Assam Board Exam

শিৱসাগৰলৈ যাত্ৰা | Class 4 Chapter 13 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 13 শিৱসাগৰলৈ যাত্ৰা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

📘 Chapter Details

শ্ৰেণী (Class)চতুৰ্থ (Class 4)
বিষয় (Subject)পৰিৱেশ অধ্যয়ন (Environmental Studies)
পাঠ (Chapter)১৩তম পাঠ (Chapter 13)
পাঠৰ নাম (Title)শিৱসাগৰলৈ যাত্ৰা
পাঠ্যপুথি (Book)আমি আৰু আমাৰ পৰিৱেশ
শিক্ষা মণ্ডলী (Board)SEBA, Assam
মাধ্যম (Medium)অসমীয়া (Assamese Medium)

📝 Chapter Overview (পাঠ পৰিচয়)

এই পাঠটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে শিৱসাগৰ জিলাৰ ইতিহাস, সাংস্কৃতিক সম্পদ আৰু ঐতিহাসিক স্থানসমূহৰ বিষয়ে জ্ঞান লাভ কৰে। পাঠটো শিক্ষাৰ্থীসকলক স্থানীয় পৰ্যটন আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰতি উৎসাহিত কৰে।


📚 Chapter Summary (সাৰাংশ)

“শিৱসাগৰলৈ যাত্ৰা” পাঠটোত এটি শিক্ষামূলক ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰা হৈছে, য’ত শিশুসকলে শিৱসাগৰৰ ৰংঘৰ, শিৱদৌল, তালাতল ঘৰ আদিৰ বিষয়ে জানে। এই পাঠটোৱে অসমৰ সমৃদ্ধ ইতিহাস আৰু স্থাপত্যৰ বিষয়ে জনাই। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে গৰ্বিতভাৱে নিজৰ ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যক বুজিব পাৰে।

Class 4 Chapter 13 শিৱসাগৰলৈ যাত্ৰা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


শিৱসাগৰলৈ যাত্ৰা

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১। উত্তৰ লিখা

(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা। 

উত্তৰঃ আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম হ’ল- বানকাঁহী, বানবাটী আৰু গাগৰী। 

(খ) শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম লিখা। 

উত্তৰঃ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম হ’ল- কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ। 

(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ’ল- জয়সাগৰ পুখুৰী। 

(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃৰিক্সা, বাছ, ৰে’ল ।


২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল?

উত্তৰঃ আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল।


৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা ? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?

উত্তৰঃ মানুহে যানবাহন ব্যৱহাৰ কৰি এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়াত ব্যৱস্থা।

আমাৰ অঞ্চলত  যাতায়াত ব্যৱস্থা বোৰ হ’ল পথ-পৰিবহণ, জল-পৰিবহণ, ৰে’ল-পৰিবহণ।


৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰিশাৰীকৈ বাক্য লিখা— পৰিবহণ, ৰে’লগাড়ী, বাচন-বৰ্তন, যান-বাহন আৰু জলপথ 

উত্তৰঃ পৰিবহণ

১। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্য়ৱস্থাই হৈছে পৰিবহণ ব্য়ৱস্থা ।

২। আমাৰ দেশত স্থল বা পথ-পৰিবহণ, জল-পৰিবহণ, ৰে’ল-পৰিবহণ, আকাশী পৰিবহণ ব্য়ৱস্থা আছে ।

৩। পৰিবহণ ব্য়ৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্য়ৱহাৰ কৰোঁ ।

৪। আমাৰ গাৱত স্থল বা পথ-পৰিবহণ ব্য়ৱস্থা আছে ।


ৰে’লগাড়ী

১। ৰে’লগাড়ীৰ জৰিয়তে দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰি ।

২। ৰে’লগাড়ীত উঠিবলৈ হ’লে টিকট সংগ্ৰহ কৰাতো প্ৰয়োজন ।

৩। ৰে’লগাড়ীত উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে ।

৪। নিৰ্দিষ্ট সময়তহে ৰে’লগাড়ী চলে ।


বাচন-বৰ্তন 

১। বাচন-বৰ্তন আমি খাদ্য ৰন্ধাৰ লগতে খাদ্য খাবলৈও ব্যৱহাৰ কৰো।

 ২। বাচন-বৰ্তন বোৰ কাঁহ, পিতল আৰু ধাতুৰে তৈয়াৰী।

৩। বানকাঁহী, বানবাটি, গাগৰী আদি বাচন-বৰ্তনবোৰ আজো ককা, আইতাহঁতৰ দিনৰে বাচন-বৰ্তন  ।

৪। অপৰিষ্কাৰ বাচন-বৰ্তনত খাদ্য খাব নালাগে ।


যান-বাহন

১। যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ ।

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্য়ৱহাৰ কৰিব পৰা হৈছে।

৩। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াব পাৰি ।

৪। যান – বাহনৰ ব্যৱহাৰে আমাৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে।


জলপথ

১। জলপথ হৈছে পৰিবহন ব্যৱস্থাৰ অতি সুচল আৰু কম খৰছী পথ।

২। পানীৰ দ্বাৰা মানুহে অহা-যোৱা কৰিব পৰা ব্য়ৱস্থাক জলপথ বোলে ।

৩। ।নাও, পানীজাহাজ আদি জলপথ ব্য়ৱস্থাৰ উদাহৰণপ

৪। জলপথে বিভিন্ন বস্তু কঢ়িয়াব পৰা যায়।


৫। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা।

নাওজলপথ
উৰাজাহাজআকাশী পথ
ৰে’লগাড়ীৰে’লপথ
ঘোঁৰাগাড়ীআলিবাট

Class 4 Environment All Question Answer- Click Here


Class 4 Chapter 13 শিৱসাগৰলৈ যাত্ৰা | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment