Class 4 Chapter 14 আমাৰ অধিকাৰ| আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
📚 পাঠৰ বিৱৰণ (Chapter Details):
- 🏫 Class: ৪ (চতুৰ্থ শ্ৰেণী)
- 📘 Subject: পৰিৱেশ অধ্যয়ন (EVS)
- 📗 Book Name: আমি আৰু আমাৰ পৰিৱেশ
- 🔢 Chapter Number: ১৪
- 📝 Chapter Name: আমাৰ অধিকাৰ
✍️ অধ্যায়টোৰ পৰিচয় (Chapter Overview):
এই পাঠটোত শিশু সকলৰ অধিকারসমূহৰ বিষয়ে বুজোৱা হৈছে। শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয় শিক্ষা, খাদ্য, চিকিৎসা, সুৰক্ষা আৰু আনন্দৰ অধিকাৰ এই পাঠৰ মুখ্য বিষয়বস্তু। লগতে এই অধিকাৰসমূহৰ প্ৰতি আমাৰ দায়িত্ব কিহে সেয়াও স্পষ্ট কৰা হৈছে।
আমাৰ অধিকাৰ
Class 4 Chapter 14 আমাৰ অধিকাৰ | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
আমাৰ অধিকাৰ
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। (ক) লিংগ-বৈষম্য মানে কি?
উত্তৰঃ লিংগ-বৈষম্য় মানে হ’ল ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।
(খ) শিশুৰ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ শিশুৰ অধিকাৰ বুলিলে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে আদৰ যত্নৰে জীৱন-যাপন কৰাৰ অধিকাৰ। সকলো প্ৰকাৰৰ হিংসাৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ। সু-স্বাস্থ্যৰ অধিকাৰী হৈ মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ হৈ থকাৰ অধিকাৰ। সু-নাগৰিক হিচাপে গঢ় লৈ উঠাৰ বাবে শিক্ষাৰ অধিকাৰ, যিহেতু শিক্ষা অবিহনে জীৱনৰ কোনো অৰ্থ নাথাকে।
(গ) শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা।
উত্তৰঃ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হ’ল- শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন – 2009
আৰু শিশু-শ্ৰমিক আইন – 1986।
(ঘ) অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ অসমত শিশু সুৰক্ষা দিৱস ৪ মাৰ্চ তাৰিখে পালন কৰা হয়।
২। খালী ঠাই পূৰ কৰা।
(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান…………..দেখিলে।
উত্তৰঃ খেতি।
(খ) সিহঁতে বিদ্যালয়খনৰ —————সভাত অংশগ্ৰহণ কৰিলে।
উত্তৰঃ প্ৰাত: সভাত।
(গ) আমাৰ দেশৰ চৰকাৰে———— চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে।
উত্তৰঃ ১৯৮৬।
(ঘ) ২০০৯ চনত —————শিক্ষাৰ আইন প্ৰবৰ্তন কৰা হয়।
উত্তৰঃ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক
৩। সত্যনে অসত্য লিখা
(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল।
উত্তৰঃ অসত্য়।
(খ) সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল।
উত্তৰঃ সত্য়।
(গ) লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।
উত্তৰঃ সত্য়।
(ঘ) মালালা ইউচফ্যাই ভাৰতীয় মহিলা।
উত্তৰঃ অসত্য়।
Class 4 Environment All Question Answer- Click Here
📝 সাৰাংশ (Chapter Summary in Assamese):
“আমাৰ অধিকাৰ” পাঠটোত শিশুসকলৰ বাবে অত্যন্ত জৰুৰী হোৱা অধিকাৰবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। এই পাঠৰ মূল বিষয়বস্তুসমূহ হ’ল—
- সকলো শিশুৰ শিক্ষা পাবলৈ অধিকাৰ আছে।
- স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিবেশত থাকিবলৈ অধিকাৰ আছে।
- নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে।
- বিশ্ৰাম আৰু খেলধুলা কৰাৰ অধিকাৰ আছে।
- সুৰক্ষিত আৰু ভাল পৰিৱেশত থাকিবলৈ অধিকাৰ আছে।
এই অধিকাৰসমূহে শিশুসকলক আত্মবিশ্বাসী, স্বাধীন আৰু সুস্থভাবে গঢ়ি তোলে।
Class 4 Chapter 14 আমাৰ অধিকাৰ | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📲 Join Our Class 4 Study Group
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now