Assam Board Exam

ভিন ভিন প্ৰাণী | Class 4 Chapter 2 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 2 ভিন ভিন প্ৰাণী | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

Class 4 Chapter 2 (EVS) : ভিন ভিন প্ৰাণী | আমি আৰু আমাৰ পৰিৱেশ | All Question Answers


📘 Chapter Details

  • 📚 Chapter Name: ভিন ভিন প্ৰাণী
  • 🔢 Class: 4
  • 📖 Subject: Science / Environmental Studies (EVS)
  • 📕 Textbook: আমি আৰু আমাৰ পৰিৱেশ
  • 🏫 Board: SEBA (Assam Board), Assamese Medium
  • 📄 Content: All Question Answers, Summary, Overview

Chapter Overview (পাঠ পৰিচয়)

এই পাঠটোত ভিন ভিন প্ৰকাৰৰ জীৱ-জন্তুৰ আকাৰ, স্বভাৱ, বাসস্থান, খোৱা খাদ্য আৰু তেওঁলোকৰ জীৱন শৈলী সম্পৰ্কে জানিব পাৰি। প্ৰাণীৰ বৈচিত্ৰ্য, পৰিৱেশৰ ওপৰত প্ৰভাৱ আৰু মানুহৰ সৈতে সম্পৰ্ক এই পাঠটোৰ মুখ্য আলোচ্য বিষয়।

Class 4 Chapter 2 ভিন ভিন প্ৰাণী | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


ভিন ভিন প্ৰাণী

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

উত্তৰ লিখা –

(ক) মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে ?

উত্তৰঃ মানুহে  উদ্ভিদ আৰু প্ৰাণী উভয়কে খাদ্য় হিচাপে গ্ৰহণ  কৰে বাবে মানুহক সৰ্বভোজী প্ৰাণী বোলা হয়।


(খ) মাংসভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ যি বোৰ প্ৰাণীয়ে মাংস খায় জীয়াই থাকে তেনে প্ৰাণীবোৰকে মাংসভোজী প্ৰাণী বোলে। যেনে- বাঘ, সিংহ আদি।


(গ) তৃণভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খায় জীয়াই থাকে, তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে। যেনে- গৰু, ছাগলী আদি।


 (ঘ) প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন ?

উত্তৰঃ ৰ’দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। 


(ঙ) ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায় ?

উত্তৰঃ ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক-পৰুৱা ধৰি খায় কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থকা। জিভাখন আঠাযুক্ত। ইহঁতে জিভাখন দূৰলৈ উলিয়াই দি পোক- পতংগ ধৰি খায়।


(চ) প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন?

উত্তৰ সকলো প্ৰাণীক শক্তি পাবলৈ আৰু সু স্বাস্থ্যৰে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন। আহাৰে শৰীৰক কাম কৰিবলৈ শক্তি দিয়ে। লগতে প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে।


(ছ) টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে ?

উত্তৰঃ টোকোৰা চৰায়ে তামোল, খেজুৰ, নাৰিকল, তাল আদি গছৰ কেঁচা দীঘল পাতল আঁহ উলিয়াই আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো সাজি লয়।


(জ)মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ?

উত্তৰঃ মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা , মাটি তলৰ গাঁত, শিলৰ ফাঁক আদিত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ।


(ঝ) পৰিভ্ৰমী চৰাই বোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে ?

উত্তৰঃ পৰিভ্ৰমী চৰাই বোৰ খাদ্য়ৰ সন্ধানত  নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য় নোৱাৰি দেশ-বিদেশে ঘূৰি ফুৰে। 


২। শুদ্ধ উত্তৰটো বাটি উলিওৱা

(ক) টুনী /কুলি / বুলবুলিচৰায়ে বাহ নাসাজেখ।
উত্তৰঃ কুলি চৰায়ে বা নাসাজে। 

(খ) ধৃতৰাজ  / বুলবুলি / ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই ।

উত্তৰঃ ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই। 


৩। খালী ঠাই পূৰ কৰা –

(ক) দেশ-বিদেশৰপৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক _____ বোলে ।

উত্তৰঃ পৰ্যটক।

(খ) হাঁহৰ ঠোঁট _____ আৰু _________।

উত্তৰঃ বহল,চেপেটা। 

(গ) বাহ সজাত পাৰ্গত বাবে টোকাৰা চৰাইক _______ বুলিও কয় ।

উত্তৰঃ শিপিনী চৰাই।


৪। ‘ক, অংশৰ লগত ‘খ, অংশ মিলোৱা –

উত্তৰঃ 

                     ‘ক’                                        ‘খ’

            কণামুচৰিয়ে                                মাছ খায়। 

            চিলনীয়ে                                       মাংস খায়।

            হাঁহে                                              শামুক খায়। 

            ভাটৌৱে                                        ফলমূল খায়। 


🧠 Extra MCQs (Objective Questions)

Q1: কোনটো প্ৰাণী উৰিব পাৰে?
A. সাপ
B. মেকুৰি
C. ময়ূৰ ✅
D. বাঘ

Q2: নিচিনাক্ত কৰা – পানীত বাস কৰা প্ৰাণী কোনটো?
A. ঘোঁৰা
B. বাঘ
C. মাছ ✅
D. চৰাই


Chapter Summary (সাৰাংশ)

“ভিন ভিন প্ৰাণী” পাঠটোৱে শিশুসকলক জানিব দিয়ে যে পৃথিৱীত নানান ধৰণৰ প্ৰাণী বাস কৰে। কিছুমান প্ৰাণী পানীত থাকে, কিছুমান মাটিত, আৰু কিছুমান উৰি ফুৰে। সকলো প্ৰাণীৰ খাদ্যৰ প্ৰকাৰ, দেহৰ গঠন আৰু জীৱনচৰণ একে নহয়।
এই পাঠটোৱে শিক্ষাৰ্থীসকলক পৰ্যবেক্ষণ আৰু তুলনাৰ জৰিয়তে প্ৰাণীৰ ওপৰত গভীৰ বুজ বিকাশ কৰাৰ সুযোগ দিয়ে।


Class 4 Environment All Question Answer- Click Here


Class 4 Chapter 2 ভিন ভিন প্ৰাণী | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment