Assam Board Exam

বাগিচালৈ যাওঁ ব’লা | Class 3 Chapter 1 | আমি আৰু আমাৰ পৰিৱেশ

Class 3 Chapter 1 বাগিচালৈ যাওঁ ব’লা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3

Class 3 Chapter 1 বাগিচালৈ যাওঁ ব’লা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


বাগিচালৈ যাওঁ ব’লা

তৃতীয় শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১) উত্তৰ লিখা

(ক) চাৰিবিধ বৃক্ষ জাতীয় উদ্ভিৰ নাম

উত্তৰঃ আম, জাম, কঁঠাল, আঁহত আদি।

(খ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম

উত্তৰঃ শাল আৰু বনচোম।

(গ) দুবিধ লতাজাতীয় উদ্ভিদৰ নাম

উত্তৰঃ দুবিধ লতাজাতীয় উদ্ভিদৰ নাম হ’ল- পান, জালুক।

(ঘ) দুবিধ গোন্ধ নথকা ফুলৰ নাম

উত্তৰঃ জবা, নয়নতৰা।

(ঙ) তিনিবিধ গোন্ধ থকা ফুলৰ নাম

উত্তৰঃ তিনিবিধ গোন্ধ থকা ফুলৰ নাম হ’ল- গোলাপ, তগৰ আৰু নাহৰ।


(২) লাও, জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি?

উত্তৰঃ এই গছবোৰৰ গা-গছ কোমল আৰু লেহুকা, এইবোৰে আনৰ সহায় লৈহে বগাই যাব পাৰে। বগাই যাবৰ বাবেহে এই গছবোৰক বাঁহৰ চাং সাজি দিয়া হয়।


(৩) খালী ঠাই পূৰ কৰা

(ক) গছে _____ ৰ দ্বাৰা পানী শুহি লয়।

উত্তৰঃ শিপাৰ।

(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি______ তৈয়াৰ কৰে।

উত্তৰঃ মৌ-জোল ।

(গ) _____ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল।

উত্তৰঃ পদুম ফুল।

(ঘ) কপৌ ফুল _______ কালত ফুলে।

উত্তৰঃ বসন্ত।


(৪) শুদ্ধ উত্তৰত চিন দিয়া

(ক) বাঁহ গছ গুল্ম/বৃক্ষ/তৃণজাতীয় উদ্ভিদ।

উত্তৰঃ বাঁহ গছ তৃণজাতীয় উদ্ভিদ

(খ) গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু/ডাঙৰ।

উত্তৰঃ গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ সৰু।

গ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান/কোমল।

উত্তৰঃ বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান।

(ঘ) তাল/আম/নিম গছৰ পাতেৰে বিচনী সজা হয়।

উত্তৰঃ তাল গছৰ পাতেৰে বিচনী সজা হয়।


(৫) পার্থক্য লিখা- বৃক্ষ আৰু গুল্ম

উত্তৰঃ (ক)যিবোৰ উদ্ভিদ ওখ আৰু ডাঙৰ নহয়, অসংখ্য ঠাল-ঠেঙুলিৰে জোপোহা আৰু চাপৰ হৈ থাকে, তেনেবোৰেই হৈছে গুল্মজাতীয় উদ্ভিদ।আনহা তে, যিবোৰ উদ্ভিদ ওখ আৰু ঠাল-ঠেঙুলিযুক্ত তেনেবোবেই হৈছে বৃক্ষ।

(খ) বৃক্ষ জাতীয় উদ্ভিদ বৰ টান আনহাতে, গুল্ম জাতীয় উদ্ভিদবোৰ কোমল।

(গ)বৃক্ষ জাতীয় উদ্ভিদ হৈছে আম, জাম, কঁঠাল, আঁহত আদি। আনহাতে গুল্ম জাতীয় উদ্ভিদ হৈছে- ডালিম, নেমু, জেতুকা আদি।


Class 3 Environment All Question Answer- Click Here


Class 3 Chapter 1 বাগিচালৈ যাওঁ ব’লা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top