Class 4 Chapter 1 গছ-গছনিৰ কথা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
🌱 Class 4 Science (EVS) Chapter 1: গছ-গছনিৰ কথা | আমি আৰু আমাৰ পৰিৱেশ | All Question Answers
📘 Chapter Details
- 📚 Chapter Name: গছ-গছনিৰ কথা
- 🔢 Class: 4
- 📖 Subject: Science / Environmental Studies (EVS)
- 📕 Textbook Name: আমি আৰু আমাৰ পৰিৱেশ
- 🏫 Board: SEBA (Assamese Medium)
- 📄 Content Type: Chapter Summary, Question Answer
🌿 Chapter Overview (পাঠ পৰিচয়)
এই পাঠখনত গছ-গছনিৰ আৱশ্যকতা, সেইবোৰৰ গঠন, জীৱনৰ বাবে গছ-গছনিয়ে কেনেকৈ সহায় কৰে, আৰু পৰিৱেশৰ সৈতে ইয়াৰ সম্পৰ্ক বুজোৱা হৈছে। শিশুসকলক গছৰ প্রতি মমতা আৰু সংৰক্ষণৰ জ্ঞান দিবই পাঠটোৰ মূল উদ্দেশ্য।
গছ-গছনিৰ কথা
Class 4 Chapter 1 গছ-গছনিৰ কথা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
গছ-গছনিৰ কথা
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। উত্তৰ লিখা 一
(ক) উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা।
উত্তৰঃ- উদ্ভিদ এজোপাৰ অংশসূহ নাম হ’ল- গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল, শিপা।
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ- শিপাক পাচলিৰ হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ’ল- গাজৰ, মূলা, বীট।
গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি?
উত্তৰঃ- উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ’ল- পাতত পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থ থাকে।
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম লিখা।
উত্তৰঃ- বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম হ’ল- গোলাপ, নয়নতৰা, জবা।
(ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা।
উত্তৰঃ- গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ’ল- জামু, আম, লিচু ।
চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা।
উত্তৰঃ- চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ’ল- কঁঠাল, লেটেকু, ডালিম, কমলা।
২। খালী ঠাই পূৰ কৰা –
(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ __________ গেছ ব্যৱহাৰ কৰে।
উত্তৰঃ- কাৰ্বন ডাই অক্সাইড ।
(খ) লিচু, জলফাই আদিৰ ________ গুটি থাকে।
উত্তৰঃ- এটা।
(গ) উদ্ভিদে বায়ুমণ্ডলত _____ গেছ আৰু কাৰ্বন-ডাই- অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰঃ- অক্সিজেন।
ঘ) ফুলৰ পৰাই ________উৎপন্ন হয়।
উত্তৰঃ- ফল।
(ঙ) ফুলৰ ৰং আৰু ________ কীট-পতংগক আকৰ্ষণ কৰে।
উত্তৰঃ- গোন্ধে।
৩। শুদ্ধ উত্তৰটোত ‘ চিন দিয়া 一
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড/অক্সিজেন গেছ আহৰণ কৰে ।
উত্তৰঃ- উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছ আহৰণ কৰে।
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ ৰাতি ফুলে।
উত্তৰঃ- শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে।
(গ) কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল।
উত্তৰঃ- কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল।
(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।
উত্তৰঃ- মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ।
🧠 Extra MCQs (Objective Questions)
Q1: গছ-গছনিয়ে আমাক কি দিয়ে?
A. অক্সিজেন ✅
B. কার্বন ডাইঅক্সাইড
C. দুধ
D. খনিজ
Q2: গছৰ কোন অংশে মাটিৰ পৰা পুষ্টি শোষণ কৰে?
A. ডাঠ
B. পাত
C. মূল ✅
D. ফুল
📖 Chapter Summary (সাৰাংশ)
“গছ-গছনিৰ কথা” পাঠটোৰ মূল উপজিপ্ত হৈছে গছবোৰ পৰিৱেশৰ অতি গুৰুত্বপূৰ্ণ অংগ। গছ-গছনিয়ে জীৱ-জন্তুক অক্সিজেন, ছাঁ, খাদ্য, আৰু বাসস্থান প্ৰদান কৰে। ইয়াৰোপৰি, গছবোৰে ভূ-ক্ষয় ৰোধ কৰে আৰু বতাহ পৰিষ্কাৰ ৰাখে।
এই পাঠটোৱে শিশুসকলক গছৰ জটিল গঠন, দেহৰ অংশ (মূল, ডাঠ, পাত, ফুল, ফল) বুজাই আৰু বাস্তৱ জীৱনত গছৰ ব্যৱহাৰ চিনাক্ত কৰাত সহায় কৰে।
Class 4 Environment All Question Answer- Click Here
Class 4 Chapter 1 গছ-গছনিৰ কথা | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📲 Join Our Class 4 Study Group
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now