উত্তপ্ত | তপত, গৰম। |
উদ্যত | আগবাঢ়ি যোৱা, সাজু, প্ৰস্তুত। |
আহুতি | উচ্চৰ্গা, জুইত ঘিউ ঢলা কাৰ্য, প্ৰাণ বিসৰ্জন দিয়া। |
৪। তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা—
নিচান, ভ্ৰূক্ষেপ, উত্তপ্ত, উদাক্ত
(ক) ………..কন্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিলে।
উত্তৰঃ উদাক্ত কন্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিলে।
(খ) পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ………. হৈ পৰিল।
উত্তৰঃ পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল।
(গ) ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ………. নকৰিলে।
উত্তৰঃ ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ভ্ৰূক্ষেপ নকৰিলে।
(ঘ) থানাত আমি জাতীয়…….. উৰুৱামেই।
উত্তৰঃ থানাত আমি জাতীয় নিচান উৰুৱামেই।
৫) জাতীয় পতাকা খন আকা। ইয়াৰ বিষয়ে কেইটামান বাক্য় লিখা।
উত্তৰঃ আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাখন তিনি বৰণীয়া। ইয়াৰে ওপৰত গেৰুৱা, মাজত বগা আৰু তলৰ অংশ সেউজীয়া ৰঙৰ। গেৰুৱা ৰঙে ত্যাগ আৰু সাহস, বগা ৰঙে সত্য আৰু শান্তি, সেউজীয়া ৰঙে প্ৰগতি, বিশ্বাস আৰু শক্তিক বুজায়। জাতীয় পতাকাৰ সোঁমাজত থকা চক্ৰটো ধৰ্মচক্র। স্বাধীনতা দিৱস, গণতন্ত্র দিৱস আৰু ৰাষ্ট্ৰীয় উৎসৱত জাতীয় পতাকা উত্তোলন কৰা হয়। জাতীয় পতাকাক সকলোৱে শ্রদ্ধা আৰু সন্মান কৰিব লাগে।
৬। তলত উল্লেখ কৰা তাৰিখবোৰ আমি কি কি দিৱস হিচাপে পালন কৰোঁ লিখা।
১৫ আগষ্ট, ২৬ জানুৱাৰী, ২ অক্টোবৰ, ২০ জুন, ১৭ জানুৱাৰী।
উত্তৰঃ ১৫ আগষ্ট — স্বাধীনতা দিৱস।
২৬ জানুৱাৰী — গণতন্ত্র দিৱস।
২ অক্টোবৰ — গান্ধীজয়ন্তী।
২০ জুন — বিষ্ণুৰাভা দিৱস।
১৭ জুন — শিল্পী দিৱস।
Class 3 Assamese All Question Answer- Click Here
Class 3 Assamese Chapter 9 সাহসী ছোৱালীজনী Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam