Assam Board Exam

আমাৰ গাঁও | Class 3 Chapter 10 | আমি আৰু আমাৰ পৰিৱেশ

Class 3 Chapter 10 আমাৰ গাঁও | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 3

Class 3 Chapter 10 আমাৰ গাঁও | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


আমাৰ গাঁও

তৃতীয় শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১।     উত্তৰ লিখা—

(ক) ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল ?

উত্তৰঃ ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল।  

(খ) গাঁও কাক বোলে?

উত্তৰঃ ঘাইকৈ খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাওঁ বোলে। 

(গ) বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়।

উত্তৰঃ পেটৰ অসুখ  আৰু নানা ধৰণৰ ৰোগ যেনে কলেৰা, ডায়েৰিয়া আদি বিশুদ্ধ খোৱাপানীৰ অভাৱত হয়।

ঘ) ৰতন কোন গাঁৱৰ বাসিন্দা আছিল ?

উত্তৰঃ ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল।  

(ঙ) ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই?

উত্তৰঃ ৰতন কাকৰ মতে তেওঁলোকৰ গাৱঁৰ অনাময় ব্য়ৱস্থাটো আৰু বিদ্য়ালয়কেইখনৰ সা-সুবিধা এতিয়াও উন্নতি হোৱা নাই।   


২। ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা।

উত্তৰ ৰতনে পদুমণি গাঁৱত গাওঁখনৰ পকা আলি পদুলিবোৰ, মানুহৰ যথেষ্ট  উন্নত ঘৰ – দুৱাৰবোৰ, গাওঁ খনত থকা বিজুলী – বাতিৰ ব্যৱস্থা , ৰাতি পোহৰ হৈ থকা ৰাস্তা – পদূলি, গাওঁ খনত থকা বিদ্যালয় আদি দেখিছিল।


৩।     খালী ঠাই পূৰ কৰা

(ক) গাঁৱৰ মুখিয়ালগৰাকীক _______ বোলে।

উত্তৰঃ গাঁওবুঢ়া।   

(খ) কম জনসংখ্যা থকা নগৰত ______ থাকে।

উত্তৰঃ নগৰ সমিতি। 

(গ) মহকুমাৰ মুৰব্বীগৰাকীক _______ বোলে। 

উত্তৰঃ মহকুমাধিপতি।  

(ঘ) ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক ______ বোলে।

উত্তৰঃ চক্ৰ বিষয়া। 


৪।     শুদ্ধ নে অশুদ্ধ লিখা

(ক) এখন গাঁৱত কেইবাটাও চুবুৰি থাকে।

উত্তৰঃ শুদ্ধ।  

(খ) প্রতিখন মৌজাত একোগৰাকী মৌজাদাৰ থাকে৷

উত্তৰঃ শুদ্ধ।  

(গ) নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে।

উত্তৰঃ অশুদ্ধ।

(ঘ) এটা চুবুৰিত মাত্ৰ এটাহে পৰিয়াল থাকে।

উত্তৰঃ অশুদ্ধ।  

(ঙ) মহানগৰৰ মুখিয়ালগৰাকীক মহকুমাধিপতি বোলে।

উত্তৰঃ অশুদ্ধ।


৫। ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি কি ব্যৱস্থা লৈছে?

উত্তৰঃ ৰূপহী গাঁৱৰ গাঁও পঞ্চয়াতে গাঁওখনৰ উন্নয়নৰ বাবে ৰাস্তা-পদূলিসমূহ নিৰ্মাণ কৰা, বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা, ৰাস্তাত বিজুলীৰ ব্য়ৱস্থা কৰা ,ভাল চিকিৎসালয় ব্য়ৱস্থা কৰা, হাট-বজাৰ বহুৱা আদি ব্যৱস্থা হাতত লৈছে।


৬। তোমাৰ গাঁও বা চহৰখনত চিকিৎসালয় আছেনে? যদি আছে নাম লিখা।

উত্তৰঃ তোমালোকৰ নিজৰ গাঁও বা চহৰখনত থকা চিকিৎসালয় নাম লিখা। 


Class 3 Environment All Question Answer- Click Here


Class 3 Chapter 10 আমাৰ গাঁও | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment